L1: Assamese Chapter: 3 Part: 5
L1: Assamese Chapter: 3 Part: 5
Assam TET-2021 Preparation
বিভক্তিঃ (খণ্ডঃ ৫)
বিভক্তিঃ
অসমীয়াত বিভক্তি দুই প্ৰকাৰৰঃ ১)শব্দ বিভক্তি আৰু ২)ক্ৰিয়া বিভক্তি।
১)শব্দ বিভক্তিঃ যিবিলাক প্ৰত্যয় শব্দৰ প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত তাৰ স্থান নিৰূপণ কৰে তাকে শব্দ বিভক্তি বোলা হয়।
২)ক্ৰিয়া বিভক্তিঃ যিবোৰ প্ৰত্যয় ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে তাকে ক্ৰিয়া বিভক্তি বোলা হয়।
শব্দ বিভক্তিঃ
মনৰ ভাব প্ৰকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ বা
ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপদিকৰ পিছত কিছুমান
বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয়। সেই বৰ্ণ বা বৰ্ণ সমষ্টিকেই শব্দ বিভক্তি বোলে। শব্দ
বিভক্তি ৭ প্ৰকাৰৰ আছে। তলত উল্লেখ কৰা হ’ল –
প্ৰথমা বিভক্তি – এ (ই)
(আ-কাৰান্ত শব্দৰ পিছত ‘এ’
বিভক্তিৰ ঠাইত ‘ই’
যোগ হয়) যেনে ঃশিখা
+ এ = শিখাই (ই, ঈ, ঐ-কাৰান্ত শব্দৰ পিছত ‘এ’
বিভক্তিৰ ঠাইত ‘য়’
আৰু উ,ঊ,ঔ-কাৰান্ত শব্দৰ
পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘ৱ’
যোগ হয়) যেনেঃ হৰি
+ এ= হৰিয়ে। মধু + এ= মধুৱে।
দ্বিতীয়া বিভক্তি – ক
কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। অপ্ৰাণীবাচক কৰ্মত দ্বিতীয়া
বিভক্তি লোপ পায়। যেনে—ভাতক খাওঁ। ইয়াত ক লোপ পাই ভাত খাওঁ
হৈছে। প্ৰাণীবাচক কৰ্মত দ্বিতীয়া বিভক্তি ব্যৱহাৰ হয়। যেনে – তাইক ভাল পাওঁ
তৃতীয়া বিভক্তি – এ, ৰে, দি, দ্বাৰা, দ্বাৰাই
কৰণ কাৰকত তৃতীয়া বিভক্তি হয়। যেনে – হাতে, হাতেৰে, হাতেদি ষষ্ঠী বিভক্তিৰ
পিছত অনুসৰ্গ ৰূপে দ্বাৰ ব্যৱহাৰ হয়। দ্বাৰ শব্দৰ লগত আ যোগ কৰি কৰণ বোধক অনুসৰ্গ
দ্বাৰা সৃষ্টি কৰা হয়। দ্বাৰা শব্দৰ পিছত এ যোগ কৰি দ্বাৰাএ = দ্বাৰাই বা দ্বাৰায়
উদ্ভৱ হৈছে। যেনে—ৰামৰদ্বাৰা বা দ্বাৰাই(দ্বাৰায়)
চতুৰ্থী বিভক্তি – লৈ
দিশ, লক্ষ্য, উদ্দেশ্য প্ৰকাশ কৰিবলৈ চতুৰ্থী বিভক্তি ব্যৱহৃত
হয়। যেনে—ঘৰলৈ, স্কুললৈ আহ্, যা, চা আদি ধাতুৰ লগত চতুৰ্থী বিভক্তি হয়।
যেনে – ঘৰলৈ যা। ভৱিষ্যত কালত ক্ৰিয়া সম্পন্ন
বুজাবলৈ কালবাচক শব্দত চতুৰ্থী বিভক্তি যোগ হয়। যেনে – কাইলৈ যাম।
পঞ্চমী বিভক্তি – ৰ, পৰা
অপাদান কাৰকত পঞ্চমী বিভক্তি যোগ হয়। ব্যাপ্তি, উৎপন্ন, মুক্তি,
আৰম্ভ আদি ভাব বুজালে অপাদান কাৰক হয়। যেনে – গছৰ পৰা গুটি সৰে। কালবাচক আৰু স্থানবাচক শব্দৰ সীমা বুজালে
পঞ্চমী বিভক্তি যোগ হয়। যেনে – সৰু কালৰ পৰা সি দুষ্ট।
ষষ্ঠী বিভক্তি – ৰ
নাম শব্দ বা সংজ্ঞা শব্দৰ মাজত সম্বন্ধ বুজাবলৈ ষষ্ঠী বিভক্তি
যোগ হয়। যেনে – গৰুৰ গাখীৰ। 'গাখীৰ' নামৰ শব্দৰ
'গৰু' নামৰ শব্দৰ লগত সম্বন্ধ আছে। সেইকাৰণে ষষ্ঠী বিভক্তি যোগ হৈছে। ভাববাচ্যৰ বাক্যত
কৰ্তৃকাৰকত ষষ্ঠী বিভক্তি যোগ হয়। যেনে – মোৰ যোৱা নহ’ব।
সপ্তমী বিভক্তি – ত, এ
অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয়। যেনে- স্কুলত কোনো নাই।
তুলনা বুজাবলৈ সপ্তমী বিভক্তি ব্যৱহাৰ হয়। যেনে – ৰীণাতকৈ বীণা ডাঙৰ। অসমাপিকা ক্ৰিয়া লোপ পালে সপ্তমী
বিভক্তি হয়। যেনেঃ ৰামৰ কথাত সকলো স্তম্ভিত হ’ল। ইয়াত ‘কথা শুনি’ৰ অসমাপিকা ক্ৰিয়া
লোপ পাই অকল কথা আছে। গতিকে সপ্তমী বিভক্তি যোগ হৈ কথাত হৈছে।
ক্ৰিয়া বিভক্তিঃ
ধাতুত ক্ৰিয়া বিভক্তি যোগ দিয়া হয়। প্ৰত্যয় যোগ হোৱাৰ পিছত
ই কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে। অসমীয়াত কালবোৰ হ’ল –
১)নিত্য বৰ্তমান কালঃ এই কালৰ প্ৰথম পুৰুষৰ বিভক্তি ও, (তুচ্ছাৰ্থত) অ, (আদৰ অৰ্থত) আ। তৃতীয় পুৰুষত এ হয়।
২)স্বৰূপ বৰ্তমান কালঃ ইয়াত প্ৰথম পুৰুষত ইছো, দ্বিতীয় পুৰুষত ইছ(তুচ্ছাৰ্থত), ইছা(আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছে ব্যৱহাৰ হয়।
৩)স্বৰূপ ভূত কালঃ এই কালত প্ৰথম পুৰুষত ইলো, দ্বিতীয় পুৰুষত ইলি(তুচ্ছাৰ্থত), ইলা(আদৰ অৰ্থত), তৃতীয় পুৰুষত ইলে ব্যৱহাৰ হয়।
৪)অপূৰ্ণ ভূত কালঃ ইয়াত যোগ হোৱা বিভক্তিৰ অনুসৰ্গবোৰ এনেধৰণৰঃ প্ৰথম পুৰুষ- ইছিলো, দ্বিতীয় পুৰুষ- ইছিলি(তুচ্ছাৰ্থত), ইছিলা(আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছিল।
৫)সাম্ভাৱ্য ভূত কালঃ ইয়াত যোগ হোৱা বিভক্তিবোৰ হ’ল- প্ৰথম পুৰুষত ইলোহেঁতেন, দ্বিতীয় পুৰুষত ইলিহেঁতেন(তুচ্ছাৰ্থত), ইলোহেঁতেন(মান্যাৰ্থত), তৃতীয় পুৰুষত ইলেহেঁতেন।
৬)ভৱিষ্যৎ কালঃ ইয়াত যোগ হোৱা বিভক্তিবোৰ এনেধৰণৰ প্ৰথম পুৰুষত ইম, দ্বিতীয় পুৰুষত ইবি(তুচ্ছাৰ্থত), ইবা(মান্যাৰ্থত), তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।
ইয়াৰ উপৰি আদেশ বা অনুৰোধ বুজাবলৈ হয়। অনুজ্ঞাৰ পুৰুষ দুটা-
দ্বিতী্য পুৰুষ আৰু তৃতীয় পুৰুষ। কালো দুবিধ- নিত্য বৰ্তমান কাল আৰু ভৱিষ্যত কাল। নিত্য
বৰ্তমান কালৰ অনুজ্ঞাত দ্বিতীয় পুৰুষত অ(তুচ্ছাৰ্থত), আ(আদৰ অৰ্থত), তৃতীয় পুৰুষত অক
আৰু ওক ব্যৱহাৰ হয়। ভৱিষ্যৎ কালৰ অনুজ্ঞাৰ অৰ্থত দ্বিতীয় পুৰুষত ইবি(তুচ্ছাৰ্থত), ইবা(আদৰ
অৰ্থত), আৰু তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)
No comments