Breaking News

L1: Assamese Chapter: 3 Part: 4

L1: Assamese Chapter: 3 Part: 4
Assam TET-2021 Preparation
জতুৱা ঠাঁচঃ
(খণ্ডঃ ৪)


জতুৱা ঠাঁচঃ

জতুৱা ঠাঁচ অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom। অসমীয়া ভাষাত অলেখ জতুৱা ঠাঁচ বা খণ্ডবাক্য আছে ৷

তলত ইয়াৰে কেইটিমান উল্লেখ কৰা হ'লঃ

অৱস্থা চাই ব্যৱস্থা চাই চিতি উপায় কৰা

অকঁৰা মৈত উঠা মিচাতে কোনো কামত ধৰি এৰিব নোখোজা

অলপ ধতুৱা সাহ নথকা, ভয়াতুৰ

অজীন পাতকী মিলিব নোৱাৰা, দন্দুৰা লোক

অথাই সাগৰ ডাঙৰ বিপদ

অমাতৰ মাত শুনিবলৈ শুৱলা নাত

অলপ পানীৰ মাছ দুৰ্বল , নিমাখিত

অচিন কাঠৰ থোৰা অপৰিচিত

অহুত কাণে পহুৰ কাণে উৰা বাতৰি, ঘুনুক ঘানাককৈ শুণা

আকোৰ গোঁজালি একেটা কথাত লাগি থকা

অটোম টোকাৰি পৰিপাটি

আথে-বেথে অতি সাদৰৰ

আমঠু ক’লা পৰা মনত বৰ আঘাত পোৱা

আকাশী সৰগ ভাগি পৰা ডাঙৰ বিপদ হোৱা

আলিবাটত চালি ধৰা ধুন মাৰি ফুৰা

আজল মঠ জানিও নজনা ভাও ধৰা

আভুৱা ভৰা ঠগ, প্ৰবঞ্চনা কৰা

আকাশত চাং পতা অস্বাভাৱিক কল্পনা কৰা

আলৈ-আথানি নিৰাশ্ৰয় বা নিসহায়

আঁঠু কাঢ় আঁঠুৰে বুল

আঁঠু ল মাটিত আঁঠু লগাই সেৱা কৰ

আভুৱা ভৰা মিচা কথা কৈ দায় সৰা

আকাশত চাং পতা অস্বাভাৱিক কল্পনা কৰা

আলাশৰ লাড়ু অতি মৰমৰ

আঁঠু লোৱা সন্মান দেখুৱাবলৈ আঁঠু কাঢ়ি সেৱা কৰা

আঁঠুত সোণ বিচাৰ কাম নকৰাকৈ ধন-সম্পদৰ আকাংক্ষা কৰা

এপাচি শাকত এটা জলকীয়া বেচি প্ৰয়োজনত কম যোগান

ওপৰ চকুৱা অসাৱধান বা বেহিচাপী লোক

কপাল ফুটা দু্ৰ্ভগীয়া

কপাল ফুলা সৌভাগ্যই লগ দিয়া

কপাল ধো আশা এৰ

কপালৰ ঘাম মাটিত পেলা কঠোৰ পৰিশ্ৰম কৰ

কঁকাল পৰ বুঢ়া হ

কাণ কটা নিলাজ

কাণ দি মনোযোগ দি

কাণ চুই থ আগলৈ মনত ৰাখ

কাণ চোৱাই থ মনত ৰাখিবলৈ কোনো কথা জনাই থ

কাণত ধৰি ক শপত খাই ক

কাণ সমনীয়া ডেকা

কাণ বাগৰা লোকৰ মুখে শুনা

কথা চহকী বৰকৈ যি কথা কয়

কথা গৰকা ভাল বেয়া যি গমি চায়

কথা ক ভাব প্ৰকাশ কৰ

কথা হ আলোচনা কৰ

কপাল ফুলা সৌভাগ্য উপস্থিত হোৱা

কপাল ফুটা দুৰ্ভাগ্য উপস্থিত হোৱা

কপাল ধিওৱা আশাৰে বাট চোৱা

কপালৰ ঘাম মাটিত পেলোৱা অতি পৰিশ্ৰম কৰা

কপাল ধোৱা আশা এৰা

কাণ কটা নিলাজ, দুষ্ট

কাণ দিয়া মনোযোগ দিয়া

কাণ পতা শুনিবলৈ সাজু হোৱা

কাণ বাগৰা লোকৰ মুখে শুনা

কাণ এৰা মনোযোগ নিদিয়া

কাণ কৰা মনোযোগ দিয়া

কাণ সৰালি মৰা নুশুনা ভাও জোৰা

কাণে কাণ মাৰি কোনো মতে

কঁকাল ভগা দুৰ্বল হোৱা, ক্ষমতাহীন হোৱা

কঁকাল পৰা বুঢ়া হোৱা, দুৰ্বল হোৱা

কঁকাল বন্ধা কোনো কামলৈ সাজু হোৱা, সষ্টম হোৱা

কঁকাল দঙা পুনৰ শক্তি লাভ কৰা, পুনৰ টনকিয়াল হোৱা

কুকুৰে মৈ টনা

খুজি কিল খোৱা অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা

গাত সৰিয়হ ফুটা

গা এৰা দিয়া সম্পৰ্ক এৰা

গাই বাই চোৱা চেষ্টা কৰি চোৱা

গা ধৰা শকত হোৱা

গা ধৰা শকত হোৱা

গা এৰা দিয়া সম্পৰ্ক এৰা বা মনোযোগ নিদিয়া

গা দাঙি কোৱা সাহস কৰি কোৱা

গা ৰখা হানি বা নষ্টৰ পৰা ৰক্ষা কৰা

গা পাতি লোৱা কোনো কাম কৰিবলৈ দায়িত্ব লোৱা বা মান্তি হোৱা

গা গধুৰ এলেহুৱা

গা ঘেলাই ফুৰা কাম- বন নকৰি ধুন মাৰি ফুৰা

গা ধৰ শকত হ ৷

গাৰ নোম ডাল ডাল হ ভয়ত শিয়ঁৰি উঠ

গা চেবা সন্দেহ হোৱা

গা দাং নৰিয়াৰ পৰা উঠা

গা তোলা দায়িত্ব বহন কৰা, মান্তি হোৱা

গা জুৰা সন্তোষ পোৱা

গা লৰাই কৰা মনোযোগ দি কোনো কাম কৰা

গা নচুৱাই ফুৰা কাম নকৰি এনেয়ে ঘূৰা-পকা কৰি ফুৰা

গাত হাত দিয়া মৰিওৱা বা অপদস্থ কৰা

গা জোৰা যথেষ্ট হোৱা, অটা ৷

গা সৰা বিপদৰ পৰা ৰক্ষা পৰা , দায়িত্বৰ পৰা অব্যাহতি পোৱা ৷

গা ৰোৱা কোনোমতে ৰক্ষা পৰা

গা তোলা পুনৰ টনকিয়াল হোৱা

গা ভাৰী গৰ্ভৱতী

গা ঘেলাই ফুৰা কাম-বন নকৰি ধুন মাৰি ফুৰা

গা ৰাঁই জাঁই কৰা চাটি-ফুটি কৰা বা অস্থিৰ হোৱা

ঘৰ গোনা নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা

ঘৰিয়ালৰ চকুপানী মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা

চকু পোৰা লোকৰ ভাল দেখি সহিব নোৱৰা

চকু লগা টোপনি অহা

চকু দিয়া সাৱধান হোৱা, পাবলৈ ইচ্চা কৰা

চকু মুদা মৃত্যু হোৱা

চকু ফুৰা ওপৰে ওপৰে চোৱা

চকু চৰহা আনৰ ভাল দেখিব নোৱাৰা

চকুত লগা ধুনীয়া হোৱা

চকুৰ পচাৰতে নিমিষতে,তৎক্ষণাৎ

চকুৰ কুটা দাতৰ শাল ঘোৰ শত্ৰু

চুক ভেকুলী

চুঙা চাই সোপা

চালে-বেৰে কোবোৱা সামঞ্জস্যহীন

চকু ৰোৱা দেখিবলৈ ধুনীয়া বা আকৰ্ষণীয়

চকু ফুৰাই চোৱা ওপৰে ওপৰে চোৱা

চকু মুদা কুলি প্ৰবঞ্চক,ফাকি দিয়া ব্যক্তি

চকুত ধুলি মৰা ফাকি দিয়া

চকুৰ পচাৰতে নিমিষতে , ক্ষন্তেকতে

চকুৰ কুটা অপ্ৰিয়

চকুৰ মণি অতি প্ৰিয় বা আদৰৰ

চকু জুৰ পৰা চাই সন্তোষ পোৱা

চকু মেলি চোৱা অনুগ্ৰহ কৰা

চকু ৰখা যত্ন কৰা, ভালদৰে মন কৰা

চকু এৰা আশা নকৰা, মনোযোগ দিবলৈ এৰা

ডলাৰ বগৰী

তলে পুতল

দাঁতে ওঁঠে নলগা সমূলি কাজিয়া নলগা

দেশ চাইহে ভেশ

ধোদৰ পছলা এলেহুৱা

ধোঁৱাচাঙত তোল

নপতা ফুকন নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ

নদন-বদন উভৈনদী

নাদৰ/কুৱাৰ ভেকুলী

পৰ্বতত কাছ কণী বিচৰা

পাবত গজা মূল নোহোৱা

পানীৰ তলৰ কাঁইট নেদেখা শত্ৰু

পানীত হাঁহ নচৰা হোৱা আলাই-আথানি হোৱা, বৰ বিপদ হোৱা

পানী মিঠৈ

পাভ লুটি মৰা

পেট চলা বেছিকৈ শৌচ কৰা

পেট মচা নুমলীয়া

পেটতে হাত ভৰি লুকা বৰ ভয় কৰা

পেটে ভাতে খা জমা নকৰাকৈ কোনো মতে খাই থকা

পানীত পৰা অথলে যোৱা

বাট চা অপেক্ষা কৰা

বিনা মেঘে বজ্ৰপাত আগজাননী নোপোৱাকৈ অহা বিপদ

বুৰেপিত শেলুক

ভাত মোকলা জীৱিকাৰ উপায় উলিয়াই লোৱা

ভাত ঘৰ বন্ধু/অতি আপোন মানুহৰ ঘৰ

মন কৰ ইচ্ছা কৰ,মনোযোগ দে

মাটিৰ মানুহ অতি সহজ-সৰল মানুহ

মূৰ খা মৃত্যুৰ কাৰণ হ

মূৰ ঘমা বৰকৈ চিন্তা কৰা

মূৰ পাতি লোৱা দায়িত্ব লোৱা

মূৰ পোলোকা মাৰ/দে গা এৰা দে

মূৰে ভৰি কঢ়া অতপালি কৰা, বিপৰীতে কাম কৰা

মূৰে কপালে হাত দিয়া বিমোৰত পৰা, বৰ দুখ পোৱা

মুখ লগা আনৰ চকুত পৰি শ্ৰীহানী হোৱা বা অপকাৰ হোৱা ৷

মুখ নোহোৱা গঢ় লগাই কথা ক’ব নোৱাৰা ৷

মুখ মেলা আনলৈ আশা কৰা

মুখ মৰা নিমাত হোৱা

মুখ বজোৱা কাজিয়া কৰা

মুখ ফালি কোৱা স্পষ্টকৈ কোৱা

মুখলৈ চোৱা মৰম বা দয়া কৰা

মুখত সোপা দিয়া মাত নাইকিয়া কৰা , নিমাত কৰা

মুখৰ ভাত কাঢ়ি নিয়া পোৱা সুবিধা নিজৰ অকৰ্মণ্যতাৰ বাবে হেৰুওৱা বা আনে জোৰ কৰি নিয়া

মুখেৰে সাত হাল বোৱা ফিতাহি মাৰি কথা কোৱা

মুখ পাতি ধৰা আনৰ কথাত নিজে সোমোৱা

মুখ উজলোৱা নাম জনাজাত কৰা

মুখ উফন্দা অসন্তোষ ভাৱ দেখুৱা

দাঁত লগা লোকৰ চকু পৰাত অমংগল হোৱা

দাঁতে ওঁঠে নলগা কোনো কাজিয়া পেচাল নোহোৱা

দাঁত নাই সাহস নথকা, সামৰ্থ্য নাই ৷

হাত এৰা দায়িত্ব এৰা ৷

হাত কৰা নিজৰ কৰা লোৱা , নিজৰ অধীনলৈ অনা

হাত ঘলা আনৰ বস্তুৰ প্ৰতি লোভ কৰা

হাত চোৱা মংগল চোৱা বা ভাল বেয়া বিচাৰ কৰা

হাত দিয়া কোনো কামত ধৰা

হাত পতা ভিক্ষা কৰা, কোনো বস্তু খোজা

হাত ধৰা টানকৈ চলা , কৰিব নোৱাৰা হোৱা

হাত পৰা অধোগতি , তললৈ নমা

হাত থকা প্ৰভাৱ থকা

হাত ঊঠা উন্নতি হোৱা , কৃতকাৰ্য হোৱা

হাত অহা অভ্যাস হোৱা

হাত মৰা লুকুৱাই লোকৰ বস্তু নিজৰ কৰা

হাত মেলা নোপোৱা বস্তুৰ প্ৰতি হেঁপাহ কৰা

হাত সৰা ৰক্ষা পোৱা , পলাই যোৱা, মুক্তি পোৱা

হাত সাৱতা কোনো কাম নকৰি এনেয়ে থকা

হাত বাগৰা আনে ব্যৱহাৰ কৰাৰ পিছত পোৱা

হাত মুকলি খৰছী, অবাবত খৰচ কৰা

হাত খালি টকা পইছা নথকা

হাত টান কৃপণ, চিকতা

হাত চুটি ক্ষমতাহীন, অভাৱী মানুহ

হাত দীঘল ক্ষমতাশালী

হাতে-লোতে অপৰাধ কৰি থকা অৱস্থাতে ধৰা পেলোৱা

হাত ধোৱা আশা এৰা বা সম্পৰ্ক এৰা

হাত লৰ চোৰ স্বভাৱ

হাতৰ মুঠিত ৰখা নিজৰ অধীনত ৰখা

হাতে ভৰিয়ে ধৰা কাবৌ-কোকালি কৰা

হাত টান কৃপণ

হাতে নামাৰি ভাতে মৰা দেখাকৈ অপকাৰ নকৰি নেদেখাকৈ অপকাৰ কৰা

হাতত সাৰে ভৰিত সাৰে গোপনে , মনে মনে

হাত বুলোৱা মৰম কৰা

হাত যোৰ কৰা প্ৰাৰ্থনা কৰা

হাত উজান দিয়া কামত সহায় কৰা

হাড়-ছাল ওলোৱা অতি ক্ষীণ

হাড়ক মাটি কৰা অতিৰিক্ত পৰিশ্ৰম কৰা

হাড়লৈকে চিন ভিতৰলৈকে অৰ্থাৎ অতি ভালকৈ চিনি পোৱা

হাড় ভগা বন কঠিন কাম

হাড়ত বন গজা বহুদিনৰ আগতে মৰা

হাড় পেলোৱা মৃত্যু হোৱা

হাড় নাইকিয়া জিভা লাগ বান্ধ নোহোৱাকৈ বা বিবেচনা নকৰাকৈ কথা কোৱা মানুহ

হিয়া ধুনা কান্দি ব্যাকুল হোৱা

হিয়া ধাকুৰীয়া শোকত ব্যাকুল হোৱা

হিয়াৰ আমঠু প্ৰিয়তম লোক

হাত উজান দিয়া কামত সহায় কৰা

হাত লৰ চোৰ স্বভাৱৰ

হাত দীঘল ক্ষমতাশালী

শেনৰ এজাত

শেন চকুৱা

শূন্যত গদা ঘূৰোৱা

সাত ঘাটৰ চেঙেলী অতি টেঙৰ

সাত ঘাটৰ সৈয়াকণী

সাহেই সিদ্ধি

(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

No comments