Breaking News

Child Development & Pedagogy Chapter: 3

Assam TET-2021 Preparation
Child Development & Pedagogy Chapter: 3
শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান

শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ অৰ্থ(Meaning of teaching learning process):
সাধাৰণ
ভাষাত বলৈ লে যি প্ৰক্ৰিয়া অনুসৰি শ্ৰেণীকক্ষৰ চাৰিবেৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকে তেখেতৰ সঞ্চিত জ্ঞান অভিজ্ঞতা প্ৰদান কৰে আৰু শিক্ষাৰ্থীসকলেও নীৰৱ শ্ৰোতাৰ ভূমিকা পালনেৰে আয়ত্ব কৰে তাকেই শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া বোলা হয়। এনে প্ৰক্ৰিয়াত শিক্ষাৰ্থী আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াতকৈ শিক্ষক আৰু শিক্ষাদান প্ৰক্ৰিয়াইহে মুখ্য ভূমিকা গ্ৰহণ কৰে।

শিক্ষণ আৰু শিকনৰ সম্পৰ্ক(Relation between teaching and learning):
শিক্ষণ
আৰু শিকন দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। শিক্ষণ শিকনৰ বাবে উদ্দীপনা আৰু দিশ নিৰ্দেশনা। শিক্ষণ ছাত্ৰ-ছাত্ৰীৰ কাৰ্যভাৰ, অনুভূতি আদিৰ সুসমন্বয় সাধনৰ বাবে কাৰ্য্যকৰী। সমন্বয় সাধনৰ আন এটা নাম শিকন। শিক্ষণ ছাত্ৰ-ছাত্ৰীৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু আবেগ অনুভূতিৰ প্ৰশিক্ষণ আৰু ইয়াৰ শিকন সাধন হয়। এটা উপকাৰী শিকন পৰিবেশৰ অবিহনে শিকন সংঘটিত নোৱাৰে। উত্তম শিক্ষণৰ অৰ্থ সৰ্ব্বোচ্চ শিকন। সেইবাবে শিক্ষা প্ৰক্ৰিয়া বা শিক্ষণৰ মুখ্য বস্তু হিচাপে শিকন সম্পাদন কৰা উচিত।

প্ৰতিভাবান ছাত্ৰ(Gifted or talented children):
যিবোৰ
ছাত্ৰ-ছাত্ৰীৰ উন্নত দৈহিক আৰু মানসিক যোগ্যতা থাকে তেওঁলোকক প্ৰতিভাৱান ছাত্ৰ বোলে। এই সকল ছাত্ৰৰ বুদ্ধ্যাংকৰ পৰিমাণ অনুসৰি বিভিন্ন পৰ্য্যায়ত বিভক্ত কৰা হয়। সাধাৰণভাৱে তেওঁলোকৰ বুদ্ধ্যাংক ১২০ আৰু ১৪০ৰ ভিতৰত থাকে। যিবোৰ ছাত্ৰ-ছাত্ৰী অসাধাৰণ প্ৰতিভাৱান তেওঁলোকৰ এই পৰিমাণ ১৬০ৰ ওপৰতো পাব পৰা হয়।

প্ৰতিভাৱান ছাত্ৰৰ উন্নত মানসিক যোগ্যতা তেওঁলোকৰ বিভিন্ন ক্ৰিয়া আচৰণৰ যোগেদি সহজে প্ৰকাশ পায়। পৰিৱেশত কৰা উন্নত মানৰ ক্ৰিয়া আচৰণে তেওঁলোকৰ প্ৰতিভাৰ পৰিচয় দিয়ে। তেওঁলোকে জন্মগতভাৱে উন্নত গুণ সকলো দিশতে যেনে কলা, সংগীত, সাহিত্য, দৰ্শন, বিজ্ঞান, কাৰিকৰী বিজ্ঞান তথা নেতৃত্ব প্ৰদান ইত্যাদিত লাভ কৰে। উন্নত বৌদ্ধিক মান বিশিষ্টতা, সৃজনাত্মক শক্তি ক্ষমতা আৰু জন্মগত প্ৰতিভাই কোনো এক দিনত চমকপ্ৰদ ভাৱে প্ৰকাশ লাভ কৰি উঠে। প্ৰতিভাৱান ছাত্ৰৰ উন্নত মান বিশিষ্টতা কেৱল মানসিক দিশতে নহয়, দৈনিক দিশতো প্ৰকাশ লাভ হয়। তেওঁলোকৰ উন্নত দৈহিক গঠন আৰু ৰোগ মুক্ততা, স্নায়ৱিক ক্ষিপ্ৰ্তা আৰু দেহ সঞ্চালন ক্ষমতাৰ পটুতা আদি পৰিলক্ষিত হয়। গ্ৰহণেন্দ্ৰিয় সমূহৰ গ্ৰহণ ক্ষমতা, প্ৰতিক্ৰিয়াৰ প্ৰখৰতা আৰু যথাৰ্থতা আদি সাধাৰণ শিশুতকৈ অধিক হয়।

প্ৰতিভাৱান ছাত্ৰৰ শিক্ষা ব্যৱস্থা(Educational provision for the Gifted):
প্ৰতিভাৱান
ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশৰ বাবে শিক্ষক অথবা বিদ্যালয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত তলত দিয়া দিশ কেইটা উল্লেখযোগ্য।

)শিক্ষকে প্ৰতিভাৱান ছাত্ৰৰ নিজা শক্তি ক্ষমতাৰ স্বৰূপ জানিবলৈ চেষ্টা কৰিব লাগে আৰু সেই মতে শিক্ষাদান কৰিব লাগে।

)তেওঁলোকৰ বাবে উন্নতমানৰ অতিৰিক্ত পাঠ্যসূচী আৰু কাৰ্য্যসূচী যুগুত কৰিব লাগে।

)পাঠ্যক্ৰমৰ পৰিসৰ ব্যাপক হোৱা উচিত যাতে জ্ঞানৰ এক বহল ধাৰণা তেওঁলোকক দিব পৰা যায়।

)প্ৰতিভাৱান ছাত্ৰৰ বাবে বিশেষজ্ঞ শিক্ষক নিয়োগ কৰিব লাগে আৰু সেই বিষয়ত বিশেষ্ট জ্ঞান বিশ্লেষণাত্মক ভাবে অধ্যয়নত উৎসাহিত কৰিব লাগে।

)শিক্ষানুষ্ঠানত উন্নত পুথিভঁৰাল, পৰীক্ষাগাৰ আৰু শিক্ষা পৰিবেশ গঢ় দি তুলি জ্ঞানৰ পৰীক্ষা নিৰীক্ষা আৰু গৱেষণা আদিৰ প্ৰতিও আগ্ৰহী কৰি তুলিব লাগে।

শিশুৰ কেতবোৰ বিশেষ সমস্যা জড়িত আচৰণ(Some common behaviour problem of children):

শিশুৰ দৈহিক সমস্যা জড়িত আচৰণবোৰৰ ভিতৰত পৰে-

)খোৱাৰ সমস্যা

)নিদ্ৰাৰ সমস্যা

)বিছনাত প্ৰস্ৰাৱ কৰা

)কদৰ্য্যতাৰ সৃষ্টি কৰা

)অস্বাভাৱিক আচৰণেৰে মনোযোগ আকৰ্ষণ কৰা ইত্যাদি।

আনহাতে বাল্যকালত কেতবোৰ সমস্যা জড়িত আচৰণ হৈছে-

)খং দেখুওৱা

)আক্ৰমণাত্মক আচৰণ

)চুৰ কৰা

)বাক অস্বাভাৱিকতা ইত্যাদি।

শিশুৰ সমস্যা জড়িত আচৰন সংশোধন কৰা উপায়(How to remove behaviour problem of children):
শিশুৰ সমস্যা জড়িত আচৰণৰ প্ৰধান কাৰণ হৈছে তাৰ অসুস্থ পৰিবেশৰ প্ৰভাৱ। শিশুৰ পৰিৱেশে যদি তাৰ মনো-দৈহিক প্ৰয়োজনবোৰ পূৰণত ব্যৰ্থ হয় তেন্তে সি শিশুৰ সমস্যা জড়িত আচৰণৰ সৃষ্টি কৰে। এই আচৰণ সমূহ আঁতৰ কৰিবলৈ লে তলত দিয়া ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগিব।

)মাক-দেউতাকে শিশুক ঘৰুৱা পৰিবেশত যথেষ্ট মৰম চেনেহ প্ৰদান কৰিব লাগে আৰু ঘনিষ্ঠ দৈহিক সংপৰ্শ ৰক্ষা কৰি চলিব লাগে।

)মাক-দেউতাকে শিশুৰ দৈহিক প্ৰয়োজনসমূহ যেনে খোৱা, পিন্ধা আদিৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয় কথা।

)শিশুৰ স্কুলীয়া পৰিবেশো উন্নত ধৰণে গঢ় দি তুলিব লাগে আৰু খেলা-ধূলাৰ সাসুবিধাৰ প্ৰতি নজৰ ৰাখিব লাগে।

)শিশুক আবেগিক নিৰাপত্তা প্ৰদান কৰা দায়িত্ব শিক্ষক আৰু অভিভাৱকসকলৰ।

)কৈশোৰ কালত ৰা আৰু ছোৱালীক প্ৰয়োজন অনুসৰি বৃত্তীয় আৰু শৈক্ষিক নিৰ্দেশনা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

ওপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে শিশুৰ দেহ-মনৰ প্ৰয়োজন সম্বন্ধে বয়সস্থসকলৰ অজ্ঞতাই তেওঁলোকৰ আচৰণজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে প্ৰত্যেক অভিভাৱক তথা শিক্ষকসকলে শিশুৰ প্ৰতিটো প্ৰয়োজনৰ প্ৰতি চোকা নজৰ প্ৰদান কৰিব লাগে।

শিক্ষাদানৰ প্ৰধান পৰ্য্যায় সমূহ(Stages of teaching):

শিক্ষাদানৰ প্ৰধান পৰ্য্যায় তিনিটা।

এইকেইটা -

)পূৰ্ব কাৰ্যকৰী পৰ্য্যায় বা কাৰ্যৰ পূৰ্ব পৰ্য্যায়(Pre-active stage)

)কাৰ্যফ সম্পাদন পৰ্য্যায় বা পৰস্পৰ ক্ৰিয়াশীল পৰ্য্যায়(Interactive stage)

)উত্তৰ ক্ৰিয়াশীল পৰ্য্যায় বা কাৰ্যৰ পশ্চাৎ পৰ্য্যায়(Post active stage)

এই পৰ্য্যায় কেইটাৰ চমু বিৱৰণ তলত দিয়া -

)পূৰ্ব কাৰ্যকৰী পৰ্য্যায়:
শ্ৰেণী কোঠাত শিক্ষাদান কৰিবলৈ প্ৰৱেশ কৰাৰ আগতে শিক্ষকে যিবোৰ পদক্ষেপ হাতত লয় সেই সকলোবোৰতে শিক্ষাদান প্ৰক্ৰিয়াৰ পূৰ্ব কাৰ্যকৰী স্তৰৰ অন্তৰ্ভুক্ত কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াটো ফলপ্ৰসূ কৰিবলৈ লে কিছুমান পূৰ্ব পৰিকল্পনাৰ প্ৰয়োজন। এইবোৰৰ ভিতৰত পাঠ পৰিকল্পনা প্ৰস্তুত কৰা, শ্ৰেণী কোঠা শিক্ষাদানৰ বাবে প্ৰস্তুত কৰা, অভীক্ষাৰ বিৱৰণ অধ্যয়ন কৰা, প্ৰশ্নকাকত যুগুতোৱা ইত্যাদি অন্তৰ্ভুক্ত কৰিব পাৰি। শ্ৰেণীৰ কাৰ্য নিয়মমতে সম্পাদনৰ বাবে এই কাৰ্যসমূহ শিক্ষকৰ বাবে প্ৰয়োজনীয়। পূৰ্ব কাৰ্যকৰী পৰ্য্যায়ত শিক্ষকে শিক্ষাদান প্ৰক্ৰিয়াৰ সম্ভাব্য ফলাফলৰ বিষয়ে অনুমান কৰিব পাৰে। শিক্ষা আহৰণৰ কাৰণে শিক্ষাৰ্থীক কি কৌশলেৰে শ্ৰেণীবদ্ধ কৰিব অথবা কেনেকুৱা ধৰণৰ পাঠ্যপুথি ব্যৱহাৰ কৰিব সেই বিষয়ে শিক্ষকে এই স্তৰতে সিদ্ধান্ত লয়।

)কাৰ্য সম্পাদন পৰ্য্যায়:
শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্য্যায় হৈছে কাৰ্য সম্পাদন পৰ্য্যায়। এই স্তৰত শিক্ষকে পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰে। ইয়াত শিক্ষকৰ আচৰণ স্বত:সফূৰ্তভাৱে প্ৰকাশ পায়।

শিক্ষাবিদ Jackson মতে এই পৰ্য্যায়টোত শিক্ষকে শিক্ষাৰ্থীক বিভিন্ন ধৰণে উদ্দীপনা মৌখিকভাৱে প্ৰদান কৰে, বৰ্ণনা আগবঢ়ায় আৰু প্ৰশ্ন অৱতাৰণা কৰে। শিক্ষাৰ্থী সকলৰ প্ৰতিক্ৰিয়া মনোযোগেৰে শুনি লয় আৰু প্ৰয়োজনীয় নিৰ্দেশনা তথা উপদেশ আগবঢ়ায়। এই স্তৰটোৰ মূল কাম -

)শ্ৰেণীৰ আকাৰ নিৰ্ধাৰণ কৰা।

)শিক্ষাৰ্থীৰ সমস্যা চিনাক্তকৰণ কৰা।

)কাৰ্য, কৃতিত্ব তথা প্ৰতিক্ৰিয়াৰ বুজ লোৱা। ইয়াৰোপৰি কাৰ্য সম্পাদন পৰ্য্যায়টোত অন্তৰ্ভুক্ত কৰা প্ৰধান দিশ কেইটা -

)বিষয়বস্তুৰ উপস্থাপন।

)শিক্ষা আহৰণৰ ধৰণ।

)শিক্ষাৰ্থী সম্বন্ধে পূৰ্ব ধাৰণা। শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াত কাৰ্য সম্পাদন স্তৰে শ্ৰেণীকোঠাত এক অনুকূল বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হয়।

উত্তৰ ক্ৰিয়াশীল পৰ্য্যায় বা কাৰ্যৰ পশ্চাৎ পৰ্য্যায়(Post active stage):

শিক্ষাদান প্ৰক্ৰিয়াৰ শেষৰ স্তৰটোক মূল্যায়ন পৰ্য্যায় বুলি কোৱা হয়। শ্ৰেণী কোঠাত এই স্তৰটোত শিক্ষকে সম্পাদন কৰা কাৰ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীৰ কাৰ্যৰ মূল্যায়ণ কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তত শিক্ষাৰ্থীৰ আচৰণ পৰিৱৰ্তনৰ দিশটোৰ ওপৰত গুৰুত্ব দিয়া হয়। শিক্ষকে মৌখিক বা লিখিত প্ৰশ্ন এই স্তৰত অৱতাৰণা কৰা দেখা যায়। সাধাৰণতে, তলত উল্লিখিত কাৰ্যসমূহ এই স্তৰৰ প্ৰধান কাৰ্য হিচাপে বিবেচনা কৰা দেখা যায়।

)শিক্ষাদান প্ৰক্ৰিয়াত সাধন হোৱা মূল দিশ সমূহ।

)পৰীক্ষা কৰাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰা।

)শিক্ষাদানৰ কৌশলসমূহৰ উন্নতি সাধন কৰা।

বিভিন্ন শিক্ষণ পদ্ধতি(Different methods of teaching):

বিভিন্ন শিক্ষণ পদ্ধতিৰ ভিতৰত বক্তৃতা(Lecture method) আৰু প্ৰকল্প পদ্ধতিয়ে প্ৰধান। এই দুটা পদ্ধতিৰ চমু বিৱৰণ তলত দাঙি ধৰা -

)বক্তৃতা পদ্ধতি(Lecture method):
বক্তৃতা হৈছে আটাইতকৈ পুৰণি শিক্ষণ পদ্ধতি। এই পদ্ধতি মাধ্যমিক পৰ্য্যায়ৰ পৰা উচ্চ পৰ্য্যায়লৈ শিক্ষক সকলে ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ সমাজ অধ্যয়ন, ভাষা অধ্যয়ন, ভূগোল ইত্যাদি বিষয় শিকাবলৈ শিক্ষকে বক্তৃতা পদ্ধতি ব্যৱহাৰ কৰা দেখা যায়। এই পদ্ধতি ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে-

)অভিৰোচিত কৰা: ছাত্ৰ-ছাত্ৰী সকলক নিৰ্দিষ্ট পাঠৰ প্ৰতি অভিৰোচিত কৰিবলৈ শিক্ষক সকলে বক্তৃতা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। বক্তৃতাৰ জৰিয়তে শিক্ষকে পাঠৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

)সময়ৰ মিতব্যয়িতা: বক্তৃতাৰ জৰিয়তে খুউব কম সময়ৰ ভিতৰতে শিক্ষকে নিৰ্দিষ্ট বিষয়ৰ লাগতিয়াল কথাখিনি ছাত্ৰ-ছাত্ৰীক বুজাই দিবলৈ সক্ষম হয়। সেয়েহে এই পদ্ধতিৰ দ্বাৰা সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰি।

)সুস্পষ্টতা: বক্তৃতা পদ্ধতিৰ জৰিয়তে পঠনীয় বিষয় শিক্ষকে সুস্পষ্টভাৱে ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত শিক্ষকসকলৰ নিৰ্দিষ্ট বিষয়ৰ স্পষ্ট ধাৰণা থকা উচিত।

বক্তৃতা পদ্ধতিৰ সুবিধাবোৰ -
)অতি কম সুবিধাৰ সহায়ত একেলগে কম খৰচতে অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা সম্ভৱ।

)এজন শিক্ষকৰ দ্বাৰা একে লগে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰাটো।

)বক্তৃতা পদ্ধতি এটা নমনীয় পদ্ধতি। বিষয়বস্তুৰ বৈশিষ্ট্য, শ্ৰেণী পৰিৱেশৰ সুবিধা, শ্ৰেণীৰ সময়, ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাৰ স্তৰ আদিৰ উপযুক্ত মূল্যায়ণেৰে নানা ধৰণে এনে পদ্ধতি বা কৌশল প্ৰয়োগ কৰাটো সম্ভৱ।

)শিক্ষকে বিষয়বস্তুৰ গভীৰ জ্ঞান, বৌদ্ধিক যোগ্যতা, ৰসিকতা, -কথিত জ্ঞান যেনে- শৰীৰৰ অংগী-ভংগী আৰু গতি, যুক্তিপূৰ্ণ উক্তি, গভীৰ আগ্ৰহ আদিৰ দ্বাৰা সহজে ছাত্ৰ-ছাত্ৰী সকলৰ মনোযোগ আৰু আগ্ৰহ দুয়োটাই জগাই তুলিব পাৰে।

)বক্তৃতা পদ্ধতিৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তুৰ জ্ঞান আহৰণ কৰা, বিষয়বস্তু হৃদয়ংগম কৰাৰ উপৰিও দলীয় মনোভাৱৰ বিকাশ সাধন কৰাৰ সুবিধা লাভ কৰে।

ইয়াৰোপৰি বক্তৃতা পদ্ধতিয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত গভীৰ সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰে। শিক্ষকে এই পদ্ধতিৰ সহায়ত নিৰ্দিষ্ট পাঠৰ লগত সংগতি ৰাখি বিভিন্ন উদাহৰণ দাঙি ধৰিব পাৰে যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণত সুবিধা হয়।

) প্ৰকল্প পদ্ধতি(Project method):
আমেৰিকাৰ প্ৰয়োগবাদী দাৰ্শনিক জন ডিউইৰ শিক্ষাদৰ্শনৰ আধাৰত তেওঁৰ এজন অনুগামী উইলিয়াম কিলপ্ৰেট্ৰিকে উদ্ভাৱন কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পদ্ধতিটোৰ নাম প্ৰকল্প পদ্ধতি।

প্ৰকল্প পদ্ধতিৰ বৈশিষ্ট্য:

)শিক্ষাৰ্থীসকলক উদ্দেশ্যপূৰ্ণভাৱে জীয়াই থাকিবলৈ শিকোৱা।

)শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি কাম কৰিবলৈ সুবিধা দিয়া।

)শিক্ষাৰ্থীসকলে নিজৰ প্ৰচেষ্টাৰেই নিজৰ অন্তৰ্নিহিত সম্ভাৱনা সমূহৰ বিকাশ সাধনৰ সুবিধা পায়।

)এটা প্ৰজেক্টে প্ৰতিজন শিক্ষাৰ্থীকে সমাজৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ সুবিধা প্ৰদান কৰে।

)প্ৰকল্প পদ্ধতিত শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ সমন্বয় ঘটে।

প্ৰকল্পৰ বিভিন্ন পৰ্য্যায়:

উদ্দেশ্যপূৰ্ণভাৱে বা কাম সদায় পৰিকল্পিতভাৱে সম্পাদনা কৰা হয় আৰু পৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ যাওঁতে কিছুমান পৰ্য্যায়ৰ মাজেদি লেহে সমস্যাটো সমাধান কৰিব পৰা যায়।

প্ৰকল্পৰ সেই পৰ্য্যায়বোৰ -

)উদ্দেশ্য স্থিৰকৰণ(Purposing)

)পৰিকল্পনা(Planning)

)সম্পাদনা(Executing)

)বিচাৰকৰণ বা মূল্যায়ণ(Evaluation)

)লিপিবদ্ধকৰণ(Recording)

শিক্ষকৰ গুণাৱলীসমূহ(Teacher’s Qualities):
ছাত্ৰ-ছাত্ৰীসকলৰ মনত পৰোক্ষ আৰু মনোবৈজ্ঞানিক প্ৰভাৱ পেলাবৰ বাবে শিক্ষকৰ বিশেষ কিছুমান গুণৰ প্ৰয়োজন। এই সমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি-

)দৈহিক উপযুক্ততা(Physical fitness): শিক্ষকৰ দৈহিক আকৰ্ষণীয়তাই ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে প্ৰভাৱাম্বিত কৰে। দৈহিক উপযুক্ততাৰ ফালৰ পৰা শিক্ষকৰ দৃষ্টিশক্তি, শ্ৰৱণ শক্তি, স্ব-ধ্বনি আদি অত্যন্ত স্বাভাৱিক আৰু দোষমুক্ত হোৱাটো বাঞ্চনীয়।

)বৌদ্ধিক সক্ৰিয়তা(Intellectual activity): শিক্ষকসকল বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট সক্ৰিয় লাগে। তেওঁলোকৰ এক অধ্যয়নপুষ্ট মন, নতুন জ্ঞানৰ প্ৰতি স্পৃহা আৰু অনুসন্ধিৎসাৰ স্বভাৱেহে ছাত্ৰ্ সকলৰ মনত নিজকে নিত্য নতুন কৰি ৰাখিব পাৰে।

)মনোবৈজ্ঞানিক সচেতনতা(Psychological consciousness): শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মন পৰিচালিত কৰিবৰ বাবে মনোবৈজ্ঞানিকভাৱে সচেতন হোৱা উচিত। শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ নিৰীক্ষণ আৰু সেইবোৰৰ সমাধানৰ বাবে মনোবিজ্ঞানৰ বিভিন্ন নীতি আৰু পদ্ধতি সমূহৰ লগত শিক্ষক সকল পৰিচিত। লাগে। ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু অভিৰুচিৰ ওপৰত গুৰুত্ব দি শিক্ষা দিবলৈ লে শিক্ষক সকলৰ মনোবিজ্ঞানৰ জ্ঞান থকাটো দৰকাৰ।

)আৱেগিক নিয়ন্ত্ৰ্ণ(Emotional Control): ছাত্ৰৰ নিয়ন্ত্ৰণ আৰু অনুশাসনকাৰী শিক্ষক নিজেই আত্ম-নিয়ন্ত্ৰিত হোৱা উচিত। তেওঁ নিজে আৱেগ অনুভূতিবোৰ নিয়ন্ত্ৰিত কৰিব পাৰিলেহে শিক্ষাৰ বিভিন্ন সমস্যাসমূহ সুস্থিৰভাৱে সমাধান কৰিব পাৰে।

)বিনম্ৰতা(Politeness): শিক্ষকৰ আন এটা প্ৰধান গুণ হৈছে বিনম্ৰতা। উচ্চ চিন্তা আৰু সৰল জীৱন-যাপনে তেওঁক স্বাভাৱিকতেই বিনয়ী আৰু মৰমিয়াল কৰি তুলিব লাগে। এনে ব্যক্তিত্বৰ দ্বাৰা তেওঁ সমাজৰ সকলো ব্যক্তিকেই সহজে আকৰ্ষণ কৰিব পাৰে।

)নিয়মানুগত্যতা(Sense of discipline): শিক্ষক সদায় নিয়মানুবৰ্তী হোৱা উচিত। শিক্ষকসকলে সমাজৰ আৰু স্কুলৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি আস্থা, নিষ্ঠা আৰু আনুগত্যৰ ভাৱ দেখুৱাব লাগে। ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁ নিজেই এক উদাহৰণ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ উঠিব লাগে।

)সহানুভূতিশীলতা(Sense of Sympathy): শিক্ষকৰ অন্তৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সদায় কোমল, সংবেদনশীল আৰু সহানুভূতিশীল লাগে। শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ সুখত সুখী আৰু দুখত দুখী পৰা অনুভূতিশীলতাৰেহে তেওঁ সকলোৰে সহযোগিতা লাভ কৰিব পাৰে।

শিক্ষা পৰিচালনাত শিক্ষকৰ ভূমিকা(Rule of teacher in educational management):
সুস্থ শিক্ষা পৰিচালনাৰ বাবে উপযুক্ত শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰি তোলাটো শিক্ষকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। ছাত্ৰক শিক্ষাদান কৰাৰ পূৰ্বে শিক্ষকে তেওঁৰ শৈক্ষিক বছৰটোৰ বাবে কৰিব লগা কাৰ্য্যসূচীৰ পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰি তুলিব লাগে।

শিক্ষা পৰিচালনাৰ ক্ষেত্ৰত ছাত্ৰৰ বাবে অনুমোদিত পাঠ্যক্ৰম আৰু কাৰ্য্যক্ৰম আৰু কাৰ্য্যসূচীসমূহ স্কুলৰ ক্ৰিয়া সম্পাদন কৰিব লগা দিন কেইটাৰ সময়সূচী অনুসৰি সাপ্তাহিক, মাহেকীয়া আৰু ছমহী্যা ক্ৰিয়াসূচী স্বৰূপে বিভক্ত কৰি লাগে। শিক্ষাৰ এই ক্ৰিয়া-আঁচনি প্ৰস্তুত কৰা লেহে তেওঁৰ বছৰেকীয়া শৈক্ষিক কৰ্তব্য সূচাৰুৰূপে সম্পাদন কৰাটো সম্ভৱ হৈ উঠিব পাৰে।

ইয়াৰোপৰি শিক্ষাক সুস্থভাৱে পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় আইন-কানুন প্ৰণয়ন কৰা আৰু সেইবোৰ যাতে ছাত্ৰৰ দ্বাৰা যথাযথভাৱে প্ৰতিপালিত হয় তাৰ ব্যৱস্থা কৰা শিক্ষকৰ কৰ্তব্যৰ ভিতৰুৱা। ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনীয় ক্ষেত্ৰত শাস্তি আৰু পুৰস্কাৰ প্ৰ্দানৰ ব্যৱস্থা কৰাও শিক্ষা পৰিচালনাৰ অন্তৰ্গত। সেয়েহে শিক্ষকে শাস্তি আৰু পুৰস্কাৰ দিয়াৰ নীতি মানি চলা দৰকাৰ।

বিদ্যালয়ৰ সমাজখন সুস্থভাৱে পৰিচালিত কৰিবলৈ শিক্ষকে পাঠ্যক্ৰমৰ লগতে সহ-পাঠ্যক্ৰমৰো ব্যৱস্থা কৰিব লাগে। ইয়াৰ দ্বাৰা ছাত্ৰীৰ সৰ্বাত্মক বিকাশ সাধন হয়। ছাত্ৰৰ খেলা-ধূলা, নৃত্য-গীত, তৰ্ক আৰু আলোচনা চক্ৰ আদিত শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তেওঁলোকক উৎসাহিত কৰি তোলাটো তেওঁৰ কৰ্তব্য।

শিশু কেন্দ্ৰিক শিক্ষণ(Child centered teaching):
বৰ্তমানৰ
শিক্ষা হৈছে শিশু কেন্দ্ৰিক। সেয়েহে বৰ্তমান শিক্ষা ব্যৱস্থাত শিশুৰ প্ৰয়োজন, পাৰদৰ্শিতা, ইচ্ছা, আৰু আকাংখ্যাৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰা উচিত। শিশুকেন্দ্ৰিক শিকনৰ ভেটি আচৰণবাদী মনোবিজ্ঞান। আচৰণবাদী সকলৰ মতে উদ্দীপক আৰু সহাঁৰিৰ মাজত সম্পৰ্ক সাধনেই শিক্ষণ। ইয়াত উদ্দীপকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত তেওঁলোকৰ বাঞ্চিত সহাঁৰিৰ বাবে উপস্থাপন কৰা সংকেত, বাৰ্ত্তা, প্ৰশ্ন ইত্যাদিক সূচায়। আচৰণবাদী সকলে বিশ্বাস কৰে যে শিকন এক নিজস্ব কাৰ্য্য আৰু নিজৰ পৰিৱেশৰ লগত শিক্ষাৰ্থীৰ ধাৰাবাহিক সহাঁৰিৰ যোগেদি শিকন সাধন কৰিব পাৰি।

এই পদ্ধতিত শিক্ষাৰ্থীৰ ওপৰত একো জাপি দিয়া নহয়। শিকনৰ এক নমনীয় পদ্ধতি হিচাপে শিক্ষাৰ্থী সকলক নিজস্ব গতিবেগত আৰু নিজে বিচৰা ধৰণে শিকাৰ সুযোগ প্ৰদান কৰে। ইয়াত শিকাটো কেবল শিক্ষাৰ্থীৰ কৰ্ম হিচাবে লোৱা হয়। শিকনৰ বাবে শিকাৰু নিজে দায়ী হয়। ইয়াৰ মূল কথা শিকন এক নিজস্ব কাৰ্য্য আৰু আত্ম অনুদেশৰ দ্বাৰাহে মানবীয় গুণসমূহ বিকশিত পাৰে। বৰ্তমান এই শিকন পদ্ধতিয়ে যথেষ্ট গুৰুতৰ লাভ কৰিছে।

দক্ষতা ভিত্তিক শিক্ষন(Competency based teaching):
বৰ্তমান
সময়ত শিক্ষণ কাৰ্য্য দক্ষতা ভিত্তিক আৰু কৰ্মকেন্দ্ৰিক কৰাৰ প্ৰয়োজন হৈ পৰিছে। শিক্ষণ দক্ষতাই শিক্ষকৰ কেৱল বিষয়বস্তুৰ ওপৰত জ্ঞান থকাকে নুবুজায়। শিক্ষকৰ বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ উপৰিও শিক্ষণ পদ্ধতি আৰু প্ৰয়োগ কৌশলৰ ব্যৱহাৰ, প্ৰশ্নকৰণ, শিক্ষণ সঁজুলিৰ ব্যৱহাৰ, ছাত্ৰ-ছাত্ৰীক অংশ গ্ৰহণ কৰোৱাৰ সামৰ্থ্য, ব্যক্তিত্ব, শ্ৰেণীৰ লগত সম্পৰ্ক, শ্ৰেণী কক্ষ পৰিচালনা আৰু উদ্দেশ্য সম্পৰ্কে স্পষ্টতাৰ সামগ্ৰিক মূল্যায়নক সূচায়। সফল শিক্ষণ দক্ষতাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি।

)শিক্ষায়তনিক দক্ষতা আৰু
)ব্যক্তিগত দক্ষতা।

শিক্ষায়তনিক দক্ষতাৰ ভিতৰত শিক্ষকৰ থাকিবলগীয়া গুণখিনি -
)যথোপযুক্ত সাধাৰণ জ্ঞান,
)জ্ঞান পিপাসা,
)প্ৰকাশ সাৱলীলতা,
)শিক্ষণ অভিজ্ঞতা,
)বৃত্তিটোৰ প্ৰতি ভাল পোৱা,
)প্ৰগতিশীল দৃষ্টিভংগী।

আনহাতে ব্যক্তি দক্ষতাৰ ভিতৰত থাকিবলগীয়া গুণ সমূহ -
)শাৰীৰিক সুস্থতা,
)আবেগিক আৰু মানসিক স্বাস্থ্য,
)উপযুক্ত মেধাশক্তি,
)সৎচৰিত্ৰ,
)শিশুৰ প্ৰতি প্ৰেম,
)ৰসবোধ,
)গণতান্ত্ৰিক দৃষ্টিভঙ্গী,
)সহানুভূতি,
)আত্ম বিশ্বাস,
১০
)সমাজপ্ৰিয়তা।

অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থা(Continuous and comprehensive evaluation):
ছাত্ৰ
-ছাত্ৰীক শিক্ষাদান কৰাৰ অন্তত যি পৰীক্ষা কাৰ্য্য সম্পাদন কৰা হয় তাকেই সাধাৰণ অৰ্থত মূল্যায়ন বোলা হয়। শিক্ষাদানৰ বেলিকা ছাত্ৰ-ছাত্ৰীসকল কিমানখিনি উপকৃত হয় বা নিৰ্দ্দিষ্ট পাঠৰ প্ৰতি কিমানখিনি ধাৰণা আয়ত্ব কৰিব পাৰে এইবোৰৰ পৰীক্ষা কৰাৰ বাবে মূল্যায়ন ব্যৱস্থা কৰা হয়। ছাত্ৰক শিক্ষাদানৰ অন্তত পৰীক্ষা কাৰ্য্য সম্পাদন কৰি তেওঁলোকৰ আৰ্জিত জ্ঞানৰ বুজ লোৱাটো সাপ্তাহিক, মাহেকীয়া, ছমহীয়া, বছৰেকীয়া আদি পৰীক্ষা অনুষ্ঠিত কৰি এক অবিৰতভাৱে ছাত্ৰৰ মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে।

বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা ব্যৱস্থাত কিছুমান নতুন পদ্ধতিত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ভিতৰত এটা হৈছে অবিৰত সামূহিক মূল্যায়ণ ব্যৱস্থা। ইয়াৰ অৰ্থ এয়ে যে ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যেক দিনাই কিমানখিনি শিক্ষা গ্ৰহণ কৰিছে এই বিষয়ে অবিৰতভাৱে কিছুমান শিক্ষাৰ মূল্যায়ণ ব্যৱস্থা কৰা। এনে মূল্যায়ন ব্যৱস্থাত ব্যক্তিনিষ্ঠ প্ৰশ্নতকৈ বস্তুনিষ্ঠ প্ৰশ্ন প্ৰস্তুতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। কাৰণ বস্তুনিষ্ঠ প্ৰশ্নৰ দ্বাৰাহে ছাত্ৰ-ছাত্ৰীৰ নিৰ্দিষ্ট পাঠৰ বিষয়ে স্পষ্ট ধাৰণা আছে নে নাই তাৰ উমান পোৱা যায়। এই ক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ট ভূমিকা আছে। পৰীক্ষা ব্যৱস্থা অধিক নিৰ্ভৰযোগ্য কৰি তুলিবৰ বাবে গ্ৰহণ কৰা নতুন নতুন পৰীক্ষা-নিৰীক্ষা আদিৰ লগত শিক্ষকসকল ভালদৰে পৰিচিত লাগে। ইয়াৰোপৰি শৈক্ষিক মূল্যায়ণৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা ৰক্ষা কৰি চলিবৰ বাবে শিক্ষক সকলে বিবিধ প্ৰশ্ন(ব্যক্তিনিষ্ঠয়েই হওঁক বা বস্তুনিষ্ঠই হওঁক) প্ৰস্তুতি কৌশল জানিব লাগে। অবিৰত সামূহিক মূল্যায়ণে ছাত্ৰ-ছাত্ৰী সকলক নিৰ্দ্দিষ্ট বিষয়ৰ জ্ঞান পুংখানুপুংখভাৱে আয়ত্ব কৰাত সহায় কৰে।

ৰিমেডিয়েল টিচিং(Remedial teaching):
আধুনিক
শিক্ষা ব্যৱস্থাত ৰিমেডিয়েল অথবা প্ৰতিকাৰমূলক শিক্ষণৰ ধাৰণা আপেক্ষিকভাৱে নতুন। এই শিক্ষাৰ প্ৰধান কাম হৈছে অতি দুৰ্বল প্ৰকৃতিৰ মৌলিক বা শিকোৱা আৰু শিকা প্ৰক্ৰিয়াৰ কু-ফল সমূহ আতঁৰ কৰা। অৰ্থাৎ শ্ৰেণী পৰিৱেশৰ নিয়মিত শিক্ষণৰ অতি দুৰ্বল দিশসমূহৰ প্ৰতিকাৰ সাধনৰ বাবেহে প্ৰতিকাৰ মূলক শিক্ষণ অতি প্ৰয়োজনীয়। শিকোৱা প্ৰক্ৰিয়াৰ দুৰ্বল দিশসমূহে শিকা প্ৰক্ৰিয়াও দুৰ্বল কৰি তোলে। গতিকে শিকোৱা আৰু শিকা প্ৰক্ৰিয়াৰ এনে দুৰ্বলতা আতঁৰ কৰাৰ বাবে প্ৰতিকাৰমূলক শিক্ষণৰ প্ৰয়োজনীয়তা অধিক। শিক্ষকৰ দুৰ্বল আৰু ভুল শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ শিকা প্ৰক্ৰিয়াৰ দিশ বিপথে পৰিচালিত কৰে। দুৰ্বল আৰু ভুল শিক্ষণে শিক্ষাৰ সঁজুলি অথবা উপকৰণসমূহ ব্যৱহাৰ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক বিশুদ্ধে নিৰ্দেশনা প্ৰদান কৰাত ব্যৰ্থ হয়। গতিকে তেনে ছাত্ৰ-ছাত্ৰীসকলক শুদ্ধ পথলৈ উভতাই অনাৰ বাবে অভিজ্ঞ শিক্ষকৰ সহায়ত এনে প্ৰতিকাৰমূলক শিক্ষণৰ ব্যৱস্থা কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলৰ ক্ৰুটিপূৰ্ণ শিক্ষণৰ দিশ আৰু তাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰি লোৱা হয়। ইয়াৰ পৰৱৰ্তী অৱস্থাত সম্পূৰ্ণ পৰিকল্পিতভাৱে অনুক্ৰম প্ৰস্তুত কৰি তেনে ভুলৰ শুধৰণি অথবা শিক্ষণৰ দুৰ্বল দিশসমূহৰ উন্নতি সাধনৰ বাবে প্ৰচেষ্টা চলোৱা হয়। এইদৰে ছাত্ৰ-ছাত্ৰীৰ দুৰ্বল ধৰণৰ অধ্যয়ণৰ অভ্যাস সমূহৰ সংস্কাৰ সাধন কৰি শক্তিশালী অধ্যয়ণৰ অভ্যাস গঠনৰ প্ৰচেষ্টা চলোৱা হয়।

ছাত্ৰ-ছাত্ৰীয়ে জনা কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিকাৰমূলক শিক্ষণৰ আৰম্ভ কৰা হয়। অৰ্থাৎ বিষয়বস্তু সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলে যিখিনি কথা জানে তাৰ পৰা তেওঁলোকৰ নানা সমস্যা সমাধান কৰি নজনা কথাবোৰৰ মাজলৈ তেওঁলোকক আগবঢ়াই নিয়া হয়। শিক্ষণৰ প্ৰক্ৰিয়াত যেতিয়াই ছাত্ৰ-ছাত্ৰীসকলে কোনো নতুন সমস্যাৰ মুখামুখী হয় তেতিয়াই প্ৰতিকাৰমূলক শিক্ষণৰ সহায়ত তেনে সমস্যা সমূহৰ প্ৰতিকাৰৰ উপায় আৰু দিকনিৰ্দেশনা প্ৰ্দান কৰা হয়। সম্পূৰ্ণ প্ৰণালীবদ্ধভাৱে শুদ্ধ পথবোৰৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক অভিৰোচিত কৰি তেওঁলোকৰ শিক্ষণ ফলপ্ৰসূ কৰি তোলা হয়। এয়ে প্ৰতিকাৰমূলক শিক্ষণৰ মূল বিষয়বস্তু।

সম্পূৰ্ণ সাক্ষৰতা অভিযান(Total Literacy Mission):
১৯৮৮
চনত সম্পূৰ্ণ সাক্ষৰতা অভিযান প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ মূল লক্ষ্য আছিল ২০০৫ চনৰ ভিতৰত পূৰ্ণ স্বাক্ষৰতা প্ৰাপ্তি। এই প্ৰকল্প এটা গঢ়ি উঠে।

ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত, জিলা পৰ্য্যায়ৰ সাক্ষৰতা কমিটীৰ জৰিয়তে অভিযানসমূহ পৰিচালিত কৰা হয়। ইয়াৰ সভাপতি হৈছে জিলা পৰিষদৰ মুখ্য সম্পাদক। অনুষ্ঠানটোৰ পৰিকল্পনাৰ ক্ষেত্ৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক প্ৰতিনিধিত্ব কৰাত সুবিধা দিয়া হয় আৰু পিছত স্বেচ্ছা সেৱক বাহিনীৰ দ্বাৰা চলাই নিয়া হয়।

ইয়াৰ পিছত, জিলাখনত এক বহলভিত্তিক পৰ্যালোচনা কৰা হয়। নৱ সাক্ষৰ ব্যক্তি সকলক স্বেচ্ছাসেৱী শিক্ষকসকলক আৰু নিপুণ প্ৰশিক্ষক সকলক চিনাক্তকৰণ কৰে।

শেষত বহুমুখী যোগযোগে কৌশলত জৰিয়তে এটা পৰিৱেশ গঢ় দিবলৈ প্ৰচেষ্টা চলোৱা হয়। জনসাধাৰণৰ মতামত আদান-প্ৰদান কৰা আৰু নৱ সাক্ষৰ ব্যক্তিসকলক সাক্ষৰ কৰি তোলাটোৱেই পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্য। ইয়াৰ বাবে বিভিন্ন মাধ্যম যেনে- লোক-কৃষ্টি, যাত্ৰা, বাটৰ নাট, মুকাভিনয়, ভজন-কীৰ্তন আদি প্ৰয়োগ কৰিব পাৰি।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

No comments