L1: Assamese Chapter:1
L1: Assamese Chapter:1
Assam TET-2021 Preparation
ভাষাঃ অসমীয়া
অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষাঃ
অসমীয়া ভাষা হৈছে সকলোতকৈ
পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা
উদ্ভৱ হৈছে। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা।
প্ৰাচীন কালৰে পৰাই নিজস্ব লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, ড৹ বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড৹ জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড৹ সুনীতি কুমাৰ চেটাৰ্জী, ড৹ বাণীকান্ত কাকতি, ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা, ড৹ উপেন্দ্ৰনাথ গোস্বামী, ড৹ গোলোকচন্দ্ৰ গোস্বামী, ড৹ মহেশ্বৰ নেওগ, ড৹ নগেন ঠাকুৰ, ড৹ ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত।
বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ'ব পৰা নাই। কিন্তু মাগধী প্ৰাকৃত সম্পৰ্কে বহু কেইজন ভাষাবিজ্ঞানী সহমতত উপনীত হৈছে। মাগধী প্ৰাকৃতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া ভাষা প্ৰধানকৈ ভাৰত-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে। শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'। এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়।
এইক্ষেত্ৰত ড৹ উপেন্দ্ৰনাথ গোস্বামীৰ মতে, অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে।
অসমীয়া ব্যাকৰণৰ মৌলিক
বিচাৰ বিচাৰ গ্ৰন্থত ড৹ গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা এনেদৰে
তৈয়াৰ কৰিছে-
ভাষা - অসমীয়া
গোত্ৰ - ভাৰত-ইউৰোপীয়
প্ৰৱৰ - আৰ্য
শাখা - বৈদিক
বৰ্ণ - প্ৰাচ্য (কামৰূপ)
প্ৰাকৃত
গণ - কামৰূপী অপভ্ৰংশ
ক্ষণ - দ্বাদশ-ত্ৰয়োদশ
শতিকা
ক্ষেত্ৰ - উত্তৰ-পূব ভাৰত
খণ্ড
আনহাতে প্ৰাক-আহোম যুগৰ কামৰূপৰ হিন্দুৰজাসকলৰ তাম্ৰফলিবোৰ সংস্কৃতত লিখা হ'লেও তাৰ মাজত সোমাই থকা অনাৰ্য শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিত্বৰ কথাকে সুচাই। বেণীমাধৱ বৰুৱাই এই কথিত ভাষাটোক কামৰূপী প্ৰাকৃত নাম দিছে। ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাই আদিয়েই এই মতকে পোষণ কৰিছে। ড৹ ডিম্বেশ্বৰ নেওগে Growth of the Asamiya Language-ত অসমীয়া ভাষাৰা জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি চলি অহা ধাৰণাটো ভুল আৰু ই "it did not stand analysis and proper scrutiny" বুলি মন্তব্য কৰিছে।
অসমীয়া ভাষাৰ বিকাশক ড৹
বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে –
(ক) প্ৰাচীন অসমীয়া - চতুৰ্দশ
শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ। এই কালছোৱাক আকৌ প্ৰাক-বৈষ্ণৱ
আৰু বৈষ্ণৱ
দুটা ভাগত ভগাব পাৰি।
(খ) মধ্যযুগীয় অসমীয়া - সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ। আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে।
(গ) আধুনিক অসমীয়া - ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ।
খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়। ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে।
অসমীয়া লিপি অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধিমাতৃকা লিপি হৈ নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। ৮ম-১২শ শতিকামানত ৰচনা কৰা বৌদ্ধ ধৰ্মসাধনাৰ গীত চৰ্যাপদত অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায়। আহোম ৰাজ্যতো বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। ১৯শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা 'ধৰ্মপুস্তক' (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়৷
ভাৰতীয় আৰ্য ভাষাগোষ্ঠীক তিনিটা স্তৰত ভাগ কৰা হয়ঃ
১)প্ৰাচীন ভাৰতীয় আৰ্য ভাষা
২)মধ্য ভাৰতীয় আৰ্য ভাষা
৩)নবীন ভাৰতীয় আৰ্য ভাষা
বৈদিক আৰু সংস্কৃত ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, এই ভাষা আনুমানিক খ্ৰীষ্টপূৰ্ব ১৫০০ শতিকাৰ পৰা ৬০০ শতিকা পৰ্যন্ত প্ৰচলিত আছিল। পালি প্ৰাকৃত আৰু অপভ্ৰংশই মধ্য ভাৰতীয় আৰ্য ভাষা, এই ভাষা আনুমানিক খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকা পৰ্যন্ত প্ৰচলিত আছিল আৰু আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষাসমূহেই তৃতীয় স্তৰৰ নবীন আৰ্য ভাষা, এই ভাষা ১০ম শতিকাৰ পৰা বৰ্তমানলৈ প্ৰচলিত হৈ আছে ।
প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিবৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি বৰ্তমানৰ আধুনিক ভাৰতীয় আৰ্য ভাষাৰ ৰূপ পাইছে। এই স্তৰবোৰ তলত চমূকৈ বিশ্লেষণ কৰি দেখুওৱা হ’ল।
ক)বৈদিক সংস্কৃত ভাষাৰ স্তৰঃ
বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্ৰথম স্তৰৰ ভাষা। বৈদিক ভাষাক সংস্কৃত ভাষাই কথিত ভাষাৰ সমন্বয়ত পৰিমাৰ্জিত ৰূপদান কৰিছে। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতিৰ মাধ্যম ৰূপে পৰিচিতি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্ৰতিষ্ঠিত হয়।
খ)প্ৰাকৃত ভাষাঃ
বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য ভাষা ক্ৰমে পৰিবৰ্তিত আৰু সৰলাকৃত হৈ প্ৰাকৃত ভাষালৈ ৰূপান্তৰিত হয়।
প্ৰাকৃত ভাষাৰ স্তৰ ৰূপ তিনিটাঃ
১)আদি প্ৰাকৃতঃ অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্ৰিপিটক আদি বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।
২)মধ্য প্ৰাকৃতঃ সংস্কৃত নাটৰ ব্যৱহৃত হোৱা প্ৰাকৃত, হালৰ গাথা সপ্তশ্ৰতী, বাকপতিৰাজৰ গৌৰবহো, প্ৰবৰ সেনৰ সেতুবন্ধন আৰু জৈন ধৰ্ম গ্ৰন্থত মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।
৩)অন্ত্য প্ৰাকৃতঃ অন্ত্য প্ৰাকৃত বুলিলে অপভ্ৰংশক বুজায়। অন্ত্য প্ৰাকৃতৰ সাহিত্যৰ নিদৰ্শন হ’ল বজজালগগ, সন্দেশৰাসক। সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দোহাবোৰৰ ভাষাও অৰ্বাচীন অপভ্ৰংশ বুলি ধৰা হয়। বিদ্যাপতিৰ ‘কীৰ্তিলতা’ আৰু ‘কীৰ্তি পতাকা’ত অপভ্ৰংশৰ অন্য এক প্ৰকাৰৰ নমুনা পোৱা যায়।
প্ৰাকৃত ভাষা চাৰিটা আঞ্চলিক ৰূপত পোৱা যায়। সেইবোৰ হ’ল-
পূৰ্বাঞ্চলৰ- মাগধী
মধ্যদেশৰ- শৌৰসেনী
দক্ষিণ পশ্চিমাঞ্চলৰ- মহাৰাষ্ট্ৰী আৰু
উত্তৰ পশ্চিমাঞ্চলৰ- পৈশাচী।
মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে প্ৰাচ্য অপভ্ৰংশ ভাষা। ভাষাতত্ত্ববিদ, পণ্ডিত ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ চাৰিটা শাখাৰ কথা উল্লেখ কৰিছে –
১)ৰাঢ়: ইয়াৰ পৰা পশ্চিমবঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে
২)বৰেন্দ্ৰ: ইয়াৰ পৰা উত্তৰ মধ্যবঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে
৩)বঙ্গ: ইয়াৰ পৰা পূৰ্ববঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে আৰু
৪)কামৰূপ: কামৰূপী প্ৰাচ্য অপভ্ৰংশৰ পৰা অসমীয়া আৰু উত্তৰবঙ্গৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলত কথিত ভাষাৰ সৃষ্টি হৈছে।
অসমীয়া ভাষাই খ্ৰীষ্ট্ৰীয় দশম শতিকাৰ মাজভাগৰ পৰা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ বিৱৰণীত পোৱা যায় যে কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। তেওঁ অসমীয়া ভাষাৰ স্বকীয়তা লক্ষ্য কৰিয়েই এই মন্তব্য আগবঢ়াইছিল।
অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে চৰ্যাপদবোৰে। ইয়াত কামৰূপী ভাষাৰ ৰূপতাত্ত্বিক নিদৰ্শনবোৰৰ নমুনা পোৱা যায়। ইয়াতে অসমীয়া ভাষাই এটা সুন্দৰ ৰূপ লৈছে বুলি ক’ব পাৰি। ধ্বনিতত্ত্ব, শব্দমালা আৰু বাক্যবিন্যাস আদি সকলো ক্ষেত্ৰতে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ নিগূঢ় সম্পৰ্ক ৰক্ষিত হৈছে। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা মোলান, পানী, দাপোণ, ভাল, গোহালি, আজি, উজুবাট, সৰু, মিছা, নৈ আদি শব্দবোৰ চৰ্যাপদত হুবহু ৰূপত পোৱা যায়।
চৰ্যাপদৰ সময়ৰ পাছত বিশেষকৈ ত্ৰয়োদশ শতিকাৰ পূৰ্বাৰ্ধৰ পৰা আধুনিক যুগলৈকে অসমীয়া ভাষাৰ বিকাশৰ প্ৰধানকৈ দুটা স্তৰ দেখা যায়। এটা সোতৰ শতিকালৈ আৰু আনটো তাৰ পিছৰ পৰা। অসমীয়া ভাষাটোৱে প্ৰথমতে পশ্চিম অসমত প্ৰবেশ কৰি সুকীয়া ভাষাৰূপে গঢ় লয়। সময়ত এই অঞ্চলৰ ভাষাত সাহিত্য ৰচিত হ’বলৈ ধৰে। এই ভাষাটোকে কামৰূপীয় ভাষা বোলে। চৰ্যাপদৰ পাছত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় প্ৰাচীন অসমীয়া সাহিত্যত। এই ক্ষেত্ৰত প্ৰথমে উল্লেখনীয় হ’ল মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষা। ইয়াৰ লগতে ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ৰ ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ পূৰ্বভাৰতৰ ভাষাৰ লগত থকা সম্পৰ্কৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। সেইবাবেই অনুমান হয় কামৰূপী ভাষাটো গোটেই ৰাজ্যজুৰি কথিত আৰ্য ভাষা আছিল। তেতিয়া গোটেই অসম উপত্যকা আৰু উত্তৰবঙ্গৰ উপৰি বিহাৰৰ পূৰ্ণিয়া জিলাও এই ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
সোতৰ শতিকালৈ কথিত আৰু লিখিত সাহিত্যত স্থান অধিকাৰ কৰা কামৰূপী ভাষাৰ পৰিসৰ কমি ই উপভাষালৈ পৰিবৰ্তিত হ’ল। বৰ্তমান কালত কামৰূপ জিলাৰ উপভাষা বা কথিত ভাষাটোৱে কামৰূপীয় উপভাষা। অসমীয়া ভাষাৰ গঠন আৰু বিকাশত ইয়াৰ মূল্য যথেষ্ট। প্ৰাচীন অসমীয়া সাহিত্যৰ কবিসকলৰ ৰচনাত এই ভাষাৰ ধ্বনিগত, ৰূপগত আৰু শব্দগত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়। মধ্যযুগৰ বুৰঞ্জীবোৰতো এই উপভাষাৰ প্ৰভাৱ স্পষ্ট ভাৱে পৰিলক্ষিত হয়।
অসমৰ সামূহিক কাৰ্য চলোৱাৰ মাধ্যম ৰূপে কামৰূপী ভাষা প্ৰাচীন কালৰ পৰা চলি আহিছে। সোতৰ শতিকাত কোচ ৰাজত্ব ধ্বংস হোৱাৰ পাছত সাহিত্য চৰ্চাৰ কেন্দ্ৰ নামনি অসমৰ পৰা আহোম ৰাজধানী তথা উজনি অসমলৈ স্থানান্তৰিত হয়। তেতিয়াৰ পৰা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত সাৰ-পানী পোৱা উজনি অসমৰ উপভাষাটোৱে ইংৰাজ আমোলত মিছনাৰীৰ সহায় লাভ কৰি সাহিত্যিক মৰ্যাদা পায়।
বৰ্তমান গুৱাহাটী কেন্দ্ৰিক অসমীয়া সাহিত্য-সংস্কৃতিত এই ভাষাটোৰ কিছু পৰিবৰ্তন সাধিত হৈছে। শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ ওপৰত আকৃতিগত ভাৱে ভিত্তি কৰিলেও ভাষাটো গুৱাহাটী আৰু ওচৰ-পাঁজৰৰ উপভাষাৰ দ্বাৰাও প্ৰভাৱিত হৈছে।
সাম্প্ৰত্তিক অসমীয়া ভাষা পৰ্বত-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ উমৈহতীয়া সম্পদ আৰু প্ৰকাশৰ মাধ্যম। ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব আন আন জাতিসত্তা আৰু উপভাষাবোৰক সামৰি ল’বলৈ কৰা ইয়াৰ প্ৰয়াসৰ ওপৰত। এটা কথা মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰীয় অখণ্ডতা অসমীয়া ভাষাৰ অখণ্ডতা ৰক্ষাৰ যোগেদিহে সম্ভৱপৰ হ’ব।
উপ-ভাষাঃ
এটা অঞ্চলৰ ভাষা আৰু আন এটা অঞ্চলৰ ভাষাৰ মাজত ধ্বনি, ধ্বনি সংযোগ, ৰূপ আৰু শব্দমালাৰ নানা পৰিবৰ্তন দেখিবলৈ পোৱা যায়। ভাষাৰ এনে আঞ্চলিক ৰূপকে উপভাষা বোলে।
উপভাষা সৃষ্টিৰ মূল কাৰণ হ’ল মানুহৰ মাজত যোগাযোগ, আদান-প্ৰদানৰ অভাৱ। প্ৰাকৃতিক বাধা, সামাজিক বাধা আদিয়ে এই যোগাযোগৰ অভাৱৰ সৃষ্টি কৰে। বিভিন্ন প্ৰশাসন, ধৰ্ম আদিৰ অধীনত থাকিলেও মানুহে মানুহে সংযোগৰ অসুবিধা হব পাৰে। যিবোৰ মানুহৰ মাজত পৰম্পৰে মিলা-মিছা, অহা-যোৱা, বিয়া-বাৰু আদি আদান-প্ৰদানৰ সুবিধা থাকে তেওঁলোকৰ মাজত ভাষাৰ বিভেদবোৰ নাইকিয়া হৈ ভাষাই একেটা আঞ্চলিক ৰূপ লয়।
অসমীয়া মান্যভাষা আৰু উপভাষাঃ
অসমত সাংস্কৃতিক কেন্দ্ৰৰ সাল-সলনিৰ যোগেদি মান্যভাষা আৰু উপভাষা সৃষ্টিৰ উদাহৰণ দেখা যায়। অসমীয়া ভাষাটো মাগধী ৰূপৰ পৰা ৰূপান্তৰিত হৈ প্ৰথমে পশ্চিমৰ পিনেদি অসমত সোমায় আৰু অসমৰ নামনি অঞ্চলত সুকীয়া ভাষাৰূপে গঢ় লয়। পিছত এই ভাষাটো ক্ৰমে গৈ উজনি অঞ্চলত বিয়পি পৰে।
অসমত দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। উজনিৰ আহোম শাসন আৰু নামনিত বিভিন্ন শাসন ব্যৱস্থা প্ৰচলিত আছিল। দুয়োটা অঞ্চলৰ মাজৰ যাতায়তৰ অসুবিধা, বিয়া-বাৰুৰ প্ৰচলন নোহোৱা আদি কাৰণত উজনি আৰু নামনি অসমৰ লোকসকলৰ মাজত মিলা-মিছাৰ সুবিধা হোৱা নাছিল। সেই কাৰণে নামনি অঞ্চলৰ ভাষাটোৱে এটা সুকীয়া ঠাঁচ ল’বলৈ সুবিধা পালে। গতিকে অসমীয়া ভাষাটোৱে দুটা আঞ্চলিক ৰূপ পালে- এটা পূব অঞ্চলৰ বা উজনিৰ উপভাষা আৰু আনটো পশ্চিম অঞ্চলৰ বা নামনিৰ উপভাষা।
পশ্চিম অঞ্চলৰ উপভাষাক আৰু দুটা ভাগত ভগাব পাৰিঃ
কামৰূপী উপভাষা আৰু
গোৱালপৰীয়া উপভাষা।
সোতৰ শতিকাৰ আগৰ কালছোৱাত অসমৰ নামনি অঞ্চলত সাহিত্য-সংস্কৃতিৰ কেন্দ্ৰস্থলীবোৰ গঢ় লৈ উঠিছিল। কমতাপুৰ জয়ন্তাপুৰ আৰু কোচবেহাৰৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰাচীন অসমীয়া সাহিত্য এই অঞ্চলত সৃষ্টি হৈছিল। প্ৰথম অসমীয়া কবি হেম সৰস্বতী, মাধৱ কন্দলি, মনসা কবি মনকৰ, দুৰ্গাবৰ, সুকবি নাৰায়ণদেৱ, শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ আদিৰ ৰচনাত নামনি অসমৰ বিশেষকৈ কামৰূপ জিলাৰ ভাষাৰ চানেকি পোৱা যায়। কিন্তু সাংস্কৃতিক প্ৰাধান্য পোৱা এই ভাষাটোৱে আকৌ উপভাষাত পৰিণত হৈছে।
আনহাতে শিৱসাগৰ অঞ্চলত কোৱা উপভাষাটোৱে মান্য ৰূপ পালে আহোম ৰজাসকলৰ ৰাজধানী উজনি অসমত হোৱা বাবে। নামনি অসমৰ কোচৰাজ্য ধ্বংস হৈ যোৱৰ পিছত অসমত আহোম ৰজাসকলৰ তত্ত্বাৱধানত শিৱসাগৰ জিলা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰত পৰিণত হয়। আহোমসকলৰ পিছত খ্ৰীষ্ট্ৰীয়ান মিছনাৰীসকলে তাতেই কেন্দ্ৰস্থল গঢ়ি তোলে। তেওঁলোকে সেই অঞ্চলত উপভাষা শিকি সেই ভাষাতে কিতাপ-পত্ৰ লিখিবলৈ ধৰে। এনেকৈয়ে সেই অঞ্চলৰ উপভাষাটোৱে মান্যভাষাৰ ৰূপ গ্ৰহণ কৰিলে আৰু অসমৰ সমৃদ্ধিশালী নামনি অসমৰ কামৰূপী ভাষা উপভাষালৈ ৰূপান্তৰিত হ’ল।
কোনো এখন দেশত কোনো ভাষিক সম্প্ৰদায় বসতি কৰাৰ বেছিদিন নহ’লে সেই ভাষিক সম্প্ৰদায়ৰ মাজত ভাষাৰ স্থানীয় বা আঞ্চলিক পাৰ্থক্য বৰ বেছি নহয় কিন্তু শ শ বছৰ ধৰি কোনো সম্প্ৰদায় বাস কৰি থকা ঠাইত ভাষাৰ স্থানীয় পাৰ্থক্যবোৰ বেছি হয়। অসমীয়া ভাষাৰ কামৰূপী উপভাষাৰ এনে স্থানীয় ৰূপ বহু কেইটা আছে।
কামৰূপী উপভাষাৰ আঞ্চলিক
ৰূপঃ
(ক) বৰপেটা অঞ্চলৰ ভাষা,
(খ) নলবাৰী অঞ্চলৰ ভাষা আৰু
(গ) ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ ছয়গাঁও, বকো অঞ্চলৰ ভাষা।
এনেদৰে কামৰূপী উপভাষাসমূহ স্থানীয় ভাষাৰ সহযোগত এটা শক্তিশালী ভাষাৰূপে পৰিগণিত হৈছে।
(তথ্যসংগ্ৰহঃ ইণ্টাৰনেট)
No comments