Breaking News

Environmental Studies: Chapter:2

Environmental Studies: Chapter:2
Assam TET-2021 Preparation

অসম আৰু ভাৰতবৰ্ষত উদযাপন কৰা কিছুমান উৎসৱঃ

অসমত উদযাপন কৰা কিছুমান উৎসৱঃ (খণ্ডঃ ১) 

বিহুঃ বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত।  অসমত পালন কৰা তিনি বিহু হ'লঃ ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে, যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

ব'হাগ বিহু বা ৰঙালী বিহুঃ

বসন্তৰ আগমণত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে। ব'হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চতৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে ব'হাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন 'গোসাঁই বিহু বুলিও পালন কৰা যায়।

 

কাতি বিহু বা কঙালী বিহুঃ

আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়।

 

মাঘ বিহু বা ভোগালী বিহুঃ

খেতি চপোৱাৰ ঠিক পিছতে পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই উৎসৱ লগে ভাগে খাই আনন্দ কৰাৰ উৎসৱ। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা-পনা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা।

 

গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি।

 

আলি আঃয়ে লৃগাং:

আলি আঃয়ে লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

 

কৰম পূজাঃ

কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ'লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে।

 

অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক'ৰবাত তিনি দিন, ক'ৰবাত পাঁচ দিন আৰু ক'ৰবাত সাত দিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা কৰম পূজাক জীতিয়া কৰম বোলে। আহিন মাহৰ বিজয়া দশমীৰ দিনা উদযাপন কৰা কৰমক বুড়ী কৰম বোলে। আকৌ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা কৰমক ৰাস ঝুমুৰ বোলে।

 

টুচু পূজাঃ

টুচু পূজা হৈছে চাহ জনজাতিসকলৰ এক প্ৰধান মাংগলিক উৎসৱ। টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক পৌৰ পৰৱ বুলিও কোৱা হয়। চাহ জনজাতিসকলে টুচুক এগৰাকী দেৱীৰূপে পূজা কৰে। ব্ৰাহ্মণ পূজাৰীবিহীন এই পূজাত টুচুক শস্যৰ দেৱী বুলি পূজা কৰা হয় যদিও, কোনো কোনো ক্ষেত্ৰত শিৱৰ জীয়েক, মনসাৰ ভনীয়েক, কালী, দুৰ্গা, সীতা,সাৱিত্ৰী আদিৰ ৰূপতো কল্পনা কৰা হয়। এই পূজা মূলতঃ নাৰীকেন্দ্ৰিক যদিও পুৰুষেও ইয়াৰ ৰং-ৰহইচত ভাগ লয়। টুচু পূজাক ঘাইকৈ দুটা ভাগত ভগাব পাৰি। এটা হ'ল ঘৰত আৰু আনটো হ'ল নদীৰ পাৰত।

 

পুহ মাহ সোমোৱাৰ লগে লগেই চাহ জনগোষ্ঠীৰ গাভৰুবোৰ কোনো এঘৰত গোট খায় আৰু তেওঁলোকৰ মাজত এগৰাকী টুচু-মা পতা। ইয়াৰ পাছত কুলি বা ম'ৰা চৰাইত উঠি থকা, হাতত ছাতি আৰু কলহ লোৱা টুচুৰ মূৰ্তি আনি পূজা কৰা হয়। নিতৌ সন্ধিয়া গাভৰুবোৰে ফল-মূল, আখৈ আদি দি টুচুক অৰ্চনা কৰে। পুহৰ শেষৰ ৰাতিৰ দিনা গাভৰুহঁতৰ লগতে ডেকাবোৰেও উজাগৰে থাকি টুচু গীত গায়। ৰাতিপুৱাৰ লগে লগে টুচু দেৱীৰ মূৰ্তিটো টুচু-মাৰ মূৰত তুলি আটায়ে নদীৰ ঘাটলৈ যায়। যাওঁতে বাটত ঘৰে ঘৰে সোমায় টুচুক ফুৰায়। মানুহে টুচুক পূজা-অৰ্চনা কৰে আৰু তিল পিঠা খাবলৈ দিয়ে। চাহ জনগোষ্ঠীৰ গাভৰুহঁতে মাঘ মাহত তিল পিঠা খোৱাৰ নিয়ম আছে। সেয়ে তেওঁলোকৰ পুহৰ সংক্ৰান্তিৰ এই উৎসক তিল সাঁকৰাইও বোলে। শ্ৰদ্ধাৰে টুচু পূজা পালন কৰিলে বছৰটোত খৰ-খজুৱতি নহয় বুলিও তেওঁলোকৰ মাজত জনবিশ্বাস প্ৰচলিত। একেদৰে সৰস্বতী পূজাৰ পাছত টুচু পূজা পাতিলে খৰ-খজুৱতি হয়। এই পূজাত পিঠা-পনাৰ লগত কাঠ-আলু (খাম-আলু), মিঠা-আলু (চকৰকান্দা) আদি খোৱাৰো নিয়ম আছে।

 

বাথৌ পূজাঃ

বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈবেদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়।

 

বাইখো পূজাঃ

বাইখো পূজা অসমৰ ৰাভা জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱ। সাধাৰণতে ইংৰাজীৰ এপ্ৰিল-মে’ আৰু অসমীয়া জেঠ মাহত ৰাভাসকলে শস্যৰ আশা আৰু বৰষুণৰ কামনাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি এই উৎসৱ পালন কৰে। ঠাইভেদে বাইখো দুদিনৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হয়। ৰাভাসকলে সমাজৰ অপায় অমংগল দূৰ কৰাৰ উদ্দেশ্যে উপাস্য দেৱতাক প্ৰাৰ্থনা জনায় আৰু বলিবিধান আগবঢ়ায়। পৰম্পৰাগত গীত-নৃত্যৰ লগতে প্ৰচুৰ পৰিমাণৰ পানীয়ৰ ব্যৱহাৰেৰে অতি উলহ-মালহৰ মাজেৰে এই উৎসৱ পালন কৰা হয়।

 

মহো-হো উৎসৱঃ

মহো-হো বা মহ খেদা উৎসৱ সাধাৰণতে নামনি অসমত উদযাপন কৰা এটা উৎসৱ। অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো" পদৰ মিশ্ৰিত ৰূপ হৈছে "মহহো " তাৰপৰাই মহোহো শব্দ গঠিত হৈছে। নামনি অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং, বাক্সা জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহো-হোক গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি বা ওৰি মাগা বুলি জনা যায়। দৰঙত ইয়াক মহৌ খুন্দা বা মইহ খেদা বা মহখেদা বা মহহৌ উৎসৱ বুলি জনা যায়। আনহাতে কামৰূপত মহৌ-হৌ, নলবাৰীত ভালোক দিয়া বা ভাল-ভৌলকা, বৰপেটাৰ ঠাইবিশেষে ভাওল দিয়া বা ভাও লালীয়া, বাক্সাত বাম্বোলপিতা আৰু বজালীত মহোহো বা মহহো বা মোহোহো দিয়া বুলি কোৱা হয়। শৰণীয়া কছাৰীসকলে ইয়াক ভালুক নচুৱা আৰু উত্তৰ গোৱালপাৰাৰ বড়োসকলে চেনায়-হুনায় বুলি কয়। হাজংসকলে ইয়াক মচমাও খেদা বা মহ খেদাই দেৱা গীত বুলি কয়। মুছলমানসকলে ইয়াক মাগন গীত বুলি কয়। গোৱালপাৰা জিলাত পালন কৰা সোণাৰায় পূজা মহো-হোৰ সমধৰ্মী উৎসৱ।

 

অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত কিছুমান উৎসৱঃ

বড়ো জনগোষ্ঠীঃ বড়োসকলে বছৰেকত সমজুৱাকৈ এবাৰ গাৰ্‌জা, এবাৰ খেৰাই (বাথৌ) আৰু সময় সুবিধা অনুযায়ী ব্যাক্তিগত্ভাৱে মায়নাওব্ৰী (লক্ষ্মী), বুৰ্ল্লিব্ৰী (কামাখ্যা), মাৰাই (মনসা)ৰ উদ্দেশ্যে বিশেষ ৰীতি-নীতি আৰু বলি-বাহনেৰে পূজা দিয়ে। খেৰাই উৎসৱ অতি জাক-জমকতাৰে উদ্‌যাপন কৰে। ইয়াৰোপৰি আমথিচুৱা (অম্বুবাচী), কাতিগাছা (কাতিবিহু), দোমাছি (ভোগালী বিহু), ফুছ্‌লহাবা (পুতলী বিয়া), বৈছাগু বা বাইছাগু (ব'হাগ বিহু) আদিৰো বড়ো সমাজত প্ৰচলন আছে।

 

ৰাভা জনগোষ্ঠীঃ ৰাভাসকলৰ প্ৰধান দেৱতা হ’ল "ঋষি" বা "মহাকাল"। সকলোবোৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত ইয়াৰ পূজা অতি আৱশ্যক। ইয়াৰ উপৰিও অসমৰ ৰাভা জনগোষ্ঠীয়ে বাইখো পূজা পালন কৰে, ই এক কৃষিভিত্তিক উৎসৱ।

 

ডিমাছা জনগোষ্ঠীঃ ডিমাছা জনগোষ্ঠীৰ প্ৰধান উৎসব '-ৰাজিনী গাব্ৰা আৰু হানি গাব্ৰা।

 

কাৰ্বি জনগোষ্ঠীঃ কাৰ্বি সকলে হেম্ফু দেৱতাক তেওঁলোকৰ পৰম আৰাধ্য দেৱতা হিচাপে গণ্য কৰে। হেম্ফু দেৱতাৰ বাহিৰেও আন দুগৰাকী দেৱ-দেৱী হৈছে মুক্ৰাং আৰু ৰাছিনজা। কাৰ্বি সমাজত পালিত বিভিন্নধৰণৰ পূজাৰ ভিতৰত ৰংকেৰ, আৰনাম কেথে বা চ'জুন আৰু ৱলকেতেৰ পূজা প্ৰধান। ইয়াৰ উপৰিও কাৰ্বি সকলে চমাংকান নামৰ এক পৰম্পৰাগত উৎসৱ পালন কৰে। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বি সকলৰ চমাংকান হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়।

 

দেউৰী জনগোষ্ঠীঃ দেউৰীসকলৰ তিনিটা খেল আছে, তাৰ ভিতৰত দিবঙীয়া খেলে কুণ্ডিমামাক, টেঙাপনীয়া খেলে বলিয়া বাবাক, বৰগীঞা খেলে তাম্ৰেশ্বৰী মাতৃক পূজা কৰে। ধৰ্মোৎসৱ হিচাবে এওঁলোকে পুৰণি কালৰ পৰা প্ৰধানকৈ তিনিটা উৎসৱ পালন কৰি আহিছে। সেইকেইটা হ'ল - ব’হাগ বিচু (ইবাঁকু বিচু), মাঘ বিচু, অম্বুবাচীপূজা-উৎসৱ বা "সাতঅ-চুৱাদাবেবা" পৰম্পৰা।

 

তদুপৰি "পিটা-হাবা বিচু" আৰু "মেটুৱা লেবা" তেওঁলোকৰ অন্যতম উৎসৱ। কেৱল এইকেইটা উৎসৱতহে দেউৰীসকলে নিজ নিজ খেলৰ দেওশাল (দে-গৰ)ত বিশেষ ভাৱে পূজা আগবঢ়ায়। দেওশালত আগতীয়াকৈ পূজা-অৰ্চনা নকৰাকৈ উৎসৱ পতাৰ নিয়ম নাই। বহাগ বিহুৰ বাহিৰে বাকী দুটা উৎসৱত দেওধনী (মিদি-কাবা) নুঠে আৰু দেওধনী নাচো (মিদি-জামা) নহয়। দেওশালত পতা অন্য এটা গুৰুত্বপূৰ্ণ পূজা হৈছে ন ধানৰ পূজা। এই পূজা প্ৰতিবছৰে শাওন মাহৰ শুক্লা পক্ষ প্ৰথমটো বুধবাৰে পতা হয়।

 

টাই আহোম জনগোষ্ঠীঃ মে ডাম মে ফি হ’ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও। বৰ্তমান এই অনুষ্ঠানটো প্ৰতি বছৰৰ ৩১ জানুৱাৰী তাৰিখে পালন কৰা হয়।

 

মিচিং জনগোষ্ঠীঃ আলি আঃয়ে লৃগাং হ’ল মিচিংসকলৰৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে। মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আ'য়ে" মানে ফল আৰু "লিগাং" মানে উৎসৱ বুজায়। পঃৰাগ মিচিং জনগোষ্ঠীৰ আন এক উৎসৱ। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়। সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। এই উৎসৱ গাওঁ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়। আলি আঃয়ে লৃগাংৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত-মাত, নৃত্য-গীতৰ আয়োজন হয়। পৰাগ উৎসৱ তিনিদিন ধৰি পালন কৰা হয়।

 

আদিবাসী বা চাহ জনগোষ্ঠীঃ ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আদি ৰাজ্যৰ দৰে অসমৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ লোকসকলে ভাদ মাহৰ একাদশী তিথিত কৰম পূজা পালন কৰে। মাদল বজাই সমূহীয়াকৈ কৰা ঝুমুৰ নৃত্য এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। একেদৰে পুহ মাহৰ সংক্ৰান্তিৰ দিনাখন তেওঁলোকে টুচু পূজা পালন কৰে।

(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

 

No comments