Breaking News

L1: Assamese Chapter: 3 Part: 7

L1: Assamese Chapter: 3 Part: 7
Assam TET-2021 Preparation

বচনঃ
(খণ্ডঃ ৭)

বচনঃ
অসমীয়া ভাষাত দুটা বচন আছে,একবচন (singular number) আৰু বহুবচন (plural number)। এটা বস্তু বুজালে একবচন আৰু তাতকৈ বেছি বস্তু বুজালে বহুবচন হয়। যেনে, মানুহ (একবচন), মানুহবিলাক (বহুবচন)।

বহুবচন বুজাবলৈ কেতবিলাক শব্দ বা প্ৰত্যয় ব্যৱহাৰ হয়। যেনে, বোৰ, বিলাক, হঁত, সকল, লোক আৰু মখা ইত্যাদি। বহুবচনৰ প্ৰত্যয় পদৰ শেষত যোগ হয় যেনে, ল’ৰাহঁত, মানুহবিলাক।

বহুবচন পদত বিভক্তি বহুবচন প্ৰত্যয়ৰ পাচত যোগ হয় যেনে, ল’ৰাহঁতে, ল’ৰাহঁতক, মানুহবিলাকে, মানুহবিলাকক, ইত্যাদি।

বস্তুৰ পৰিমাণ আৰু সংখ্যা দুয়োকো বুজাবলৈ বহুবচনত বোৰ আৰু বিলাক ব্যৱহাৰ হয়, যেনে, (পৰিমাণত) পানীবোৰ বা পানীবিলাক, চাউলবোৰ বা চাউলবিলাক, (সংখ্যাত) ল’ৰাবোৰ বা ল’ৰাবিলাক, ঘৰবোৰ বা ঘৰবিলাক।

মানুহ বুজোৱা শব্দৰ বহুবচনত, অনাদৰত অৰ্থাৎ তুচ্ছ ভাব থকাত বা নথকাত বোৰ ব্যৱহাৰ হয়, অৰ্থাৎ তুচ্ছ কৰা ভাব নাথাকিলে, মানুহবোৰ, কিন্তু(আদৰত) ল’ৰাবিলাক, মানুহবিলাক, কুলিবিলাক, বামুণবিলাক, পণ্ডিতবিলাক, চোৰ-ডকাইতবিলাক।

হঁত কেৱল মানুহ বুজোৱা শব্দৰ বহুবচনত অনাদৰত ব্যৱহাৰ হয় আৰু তেতিয়া বিশেষ কেইটামান মানুহক বুজায়। যেনে, ল’ৰাহঁত, ছোৱালীহঁত, কুলিহঁত। ইয়াত কিছুমান বিশেষ ল’ৰা, ছোৱালী বা কুলিক বুজাইছো বা সিহঁতক সম্বোধন কৰা বুজাইছে। মানুহহঁত সম্বোধনত বাজে, অন্য সময়ত অসঙ্গত।

গালি স্বৰূপে জন্তুৰ নাম মানুহত ব্যৱহাৰ কৰিলে সেই জন্তুৰ নামতো বহুবচনত হঁত ব্যৱহাৰ হয়। যেনে- গৰুহঁত, কুকুৰহঁত।

সম্বন্ধ বুজোৱা শব্দ বহুবচনত সম্ভ্ৰমাৰ্থতো হঁত ব্যৱহাৰ হয় যেনে, দেউতাহঁত, ককাইদেউহঁত, ককাইহতঁ।

সকল কেৱল মানুহ বুজোৱা শব্দৰ বহুবচনত সম্ভ্ৰমত ব্যৱহাৰ হয় যেনে, দেউতাসকল, ডাঙৰীয়াসকল, গোসাঁইসকল।

লোক, সকলৰ নিচিনা সম্ভ্ৰমত মাথোন ব্যৱহাৰ হয় যেনে, চাহাবলোক।

বিশেষ্য পদৰ বহুবচনৰ চিন স্বৰূপে লোক শব্দৰ ব্যৱহাৰ অতি বিৰল।

বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ বহুবচনত কেতিয়াবা মখা শব্দ ব্যৱহাৰ হয় যেনে, ল’ৰামখা, পানীমখা।

বহুবচনৰ চিন স্বৰূপে মখা শব্দৰ ব্যৱহাৰ মৌখিক, লিখিত পৰিমাৰ্জিত ভাষাত ব্যৱহাৰ নাই। কিন্তু মাউখ অৰ্থত মাৰ্জিত ভাষাতো মখা ব্যৱহাৰ হয় যেনে, সান্দহৰ মখা।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

No comments