Breaking News

L1: Assamese Chapter:2 Part: 2

Assam TET-2021 Preparation
L1: Assamese Chapter:2
অসমীয়া প্ৰথিতযশা সাহিত্যিকসকল
(খণ্ডঃ ২)
শ্ৰী শ্ৰী মাধৱদেৱঃ

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।

১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰী নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়। পিতৃ বৰকণাগিৰি (গোবিন্দ গিৰি ভূঞা) আছিল হৰিভুঞাৰ বংশধৰ আৰু মাতৃৰ নাম আছিল মনোৰমা। বাৰভুঞা আৰু কছাৰী মাজৰ অঁৰিয়া-অঁৰিৰ বাবে কছাৰীৰ উপদ্ৰবত গোবিন্দ গিৰি ভূঞা নিজৰ ভাৰ্য্যাসহিত (মনোৰমা) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চোৰে নিয়ে। এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পাই তেওঁলোকক নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে। এই হৰিশিঙা গিৰীৰ ঘৰতে মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা। তদুপৰি মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।

মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে।

সাহিত্য ৰচনাঃ
ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল তেজৰে কমলাপতি।

আখ্যানমূলক ৰচনাঃ ৰাজসূয় কাব্য,  আদিকাণ্ড ৰামায়ণ(অনুবাদ)

তত্ত্বমূলক ৰচনাঃ জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা

নাটঃ অৰ্জুন ভঞ্জন(প্ৰথমখন নাট), দধিমথন, চোৰ-ধৰা, পিম্পৰা-গুচোৱা, ভুমি-লেটোৱা, ভোজন-বিহাৰ

ঝুমুৰাঃ চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ (ঝুমুৰা), ভূমি লেটোৱা (ঝুমুৰা), কোটোৰা খেলা

অন্যান্য ৰচনাঃ ৰাস ঝুমুৰা

No comments