অসমীয়া কবিঃ অজিৎ বৰুৱা
অসমীয়া কবিঃ অজিৎ বৰুৱা
(৪ৰ্থ খণ্ড)
অজিৎ বৰুৱা
অজিৎ বৰুৱা (১৯ আগষ্ট ১৯২৬—৩ এপ্ৰিল ২০১৫) এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক ‘জেংৰাই কবি’ অভিধাৰে জনা যায়। সামগ্ৰিকভাৱে অজিৎ বৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত কৰা হয়। কবি কুশল দত্তৰ মতে “অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনাই অজিৎ বৰুৱাৰ সৃষ্টিক একক আৰু অনন্যৰূপে অসমীয়া তথা ভাৰতীয় সাহিত্যত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।"
অজিৎ
বৰুৱাৰ জন্ম ১৯২৬ চনৰ ১৯ আগষ্টত অসমৰ গুৱাহাটীত। তেওঁৰ পিতৃ চান্দকুছিৰ
মল্ল বুজৰবৰুৱা বংশৰ প্ৰয়াত চিত্ৰমল্ল বৰুৱা। এই বংশৰ এটা ঠালৰপৰাই ১৭৯৫
চনৰ দন্দুৱা দ্ৰোহৰ নায়ক হৰদত্ত আৰু বীৰদত্তৰ জন্ম হৈছিল। তেওঁলোক বৰুৱাৰ
অষ্টম পূৰ্বপুৰুষ কল্যাণমল্ল বৰুৱাৰ ভায়েক ছত্ৰপতি বৰুৱাৰ নাতি। চিত্ৰমল্ল
বৰুৱা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আছিল। মাতৃ আছিল উত্তৰ গুৱাহাটীৰ
মজিন্দাৰ বৰুৱাৰ বংশৰ (পাছলৈ ডিব্ৰুগড়ৰ) পদ্মলতা বৰুৱা। তেখেত মহাপণ্ডিত
আনন্দৰাম বৰুৱাৰ ভতিজা জীয়ৰী আছিল।
শৈক্ষিক জীৱনঃ
স্কুল
পৰিদৰ্শক দেউতাকৰ চাকৰিৰ হেতু অজিৎ বৰুৱাৰ কৈশোৰকাল অবিভক্ত অসমৰ বিভিন্ন
ঠাইত অতিবাহিত হৈছিল। ১৯৩৩ চনত চান্দকুছি মজলীয়া বিদ্যালয়ত তেওঁ শৈক্ষিক
জীৱনৰ পাতনি মেলে। ইয়াৰ পাছত নলবাৰী প্ৰাথমিক বিদ্যালয়, যোৰহাট
গৱৰ্নমেণ্ট হাইস্কুল, বৰপেটা গৱৰ্নমেণ্ট হাইস্কুল, গোৱালপাৰা গৱৰ্নমেণ্ট
হাইস্কুল, শ্বিলং গৱৰ্নমেণ্ট হাইস্কুল আৰু নলবাৰী গৰ্ডন হাইস্কুলত
প্ৰাথমিক, মজলীয়া আৰু হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি ১৯৪৩ চনত কটন
কলেজিয়েট হাইস্কুলৰপৰা ষ্টাৰ মাৰ্কসহ অসমৰ ভিতৰত তৃতীয় স্থানেৰে
মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। সেই বছৰতে তেতিয়াৰ কলিকতা
বিশ্ববিদ্যালয়ৰ অধীনস্থ কটন কলেজত আই.এছ-চি.ত নামভৰ্তি কৰি ১৯৪৫ চনত কটন
কলেজৰপৰাই আই.এছ-চি. পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পাছত
কটন কলেজতে স্নাতক মহলাত ইংৰাজী বিষয়ত নামভৰ্তি কৰি ১৯৪৭ চনত অনাৰ্ছসহ
বি.এ. পাছ কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত সুখ্যাতিৰে
দ্বিতীয় শ্ৰেণীৰ তৃতীয় বিভাগ লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
পাছলৈ
তেওঁ কৰ্মজীৱনৰ মাজতো ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা আইন বিষয়ত
স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনত ফ্ৰান্স চৰকাৰৰ জলপানি লাভ কৰি দুবছৰৰ বাব
পেৰিছৰ আন্তঃৰাষ্ট্ৰীয় লোক প্ৰশাসন বিদ্যালয়ত (I.I.A.P) অধ্যয়নৰ সুবিধা
লাভ কৰি ১৯৭৫ চনত লোক প্ৰশাসন বিষয়ত ডিগ্ৰী লাভ কৰে। কলিকতাত অসম চৰকাৰৰ
বাণিজ্য উপদেষ্টাৰূপে কৰ্মৰত হৈ থাকোঁতে (১৯৬৮-৭১ চন) তেওঁ কলিকতাৰে
আলিয়াঁচ ফঁচেজত ফৰাচী ভাষা অধ্যয়নো কৰিছিল।
চাকৰি কালঃ
১৯৫০
চনত নগাঁও মহাবিদ্যালয়ত অধ্যাপক হিচাপে অজিৎ বৰুৱাই কৰ্মজীৱনৰ পাতনি
মেলে। ইয়াৰ পাছতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত
অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে যদিও ১৯৫২ চনত অসম প্ৰশাসনিক সেৱাৰ
পৰীক্ষাত উত্তীৰ্ণ হোৱাত কলেজৰ অধ্যাপকৰ চাকৰি ত্যাগ কৰে আৰু সেই বছৰতে
এ.চি.এছ.(প্ৰথম শ্ৰেণী) বিষয়াৰূপে নিৰ্বাচিত আৰু নিযুক্ত হয়। একে বছৰতে
ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাতো উত্তীৰ্ণ হৈ তেওঁ ভাৰতীয় ৰাজস্ব সেৱা
(আই.আৰ.এছ)ত প্ৰথম অসমীয়া হিচাপে নিযুক্তি লাভ কৰে।
১৯৫৮ চনত অজিৎ
বৰুৱাই ভাৰতীয় ৰাজস্ব সেৱাৰ পদ ত্যাগ কৰি পুনৰ অসম প্ৰশাসনীয় সেৱাৰ প্ৰথম
শ্ৰেণীৰ বিষয়াৰূপে যোগদান কৰে। এ.চি.এছ. বিষয়াৰূপেই তেওঁ ১৯৬৩ চনত
উদ্যোগ বিভাগৰ উপ-সচিব আৰু ১৯৬৮ চনত অসম চৰকাৰৰ কলিকতাৰ কাৰ্যালয়ত বাণিজ্য
উপদেষ্টাৰূপে নিয়োজিত হয়। ১৯৭১ চনত অজিৎ বৰুৱাক ভাৰতীয় প্ৰশাসনীয় সেৱা
(আই.এ.এছ.)লৈ পদোন্নতি দিয়া হয়। তাৰ পাছত তেওঁ ক্ৰমে অসম চৰকাৰৰ উদ্যোগ
বিভাগৰ নিৰ্দেশক, উদ্যোগ বিভাগৰ সচিব, ৰাজস্ব বিভাগৰ সচিবৰূপে নিযুক্ত হৈ
১৯৮৪ চনত ৰাজস্ব বিভাগৰ আয়ুক্ত-সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।
১৯৮৪
চনত সাময়িকভাৱে অসম ৰাজস্ব ব'ৰ্ডৰ অধ্যক্ষ হিচাপেও তেওঁক দায়িত্বভাৰ
দিয়া হৈছিল। সমান্তৰালভাৱে ১৯৮৩ চনত নামনি অসমৰ আয়ুক্ত হিচাপে তেওঁ
যোগদান কৰে আৰু এই পদতে থাকি ১৯৮৬ চনৰ ৩০ নৱেম্বৰত চৰকাৰী চাকৰি জীৱনৰপৰা
অৱসৰ গ্ৰহণ কৰে।
পাৰিবাৰিক জীৱনঃ
১৯৫৬
চনত ডিব্ৰুগড়ৰ মদন মোহন দাসৰ জীয়ৰী কৃষ্ণা দাসৰ স'তে অজিৎ বৰুৱা
বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান - পুত্ৰ পৰ্জন্যৰ জন্ম ১৯৫৭ চনত
আৰু কন্যা পাৰমিতাৰ জন্ম ১৯৫৮ চনত হয়। পুত্ৰ পৰ্জন্য বৰুৱা কটন কলেজৰ
ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক পদত অধিষ্ঠিত আছিল যদিও ২০০৯ চনত
আকস্মিকভাৱে দেহাৱসান ঘটে। ১৯৭৬ চনত কৃষ্ণা দাসৰে আনুষ্ঠানিকভাৱে বিবাহ
বিচ্ছেদ ঘটে অজিৎ বৰুৱাৰ।
সাহিত্যিক অৱদানঃ
চল্লিশৰ দশকত প্ৰায় তেৰ
বছৰ বয়সতে লিখা ‘মন মোৰ নাথাকে ইয়াত’ কবিতাৰে অজিৎ বৰুৱাই সাহিত্যিক
জীৱনৰ পাতনি মেলিছিল।[6] তাৰ পাছত ১৯৪২ চনত ধীৰেন্দ্ৰ নাথ দত্ত সম্পাদিত
‘অভিযান’ আলোচনীত তেওঁৰ কবিতা ‘তাজমহল’ প্ৰকাশ পায়। সংখ্যাত কবিতা তাকৰ
আছিল যদিও বহু চৰ্চিত আৰু পঠিত ‘ব্ৰহ্মপুত্ৰ’, 'জেংৰাই ১৯৬৩', 'চেনৰ পাৰত'
আদি কবিতাই তেওঁক অসমীয়া সাহিত্যৰ জগতত প্ৰতিষ্ঠা কৰে। ১৯৬০ চনৰপৰা ১৯৮৯
চনলৈকে সুদীৰ্ঘ ২৯ বছৰ কাল সাধনা কৰি তেওঁ তেওঁৰ প্ৰখ্যাত 'ব্ৰহ্মপুত্ৰ'
কবিতাটো সম্পূৰ্ণ কৰিছিল। কবিতাটোত তেওঁ ব্ৰহ্মপুত্ৰকেন্দ্ৰিক অসমীয়া
জাতীয় জীৱনৰ ইতিহাস ৰূপায়ণ কৰিছে।
তেওঁৰ সাহিত্যিক অৱদানসমূহ তলত উল্লেখ কৰা হ'লঃ
কবিতাঃ
- কিছুমান পদ্য আৰু গান (প্ৰথম প্ৰকাশ : ১৯৮২ চন, প্ৰকাশক: অজিৎ বৰুৱা; দ্বিতীয় প্ৰকাশ : ১৯৯২ চন, বনলতা। )
- ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (প্ৰথম প্ৰকাশ : আগষ্ট ১৯৮৯ চন, অজিৎ বৰুৱা; দ্বিতীয় প্ৰকাশ: জানুৱাৰী ১৯৯২ চন, বনলতা। )
- গছ প্ৰেমৰ পদ্য (ৰাজ কুমাৰ মজিন্দাৰৰ চিত্ৰ সম্বলিত) (প্ৰথম প্ৰকাশ : ২০০০ চন, অজিৎ বৰুৱা। )
- আৰু কিছুমান পদ্য আৰু গান (প্ৰথম প্ৰকাশ : ২০০১ চন, ষ্টুডেণ্ট ষ্ট'ৰ্ছ। )
- অজিৎ বৰুৱা কবিতা সমগ্ৰ (প্ৰথম প্ৰকাশ: ২০১৫, সম্পাদনা : কুশল দত্ত, ভৱানী বুকছ। )
উপন্যাসঃ
- এখন প্ৰেমৰ উপন্যাস (প্ৰথম প্ৰকাশ :১৯৯২, কথা পাব্লিশ্বাৰ্জ; দ্বিতীয়: ১৯৯৭, বনলতা। )
প্ৰবন্ধ-সাহিত্য আৰু সমালোচনামূলক লেখাঃ
সাহিত্যৰ বিষয়ে (প্ৰথম প্ৰকাশ : ১৯৯১ চন, হীৰেন ভট্টাচাৰ্য। )
কাব্য আৰু অন্যান্য (প্ৰথম প্ৰকাশ: ১৯৯৩ চন, কথা পাব্লিশ্বাৰ্জ। )
পদ্যৰ পাছৰ কাব্য (প্ৰথম প্ৰকাশ: ডিচেম্বৰ ১৯৯৪ চন, ষ্টুডেণ্ট ষ্ট'ৰ্ছ। )
বিভিন্ন প্ৰবন্ধ (প্ৰথম প্ৰকাশ: ১৯৯৯ চন, শৰাইঘাট প্ৰকাশন। )
Essays on T.S. Eliot (প্ৰথম প্ৰকাশ : ২০০২ চন, আৰ্কাইভ। )
আত্মজৈৱনিক ৰচনাঃ
স্মৃতিকথা (প্ৰথম প্ৰকাশ: ২০০৮ চন, বৃষ্টি প্ৰকাশন)
মৃত্যুঃ
২০১৫
চনৰ ১২ মাৰ্চত নিউম'নিয়া ৰোগৰ বাবে অজিৎ বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱা
হৈছিল। এসপ্তাহৰ পিছত স্বাস্থ্যৰ কিছু উন্নতি হোৱাত তেওঁ ঘৰলৈ যায়। কিন্তু
২ এপ্ৰিলৰপৰা পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ৩ এপ্ৰিলৰ নিশা
গুৱাহাটীৰ যোৰপুখুৰীৰ নিজা বাসভৱনত তেওঁ দেহাৱসান ঘটে।
No comments