L1: Assamese Chapter: 3 Part: 9
L1: Assamese Chapter: 3 Part: 9
Assam TET-2021 Preparation
মাতৃভাষা শিক্ষণৰ উদ্দেশ্যে আৰু লক্ষ্যঃ (খণ্ডঃ ৯)
মাতৃভাষা শিক্ষণৰ উদ্দেশ্যে আৰু লক্ষ্যঃ
মাতৃভাষা সমাজ জীৱনৰ এক অবিচ্ছেদ্য অঙ্গ। মাতৃভাষাৰ বিকাশ আৰু
প্ৰসাৰৰ মাধ্যমেৰে এখন সমাজ সুসমৃদ্ধিশালী হৈ পৰিব পাৰে। শিশুকালৰ পৰাই মাতৃভাষাৰ লগত
মানুহৰ ওতঃপ্ৰোত সম্পৰ্ক। সেয়েহে মাতৃভাষা শিক্ষাৰ পৰা শিশু বঞ্চিত হ’লে শিশুৰ মানসিক
বিকাশ সম্পূৰ্ণ নহয় আৰু সমাজ জীৱনৰ লগত সি তাল মিলাই চলাত অসুবিধা হয়। কিন্তু দুখৰ
বিষয় যে সম্প্ৰতি আমাৰ সমাজত মাতৃভাষা অৱহেলিত হৈ আহিছে। স্বাধীনতাৰ সত্তৰটা বছৰ অতিক্ৰম
হৈ যোৱাৰ পাছতো প্ৰাথমিক, মাধ্যমিক তথা উচ্চ বিদ্যালয়সমূহত ই অৱহেলিত বিষয় হিচাপে গণ্য
হোৱাৰ লগতে গাঁৱে-ভূঞেও এতিয়া ইংৰাজী মাধ্যমৰ স্কুলবোৰ গঢ় লৈ উঠাত মাতৃভাষাৰ ওপৰত ভালকৈ
মাধমাৰ পৰিছে। গতিকে এটা সবল সুস্থ জাতি গঢ়ি তুলিবৰ বাবে মাতৃভাষা শিক্ষাৰ ওপৰত আমি
বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ যোগেদিহে ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ একো একোজন দায়িত্বশীল
নাগৰিক হিচাপে গঢ় লৈ উঠিব পাৰিব।
শিশুসকলে মাতৃভাষাৰ শৃঙ্খলিত স্বৰূপ অৰ্জন কৰি তাক তেওঁলোকে বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগিব। সেয়ে আমি কব পাৰো যে মাতৃভাষা শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য সুদূৰপ্ৰসাৰী।
বিষয়বস্তুৰ জ্ঞানঃ
শিশুৱে মাতৃভাষাৰ যোগেদি শিক্ষা গ্ৰহণ কৰি তাক সুন্দৰ ৰূপে
আয়ত্ত কৰিব পাৰিলেহে বিষয়বস্তুৰ ওপৰত পূৰ্ণ জ্ঞান লাভ কৰিব পাৰিব। মাতৃভাষাত ৰচিত ৰচনা,
সাহিত্য, জীৱনীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আদিয়ে শিশুৰ মনত গভীৰ চিন্তাৰ উদ্ৰেক কৰে
আৰু তাৰ যোগেদি মানসিক আৰু চাৰিত্ৰিক দিশৰ বিশেষ উন্নতি সাধন হয়। এই ক্ষেত্ৰত নৈতিক
আদৰ্শযুক্ত মাতৃভাষাত ৰচিত গ্ৰন্থৰ প্ৰভাৱ সৰ্বাধিক।
জাতীয়তাবোধৰ সৃষ্টিঃ
মাতৃভাষাত ৰচিত গীতবোৰে আমাৰ মনত জাতীয়তাবোধ তথা দেশপ্ৰেমৰ
সৃষ্টি কৰে। এনে জাতীয়তাবোধ বিশিষ্ট স্বদেশপ্ৰেমমূলক গীতবোৰক বিদ্যালয়ত প্ৰাৰ্থনা,
সঙ্গীত ৰূপে ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মনত জাতীয়তাবোধ তথা দেশপ্ৰেমৰ অংকুৰ সিঁচিব
পৰা যায়।
নৈতিক চৰিত্ৰ সংশোধনঃ
শিশু এটিক কু-পথৰ পৰা সৎ-পথলৈ আনিবলৈ মাতৃভাষাৰ যোগেদিহে তেওঁৰ
মনত গম্ভীৰ ছাপ সৃষ্টি কৰিব পৰা যায়। সেয়েহে আমি মাতৃভাষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ
কৰা উচিত।
পঠনৰ অভ্যাসঃ
মাতৃভাষাৰ যোগেদি অতি সহজে শিশুসকলৰ মাজত পঠনৰ অভ্যাস গঢ়ি তুলিব
পাৰি। এই ক্ষেত্ৰত শিক্ষকৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাতৃভাষাৰ প্ৰতি আকৃষ্ট কৰি সেই
ভাষাত লিখা উৎকৃষ্ট কিতাপবোৰৰ সন্ধান শিক্ষকসকলেই কৰি দিব লাগিব আৰু স্কুল বা আন অনুষ্ঠানৰ
পুথিভঁৰালৰ লগত ছাত্ৰসকলক সম্পৰ্ক স্থাপন কৰি দিব লাগিব।
সাহিত্যৰ প্ৰতি আকৰ্ষণঃ
একমাত্ৰ মাতৃভাষাৰ মাধ্যমেৰেহে সাহিত্যৰ ৰসাস্বাদনৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক
আগ্ৰহী কৰি তুলিব পাৰি। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক মাতৃভাষাত ৰচনা, কবিতা লিখা আদিৰ
প্ৰতি উৎসাহিত কৰিবলৈ তেনেধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা দৰকাৰ। কোনোবা ছাত্ৰ-ছাত্ৰী
কোনো ঠাইলৈ ভ্ৰমণলৈ গ’লে তাৰ অভিজ্ঞতাবোৰো লিখিবলৈ শিক্ষকে প্ৰেৰণা যোগোৱা উচিত।
মাতৃভাষালৈ অনুদিত হোৱা গ্ৰন্থ পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে মহৎ সাহিত্যৰ ৰসাস্বাদন কৰিব পাৰে। এনেবোৰ গ্ৰন্থৰ অধ্যয়নে মহৎ সাহিত্যিকসকলৰ ৰচনাৰ ভঙ্গী, জীৱন দৰ্শন সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰায়। ইয়ে ভৱিষ্যতে ছাত্ৰ এজনক সাহিত্যৰ প্ৰতি ৰুচিশীল ব্যক্তি তথা সাহিত্যিক হিচাপে গঢ়ি তোলাত সহায় কৰে।
মাতৃভাষাত কম আয়াসতে আৰু কম কষ্টতে নৈতিক চৰিত্ৰবোধ সম্পন্ন গ্ৰন্থবোৰ অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নৈতিক চৰিত্ৰক গঢ় দিব পাৰে। এই পাঠ্যবোৰৰ দ্বাৰা সহিষ্ণুতা, মানৱ প্ৰীতি, বন্ধুপ্ৰীতি, ভাতৃপ্ৰেম, পৰম্পৰা আদিৰ প্ৰতি ছাত্ৰসকলৰ অনুৰাগ বাঢ়ে আৰু এজনে সু নাগৰিক হিচাপে নিজকে গঢ় দিব পাৰে।
টান গ্ৰন্থৰ হৃদয়ঙ্গমতাঃ
মাতৃভাষাৰ যোগেদি অন্যান্য বিষয়ৰ টান কিতাপবোৰে সহজে হৃদয়ঙ্গম
কৰিব পাৰে বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত মাতৃভাষাৰ প্ৰসাৰ বঢ়োৱা উচিত।
স্বাধীন চিন্তাৰ উন্মেষঃ
মাতৃভাষাই স্বাধীন চিন্তাৰ জন্ম দিব পাৰে। মাতৃভাষা আয়ত্তৰ
দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হোৱাৰ সামৰ্থ লাভ কৰে। স্কুলত
বিভিন্ন দায়িত্ব গ্ৰহণ কৰা ছাত্ৰসকলে মাতৃভাষাত কথাবোৰ ভালদৰে বুজাই দিব পাৰিলেহে ছাত্ৰ-একতা
সভাৰ সাধাৰণ সম্পাদক, আলোচনী সম্পাদক আদিৰ দায়িত্ব লোৱাসকলে তেওঁলোকৰ দায়িত্ব পালন
কৰিব পাৰিব।
ৰুচিবোধৰ জন্মঃ
মাতৃভাষাত অধ্যয়নে ছাত্ৰ-ছাত্ৰীৰ মনত ৰুচিবোধ জন্মায়, পঢ়াৰ
প্ৰতি ধাউতি বঢ়ায়। মাতৃভাষাত ৰচিত গ্ৰন্থৰ অধ্যয়নে ৰুচিবোধৰ জন্ম দিয়াৰ লগতে এজন সুস্থ
নাগৰিকৰো জন্ম দিয়ে।
মাতৃভাষা শিক্ষণত শ্ৰৱণ, কথন, পঠন, আৰু লিখনৰ ভূমিকাঃ
মাতৃভাষা এটা ভালদৰে শিকিবলৈ হ’লে আমি শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থাৰ মাজেদি অতিক্ৰম কৰিব লাগিব। এই অৱস্থাকেইটাৰ সুষম বিকাশৰ ওপৰতেই মাতৃভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে।
ক)শ্ৰৱণঃ
ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কথা শুনিলেহে বোধৰ জন্ম হয় আৰু শ্ৰৱণ শক্তি বাঢ়ে। সেয়ে শুনাৰ সময়ত শিক্ষক বা অভিভাবকে ভূল-ক্ৰুটি ৰাখিব নালাগে, শব্দৰ সঠিক উচ্চাৰণৰ ওপৰত সদায় গুৰুত্ব দিব লাগে আৰু শব্দবোৰৰ কোনখিনিত জোৰ দিব লাগে বা নালাগে সেই বিষয়ে সচকিত হৈহে তেওঁলোকক কথাবোৰ শুনাব লাগে। দ্বিতীয়তে পিতৃ-মাতৃ তথা অভিভাৱকসকলে ভাষা শিক্ষাৰ ক্ষেত্ৰত কোনটো ৰূপ গ্ৰহণীয় তাক ছাত্ৰসকলক বুজাই দিব লাগে। সাধাৰণতে কথিত ভাষাত ঘৰত কথা পতা হয়, কিন্তু বিদ্যালয়ত সেই ভাষা নচলে। গতিকে পৰাপক্ষত মান্য ভাষাতেই তেওঁলোকক কথাবোৰ শুনাব লাগে। তৃতীয়তে শ্ৰুতলিপি দিয়াৰ সময়ত শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। কাৰণ শ্ৰুতলিপি লেখি যোৱাৰ সময়ত ছাত্ৰসকলৰ শ্ৰৱণ শক্তি সূক্ষ্ম হোৱাৰ লগতে লিখাতো হাতখন ভালকৈ আহে। গতিকে শ্ৰুতলিপিৰ অভ্যাস বিদ্যালয়ত অতি দৰকাৰ। চতুৰ্থতে মাক-দেউতাক, অভিভাৱক আদিয়ে কথা পাতোতে দৃষ্টি ৰাখিব লাগে যাতে সিহঁতে শুনা শব্দবোৰে সিহঁতৰ চৰিত্ৰ গঠনত সহায় কৰিব পাৰে। পঞ্চমতে পৰিবেশৰ পৰাও শ্ৰৱণ শক্তিৰ বিশেষ বিকাশ হ’ব পাৰে। যেনে- এজন শিশুৱে যেতিয়া হিন্দী কয় তেতিয়া বুজিব লাগিব তাৰ সেই পৰিবেশত কোনোবা হিন্দীভাষী লোক আছে যাৰ পৰা কথা শুনি সি হিন্দী ভাষাটো আয়ত্ব কৰিলে। গতিকে পৰিবেশে ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ মাধ্যমত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
খ)কথনঃ
শিশুৱে প্ৰথম মাতৃভাষাতেই কথা ক’বলৈ আৰম্ভ কৰে আৰু ইয়াক সি মাকৰ পৰাই শিকি লয়। তাৰ
পিছত পৰিয়ালৰ লোক বা অন্যক অনুকৰণ কৰি কথা ক’বলৈ আৰম্ভ কৰে। এইখিনি সময়ত মাকে যত্ন
লোৱা উচিত যাতে শিশুটোৱে ঠিকমতে কথাখিনি উচ্চাৰণ কৰিব পাৰিছে। সেইখিনি সময়ত ব্যাকৰণৰ
প্ৰয়োজন নাথাকে। গতিকে দুই-এটা ভুলকৈ হ’লেও তাক স্পষ্টভাৱে কথা ক’ব দিব লাগে আৰু ইয়াৰ
যোগেদিয়ে তাৰ বাকশক্তি বৃদ্ধি হয়। শিশুয়ে যিমানে কথা কয় সিমানেই তাৰ ভাষা কোৱাৰ দক্ষতা
বাঢ়ে। বিদ্যালয়লৈ নোযোৱাকৈও কথিত ভাষাতেই মাতৃভাষাক আয়ত্ত কৰা সম্ভৱ। সেয়ে কথিত ভাষাৰ
অনুশীলন কেতিয়াও বন্ধ কৰিব নালাগে।
গ)পঠনঃ
পঠনৰ মাধ্যমেৰে ভাষা শিক্ষাৰ পাঠ আৰম্ভ হয়। ইয়াৰ যোগেদি জ্ঞান-ভাণ্ডাৰ
উন্মুক্ত হয়। ভাষাৰ কিতাপ এখন পঢ়িলে সেই ভাষাটোৰ বৈজ্ঞানিক বিশ্লেষণ আমাৰ জ্ঞাত। সাহিত্যৰ
পঠনে আমাৰ মনত ৰুচিবোধ জন্মায়। বিজ্ঞানৰ গ্ৰন্থই বিশ্লেষণ ক্ষমতা বঢ়ায় আৰু দৰ্শন শাস্ত্ৰৰ
অধ্যয়নে আমাৰ মননশীলতাৰ বিকাশ ঘটায়। গতিকে শিশুক ভাষা শিক্ষা জ্ঞান দিবলৈ পঠনৰ অভ্যাস
কৰাব লাগিব। পঠনৰ যোগেদিয়ে বিভিন্ন গ্ৰন্থৰ ৰচনা ৰীতিত শব্দ প্ৰয়োগ, শব্দবিলাকৰ গুৰুত্বৰ
এই বিষয়ে তেওঁলোকে জ্ঞান আহৰণ কৰে। পঠন নোহোৱাকৈ ভাষা শিকাটোও অসম্ভৱ।
ঘ)লিখনঃ
লিখা কথাটো শ্ৰৱণৰ দৰে প্ৰাথমিক কথা নহয় কাৰণ লিখিবলৈ কিছুমান
অৰ্হতা আৰু উপকৰণৰ প্ৰয়োজন হয়। যেনে- বৰ্ণমালা,
আখৰ আদিৰ বিষয়ে শিশুৱে জানিব লাগিব। লিখনৰ যোগেদি অইনক মনৰ কথাখিনি অৱগত কৰিব পাৰি।
গতিকে অইনক অৱগত কৰিব পৰাকৈ লিখনক সম্পূৰ্ণ ভাৱে উপযুক্ত কৰি তুলিব লাগিব। লিখনৰ দ্বাৰাই
শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিশুয়েও নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। গতিকে শিশুক পঢ়াশালিলৈ
অহাৰ লগে লগে লিখনৰ গুৰুত্ব সম্পৰ্কে ভালদৰে বুজাই কোৱাৰ দৰকাৰ। দ্বিতীয়তে লিখনৰ ৰুচিবোধৰ
কথা জড়িত হৈ আছে। ভাল আখৰ হ’লে লিখা কামখিনি সহজে বুজি পায়। আখৰক লাগ-বান্ধ নোহোৱাকৈ
ব্যৱহাৰ কৰাটো মানুহৰ এটা অন্যমনস্কতাৰ চিন। গতিকে সুস্থ মন এটাৰ চিনাকি দিয়াৰ লগতে
ভাল লিখনে কথাখিনি অইনক বুজাত সহায় কৰে আৰু লিখকৰ সৌন্দৰ্যবোধৰ ধাৰণা প্ৰকট কৰে। সেয়েহে
অভিভাৱক বা শিক্ষকসকলে লিখন বিদ্যাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। লিখন বিদ্যাই জ্ঞানক
আৰু চিন্তাক স্থায়িত্ব দিয়ে। এই কথা মনত ৰাখি লিখন বিদ্যাৰ প্ৰতি সচেষ্ট হোৱাটো অতি
দৰকাৰ।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)
No comments