Environmental Studies: Chapter:2 Part: 2
Environmental Studies: Chapter:2
Assam TET-2021 Preparation
সৰ্বভাৰতীয় কিছুমান উৎসৱঃ (খণ্ডঃ ২)
সৰ্বভাৰতীয় কিছুমান উৎসৱঃ
মহাশিৱৰাত্ৰিঃ মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ
এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ
পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/ চতুৰ্দশ দিনত
এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত (মাঘী পূৰ্ণিমাৰ পাছৰ কৃষ্ণা
চতুৰ্থীৰ দিনা) ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়। গুৱাহাটীৰ উমানন্দ,
শুক্ৰেশ্বৰ, বশিষ্ঠ আৰু আন বিভিন্ন স্থানত, তেজপুৰৰ মহাভৈৰৱ, শিঙৰি, বিশ্বনাথ,
নাগশংকৰ, শিৱসাগৰৰ শিৱদ’ল, নুমলীগড়ৰ বাবা থান, নেঘেৰিটিং আদিত উলহ-মালহেৰে মহা
শিৱৰাত্ৰি পালন কৰা হয়।
জন্মাষ্টমীঃ জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়। এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত (গ্ৰেগৰিয়ান বৰ্ষপঞ্জীমতে আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়। কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়। ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে দহি-হাণ্ডি প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য'ত কেইবাজনো ল'ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।
গুড ফ্ৰাইডে, ইষ্টাৰ চানডেঃ গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। পৰম্পৰাগত বিশ্বাস অনুসৰি এইদিনা প্ৰভু যিশুক ক্ৰুছবদ্ধ কৰা হৈছিল আৰু সেই অৱস্থাত কালভেৰিত তেওঁৰ মৃত্যু হৈছিল। ই পৱিত্ৰ সপ্তাহৰ পাশ্চাল ত্ৰিদোম অৰ্থাৎ যিশুৰ ক্ৰুছবদ্ধ কৰা, কবৰ দিয়া আৰু পুনৰ জীৱিত হোৱা তিনিটা মূল ঘটনাৰ অংশ। গুড ফ্ৰাইডেৰ পৰৱৰ্তী দেওবাৰে ইষ্টাৰ চানডে পালন কৰা হয়। ই প্ৰায়ে ইহুদী সকলৰ উৎসৱ 'পাছঅভাৰ'ৰ লগত একে দিনত উদযাপিত হয়।
বৰদিনঃ বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়।
খোৰদ চালঃ পাৰ্ছী লোকসকলে এই উৎসৱ পালন কৰে। পাৰ্ছীসকলৰ ধৰ্মগুৰু জৰ’ষ্টাৰৰ জন্মদিন উপলক্ষে এই উৎসৱ পালন কৰা হয়।
ঈদুল ফিতৰঃ ঈদুল ফিতৰ (অৰ্থাৎ "ৰোজা ভঙাৰ দিৱস") ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা। ধৰ্মীয় পৰিভাষাত ইয়াক ইয়াউমুল জাএজ (অৰ্থঃ পুৰস্কাৰৰ দিৱস) হিচাপেও বৰ্ণনা কৰা হৈছে। দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।
ঈদ-উল-জুহাঃ ঈদ-উল-জুহা বা ঈদ-উল আজহা ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে।
ওনামঃ ওনাম দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যৰ মালয়ালি জনগোষ্ঠীৰ ৰ্মাজত প্ৰচলিত এটি কৃষিভিত্তিক উৎসব। কেৰেলাত প্ৰচলিত মালয়ালম দিনপঞ্জী পঞ্চাঙ্গম অনুসৰি চিঙ্গম মাহৰ ২২তম নক্ষত্ৰ থিৰুবোনামৰ দিনা ওনাম উৎসৱ পালন কৰা হয়।
পোংগলঃ পোংগল অথবা থাই পোংগল দক্ষিণ ভাৰতৰ ঘাইকৈ তামিল সকলে উদযাপন কৰা কৃষিভিত্তিক উৎসৱ। তামিল দিনপঞ্জীৰ থাই মাহৰ প্ৰথম দিনা সাধাৰণতে ইংৰাজী জানুৱাৰী মাহৰ ১৪/১৫ তাৰিখে পোংগল উদযাপন কৰা হয়। এই উৎসৱ সূৰ্য দেৱতাৰ প্ৰতি ধন্যবাদ জনাবলৈ পালন কৰা হয়। মকৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত এই উৎসৱৰ সময়ত ভাৰতৰ আন আন অঞ্চলত বিভিন্ন স্থানীয় আঞ্চলিক উৎসৱ উদযাপন কৰা হয়। পোংগল তিনিদিনীয়াকৈ পালন কৰা হয়। এই তিনি দিনক ক্ৰমে 'ভোগী পোংগল', 'সূৰ্য পোংগল', আৰু 'মাটু পোংগল' বুলি কোৱা হয়। পাৰম্পৰিক ঐতিহ্য অনুসৰি এই উৎসৱ শীতকালৰ সমাপ্তি আৰু সূৰ্যৰ ছমাহজোৰা যাত্ৰাৰ আৰম্ভণিক উদযাপন কৰিবলৈ পোংগল পালন কৰা হয়।
গণেশ চতুৰ্থীঃ গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে এটা হিন্দুসকলৰ উৎসৱ। এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উৎসৱ পালন কৰা হয়।
ভাৰতত, গণেশ চতুৰ্থী প্ৰাথমিকভাৱে মধ্য আৰু পশ্চিম ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, গোৱা আৰু দক্ষিণ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, টেলেংগানা, টামিলনাডু, কেৰালা আৰু পূৱৰ ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ আৰু উৰিষ্যাত বিশেষভাৱে স্থানীয় সমাজ গোটৰ দ্বাৰা ঘৰত আৰু ৰাজহুৱাভাৱে পালন কৰা হয়।
পূজাৰ সময়ত ব্ৰত পালন কৰি সকলোৱে বেদ শাস্ত্ৰৰ অনুসৰি হিন্দু মন্ত্ৰ, প্ৰাৰ্থনা আদি গায়। এই পূজাত প্ৰসাদ হিচাপে বিশেষভাৱে "মোডক" মিঠাইবিধ আগবঢ়াই, কিয়নো মোডক ভগবান গণেশৰ প্ৰিয় বুলি বিশ্বাস কৰা হয়। এই উৎসৱৰ দশমদিনা অন্ত পৰে আৰু সেইদিনা সকলোৱে মিলি গণেশ দেৱতাক আনন্দ উলাহেৰে, বাজনা-নৃত্য, হৰ্ষ-ধ্বনিৰে নদী বা সাগৰত বিসৰ্জন দিয়া হয়।
বিজয়া দশমী বা দশেৰাঃ বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ। ইয়াক দশেৰা, দুশেৰা আদি নামেৰেও জনা যায়। হিন্দু চান্দ্ৰ-সৌৰ কেলেণ্ডাৰৰ ৭ম মাহ আশ্বিন (আহিন) মাহৰ দশম দিনটোত পালন কৰা হয়। দুৰ্গা পূজাৰ শেষৰ দিনটোক বিজয়া দশমী বোলা হয়। এই দিনা মহিলাসকলে সেন্দূৰ খেলে আৰু মা দুৰ্গাক বিসৰ্জন দিয়া হয়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা বিসৰ্জন দিয়া হয়।
দক্ষিণ, পূব, উত্তৰ-পূব, আৰু উত্তৰ ভাৰতৰ কিছুমান ৰাজ্যত, বিজয়া দশমীয়ে মহিষ দানৱ মহিশাসুৰৰ ওপৰত দেৱী দুৰ্গাৰ বিজয়ক ধৰ্মৰ পুনৰুদ্ধাৰ আৰু সুৰক্ষিত কৰাক স্মৰণ কৰি দুৰ্গা পূজাৰ সমাপ্তিৰ কথা ঘোষণা কৰে। উত্তৰ, মধ্য আৰু পশ্চিম ৰাজ্যসমূহত এই উৎসৱক দুশ্বেৰা (লগতে দশেৰা, দশহেৰা) বুলি কয়। এই অঞ্চলবোৰত, ইয়াৰ দ্বাৰা ৰামলীলাৰ সমাপ্তি কৰা হয় আৰু ৰাৱণৰ ওপৰত ঈশ্বৰ ৰামৰ বিজয়ৰ কথা স্মৰণ কৰে। দশেৰাত ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ মূৰ্তি সাজি জ্বলাই দিয়া হয়।
দ্বীপান্বিতাঃ দ্বীপান্বিতা, দিপাৱলী বা দেৱালী চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়। দেৱালীৰ ৰীতি-নীতি পাঁচদিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয়।
দক্ষিণ এছিয়াৰ পৰা উৎপত্তি হোৱা পৌৰাণিক সংস্কৃত গ্ৰন্থ সমূহত পাঁচ দিনীয়া দেৱালী উৎসৱৰ উল্লেখ পোৱা যায়। ভাৰতৰ ভিন-ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়। ইয়াৰ লগতে দেৱালীৰ লগত সম্পৰ্কীয় নীতি-নিয়ম সমূহো অলপ বেলেগ বেলেগ। দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়। দেৱালী ধনতেৰাচৰ দিনাৰ পৰা আৰম্ভ হয়। ইয়াৰ দ্বিতীয় দিনা নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত এই দিনকে মূল দেৱালী বুলি পালন কৰা হয়। পশ্চিম, পূৱ আৰু উত্তৰ ভাৰতত তৃতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয়। এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতৰত কালী পূজা অনুষ্ঠিত হয়। চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে।
ফাঁকুৱাঃ ফাঁকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।
ফাঁকুৱাৰ লগত জড়িত অসমৰ উৎসৱক "ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়। বৰপেটাত দৌলোত্সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।
অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে। এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়। অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়।
অম্বুবাচীঃ অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়।এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে।
অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা, চতুৰ্থদিনা শুদ্ধি বুলি কোৱা হয় ৷ অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয় ৷ এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে ৷ ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত, মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ৰখা নহয় ৷
সেই সময়ত গুৱাহাটীৰ কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ লোকসকলে অম্বুবাচীৰ সময়ত সংগতি ৰাখি শক্তিপূজাৰ স্থান সমূহ আদিত আয়োজন কৰা এক উৎসৱ। অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণভাবে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়।
অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে, সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ ৷ চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে ৷
বৈশাখীঃ বৈশাখী শিখ সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ। বৈশাখ মাহৰ সংক্ৰান্তি তিথিত বৈশাখী পালন কৰা হয়। বৈশাখী সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ ১৩/১৪ এপিল তাৰিখে উদযাপিত হয়। ১৬৯৯ চনত শিখ সকলৰ দশম গৰাকী গুৰু গোবিন্দ সিঙে এইদিনা খালসা পন্থা গঠন কৰিছিল। হিন্দু বিক্ৰম সংবৎ দিনপঞ্জী অনুসৰি বৈশাখী বৈশাখ সংক্ৰান্তি হিচাপে পালন কৰে। পাৰম্পৰিক ভাবে বৈশাখী বৈশাখ মাহৰ প্ৰথম দিন বাবে বহুতো ভাৰতীয়য়ে এইদিনা সৌৰ নৱবৰ্ষ পালন কৰে। এই সময়ত ভাৰতৰ ভিন ভিন অঞ্চলত বিভিন্ন বসন্ত উৎসৱৰ আয়োজন কৰা হয়।
বুদ্ধ জয়ন্তী বা বুদ্ধ পূৰ্ণিমাঃ বুদ্ধ জয়ন্তী বা বুদ্ধ পূৰ্ণিমা বা বেশক পাৰম্পৰিক ভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰা এটি উৎসৱ। হিন্দু আৰু বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমা হিচাপে ভাৰত, শ্ৰীলংকা, নেপাল, তিব্বত, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ফিলিপাইন, চিংগাপুৰ, থাইলেণ্ড, কম্বোডিয়া, লাউচ, মালয়েছিয়া, ম্যানমাৰ, মংগোলীয়া, আৰু চীন, জাপান, কোৰিয়া, টাইৱান আৰু ভিয়েটনামত বুদ্ধৰ জন্মদিন হিচাপে পালন কৰা হয়। থেৰবাদ বৌদ্ধ বা দক্ষিণ অঞ্চলৰ বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমাক গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ দিৱস হিচাপে পালন কৰে। হিন্দুসকলৰ বাবেও এই দিনটো অতি পৱিত্ৰ। হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে।
মহাবীৰ জয়ন্তীঃ মহাবীৰ জয়ন্তী বা মহাবীৰ জন্ম কল্যানক জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। ভগৱান মহাবীৰৰ জন্ম জয়ন্তী হিচাপে এই দিন পালন কৰা হয়। ভগৱান বৰ্ধমান মহাবীৰ জৈন ধৰ্মৰ ২৪তম তথা তীৰ্থাংকৰ। চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত উদযাপিত হোৱা এই উৎসৱ ইংৰাজী মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়।
ষঠ পূজাঃ ষট পূজা বা ষঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট বা ষঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ষঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা। কিছুমানৰ মতে ঊষাদেৱীক ষঠি মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে ষটি মাইয়া (সৰু মা) বোলে আৰু উৎসৱৰ নামো ষট উৎসৱ বোলে। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰায়ে উৎসৱটোৰ নাম ষঠ বা ষট হৈছে। মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)
No comments