Monday, March 15, 2021

L1: Assamese Chapter:2 Part: 1

Assam TET-2021 Preparation
L1: Assamese Chapter:2
অসমীয়া প্ৰথিতযশা সাহিত্যিকসকল
(খণ্ডঃ ১)
শ্ৰীমন্ত
শংকৰদেৱঃ

শ্ৰীমন্ত শংকৰদেৱ (জন্ম: ১৪৪৯ - মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই ', তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।

বৰ্তমানৰ বৰদোৱাৰ প্ৰায় মাইল দূৰত অৱস্থিত আলিপুখুৰী নামে ঠাইত ১৩৭১ শকৰ (১৪৪৯ খ্ৰীষ্টাব্দ) আহিন-কাতি মাহত শংকৰদেৱৰ জন্ম হয়। শঙ্কৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা দেৱী।

শঙ্কৰদেৱৰ সৰু অৱস্থাতে পিতৃ-মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন পালন কৰে। সৰুতে তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। খেল-ধেমালিতে কাল কটোৱা শঙ্কৰদেৱক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে।[ বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে - - শিকিয়েই ভগৱান শ্ৰীকৃষ্ণ ভক্তি বিষয়ক কবিতা 'কৰতল কমল' ৰচনা কৰি সকলোকে অভিভূত কৰে। ইয়াৰ পিছতে অধ্যাপক কন্দলিয়ে শঙ্কৰক 'দেৱ' উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে। মহেন্দ্ৰ কন্দলিৰ টোলত ছবছৰ পঢ়ি চাৰিবেদ, চৈধ্যশাস্ত্ৰ (শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দঃ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, তৃক, ন্যায়), ওঠৰ পুৰাণ ( মৎস্য , শিৱ, বিষ্ণু, স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্কণ্ডেয়, বামন, লিঙ্গ, ভৱিষ্য, ব্ৰহ্মাণ্ড, বৈৱৰ্ত্ত, পদ্ম, নাৰদী, বৃহত্‌, অগ্নি, ভাগৱত) নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত থাকোঁতেই তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়ায়। তেওঁ এজন ধীৰ-স্থিৰ, গুণী-জ্ঞানী ব্যক্তি হৈ সকলোতে বিদগ্ধ পণ্ডিত হৈ পৰে। প্ৰায় ১৭ বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহে।

শঙ্কৰদেৱৰ একৈছ বছৰ বয়সত তেওঁ নিজ কান্ধত থকা শিৰোমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰি নিজে একান্তভাৱে শাস্ত্ৰচৰ্চাত নিয়োজিত 'বলৈ মন মেলিলে। পৰকালৰ বাবে শাস্ত্ৰজ্ঞান আহৰণ কৰি ধৰ্ম কৰাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ ককাকৰ আগত ব্যক্ত কৰিলে। অন্যথা সংসাৰৰ অৰ্থ নাই। ইয়াতে নাতিয়েকৰ সংসাৰৰ প্ৰতি বিৰাগ জন্মা বুলি চিন্তিত হৈ দুই পিতামহে চাই-চিতি হৰিবৰগিৰি নামৰ এজন ভূঞাৰ সূৰ্যৱতী নামৰ কন্যাৰ লগত শঙ্কৰদেৱৰ বিয়া পাতি দিয়ে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত তেওঁ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে। সেই সময়ত কোঁচৰজা নৰনাৰায়ণৰ ৰাজত্ব চলি আছিল। কোচবিহাৰত থকা এই ভেলাদুৱাৰৰ মধুপুৰ সত্ৰত ১৪৯০ শকত ভাদ মাহৰ ২১ তাৰিখে শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণ হৈছিল।

শঙ্কৰ-মাধৱৰ মহামিলনঃ
১৪৪৪ শকৰ (১৫২২ খ্ৰীষ্টাব্দ) সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপুৰ্ণ আছিল। কাৰণ শঙ্কৰদেৱ বেলগুৰিত থাকোঁতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱে প্ৰথম শঙ্কৰদেৱক লগ পায়। মাধৱদেৱ আছিল শাক্ত ধৰ্মী। পূজা-পাতল বলি বিধান আদি মানি চলিছিল তেওঁ। কিছুদিন পুৰ্বেই পিতৃ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দুৰ্গা পূজাত গোসাঁনীলৈ বুলি এযোৰ বগা পঠা ছাগলী মনতে আগবঢ়ায়। যথা সময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যেই শঙ্কৰদেৱৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপন্থী বুলি বুজালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ ' আৰু এই বিতৰ্কৰ সমাধানকল্পে দুয়ো শঙ্কৰদেৱৰ ওচৰলৈ 'ল। যথাসময়ত শঙ্কৰদেৱৰ লগত মাধৱৰ তৰ্কযুদ্ধ আৰম্ভ 'ল। গুৰুজানে নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে। কাৰো হাৰ-জিত নাই। সুদীৰ্ঘ -ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তি-তৰ্ক চলাৰ পাছত শঙ্কৰদেৱে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি সুন্দৰ শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে আৰু বিতৰ্কৰ অন্ত পেলালে। শ্লোকটি '-

"যথাতৰোৰ্মূল নিষচনেন,
তৃপ্যন্তি
তত্স্কন্ধ- বুজোপশাখাঃ
প্ৰাণোপহাৰাচ্চ
যথেন্দ্ৰিয়াণাং
তথা
সৰ্বাচৰ্নমচ্যতেঙ্গ্যা। "

একেজন ঈশ্বৰ কৃষ্ণ পৰম আৰাধ্য দেৱতা বুলি গ্ৰহণ কৰি সেইদিনাৰ পৰা শাক্তপন্থী মহাতান্ত্ৰিক মাধৱ ' বৈষ্ণৱসকলৰ শিৰোমণি মহাপুৰুষ শ্ৰীমাধৱদেৱ। মাধৱদেৱে শঙ্কৰদেৱৰ ওচৰত শৰণ 'লে। 'শঙ্কৰ-মাধৱ' এই গুৰু-শিষ্যৰ সম্পৰ্ক হৈ পৰিল অভিন্ন আৰু তুলনাবিহীন। শঙ্কৰ-মাধৱৰ এই মহামিলনক মণি-কাঞ্চণ সংযোগ বোলা হয়।

শঙ্কৰদেৱৰ সাহিত্যঃ
কাব্যঃ হৰিশ্চন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, গোপী-উদ্ধৱ সংবাদ, কৃষ্ণ প্ৰয়াণ - পাণ্ডব নিৰ্বাৰণ।

ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থঃ ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ (সংস্কৃতত ৰচিত), নিমি-নৱসিদ্ধ সংবাদ, অনাদি পাতন।

অনুবাদমূলক গ্ৰন্থঃ ভাগৱত প্ৰথম, দ্বিতীয়, দশম স্কন্ধৰ আদিছোৱা, দ্বাদশ স্কন্ধ, ৰামায়ণৰ উত্তৰা কাণ্ড।

অঙ্কীয়া নাটঃ পত্নী প্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়।

গীতঃ বৰগীত(২৩৪টা বৰগীতৰ ভিতৰত ৩৫ টাহে পোৱা যায়), ভটিমা (দেৱভটিমা, নাটভটিমা, ৰাজভটিমা), টোটয়, চপয়।

নাম-প্ৰসঙ্গৰ গ্ৰন্থঃ কীৰ্তন,  গুণমালা।

1 comment:

Popular