L1: Assamese Chapter:2 Part: 3
Assam TET-2021 Preparation
L1: Assamese Chapter:2
অসমীয়া প্ৰথিতযশা
সাহিত্যিকসকল (খণ্ডঃ ৩)
অনন্ত কন্দলিঃ
অনন্ত কন্দলি ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য
আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ
আত্মপৰিচয় দিছে। সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ হাজোত। দেউতাকৰ নাম ৰত্ন পাঠক। জন্মসূত্ৰে
ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ। পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুৎপত্তি লাভ
কৰি অনন্ত কন্দলি নাম লাভ কৰে। পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি
বিভূষণেৰে বিভূষিত হয়। অনন্ত কন্দলি খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ
দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ
শেষ ভাগলৈকে জীৱিত আছিল।
অনন্ত কন্দলিয়ে মহিলা আৰু শূদ্ৰকে ধৰি সমাজৰ সকলোৰে মাজত ধৰ্মবিশ্বাস
জগাবলৈ শাস্ত্ৰ ৰচনা কৰিছিল। গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুৰোধত তেওঁ ভাগৱত-পুৰাণৰ দশম
কাণ্ড অনুবাদ কৰি উলিয়াইছিল। এই ৰচনাত শঙ্কৰদেৱৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তেওঁ মাধৱ
কন্দলিৰ মূল পুথিখনৰ সহায়ত ৰামায়ণৰ পাঁচটা কাণ্ড লিখিছিল। সেইখিনিক মাধৱ কন্দলিৰ
ৰামায়ণৰ বৈষ্ণৱ সংস্কৰণ বুলি অভিহিত কৰা হয়। তেওঁ
ভাগৱতৰ পঞ্চম আৰু ষষ্ঠ কাণ্ড অনুবাদ কৰিছিল বুলিও কোৱা হয়। অনন্ত কন্দলিৰ আন আন কাব্য
হ'ল: কুমাৰ হৰণ, কাব্য ভাগৱত, ষষ্ঠ স্কন্ধৰ বৃত্ৰাসুৰ-বধ, মধ্য আৰু শেষ দশম, মহীৰাৱণ
বধ, সীতাৰ পাতাল প্ৰৱেশ, হৰি-হৰ যুদ্ধ, সহস্ৰ নাম বৃত্তান্ত।
মাধৱ কন্দলিঃ
মাধৱ কন্দলি ১৪শ শতিকাৰ কছাৰী ৰজা মহামাণিক্যৰ (আনুমানিক ১৩৩০-১৩৭০
খ্ৰীষ্টাব্দ) ৰাজসভাৰ এজন কবি। মাধৱ কন্দলিয়ে উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰ
ৰামায়ণ অসমীয়ালৈ "সপ্তকাণ্ড ৰামায়ণ" নামেৰে অনুবাদ কৰে। মহাপুৰুষ শ্ৰীমন্ত
শঙ্কৰদেৱে মাধৱ কন্দলিক "অপ্ৰমাদী কবি" আখ্যা দিছিল।
কছাৰী বা বৰাহী ৰজা মহামাণিক্যৰ ৰাজধানীৰ স্থান বা ৰাজত্বৰ সময়ৰ বিষয়ে কোনো ঐতিহাসিক প্ৰমাণ নাই। এই সম্পৰ্কে হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা, বাণীকান্ত কাকতি, বেণুধৰ শৰ্মা আদিৰ মত অনুসৰি খৃষ্টীয় চতুৰ্দশ শতিকাৰ মাজভাগত বৰাহী ৰজা মহামাণিক্যই নগাঁৱৰ কপিলী উপত্যকা অঞ্চলত শাসন কৰিছিল নাইবা উজনিৰ সোণাপুৰত (সম্ভৱতঃ শিৱসাগৰৰ সোণাৰি অঞ্চল) ৰাজধানী পাতিছিল। এইজন ৰজাৰে ৰাজসভাত প্ৰাক্-শঙ্কৰী কবি মাধৱ কন্দলিয়ে কাব্য চৰ্চা কৰিছিল। মাধৱ কন্দলিৰ আন এটা নাম "কবিৰাজ কন্দলি", সম্ভৱ তেওঁৰ কবিত্ব শক্তিৰ বাবেই পিছলৈ এই নাম পায়।
হিন্দু ধৰ্মত দিক্ষিত হোৱা ৰজা মহামাণিক্যৰ অনুৰোধক্ৰমে মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। মাধৱ কন্দলিৰ প্ৰায় এশ বছৰ পিছত অৰ্থাৎ ১৫শ শতিকাৰ দ্বিতীয়াৰ্ধত 'কৃত্তিবাসী ৰামায়ণ' আৰু ১৬শ শতিকাৰ অষ্টম দশকত তুলসীদাসৰ 'ৰাম-চৰিত মানস' ৰচিত হয়।
মাধৱ কন্দলিয়ে সহজ-সৰলকৈ সাধাৰণ ৰাইজৰ বাবে এই কাব্য ৰচনা
কৰিছিল। ইয়াৰ বিৱৰণসমূহত অসমীয়া ভাষা প্ৰথম অৱস্থাৰ ৰূপ দেখা পোৱাৰ লগতে সেইসময়ৰ
প্ৰচলিত ৰীতি-নীতিৰো আভাস পোৱা যায়। ভাষাৰ সৰলতা আৰু কাব্যিক গুণলৈ লক্ষ্য কৰি মাধৱ
কন্দলিৰ ৰামায়ণক অসমীয়া সাহিত্যৰ এক অন্যতম গুৰুত্বপূৰ্ণ অৱদানৰূপে গণ্য কৰিব পাৰি।
পিছৰ যুগৰ কবিসকলক ই প্ৰভাৱিত কৰিছিল আৰু তেওঁলোকৰ ৰচনাৰ বাবে ই এক মানস্বৰূপ আছিল।
ৰাজনৈতিক খেলিমেলিৰ মাজত মাধৱ কন্দলিৰ ৰামায়ণৰ দুটা কাণ্ড
হেৰাই যায়। পিছত নৱবৈষ্ণৱ ধৰ্মীয়ৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে এই কাণ্ড
দুটা সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। "গুৰু-চৰিত" ইয়াৰ
বিষয়ে এটা কাহিনী পোৱা যায়। কাহিনীমতে অনন্ত কন্দলিয়ে ভক্তিৰসৰ আধাৰত ৰামায়ণৰ এক
নতুন অনুবাদ কৰি মাধৱ কন্দলিৰ ৰামায়ণক লুপ্ত কৰিব বিচাৰিছিল। তেতিয়া মাধৱ কন্দলিয়ে
শঙ্কৰদেৱক সপোনত দেখা দি ইয়াৰ সংৰক্ষণৰ বাবে অনুৰোধ জনায়। তাৰ পিছত শঙ্কৰদেৱে মাধৱদেৱক
আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি উলিয়ায়। মাধৱ কন্দলিয়ে এই কাণ্ড দুটা
আগতে ৰচনা কৰিছিল নে নাই তাৰ কোনো প্ৰমাণ পোৱা নাযায়।
"দেৱজিৎ" নামৰ ১৩শ পদৰ আন এখন কাব্যত মাধৱ
কন্দলিৰ ভণিতা পোৱা যায়। ইয়াত নৰনাৰায়ণ অৰ্থাৎ অৰ্জুন আৰু কৃষ্ণৰ মাহাত্ম্য বৰ্ণনা
কৰা হৈছে। কৃষ্ণৰ সহায়ত অৰ্জুনে স্বৰ্গৰ দেৱতাসকলক কেনেকৈ জিনিবলৈ
সক্ষম হ'ল তাৰ বিৱৰণ পোৱা যায়। এই ৰচনাত পিছৰ কালত প্ৰসাৰ পাবলগীয়া নৱবৈষ্ণৱ ধৰ্মৰ
ছাঁ দেখিবলৈ পোৱা যায়। এই পুথিৰ কোনো কোনো ঠাইত কেৱল 'মাধৱ' নামহে পোৱা যায় আৰু ইয়াৰ
ভাষাও 'কথা-ৰামায়ণ'ৰ লগত নিমিলে। মাধৱ কন্দলিৰ ছদ্মনাম লৈ আন কোনো কবিয়ে এইখন ৰচনা
কৰিছে বুলি ঠাৱৰ কৰা হয়।
No comments