Breaking News

Environmental Studies: Chapter:1

Assam TET-2021 Preparation
Environmental Studies: Chapter:1
পৰিবেশ অধ্যয়ন (খণ্ডঃ ১)

শিশুসকলৰ মানসিক আৰু দৈহিক বিকাশ সঠিক দিশত ঘটিবলৈ হ’লে এটি সুস্থ-সবল পৰিৱেশৰ প্ৰয়োজন। এই সুস্থ-সবল পৰিৱেশৰ বাবে জৈৱিক, অজৈৱিক, সামাজিক আৰু নৈতিক পৰিৱেশৰ প্ৰতি আমি সচেতন হব লাগিব। স্বচ্চ-প্ৰদুষণমুক্ত স্বাস্থ্যকৰ পৰিৱেশত শিশুৰ বিকাশ কাংক্ষিত ধৰণে ঘটিব পাৰে। সেয়েহে পৰিৱেশৰ বিষয়ে শৈশৱৰ পৰাই শিশুসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন আছে।

পৰিবেশঃ
সাধাৰণ
অৰ্থত বলৈ লে আমি আমাৰ চাৰিওফালে যি দেখিছো সেই সকলোবিলাকেই আমাৰ পৰিবেশ। বায়ু, বিভিন্ন জীৱ-জন্তু, গছ-গছনি, মাটি, পানী, পৰ্বত-পাহাৰ আদি আমাৰ চাৰিওফালে আছে। এইবোৰৰ উপৰিও আমাৰ ঘৰ-দুৱাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ, হাট-বজাৰ, কল-কাৰখানা আদিও আমাৰ চৌদিশে আছে। এই সকলোবোৰ বস্তুৱেই আমাৰ পৰিবেশৰ ভিতৰুৱা। চমুকৈ বলৈ লে কোনো এটা জীৱৰ বাসভূমিৰ কেউদিশৰ অৱস্থাকেই পৰিবেশ বুলি কোৱা হয়। আমাৰ পৰিবেশত থকা মুখ্য উপাদানবোৰ বায়ু, পানী আৰু মাটি। এই তিনিবিধ ভৌতিক বা অজৈৱিক উপাদানৰ বাহিৰেও পৰিবেশত আৰু কিছুমান ভৌতিক উপাদানৰ বৰঙণি আছে। তেনেবোৰ উপাদানৰ ভিতৰত ষ্ণতা, পোহৰ আৰু বিকিৰণ, বায়ুৰ চাপ, মাধ্যাকৰ্ষণ শক্তি, বায়ুমণ্ডলত থকা বিভিন্ন ৰাসায়নিক উপাদান উল্লেখযোগ্য।

পৰিৱেশক দুই ধৰণে অধ্যয়ন কৰিব পাৰি প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ বা সামাজিক পৰিৱেশ। বায়ু, পানী, মাটি, অৰণ্য, বন্যপ্ৰাণী ইত্যাদিক লৈ প্ৰাকৃতিক পৰিৱেশ গঠিত। আনহাতে পৰিৱেশ ক্ৰিয়া, ঘৰ-দুৱাৰ, প্ৰযুক্তি বিদ্যা, যাতায়ত, উপযোগিতা, সংস্থাপন ইত্যাদি লৈ মানৱ সৃষ্ট পৰিৱেশ বা সামাজিক পৰিৱেশ গঠিত।

প্ৰাকৃতিক পৰিৱেশঃ
প্ৰাকৃতিক পৰিৱেশ বুলিলে পৃথিৱী বা ইয়াৰ কোনো এটা অঞ্চলৰ সমগ্ৰ জীৱ আৰু জড়সমূহক একেলগে বুজায়। ই সকলো জীৱিত প্ৰজাতিৰ এটা পাৰস্পৰিক ক্ৰিয়াৰ পৰিৱেশ। এই ধাৰণাটো কিছুমান মৌলৰ দ্বাৰা প্ৰকাশ কৰা হয়:

(ক) সম্পূৰ্ণ পৰিস্থিতিক গোট যি মানুহৰ হস্তক্ষেপৰ অবিহনে সকলো উদ্ভিদ, অণুজীৱ, মাটি, শিল, বায়ুমণ্ডল আৰু সেই সীমাৰ ভিতৰত ঘটা সকলো প্ৰাকৃতিক পৰিঘটনাকে ধৰি, প্ৰাকৃতিক তন্ত্ৰ হিচাপে কাৰ্য কৰে।

(খ) বিশ্বজনীন প্ৰাকৃতিক সম্পদ আৰু ভৌতিক পৰিঘটনা যিবোৰ কোনো সীমাৰ দ্বাৰা আবদ্ধ নহয়, যেনে বায়ু, পানী আৰু জলবায়ু, লগতে মানুহৰ কাৰ্যৰ পৰা উদ্ভৱ নোহোৱা শক্তি, তেজস্ক্ৰিয়তা, বৈদ্যুতিক আধান আৰু চুম্বকত্ব আদি।

প্ৰাকৃতিক পৰিৱেশৰ উপাদানঃ প্ৰাকৃতিক পৰিৱেশৰ উপাদান মূলত দুই প্ৰকাৰৰ জৈৱিক আৰু অজৈৱিক।

জৈৱিক উপাদানঃ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ, জীৱ-জন্তু, অণুজীৱ আদিবোৰ হৈছে প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক উপাদান মূলত: তিনি প্ৰকাৰৰ-

)প্ৰাথমিক উৎপাদনকাৰী
সূৰ্যৰ
পোহৰত ঘটা সালোক-সংশ্লেষণ বিক্ৰিয়াৰ স্বাৰা সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদ আৰু কিছুমান অণুজীৱ বা বেক্টেৰিয়াই নিজৰ খাদ্যবস্তু উৎপন্ন কৰে, সেইবোৰক প্ৰাথমিক উৎপাদক বোলে।

)উপভোক্তা
সকলো
প্ৰকাৰৰ প্ৰাণী, জীৱ-অনুজীৱ আদি যিবোৰ প্ৰাথমিক উৎপাদনকাৰী নহয় সেই আটাইবোৰকে উপভোক্তা বোলে। উৎপাদনকাৰীৰপৰা প্ৰত্যক্ষভাৱে বা আন উপভোক্তাৰ মাধ্যমেদি উপভোক্তাবোৰে খাদ্য গ্ৰহণ কৰে।

এই উপভোক্তাবোৰে আহাৰ গ্ৰহণ কৰি শৰীৰৰ ভিতৰতে পাচন ঘটায়। এইবোৰক আকৌটা ভাগত ভগাব পাৰি। যেনে- প্ৰাথমিক উপভোক্তা (Primary consumers), দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers) আৰু তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers)

প্ৰাথমিক উপভোক্তাঃ যিবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বাবে উৎপাদকক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে সেইবোৰ প্ৰাণীক প্ৰাথমিক বা মুখ্য উপভোক্তা বোলে। সকলোবোৰ তৃণভোজী প্ৰাণী এই শ্ৰেণীৰ ভিতৰত পৰে। উদাহৰণ- ফৰিং, শহাপহু, হৰিণা, ছাগলী, গৰু, মহ ইত্যাদি।

দ্বিতীয় স্তৰৰ উপভোক্তাঃ যিবোৰ প্ৰাণীয়ে প্ৰথম স্তৰৰ উপভোক্তা বোৰক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে সেইবোৰক দ্বিতীয় স্তৰৰ উপভোক্তা। সাধাৰণতে মাংসহাৰী প্ৰাণীবোৰ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। এইবোৰৰ কিছুমান তৃণভোজীও হব পাৰে। উদাহৰণ ভেকুলী, সাপ, শিয়াল, কেতবোৰ মাছ চিকাৰী চৰাই ইত্যাদি।

তৃতীয় স্তৰৰ উপভোক্তাঃ যিবোৰ প্ৰাণীয়ে দ্বিতীয় স্তৰৰ উপভোক্তাক খাদ্য হিচাপে গ্ৰহণ কৰে সেইবোৰক তৃতীয় স্তৰৰ উপভোক্তা বোলা হয়। এই প্ৰাণীবোৰ দ্বিতীয় স্তৰৰ মাংসভোজী নাইবা সৰ্বভক্ষীও হব পাৰে। যেনে বাঘ, সিংহ, মানুহ ইত্যাদি।

গ)পচনকাৰী বা বিয়োজকঃ
উপভোক্তাঃউৎপাদক আৰু উপভোক্তাবোৰৰ মৃত দেহত ক্ৰিয়া কৰি যিবোৰ জীৱাণুৱে কোষত থকা জটিল জৈৱ যৌগবোৰ সৰল অজৈৱ লৱণলৈ ৰূপান্তৰিত কৰে, সেইবোৰকে পচনকাৰী বা বিয়োজক বোলে।

অজৈৱিক উপাদান
জীৱহীন
অথবা ভৌতিক উপাদানসমূহক পৰিৱেশৰ অজৈৱিক উপাদান বোলে। বায়ু, পানী, মাটি, খনিজাত দ্ৰৱ্যসমূহ, শক্তিৰ উৎসসমূহ, জলবায়ু, সৌৰ বিকিৰণ আদিকে অজৈৱিক উপাদান বোলা হয়।

পৰিৱেশ তন্ত্ৰঃ

পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে (A.G. Tansley)-ই পৰিৱেশ তন্ত্ৰ বা ‘ইক’ছিষ্টেম’ (Ecosystem) শব্দটো প্রৱৰ্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ (Odum) মতে “পৰিৱেশ তন্ত্ৰ হ’ল এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্রকাৰৰ জীৱক সাঙুৰি লোৱা (অৰ্থাৎ জৈৱ সম্প্রদায়) এটা সমষ্টি য’ত শক্তিৰ প্রৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰতা আৰু পদার্থৰ চক্ৰীভৱন (অৰ্থাৎ জীৱিত আৰু নিৰ্জীৱ উপাংশৰ মাজত হোৱা পদাৰ্থৰ বিনিময়) পৰিছালনা কৰে। আকৌ বাস্তৱ্যবিদ ছাউথউইকৰ (Southwick) মতে ইক’ছিষ্টেম হ’ল এটা স্থানিক বা সাংগঠনিক একক যিয়ে জীৱ আৰু নির্জীৱ উপাংশৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তে পদাৰ্থৰ বিনিময় ঘটায়। বিভিন্ন জনে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰি পৰিৱেশ তন্ত্ৰৰ বাখ্যা এনেদৰে দিব পাৱি যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্রতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।

 

পুখুৰীৰ পৰিৱেশ তন্ত্ৰঃ
পুখুৰী
এবিধ স্বয়ংক্ৰিয় আৰু সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ। ইয়াত পৰিৱেশ তন্ত্ৰৰ যাৱতীয় আৰু প্ৰয়োজনীয় সকলোবোৰ উপাংশই থাকে। পুখুৰীৰ পৰিৱেশ তন্ত্ৰৰ উপাদানবোৰ তলত আলোচনা কৰা ল।

১) অজৈৱিক উপাদানপুখুৰীত থকা মুখ্য অজৈৱিক উপাদানবোৰ , পোহৰ, ষ্ণতা, pH, বিভিন্ন অজৈৱ আৰু জৈৱযৌগ যেনে, পানী, কাৰ্বন-ডাই-অক্সাইড, অক্সিজেন, কেলছিয়াম, নাইট্ৰজেন, ফছফেট, নাইট্ৰেট, ক্লৰাইড ইত্যাদি। পুখুৰীত থকা পোষক দ্ৰব্যবোৰৰ বেছি ভাগেই পুখুৰীৰ তলত গেদ (Sediments) হিচাপে জমা হৈ থাকে আৰু বাকীবোৰ পানীত লগত মিহলি হৈ জলজ জীৱবোৰৰ বাবে উপলভ্য হয়।

 

২) জৈৱিক উপাদান: পুখুৰীৰ পানীত থকা জীৱিত উপাদানবোৰক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। যেনে উৎপাদক, উপভোক্তা আৰু বিয়োজক।

 

উৎপাদকঃ এইবোৰ স্বপোষী সেউজীয়া জলজ উদ্ভিদ আৰু কিছুমান সালোকসংশ্লেষী বেক্টেৰিয়া। জলজ উদ্ভিদবোৰে সৌৰ শক্তি গ্ৰহণ কৰি পুখুৰীৰ মাটি আৰু পানীৰ পৰা আহৰণ কৰা খনিজ লৱণবোৰৰ সহায়ত জটিল জৈৱযৌগ যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, লিপিড আদি গঠন কৰে। উৎপাদকবোৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি।

 

(ক) স্থূল উদ্ভিদ (Macrophytes): এইবোৰ শিপাযুক্ত ডাঙৰ আকৃতিৰ জলজ উদ্ভিদ। এইবোৰ পানীত সম্পূৰ্ণ বা আংশিক ভাবে ডুব গৈ থকা বা ওপঙি থকা নাইবা পানীৰ ওপৰ ভাগত ওলাই থকা উদ্ভিদ হব পাৰে। পুখুৰীত সাধাৰণতে পোৱা উদ্ভিদবোৰ টাইফা (Typha), ট্ৰেপা (Trapa), ছেজিটেৰিয়া (Sagittaria), নিম্ফিয়া (Nymphaea), কাৰা (Chara), হাইড্ৰিলা (Hydrilla), ভেলিছ্নেৰিয়া (Vallisneria), ইউট্ৰিকুলাৰিয়া (Utricularia), মাৰ্ছিলিয়া (Marsilia), নিলুম্ব (Nilumbo) ইত্যাদি। এযলা (Azolla), চেলভিনিয়া (Salvinia), উলফিয়া (Wolfia), লেম্না (Lemna) আদি কেতবোৰ পানীত ওপঙি থকা উদ্ভিদ।

 

(খ) উদ্ভিদ প্লাৱক (Phytoplanktons): এইবোৰ পানীত ওপঙি থকা বা ডুবগৈ থকা ক্ষুদ্ৰ আকৃতিৰ উদ্ভিদ। এইবোৰ প্ৰধানতঃ শেলাই আৰু ফ্লেজিলেট। উদাহৰণ ইউলথ্ৰিস্ক (Ulothrix), স্পাইৰগাইৰা (Spirogyra), ক্লেডফৰা (Cladophora), ইডগনিয়াম (Oedogonium), ক্লছ্ষ্টেৰিয়াম (Closterium), কছ্মেৰিয়াম (Cosmarium), ইউডৰিনা (Eudorina), পেন্ডৰিণা (Pandorina), ভলভক্স (Volvox), ডায়েটাম (Diatoms), ক্লেমাইডনাছ (Chlamydomonas) ইত্যাদি।

 

উপভোক্তা

এইবোৰ পৰপোষী আৰু পুষ্টি আহৰণৰ বাবে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল। পুখিৰীত তিনি ধৰণৰ উপভোক্তা পোৱা যায়।

(i) মুখ্য বা প্ৰাথমিক উপভোক্তাঃ (Primary consumers)এইবোৰ বিভিন্ন আকৃতিৰ তৃণভোজী প্ৰাণী। এইবোৰক দুটা ভাগত ভগাব পাৰি।

(ক) বেন্থছ (Benthos): এইবোৰ প্ৰাণী পুখুৰীৰ তলিভাগত ভাগ কৰে আৰু পুখুৰীৰ পৰিৱেশ তন্ত্ৰ নিয়নন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। উদাহৰণ পতঙ্গ, পতঙ্গৰ পলু, মাছ, হামুক, ক্ৰাষ্টেছিয়া, জোক, কেঁচু ইত্যাদি।

 

(খ) প্ৰাণী প্লাৱক (Zooplanktons): এইবোৰ পুখুৰীৰ পানীত বাস কৰা কেতবোৰ ক্ষুদ্ৰ আকৃতিৰ প্ৰাণী আৰু এইবোৰে উদ্ভিদ প্লাৱক ভক্ষণ কৰি জীয়াই থাকে। উদাহৰণ ইউগ্লিনা (Euglena), কলিপ্ (Coleps), ডাইলেপটাছ (Dileptus),ইত্যাদি। কেতবোৰ ক্ৰাষ্টেছিয়া যেনো ডাফণিয়া (Daphnia)), চাইক্লপ্ (Cyclops), ষ্টেনচাইপ্ৰিছ (Stenocypris) ইত্যাদিও প্ৰাণীপ্লাৱকৰ উদাহৰণ।

 

(ii) দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers): এইবোৰ প্ৰাথমিক উপভোক্তা বা তৃণভোজী প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰা মাংসভোজী প্ৰাণী। উদাহৰণ মাছ, পানীত বাস কৰা পতঙ্গ, ভেকুলী ইত্যাদি।

 

(iii) তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers): এইবোৰ পৰভক্ষী মাংসভোজী প্ৰাণী। ডাঙৰ মাছ, সাপ আদি এই শ্ৰেণীৰ উপভোক্তা।

 

বিয়োজক (Decomposers):

পুখুৰীৰ পানীত বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া আৰু ভেঁকুৰ থাকে্ এইবোৰে মৃত জীৱবোৰৰ পচন ঘটাই তাৰ পৰা খাদ্য আহৰণ কৰে আৰু অধিকাংশ পোষক দ্ৰব্য পৰিৱেশ তন্ত্ৰত পুনৰ ব্যৱহাৰৰ বাবে মুক্ত কৰে। পুখুৰীত থকা সাধাৰণ বিয়োজকবোৰ এছ্পাৰজিলাছ (Aspergillus), ছিফালোস্পৰিয়াম (Cephalosporium), ক্লেডস্পৰিয়াম (Cladosporium), ৰাইযপাছ (Rhizopous), পেনিছিলিয়াম (Penicillium), এণ্টাৰনেৰিয়া (Anteroneria), ট্ৰাইকডাৰমা (Trichoderma), চাৰ্ছিনেলা (Circinella), ফুচাৰিয়াম (Fusarium), কাৰভুলেৰিয়া (Carvularia) ইত্যাদি। পুখুৰী এটাক দুটা স্পষ্ট স্তৰত ভগাব পাৰি। ওপৰৰ উৎপাদক স্তৰ (Productive zone) আৰু ক্ষয়কাৰী বা অপৰদ স্তৰ (Detrtus zone) সেয়েহে পুখুৰী এটা ভাৰসাম্য পৰিৱেশ তন্ত্ৰৰ উদাহৰণ।

 

তৃণভুমি পৰিস্থিতি তন্ত্ৰঃ

অৰণ্য অঞ্চলতকৈ কম বৰষুণ হোৱা(বছৰি প্ৰায় ২৫ চে.মি.ৰ পৰা ৭৫ চে.মি) অঞ্চল সমূহত তৃণবূমি পৰিস্থিতি তন্ত্ৰ গঢ়ি উঠে। যেনে এছিয়াআৰু ইউৰোপৰ ষ্টেপিছ, কানাডা আৰু উত্তৰ আমেৰিকাৰ প্ৰেইৰী, দক্ষিণ আমেৰিকাৰ পেম্পাছ, নিউজিলেণ্ডৰ টাছক আৰু আফ্ৰিকাৰ ভেল্ডট ইত্যাদি হৈছে এনেধৰণৰ তৃণভূমি অঞ্চল।

তৃণভূমি অঞ্চলৰ উল্লেখযোগ্য বৈশিষ্ট্যঃ

(১) বছৰি বৰষুণ প্ৰায় ২৫ চে.মি.ৰ পৰা ৭৫ চে.মিৰ ভিতৰত থাকে।

(২) এই অঞ্চলৰ মাটিত প্ৰচুৰ পৰিমানে হিউমাছ থাকে।

(৩) তৃণভূমিৰ জৈৱিক বৈচিত্ৰতা তুলনামুলক ভাৱে কম।

(৪) ইয়াৰ সেমেকা অঞ্চলসমূহত ওখ ঘাঁহ গজে।

(৫) ইয়াৰ শুকান অঞ্চলসমূহত চুটি ঘাঁহ গজে।

(গ) এই অঞ্চলসমূহত দেখা পোৱা তৃণভোজী প্ৰাণীসমূহ হৈছে জেব্ৰা, হৰিণ, বাইচন, শহাপহু জাতীয় প্ৰাণী ইত্যাদি। কুকুৰনেচীয়া বাঘ, বিভিন্ন চিকাৰী-চৰাই আদিও এই অঞ্চলসমূহত দেখা পোৱা যায়।

 

মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ বা সামাজিক পৰিৱেশঃ

জীৱবোৰৰ ভিতৰত মানুহক শ্ৰেষ্ঠ জীৱ বুলি কোৱা হয়। অন্যান্য জীৱৰ দৰে মানুহো পৰিৱেশ তন্ত্ৰ (Man made ecosystem)- এটা উপাংশ। খাদ্য, বাসস্থান আৰু আৰু বিশেষকৈ সামাজিক তথা অৰ্থনৈতিক প্ৰয়োজনত মানুহে পৰিৱেশ তন্ত্ৰৰ পৰিৱৰ্তন ঘটাই নিজৰ চাহিদা পূৰণ কৰে। এনেদৰে মানুহে স্বাৰ্থজনিত কাৰণত যি পৰিৱৰ্ত্তিত পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰি লয় তাকে মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ বা কৃটিম পৰিৱেশ তন্ত্ৰ বোলা হয়। গাওঁ, নগৰ, চহৰ, উদ্যান, বাগিচা আদি কৃটিম বা মানৱসৃষ্ট স্থলজ পৰিৱেশ তন্ত্ৰ আৰু কৃটিম বান্ধ, খাল, মাছ পোহা পুখুৰী, একুৱাৰিয়াম (Aquarium) আদি মানুহে সৃষ্টি কৰা জলজ মানৱসৃষ্ট পৰিৱেশ। ইলেনবাৰ্গৰ (Ellenberg) মতে জৈৱমণ্ডলেই আটাইতকৈ বৃহৎ পৰিৱেশ তন্ত্ৰ। ইয়াৰ ভিতৰতে আন আন পৰিৱেশ তন্ত্ৰবোৰ সোমাই থাকে। তেওঁৰ মতে সাগৰ, হ্ৰদ, আদি বৃহৎ পৰিৱেশ (Mega ecosystem) তন্ত্ৰ। আনহাতে পুখুৰী আদিক ক্ষুদ্ৰ পৰিৱেশ তন্ত্ৰ (Micro ecosystem) বোলা হয়। আকৌ কাঠৰ টুকুৰা, একুৰিয়াম, বাগিছা আদিক অতি ক্ষুদ্ৰ পৰিৱেশ তন্ত্ৰ (Nano ecosystem) বোলা হয়।

(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

No comments