L1: Assamese Chapter: 3 Part: 8
L1: Assamese Chapter: 3 Part: 8
Assam TET-2021 Preparation
নিৰ্দিষ্টতাবাচক প্ৰত্যয়ঃ (খণ্ডঃ ৮)
নিৰ্দিষ্টতাবাচক প্ৰত্যয়ঃ
যিবোৰ প্ৰত্যয়ে বিশেষ্য, বিশেষণ, সংখ্যাবাচক শব্দ আৰু কোনো কোনো সৰ্বনামৰ পিছত যোগ হৈ কোনো বস্তুঅ বা প্ৰাণীৰ আকৃতি-প্ৰকৃতি, পৰিমাণ, লিঙ্গ ইত্যাদি নিৰ্দিষ্টকৈ নিৰ্দেশ কৰে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয়। নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ যোগ অসমীয়া ভাষাৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য। তলত কেইটিমান নিৰ্দিষ্টতাবাচক উল্লেখ কৰা হ’ল –
১। আষিঃ কল-আষি
২। আঁটিঃ খৰি আঁটি
৩। কঠাঃ চাউল কথা
৪। কণ, ক্ষুদ্ৰাৰ্থে কণিঃ ল’ৰা-কণ, ল’ৰা কণি, তেল-কণ
৫। কাচলিঃ ৰ’দ-কাচলি
৬। কন্ধাঃ খৰিকন্ধা
৭। কুৰাঃ জুইকুৰা
৮। কোছাঃ চাবি-কোছা, চুলি কোছা
৯। খন, ক্ষুদ্ৰাৰ্থে-খনিঃ পুথি-খন, স্কুল-খন, নৈ-খন, পুথি-খনি
১০। খিনিঃ পানী-খিনি, ভাল-খিনি
১১। খিলাঃ পাণ-খিলা, কাগজ-খিলা
১২। গছ, ক্ষুদ্ৰাৰ্থে-গছিঃ জৰী-গছ, চাকি-গছি
১৩। গৰাকী (সন্মান আৰু বিশেষ অৰ্থত ব্যৱহাৰ হয়): মানুহগৰাকী
১৪। গালঃ ভাত-গাল, মাহ-গাল
১৫। গোটঃ মানুহগোট, পশুগোট
১৬। ঘটিঃ পানী-ঘটি
১৭। ঘৰঃ মানুহ-ঘৰ
১৮। চকল(চেপেটা, পাতল বস্তুবাচক): আম-চকল, মাছ-চকল।
১৯। চটা, ক্ষুদ্ৰৰ্থে- চটিঃ বাঁহ-চটা, কাঠ-চটা; কাঠ চটি, পাট-চটি
২০। চপৰাঃ এচপৰা, মাটিচপৰা
২১। চমকাঃ মাটি-চমকা
২২। চলা, ক্ষুদ্ৰাৰ্থে চলিঃ পাট-চলা, পাট-চলি
২৩। চলুঃ পানী-চলু
২৪। চাবঃ কোৰ চাব
২৫। চিৰাঃ মাহ-চিৰা
২৬। চিলিমঃ ভাং-চিলিম
২৭। চেলেকা(জুলীয়া পৰিমাণ বাচক): গাখীৰ চেলেকা
২৮। ছটা, ক্ষুদ্ৰাৰ্থে ছাটিঃ ৰ’দ ছটা, বতাহ-ছাটি
২৯। ছালিঃ তামোল-ছালি
৩০। ছোৱাঃ কাল-ছোৱা, সময়-ছোৱা
৩১। জন(সন্মানাৰ্থে) জনা(অধিক মান্যাৰ্থে), জনী(স্ত্ৰীবাচক): মানুহজন, মানুহজনী
৩২। জাউৰিঃ গালি-জাউৰি
৩৩। জাকঃ চৰাইজাক
৩৪। জোপা, ক্ষুদ্ৰাৰ্থে জুপিঃ লাও-জোপা, তুলসী-জুপি
৩৫। টো, সংখ্যাবাচক শব্দৰ পাছত –টা, ক্ষুদ্ৰাৰ্থে-টিঃ ল’ৰাটো, মানুহটো, এটা, দুটা, ল’ৰাটি, সাত-সাতটি, পাঁচ-পাচুটি
৩৬। টাৰ, ক্ষুদ্ৰাৰ্থে টাৰিঃ চুলিটাৰ, বাঢ়্নীটাৰ, চুলিটাৰি
৩৭। টুকুৰা, টুকুৰিঃ কাঠটুকুৰা, কাঠটুকুৰি
৩৮। টোপা ক্ষুদ্ৰৰ্থে টুপিঃ পানী-টোপা, চকুলো টুপি
৩৯। ডৰাঃ সৰিয়হ-ডৰা
৪০। ডালঃ বাঁহ-ডাল
৪১। ডোখৰঃ সময়-ডোখৰ, কাঠ-ডোখৰ
৪২। থানঃ কাপোৰ-থান
৪৩। থোকঃ কল-থোক
৪৪। থোপাঃ ফুল-থোপা
৪৫। দলঃ ডেকা-দল
৪৬। দোঙাঃ পানী-দোঙা
৪৭। ধাৰ, ধাৰিঃ মালা-ধাৰ, মালা ধাৰি
৪৮। পাট, পাটিঃ কাঁড়-পাত, ব’ঠা পাট
৪৯। পাবঃ কুঁহিয়াৰ পাব
৫০। পাহঃ ফুল-পাহ
৫১। পালিঃ দৰৱ-পালি
৫২। পদঃ অলংকাৰ-পদ
৫৩। ফাকিঃ কথা-ফাকি, কবিতা-ফাকি
৫৪। ফেৰা, ফেৰিঃ লোণ-ফেৰা, সময় ফেৰা, চেনি-ফেৰি
৫৫। ভাগ, ভাগিঃ পূজা-ভাগ, পূজা-ভাগি
৫৬। মুঠা, মুঠিঃ কুশ-মুঠা, চাউল-মুঠা, ভাত-মুঠি, চাউল-মুঠি।
৫৭। যোৰ, যুৰিঃ পাৰ-যোৰ, জোতা-যোৰ, চকু-যুৰি
৫৮। লদাঃ গোৱৰ-লডা
৫৯। ষাৰ, ষাৰিঃ মাত-ষাৰ, মাত-ষাৰি
৬০। সাজঃ ভাত-সাজ, কাপোৰ-সাজ
৬১। হাল, হালিঃ গৰু-হাল, চৰাই হালি
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)
No comments