অসমীয়া সাহিত্যিকঃ চন্দ্ৰপ্ৰভা শইকীয়ানী
অসমীয়া সাহিত্যিকঃ চন্দ্ৰপ্ৰভা
শইকীয়ানী
(১৫শ খণ্ড)
চন্দ্ৰপ্ৰভা শইকীয়ানী (১৬ মাৰ্চ, ১৯০১ – ১৬ মাৰ্চ, ১৯৭২) এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। অসমীয়া সমাজত নাৰীৰ সন্মান তথা মৰ্যাদা ৰক্ষাৰ বাবে আগভাগ লৈছিল। 'অসম মহিলা সমিতি'ৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম। পদ্মশ্ৰী বিজয়িনী।
বৰ্তমানৰ বৰপেটা জিলাৰ বজালী অঞ্চলৰ দৈশিঙৰী গাঁৱত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল। পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম আছিল গংগাপুৰীয়া। জন্মৰ পাছত তেখেতৰ নাম আছিল চন্দ্ৰপ্ৰিয়া। ৰামেশ্বৰী আছিল চন্দ্ৰপ্ৰিয়াৰ ভনীয়েক।
দুই ভনীয়েকক ভালুকী গাঁৱৰ মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক বিদ্যালয়ৰ পঢ়া-শুনা কৰিবলৈ দিয়া হৈছিল। ১১ বছৰ বয়সত চন্দ্ৰপ্ৰিয়াই ৰূপকৰ পদকেৰে সন্মানিত হৈ প্ৰাথমিক পঢ়া শেষ কৰিছিল। ইয়াৰ পাছত মজলীয়া বিদ্যালয়ৰ পঢ়াৰ বাবে কঁঠালগুৰি এম.ভি. স্কুলত নাম লিখাইছিল। বহু দূৰ বাট কুৰি বাই স্কুললৈ আহিবলগীয়া হৈছিল। দুই ভনীয়েকে এম.ভি. পাছ কৰে। সেই সময়তে স্কুলৰ উপ-পৰিদৰ্শক নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ পঢ়াৰ প্ৰতি থকা ধাউতি দেখি বৃত্তি দিয়াই নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ে।
নগাঁও মিছন স্কুলত চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ নাম সলনি কৰি ক্ৰমে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা কৰা হয়।
পঢ়া সাং কৰি চন্দ্ৰপ্ৰভাই নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়তে প্ৰথমে কাম কৰে। ইয়াৰ পাছত তেজপুৰৰ এখন মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নিযুক্ত হয়।
তেজপুৰত থকা কালতে গন্ধৰ্ব প্ৰথা মতে চন্দ্ৰপ্ৰভাৰ বিয়া হৈছিল সাহিত্যিক দণ্ডিনাথ কলিতাৰ লগত। কিন্তু সমাজে এই বিয়াক স্বীকৃতি দিয়া নাছিল। একমাত্ৰ পুত্ৰ অতুলৰ জন্মৰ পাছত তেওঁ ঘৰৰপৰা চাৰিমাইল আঁতৰৰ কালজিৰাপাৰাৰ ছোৱালী প্ৰাইমেৰী স্কুলত কাম কৰিবলৈ আৰম্ভ কৰে। দূৰণিৰ কামলৈ অহা-যোৱাৰ সুবিধাৰ বাবে চন্দ্ৰপ্ৰভাই চাইকেলত অহা-যোৱা কৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী চাইকেল চলোৱা অসমৰ প্ৰথম মহিলা আছিল।
এইখিনি সময়ৰেপৰাই চন্দ্ৰপ্ৰভাই বিভিন্ন সামাজিক কামত মনোযোগ দিবলৈ আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে এখেতে নাৰী জাগৰণৰ বাবে কাম কৰিছিল। পৰ্দাপ্ৰথা, পতিতাবৃত্তি আৰু দেৱদাসীপ্ৰথা নিবৃত্তিও এই নাৰী কল্যাণৰ কামসমূহৰ অন্তৰ্গত আছিল। তেখেতে অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিছিল। অসম মহিলা সমিতিৰ সম্পাদিকা হিচাপে সাত বছৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। কেৱল স্ত্ৰী-শিক্ষাৰ আৰু নাৰীৰ সংস্থাপনৰ বাবে কাম নকৰি, তেওঁলোকে শিশু-কল্যাণ আৰু শাৰীৰিক ভাৱে অক্ষম লোকৰ হকেও কাম কৰিছিল। কুটিৰ শিল্প স্থাপন, মাদক দ্ৰব্য নিবাৰণ, নাৰ্ছাৰী স্কুল আৰু পুথিভঁৰাল স্থাপন, বোৱাকটা কেন্দ্ৰ, চিলাই আৰু উল গোঁথাৰ প্ৰশিক্ষণ কেন্দ্ৰ, কাৰ্পেট বোৱা আৰু মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ কেন্দ্ৰ আদি স্থাপন কৰি তেওঁলোকে সমাজৰ উন্নতিৰ হকে যথেষ্ট কাম কৰিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৩ চনত আৰু ১৯৪৩ চনত দুবাৰ কাৰাবাস খাটিছিল। কিছুকাল কৃষক সভাৰো সভানেত্ৰী আছিল। ১৯৫৭ চনত তেখেতে বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপে অৱতীৰ্ন হৈ পৰাজিত হয়। ১৯৬৯ চনৰপৰা স্বাস্থ্য পৰি অহাত এখেতে সামাজিক কাৰ্যৰপৰা অব্যাহতি লয়।
শইকীয়ানীয়ে তেখেতৰ জীৱনকালত তিনিখন উপন্যাস লিখিছিল। 'পিতৃভিঠা', 'শেষ আশ্ৰয়' আৰু 'অপৰাজিতা। ' ইয়াৰ ভিতৰত 'পিতৃভিঠা' উপন্যাসখন নাৰীবাদী উপন্যাস ৰূপে বহুচৰ্চিত। উপন্যাসৰ উপৰি তেখেতে গল্প, নাটক আৰু কবিতাও লিখিছিল। 'মোৰ কবিতা' তেখেতৰ কবিতা পুথি। অসম প্ৰাদেশিক মহিলা সমিতিৰ অস্পৃশ্যতা নিবাৰণ বিভাগে প্ৰকাশ কৰা 'মুক্ত মানব' কবিতা সংকলনতো তেখেতৰ কিছু কবিতা আছে। 'অভিযান' আৰু 'অভিযাত্ৰী' আলোচনীৰ তেখেতে সম্পাদিকা আছিল আৰু গান্ধীজীয়ে অস্পৃশ্যতা নিবাৰণৰ ওপৰত দিয়া সকলো ভাষণ, কিতাপ, প্ৰবন্ধ অনুবাদ কৰি দুয়োখন আলোচনীতে প্ৰকাশ কৰিছিল।
১৯৭২ চনৰ ১৬ মাৰ্চ তাৰিখে কৰ্কট ৰোগত গুৱাহাটীতে এখেতে মৃত্যুক আঁকোৱালি লয়।
(সংগৃহীত)
No comments