L1: Assamese Chapter: 3 Part: 3
L1: Assamese Chapter: 3 Part: 3
Assam TET-2021 Preparation
সন্ধিঃ (খণ্ডঃ ৩)
সন্ধিঃ
সন্ধি হ'ল ওচৰাচৰিকৈ থকা দুই বৰ্ণৰ মিলন। অসমীয়া ভাষাত সন্ধি
৩ প্ৰকাৰৰ― (১) স্বৰসন্ধি, (২) ব্যঞ্জন সন্ধি (৩) অনুস্বাৰ আৰু বিসৰ্গ সন্ধি। সন্ধিৰ ব্যৱহাৰ সংস্কৃত ভাষাতহে
অধিক, পিচে অসমীয়া ভাষাত সংস্কৃত শব্দৰ অত্যধিক ব্যৱহাৰৰ বাবে অসমীয়া ব্যাকৰণতো সন্ধিৰ
আলোচনা কৰা হয়।
অসমীয়া ভাষাত খাচ তদ্ভৱ শব্দ বা পদৰ লগত শব্দ বা পদৰ সন্ধি অতি বিৰল। ব্যৱহাৰ হ'লেও, নিয়ম সংস্কৃত সন্ধিৰ লগত নিমিলে। বিভক্তি বা প্ৰত্যয়ৰ যোগত অসমীয়া সন্ধি অপৰিহাৰ্য, কিন্তু এই সন্ধিৰ নিয়মো সংস্কৃত সন্ধিৰ নিয়মৰ সৈতে নিমিলে। শব্দৰ বা পদৰ লগত সন্ধি অসমীয়া ভাষাত অপৰিহাৰ্য নহয়।
স্বৰসন্ধিঃ
অসমীয়া ভাষাত সাধাৰণতে প্ৰত্যয় যোগ হ'লে সন্ধি হোৱা দেখা
যায়। শব্দ বা ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয় যেনে আলি, অ আদিৰ ক্ষেত্ৰত ধাতু বা শব্দৰ
অন্তত থকা স্বৰ প্ৰত্যয়ৰ প্ৰথম স্বৰ একে হ'লে, ধাতু বা শব্দৰ শেষৰ অ, আ, উ, ওৰ লগত
প্ৰত্যয়ৰ আৰম্ভণিৰ অৰ আদিৰ ক্ষেত্ৰত সন্ধি হয়।
কেইটামান উল্লেখযোগ্য স্বৰসন্ধিঃ
ক + অ = কৱ খা + অন = খাৱন খা + অ = খাৱ জী + আ = জীয়া দি + আ = দিয়া কলী + এ = কলীয়ে ভাতৃ + এ = ভাতৃয়ে গৰু + এ = গৰুৱে গুৰু + এ = গুৰুৱে ন-মৰ + এ = নমৰে ন-মাৰ + এ = নামাৰে ন-এৰ + এ = নেৰে আদি জল + অধিপতি = জলাধিপতি হিম + অচল = হিমাচল আশা + অতীত = আশাতীত উমা + আনন্দ = উমানন্দ জল + অধিপতি = জলাধিপতি পদ + অৰ্পণ = পদাৰ্পণ দেৱ + অসুৰ = দেবাসুৰ পঞ্চ + অমৃত = পঞ্চামৃত ফল + অফল = ফলাফল স্ব + অধীন = স্বাধীন দশ + আনন = দশানন শোক + আতুৰ = শোকাতুৰ ষড় + আনন = ষড়ানন মেঘ + আলয় = মেঘালয় শুভ + আগমন = শুভাগমন শৃংখল + আবদ্ধ = শৃংখলাবদ্ধ বিবেক + আনন্দ = বিবেকানন্দ জীৱন + আলেখ্য = জীৱনালেখ্য হিম্ + আলয় = হিমালয় পিঞ্জৰ + আবদ্ধ = পিঞ্জৰাবদ্ধ পূৰ্ণ + আহুতি = পূৰ্ণাহুতি হত + আহত = হতাহত দেৱ + আলয় = হিমালয় চিত্ত + আকৰ্ষক = চিত্তাকৰ্ষক ৰমা + আনন্দ = ৰমানন্দ শ্ৰদ্ধা + আস্পদ = শ্ৰদ্ধাস্পদ মহা + আশয় = মহাশয় কাৰা + আগাৰ = কাৰাগাৰ উমা + আনন্দ = উমানন্দ মহা + আলয় = মহালয় বিদ্যা + আলয় = বিদ্যালয় গৱেষণা + আগাৰ = গৱেষণাগাৰ সদা + আনন্দ = সদানন্দ দয়া + আৰ্দ্ৰ = দয়াৰ্দ্ৰ মন্ত্ৰণা + আলয় = মন্ত্ৰণালয় সুধা + আকাৰ = সুধাকাৰ বিদ্যা + অৰ্ণৱ = বিদ্যাৰ্ণৱ কথা + অমূত = কথামূত মহামহিমা + অৰ্ণৱ = মহামহিমাৰ্ণৱ আশা + অতীত = আশাতীত ধাৰণা + অতীত = ধাৰণাতীত মহা + অৰ্ঘ = মহাৰ্ঘ বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ সীমা + অন্ত = সীমান্ত আশা + অনুৰূপ = আশানুৰূপ যাত্ৰা + অভিনয় = যাত্ৰাভিনয় অতি + ইন্দ্ৰিয় = অতীন্দ্ৰিয় অতি + ইব = অতীব অভি + ইষ্ট = অভীষ্ট মুনি + ইন্দ্ৰ = মুনীন্দ্ৰ পাদ + উদক = পাদোদক হিত + উপদেশ = হিতোপদেশ যথা + উচিত = যথোচিত গঙ্গা + উদক = গংগোদক মহা + উদধি = মহোদধি মহা + উদৰ = মহোদৰ কথা + উপকথন = কথোপকথ যথা + উপযুক্ত = যথোপযুক্ত মহা + উদয় = মহোদয় উত্তম + ঋণ = উত্তমৰ্ণ মহা + ঋষি = মহৰ্ষি দেৱ + ঋষি = দেৱৰ্ষি অধম + ঋণ = অধমৰ্ণ ৰাজা + ঋষি = ৰাজৰ্ষি সপ্ত + ঋষি = সপ্তৰ্ষি ভোক + ঋত = ভোকাৰ্ত ক্ষুধা + ঋত = ক্ষুধাৰ্ত শোক + ক্ষুকাৰ্ত = শোকাৰ্ত শীত + ঋত = শীতাৰ্ত তথা + এবচ = তথৈবচ মহা + ঐশ্বৰ্য = মহৈশ্বৰ্য পৰম + ঐশ্বৰ্য = পৰমৈশ্বৰ্য হিত + এষী = হিতৈষী এক + এক = একৈক |
শংকৰ + অব্দ = শংকৰাব্দ দাব + অনল = দাবানল পুষ্প + অঞ্জলি = পুষ্পাঞ্জলি নৰ + অধম = নৰাধম অজ + অসুৰ = অজাসুৰ পৰ + অধীন = পৰাধীন চৰ + অচৰ = চৰাচৰ অজৰ + অমৰ = অজৰামৰ নীল + অচল = নীলাচল নৰক + অসুৰ = নৰকাসুৰ শত + অব্দ = শতাব্দ দেশ + অন্তৰ = দেশান্তৰ সাধ্য + অতীত = সাধ্যাতীত গোল + অৰ্দ্ধ = গোলাৰ্দ্ধ শোক + অভভূত = শোকাভিভূত হিত + অহিত = হিতাহিত লাভ + অলাভ = লাভালাভ হস্ত + অক্ষৰ = হস্তাক্ষৰ পৰম + আনন্দ = পৰমানন্দ হত + আশা = হতাশা ৰত্ন + আকৰ = ৰত্নাকৰ ভোক + আতুৰ = ভোকাতুৰ প্ৰতি + ইত = প্ৰতীতি অতি + ইত = অতীত ক্ষিতি + ঈশ = ক্ষিতীশ যতি + ঈষ = যতীশ প্ৰতি + ঈক্ষা = প্ৰতীতি গিৰি + ঈশ = গিৰীশ অধি + ঈশ্বৰ = অধীশ্বৰ পৰি + ঈক্ষা = পৰীক্ষা দিল্লী + ঈশ্বৰ = দিল্লীশ্বৰ সতী + ঈশ = সতীশ মহী + ঈশ = মহীশ শ্ৰী + ঈশ = শ্ৰীশ শচী + ইন্দ্ৰ = শচীন্দ্ৰ মহী + ইন্দ্ৰ = শচীন্দ্ৰ মহতী + ইচ্ছা = মহতীচ্ছা সধী + ইন্দ্ৰ = সুধীন্দ্ৰ ভৱ + ইন্দ্ৰ = ভৱেন্দ্ৰ দেৱ + ইন্দ্ৰ = দেৱেন্দ্ৰ ইতৰ + ইতৰ = ইতৰেতৰ গজ + ইন্দ্ৰ = গজেন্দ্ৰ নৰ + ইন্দ্ৰ = নৰেন্দ্ৰ যোগ + ইন্দ্ৰ = যোগেন্দ্ৰ পৰম + ঈশ্বৰ = পৰমেশ্বৰ ভৱ + ঈশ = ভৱেশ গণ + ঈশ = গণেশ দীন + ঈশ = দীনেশ নৰ + ঈশ = নৰেশ দেৱ + ঈশ্বৰ = দেবেশ্বৰ যথা + ইষ্ট = যথেষ্ট যথা + ইচ্ছা = যথেচ্ছা মহা + ইন্দ্ৰ = মহেন্দ্ৰ ৰমা + ঈশ = ৰমেশ তাৰকা + ঈশ্বৰী = তাৰকেশ্বৰী মহা + ঈশ = মহেশ শীত + উষ্ণ = শীতোষ্ণ বৃক + উদৰ = বৃকোদৰ সূৰ্য + উদয় = সূৰ্যোদয় নন্দ + উতসব = নন্দতসৱ প্ৰশ্ন + উত্তৰ = প্ৰশ্নোত্তৰ স্নাতক + উত্তৰ = স্নাতকোত্তৰ অতি + উদয় = অত্ত্যুদয় প্ৰতি + উপকাৰ = প্ৰত্যুপকাৰ অভি + উদয় = অভ্যুদয় প্ৰতি + এক = প্ৰত্যেক নে + অন = নয়ন গৈ + অক = গায়ক বিনৈ + অক = বিনায়ক শে + অন = শয়ন নৈ + অক = নায়ক জন + এক = জনৈক মত + ঐক্য = মতৈক্য বন + ঔষধি = বনৌষধি জল + ওকা = জলৌকা মহা + ঔষধ = মহৌষধ অতি + অন্ত = অত্যন্ত আদি + অন্ত = আদ্যন্ত যদি + অপি = যদ্যপি অতি + অধিক = অত্যধিক প্ৰতি + অহ = প্ৰত্যহ প্ৰতি + আশা = প্ৰত্যাশা ইতি + আদি = ইত্যাদি নদী + অম্বু = নদ্যম্বু উপৰি + উপৰি = উপৰ্যুপৰি |
ব্যঞ্জন সন্ধিঃ
অসমীয়া ব্যঞ্জন সন্ধি তদ্ভৱ শব্দৰ সৈতে বা বিভক্তিৰ ক্ষেত্ৰত,
প্ৰথম শব্দ সংখ্যা বাচক হ'লে আৰু অন্তিম শব্দ নিৰ্দিষ্ট বাচক হোৱাৰ ক্ষেত্ৰত, প্ৰত্যয়
যোগ কৰাৰ ক্ষেত্ৰ আদিত দেখা যায়।
কেইটামান উল্লেখযোগ্য ব্যঞ্জন সন্ধিঃ
ডাক্ + গাড়ী = ডাকগাড়ী পাক + ঘৰ = পাকঘৰ বুধ + বাৰ = বুধবাৰ এক +টা = এটা দুই +টা = দুটা এক +খন = এখন পাঁচ +টা = পাঁচোটা কৰ + ইলোঁ = কৰিলোঁ থল + উৱা = থলুৱা তত + উপৰি = তদুপৰি দিক্ + অন্ত = দিগন্ত আ + ছাদন = আচ্ছাদন গম্ + তব্য = গন্তব্য সম্ + লগ্ন = সংলগ্ন মৃত + ময় = মৃন্ময় পৰি+ ছেদ = পৰিচ্ছেদ উত + ছেদ = উচ্ছেদ সম্ + যোগ = সংযোগ ণিচ্ + অন্ত = ণিজন্ত বাক্ + ময় = বাংময় তত + হিত = তদ্ধিত যাচ্ + না = যাচ্ঞয় সম্ + ৰাজ + নী = সম্ৰাজ্ঞী প্ৰ + কৃষ + ত = প্ৰকৃষ্ট কৃ + অন্ত = কৃদন্ত পৰি + ছন্ন = পৰিচ্ছন্ন সম্ + কীৰ্ণ = সংকীৰ্ণ সম্ + তান = সন্তান বৃষ + তি = বৃষ্টি চলত + চিত্ৰ = চলচ্চিত্ৰ উত + চাৰণ = উচ্চাৰণ দিক্ + গজ = দিগগজ সম্ + কৃত = সংস্কৃত জগত + নাথ = জগন্নাথ উত + মাদ = উন্মাদ সম্ + গতি = সংগতি সত + উপদেশ = সদুপদেশ সম্ + ৰাট্ = সম্ৰাট উত + মত্ত = উন্মত্ত সম্ + কীৰ্ণ = সংকাৰ্ণ সত + আশয় = সদাশয় সত + জন = সজ্জন সত + চৰিত্ৰ = সচ্চৰিত্ৰ |
ডাল + উৱা = দলুৱা মানুহ + এ = মানুহে ধাৰ + উৱা = ধৰুৱা তল্ + উৱা = তলুৱা জাপৰ + ই = জাপৰি অনু + ছেদ = অনুচ্ছেদ দিক + অন্ত = দিগন্ত উৎ + ভিদ = উদ্ভিদ উৎ + লেখ = উল্লেখ সম্ + শয় = সংশয় কিম্ + নৰ = কিন্নৰ যাবত + জীৱন = যাৱজ্জীৱন ৰাজ + নী = ৰাজ্ঞী সম্ + যোগ = সংযোগ উত + নতি = উন্নতি উত + হত = উদ্ধত আ + ছন্ন = আচ্ছন্ন বি + ছিন্ন = বিচ্ছিন উত +ঘাটন = উদঘাটন বাক্ + ঈশ = বাগীশ উত + শ্বাস = উচ্ছ্বাস সম্ + যুক্ত = সংযুক্ত ষষ্ + থ = ষষ্ঠ পুষ্ + ত = পুষ্ট সম্ + শয় = সংশয় আকৃষ + ত = আকৃষ্ট সম্ + বাদ = সংবাদ জগত + ঈশ = জগদীশ উত + যাপন = উদযাপন সম্ + হাৰ = সংহাৰ উত + শিষ্ট = উচ্ছিষ্ট উত + হাৰ = উদ্ধাৰ ষট্ + আনন = ষড়ানন উত + গতি = উদ্গতি বি + ছেদ = বিচ্ছেদ সম্ + কৰণ = সংস্কৰণ শম্ + কৰ = শংকৰ কিম্ + তু = কিন্তু উত + শৃংখল = উচ্ছৃঙ্খল সম্ + গীত = সংগীত আকৃষ্ + ত = আকৃষ্ট চিত + ময় = চিন্ময় যজ্ + ন = যজ্ঞ |
অনুস্বাৰ আৰু বিসৰ্গ
সন্ধিঃ
স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত অনুস্বাৰ আৰু বিসৰ্গৰ মিলন হ’লে
তেনে সন্ধিক অনুস্বাৰ আৰু বিসৰ্গ সন্ধি বুলি কোৱা হয়।
কেইটামান উল্লেখযোগ্য অনুস্বাৰ আৰু বিসৰ্গ সন্ধিঃ
নিঃ + ৰৱ = নীৰৱ বাচঃ+ পতি = বাচস্পতি নিঃ + অৱচ্ছিন্ন = নিৰৱচ্ছন্ন নিঃ+ তেজ = নিস্তেজ নিঃ + ৰোগ = নিৰোগ মনঃ + তাপ = মনস্তাপ মনঃ + ৰম = মনোৰম নিঃ + আকাৰ = নিৰাকাৰ দুঃ + অৱস্থা = দুৰৱস্থা নিঃ + চয় = নিশ্চয় মনঃ + যোগ = মনোযোগ নিঃ + ৰস্ = নীৰস আৱিঃ + কাৰ = আৱিষ্কাৰ নিঃ + কলংক = নিষ্কলংক পুনঃ + অপি = পুনৰপি নিঃ+ চিত = নিশ্চিত দুঃ + গম = দুৰ্গম নিঃ + অৱধি = নিৰৱধি বহিঃ + কাৰ = বহিষ্কাৰ নিঃ + চিন্ত = নিশিচন্ত বনঃ + পতি = বনস্পতি তিৰঃ + কাৰ = তিৰস্কাৰ সৰঃ + বৰ = সৰোবৰ শিৰঃ + ছেদ = শিৰশ্ছেদ |
দুঃ + তৰ = দুস্তৰ মনঃ + হৰ = মনোহৰ দঃ + নীতি = দুৰ্নীতি ততঃ + অধিক = ততোধিক দুঃ + গতি = দুৰ্গতি ভাঃ + কৰ = ভাস্কৰ দুঃ + প্ৰাপ্য = দুষ্প্ৰাপ্য আশীঃ + বাদ = আশীবাৰ্দ ইতঃ + ততঃ = ইতস্ততঃ অহঃ + ৰাত্ৰ = অহোৰাত্ৰ দুঃ + কৰ = দুষ্কৰ নিঃ + নয় = নিৰ্ণয় নিঃ + ঠুৰ = নিষ্ঠুৰ তপঃ + বন = তপোবন দুঃ + ঘোৰ = দুৰ্ঘোৰ নিঃ + তাৰ = নিস্তাৰ নমঃ + কাৰ = নমস্কাৰ নিঃ + ফল = নিষ্ফল বযঃ + অধিক = বয়োধিক নিঃ + পাপ = নিষ্পাপ পুৰঃ + কাৰ = পুৰস্কাৰ দুঃ + চিন্তা = দুশ্চন্তা দুঃ + মতি = দুৰ্মতি অহঃ + নিশা = অহৰ্নিশ |
No comments