Breaking News

L1: Assamese Chapter:2 Part: 6

Assam TET-2021 Preparation
L1: Assamese Chapter:2 Part: 6
অসমীয়া প্ৰথিতযশা সাহিত্যিকসকল (খণ্ডঃ ৬)

চন্দ্ৰকুমাৰ আগৰৱালাঃ
চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ তেখেত আছিল অন্যতম। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা 'বনকুঁৱৰী'য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়। তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। 'জোনাকী' আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে 'জোনাকী যুগৰ ত্ৰিমূৰ্তি' বুলি কোৱা হয়। বনকুৱঁৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম কবিতা।

১৮৬৭ চনৰ ২৮ নৱেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ হৰিবিলাস আগৰৱালা আৰু মাতৃ মলয়া। তেজপুৰতে শিক্ষাজীৱন আৰম্ভ কৰি চন্দ্ৰকুমাৰে কিছুদিন কলিকতাৰ হিন্দু স্কুলতো পঢ়ে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে প্ৰেচিডেন্সী কলেজৰ পৰা এফ এ উত্তীৰ্ণ হয়। তাৰপিছত স্নাতক শ্ৰেণীত নাম লগাই যদিও শিক্ষা সমাপ্ত নকৰিলে। কলিকতাত থকাকালতে লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগত চন্দ্ৰকুমাৰৰ নিবিড় ঘনিষ্ঠতা হৈছিল।

লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগ লাগি আগৰৱালা দেৱে কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰে আৰু লগতে জোনাকী নামৰ আলোচনী প্ৰকাশ কৰে। জোনাকী প্ৰথম দুটা সংখ্যাৰ সম্পাদনাও কৰিছিল আগৰৱালাদেৱে। তাৰ পাছত আগৰৱালা দেৱে ১৯১৮ চনত ডিব্ৰুগড়ৰ পৰা "অসমীয়া" নামেৰে এখন বাতৰি কাকত প্ৰকাশ কৰে। ১৯২৪ চনত গুৱাহাটিৰ খাৰঘুলিত "নিউ প্ৰেছ" স্থাপন কৰি তাৰ পৰা "সাদিনীয়া অসম" নিয়মীয়া ৰূপে প্ৰকাশ কৰি উলিয়ায়। পিছত এই কাকতখন তিনিদিনীয়াকৈয়ো প্ৰকাশ কৰা হৈছিল।

১৯৩৮ চনৰ ২ মাৰ্চত গুৱাহাটীৰ উজানবজাৰৰ নিজা ঘৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয়।

চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত পুথি আছিল প্ৰতিমা (১৯১৩)। ইয়াৰ পিছত দ্বিতীয়খন কবিতাপুথি বীণবৰাগী প্ৰকাশ হয় ১৯২৩ চনত। মৃত্যুৰ পাছত ১৯৬৭ চনত প্ৰকাশিত তেওঁৰ আন এখন পুথি চন্দ্ৰামৃত।

সম্পাদনা কৰা কাকত জোনাকী। ইয়াৰ উপৰি অসমীয়া, তিনিদিনীয়া অসমীয়া, সাদিনীয়া অসমীয়া, বাঁহী আদি কাকতৰ প্ৰতিষ্ঠা তথা পৰিচালনাৰে সৈতে ওতপ্ৰোত ভাৱে জড়িত আছিল।

 

জ্যোতিপ্ৰসাদ আগৰৱালাঃ
জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩ - ১৯৫১) অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙনি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।

১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল। তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।

চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লয়।

১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে। জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে।

১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়। ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ।

সাহিত্য-চৰ্চাঃ
গল্পঃ ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিমান, যুঁজাৰু, সতীৰ সোঁৱৰণি, সন্ধ্যা, শিলাকুটি, নীলাচৰাই আদি।

কবিতাঃ লুইতৰ পাৰৰ অগ্নিসুৰ, জ্যোতি ৰামায়ণ,

উপন্যাসঃ আমাৰ গাঁও

গীতঃ জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি কোৱা হয়।

নাটকঃ শোণিত কুঁৱৰী (১৯২৫), কাৰেঙৰ লিগিৰী (১৯৩o), লভিতা (১৯৪৮), ৰূপালীম (১৯৩৮), নিমাতী কইনা (১৯৬৪), খনিকৰ (১৯৭৭)

No comments