L1: Assamese Chapter: 3 Part: 6
L1: Assamese Chapter: 3 Part: 6
Assam TET-2021 Preparation
লিঙ্গঃ (খণ্ডঃ ৬)
লিঙ্গঃ
যিহৰ দ্বাৰা স্ত্ৰী-পুৰুষৰ ভেদ সূচিত হয় তাকে লিঙ্গ বোলা হয়।
পুৰুষ বুজোৱা শব্দক পুংলিঙ্গ, স্ত্ৰীক বুজোৱা শব্দক স্ত্ৰীলিঙ্গ, স্ত্ৰী-পুৰুষৰ ভেদ
ধৰিব নোৱাৰিলে ক্লীৱলিঙ্গ আৰু স্ত্ৰী-পুৰুষ উভয়কে বুজোৱা শব্দক উভয় লিঙ্গ বোলা হয়।
অসমীয়া ভাষাত লিঙ্গ
পৰিৱৰ্তনঃ
ক) কিছুমান শব্দত ঈ, অনী, নী, উনী, আৰু ৰী প্ৰত্যয়ৰ যোগ কৰি
স্ত্ৰীলিঙ্গ কৰা হয়ঃ
ঈ প্ৰত্যয়
পুংলিঙ্গ স্ত্ৰীলিঙ্গ
অজলা আজলী
কণা কাণী
ক’লা ক’লী
নিলাজ নিলাজী
পুংলিঙ্গ স্ত্ৰীলিঙ্গ
কহাঁৰ কহাঁৰণী
কমাৰ কমাৰণী
ফুকন ফুকননী
বামুণ বামুণনী
ভকত ভকতনী
নী প্ৰত্যয়
পুংলিঙ্গ স্ত্ৰীলিঙ্গ
কলিতা কলিতানী
গৃহস্থ গৃহস্থানী
নাতি নাতিনী
বৰুৱা বৰুৱানী
ভূঞাঁ ভূঞাঁনী
ইনী প্ৰত্যয়
পুংলিঙ্গ স্ত্ৰীলিঙ্গ
নাগ নাগিনী
পিশাচ পিশাচিনী
বাঘ বাঘিনী
মিতা মিতিনী
ৰী প্ৰত্যয়
পুংলিঙ্গ স্ত্ৰীলিঙ্গ
কলা কালৰী
বেঙা বেঙেৰী
ডেকা ডেকেৰী
খ)শব্দৰ আগত মতা আৰু মাইকী শব্দ ব্যৱহাৰ কৰি লিঙ্গ পৰিবৰ্তন কৰা হয়ঃ
পুংলিঙ্গ স্ত্ৰীলিঙ্গমতা কুকুৰ মাইকী কুকুৰ
মতা মানুহ মাইকী মানুহ
মতা ছাগলী মাইকী ছাগলী
মতা গৰু মাইকী গৰু
গ)পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বেলেগ শব্দ ব্যৱহাৰ কৰি লিঙ্গ পৰিবৰ্তন কৰা হয়ঃ
পুংলিঙ্গ স্ত্ৰীলিঙ্গআতা আবু
ককা আইতা
ককাই বাই/ বৌ
গোহাঁই/ গগৈ আইচু
গোলাম বান্দী
ঘঁৰিয়াল জলগুই
জনক জননী
বোন্দা জাঁই
বিদ্বান বিদূষী
বলধ গাই
ভদীয়া ভাদৈ
মখনা মাখুন্দী
দেওৰ জা
তাৱৈ আমৈ
(তথ্যসংগ্ৰহঃ ইণ্টৰনেট)
No comments