Monday, February 15, 2021

অসমীয়া কবিঃ নলিনীবালা দেৱী

অসমীয়া কবিঃ নলিনীবালা দেৱী
(১০ম খণ্ড)

নলিনীবালা দেৱীঃ
নলিনীবালা দেৱী (জন্ম: ২৩ মাৰ্চ, ১৮৯৮ মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭) এগৰাকী অসমীয়া কবি আৰু লেখিকা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। তেখেতে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত। ব্যক্তিগত জীৱনৰ কাৰুণ্য ই কবিৰ ৰচনাৰ মূল উৎস। কবিয়ে প্ৰকৃতিৰ বিশাল প্ৰাঙ্গণত থিয় দি অনুভৱ কৰিছে সনাতন সৌন্দৰ্য। জাগতিক সৌন্দৰ্যৰ উৰ্ধত কবিয়ে বিচাৰি পাইছে ভগৱানৰ অবিনশ্বৰ সত্তা। অন্তৰৰ ৰহস্য সন্ধানৰ আকুল প্ৰচেষ্টা আৰু ভগৱৎ প্ৰেমেই কবিগৰাকীৰ কবিতাৰ ঘাই উপজীৱ্য। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিৰ কবিতাত জন্মান্তৰবাদৰ প্ৰতি আস্থা স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়।

নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত অসমৰ বৰপেটাত। পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ আছিল হেমন্ত কুমাৰী।

সেই সময়ত অসমত ছোৱালীসকলে স্কুলীয়া শিক্ষাৰ লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব পোৱা নাছিল। সেয়ে তেওঁৰ আনুষ্ঠানিক শিক্ষা নাছিল। গোপাল দে নামৰ ব্যক্তি এজনৰ তত্ত্বাৱধানত ঘৰতে শিক্ষা গ্ৰহণ কৰে। ঘৰতেই তেওঁ সংস্কৃত, সাহিত্য, গীত, ছবি অঁকা আদি সকলো শিক্ষা লাভ কৰিছিল।

১৯০৯ চনত মাত্ৰ ১৬বছৰ বয়সতে শিৱসাগৰৰ জীৱেশ্বৰ চাংকাকতিৰ লগত তেওঁৰ বিয়া হৈছিল। কিন্তু মাত্ৰ ১৯ বছৰ বয়সতে (১৯১৭ চনত) তেওঁ অকালতে স্বামীক হেৰুৱাই অকাল বৈধৱ্যক সাবটিৱ লগা হৈছিল। স্বামীৰ অকাল মৃত্যূৰ পাছত তেওঁ পিতৃগৃহলৈ ঘূৰি আহে।

২৪ ডিচেম্বৰ, ১৯৭৭ চনত তেখেতৰ মৃত্যু হয়।

সাহিত্য সম্ভাৰঃ
স্বামীৰ অকাল বিয়োগৰ পাছত পাঁচোটি সন্তানৰ সৈতে অশেষ কষ্টৰে পাছৰ দিনবোৰ পাৰ কৰিছিল, এই সময়ছোৱাত তেওঁ দুজনকৈ পুত্ৰকো অকালতে হেৰুৱাব লগা হয়।স্বামী আৰু দুজনকৈ পুত্ৰৰ অকাল বিয়োগৰ মৰ্মান্তিক বেদনাৰ পৰা মুক্তি পাবলৈ ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছিল। সেই সময়ত তেওঁ বেদ, উপনিষদ, গীতা, ভাগৱত অধ্যয়নত মনোনিবেশ কৰিছিল। শৈশৱতে অংকুৰিত সুপ্ত হৈ থকা কবি প্ৰতিভা এই সময়তে পুনৰ সাৰ পাই উঠে। বিয়াৰ পিছত শহুৰেকে তেওঁক এটা সোণৰ কলম উপহাৰ দিছিল। পিছৰ দিনবোৰত তেওঁ সেই কলমৰ মান ৰাখিবলৈ সক্ষম হয়। পিতৃৰ উপদেশ আৰু অনুপ্ৰেৰণাই তেওঁক জীৱন যুঁজত জয়ী হোৱাত সহায় কৰিছিল। স্বা কবিগৰাকীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনতো পিতৃৰ সৈতে সক্ৰিয় ভূমিকা লৈছিল। ‘পিতা নামৰ কবিতাটিৰে মাত্ৰ দহ বছৰ বয়সতে কবি জীৱনৰ পাতনি মেলিছিল।

প্ৰকাশিত কাব্যগ্ৰন্থঃ
সন্ধিয়াৰ সুৰ (১৯২৮)
সপোনৰ সুৰ (১৯৪৩)

স্মৃতিতীৰ্থ (১৯৪৮)
পৰশমণি (১৯৫৪)

যুগদেৱতা (১৯৫৭)

জাগৃতি (১৯৬০)

অলকানন্দা (১৯৬৭)

বিশ্বদীপ(১৯৭০) আৰু

অন্তিম সুৰ।

স্বীকৃতি আৰু সন্মানঃ   

অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (১৯৪৮)

কেন্দ্ৰীয় চৰকাৰৰ সাহিত্য বৃত্তি(১৯৫৪)

"সদৌ ভাৰত সংস্কৃত সঞ্জীৱনী সভা"ৰ অসম শাখাৰ নলবাৰী অধিবেশনত কাব্যভাৰতী উপাধি লাভ (১৯৫৬)

অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনৰ সভাপতি(১৯৫৪)

অলকানন্দা কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ (১৯৬৭)

পদ্মশ্ৰী বঁটা (১৯৭৭)

ইয়াৰ উপৰিও ১৯৮৬ চনত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ নাম 'পদ্মশ্ৰী নলিনীবালা দেৱী" হিচাপে নামকৰণ কৰা হয়।

১৯৫৪ চনত তেওঁ অসম সাহিত্য সভাৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত হয়। অসম সাহিত্য সভাৰ এই পদ লাভ কৰা তেখেত প্ৰথম গৰাকী মহিলা। ইয়াৰ উপৰি তেখেত অসম সংঘ আৰু প্ৰাদেশিক মহিলা সমিতিৰ নগাঁও অধিবেশনৰ সভানেত্ৰী আছিল। তেখেত সদৌ অসম মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।
(সংগৃহীত)

 

No comments:

Post a Comment

Popular