L1: Assamese Chapter:2 Part: 7
Assam TET-2021 Preparation
L1: Assamese Chapter:2 Part: 7
অসমীয়া প্ৰথিতযশা
সাহিত্যিকসকল (খণ্ডঃ ৭)
হেম বৰুৱাঃ
হেম বৰুৱা (১৯১৫ - ১৯৭৭) অসমৰ এজন প্ৰসিদ্ধ কবি, সাহিত্যিক,
শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা, ভ্ৰমণ কাহিনী, আলোচনা
গ্ৰন্থ আদি ৰচনা কৰিছে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ মুঠ ৩৫খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ
চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য। বালিছন্দা (১৯৫৯) আৰু মনময়ূৰী
(১৯৬৫) তেওঁৰ কবিতা-সংকলন। স্বাধীনতা সংগ্ৰামৰ সময়ত বিয়াল্লিছৰ আন্দোলনত কাৰাবৰণ
কৰা হেম বৰুৱাই স্বৰাজোত্তৰ কালত সমাজবাদী আন্দোলনতো অংশগ্ৰহণ কৰে। তেওঁ সাংসদ হিচাপে
ইউৰোপ, আমেৰিকা, ৰুছ আদি দেশ ভ্ৰমণ কৰিছিল। ১৯৫৭ চনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদলৈ
নিৰ্বাচিত হয় আৰু চৈধ্য বছৰ কাল কাৰ্যনিৰ্বাহ কৰে।
হেম বৰুৱাৰ ২২ এপ্ৰিল ১৯১৫ চনত তেজপুৰত জন্ম হয়। তেওঁৰ দেউতাক আছিল উত্তৰ গুৱাহাটীৰ ভঁৰালী বৰুৱা বংশৰ বিনন্দী ৰাম শৰ্মা বৰুৱা আৰু মাতৃ পদ্মালোচনী দেৱী। হেম বৰুৱা আছিল তেওঁলোকৰ প্ৰথম সন্তান। তেওঁৰ তিনিজন ভায়েক আৰু চাৰিজনী ভনী আছিল। হেম বৰুৱাই যোৰহাটৰ তৰাজান তৰাজান পাঠশালা স্কুল আৰু যোৰহাট টাউন এম.ই. স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৩২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৪ চনত তেওঁ কটন কলেজৰ পৰা আই.এ. আৰু ১৯৩৬ চনত ইংৰাজী সাহিত্যত বি.এ. ডিগ্ৰী লাভ কৰে। হেম বৰুৱাই ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰী লাভ কৰে। ১৯৪৭ চনত তেওঁ শ্ৰী অণু বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পাচত তেওঁ চাৰি বছৰ বিনা কৰ্মেৰে দিন কটাবলগীয়া হয়। সেইসময়তে তেখেতে অনেক কিতাপ পঢ়ে। মাজে-মাজে টিউছন কৰে। ১৯৪১ চনত, চাব্বিশ বছৰ বয়সত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে। সেইখন মহাবিদ্যালয়ৰে অধ্যক্ষ কৃষ্ণকান্ত সন্দিকৈদেৱৰ সান্নিধ্যলৈ আহে। তেওঁৰ প্ৰেৰণা আৰু উৎসাহতে হেম বৰুৱাই তামিল গল্প "কন্নকী আৰু কাৱালান" অসমীয়ালৈ ভাঙনি কৰে। সেই গল্পটো আৱাহনত কন্নকীৰ কাহিনী হিচাপে প্ৰকাশিত হয়। তেওঁ সেইখন কলেজত মাত্ৰ এটা বছৰহে কৰ্মনিৰ্বাহ কৰিবলৈ সুযোগ পায়। তাৰ পাছতেই '৪২ৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হ'ল। ১৯৪৪ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আহ্বান মৰ্মে তেওঁ বি. বৰুৱা মহাবিদ্যালয়ত যোগদান কৰে। ১৯৪৫ চনত তেওঁ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।
১৯৭১ চনৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিচত বৰুৱা উত্তৰ শৰণীয়াৰ নিজা ঘৰত পত্নী অণু বৰুৱাৰ সৈতে বসবাস কৰিবলৈ লয়। ১৯৭৭ চনৰ ৯ এপ্ৰিলত তেওঁ শেষনিশ্বাস ত্যাগ কৰে।
সাহিত্যিক প্ৰতিভাঃ
হেম বৰুৱাৰ প্ৰথমখন ৰচনাৰ নাম আছিল Idealism and Romance
in Modern Drama। ৰচনাখন প্ৰকাশিত হৈছিল আৱাহনৰ দশম বছৰৰ সপ্তম সংখ্যাত। হেম বৰুৱা
বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত আৱাহনত হিয়াৰ মিলন নামৰ এটি চুটিগল্প প্ৰকাশ পায়।
আধুনিক নাট্য সাহিত্যত ৰিয়েলিজম আৰু ৰোমান্স আৱাহনত প্ৰকাশিত তেওঁৰ প্ৰথম প্ৰবন্ধ।
জগন্নাথ বৰুৱা কলেজত অধ্যাপনা কৰি থাকোঁতে তেওঁ কন্নকী কলাভানৰ কাহিনীক কন্নকী হিচাপে
অসমীয়ালৈ অনুবাদ কৰে। তদুপৰি এগৰাকী সাংসদ হিচাপে তেওঁ বহুকেইখন বিদেশ ভ্ৰমণ কৰে আৰু
সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলো আদি ভ্ৰমণ কাহিনী ৰচনা কৰে। ১৯৭১
চনত কিছুদিনৰ বাবে গুৱাহাটীৰ পৰা প্ৰকাশিত 'আসাম এক্সপ্ৰেছ' নামৰ ইংৰাজী দৈনিক খনৰ
সম্পাদনাৰ কাম কৰে। তেওঁ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল।
শেষত তেওঁ আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।
'মমতাৰ চিঠি' শীৰ্ষক কবিতাটো হেম বৰুৱাৰ এটি বিখ্যাত সৃষ্টি। কবিতাটোত এগৰাকী বিধৱা নাৰীৰ কাৰুণ্য প্ৰকাশিত হৈছে। একাংশ কাব্যৰসিক তথা সমালোচকে এই কবিতাটোক অসমীয়া ভাষাৰ "শ্ৰেষ্ঠ ক্লাছিক কবিতা" বুলি স্বীকৃতি দিছে। কবিতাটোৰ শিৰোনামৰ তলত বিখ্যাত ইংৰাজ কবি এজৰা পাউণ্ডৰ উদ্ধৃতি দিয়া আছে। উল্লেখযোগ্য যে, হেম বৰুৱাৰ উক্ত কবিতাটোৰ আধাৰতে এখন অসমীয়া ছবি নিৰ্মাণৰ পৰিকল্পনা ৰচা হৈছে। বৰপেটাৰ সাংস্কৃতিক অনুষ্ঠান ‘মুখা’ৰ সম্পাদক তথা নাট্যকাৰ-পৰিচালক নিৰ্মল দাসেে ২০১৯ চনৰ আগষ্ট মাহত এক প্ৰেছ মেলত এই কথা সদৰী কৰে।
ৰচনা সমগ্ৰঃ
অসমীয়া ভাষাতঃ ৫ জন নেতা (১৯৪৭), '৪২ৰ গণবিপ্লৱত অসম (১৯৪৭),
আধুনিক সাহিত্য (১৯৫০), সাগৰ দেখিছা (১৯৫৪), সানমিহলি (১৯৫৭), ৰঙা কৰবীৰ ফুল (১৯৫৯),
বালিছন্দা (১৯৫৯), কিউপিড আৰু ছাইকী (১৯৫৯), কন্নকী (১৯৬০), এই গাওঁ এই গীত (১৯৬১)
সাহিত্য আৰু সাহিত্য (১৯৬২), আঁচুফুল (১৯৬৪), মন-ময়ূৰী (১৯৬৫) ইজৰাইল (১৯৬৫), মেকং
নৈ দেখিলো (১৯৬৭), ডাকপখিলী (১৯৬৮), বহাগতে পাতি যাওঁ বিয়া (১৯৬৯), পছোৱাৰ ৰেঙনি
(১৯৬৯), স্মৃতি আৰ পাপৰি (১৯৭০), সত্য আৰু অহিংসাঃগান্ধীজী (১৯৭১), ছিন্নমূল (১৯৭৩), তলসৰা (১৯৭৬), সাহিত্য আৰু সমস্যা (১৯৭৮)।
ইংৰাজী ভাষাতঃ The August Revolution in Assam (১৯৪৬), The
Red River and the Blue Hill ( (১৯৫৪), Fairs and Festivals of Assam (১৯৫৬),
Modern Assamese Poetry (১৯৬০), Idle Hours (১৯৬১), Assamese Literature (১৯৬২),
Folk Songs of India (১৯৬৫), Lakshminath Bezbaruah (১৯৬৭)।
অনুবাদ-কৰ্মঃ ভাৰত: বৰ্তমান আৰু ভৱিষ্যত (জৱাহৰলাল নেহৰু), অসমৰ জনজাতি (সত্যেন বৰকটকী), চৰ্দাৰ বল্লভভাই পেটেল (বিষ্ণু প্ৰভাকৰ), The Age of Imperial Unity (Ed. K.M. Munshi)
হেমচন্দ্ৰ বৰুৱাঃ
হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ
সেৱক। ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা,
হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়।
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোণ) অসমৰ যোৰহাট জিলাৰ
ৰজা-বাহৰ গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল
ৰূপহী দেৱী।
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত। দেউতাকে তেওঁক
বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে ব্যাকৰণো পঢ়ুৱাইছিল।
ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ
গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিৎসাত দিনে ৰাতিয়ে
ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে। ফলত তেওঁ শিৱসাগৰলৈ
গৈ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ ঘৰত থাকিবলগীয়া হয়। কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক
শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে। তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি টকা। য'ত তেও কেপ্তেইন
ব্ৰডীৰ সংস্পশলৈ আহে,যি সেই সময়ৰ শিৱসাগৰৰ ডেপুটী কমিচনাৰ আছিল। কেপ্তেইন ব্ৰডীয়ে
আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ সহায়ত তেওঁক ইংৰাজী ভাষা আৰু সংস্কৃতিৰ জ্ঞান দিছিল।
নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেখেতে সংস্কৃত,
হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল।
১৮৫২ চনত তেখেতে বিয়া কৰাইছিল। এবছৰৰ পাছতে এজনী কন্যা সন্তান
জন্ম লাভ কৰে। জীয়েকৰ নাম পদ্মাৱতী ৰাখিছিল।
কৰ্ম জীৱনঃ
গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদত ৬ মাহৰ বাবে যোগদান।
শিৱসাগৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষা প্ৰদান।
পুনৰ ৰাজহ বিভাগৰ চাকৰিত যোগদান। (১৮৬২ চনলৈকে)
গুৱাহাটীত ন্যায়িক আদালতৰ ভাষা অনুবাদক (কাকতী) হিচাপে যোগদান।
অধীক্ষক (চুপাৰিণ্টেডেণ্ট) পদলৈ পদোন্নতি লাভ।
কামৰূপৰ উপায়ুক্ত কাৰ্যালয়ত এবছৰ অনুবাদক পদত যোগদান।
ন্যায়িক আয়ুক্ত চাহাবৰ কাৰ্যালয়ত পুনৰ যোগদান।
কিছুকাল 'আছাম নিউজ' কাকতৰ সম্পাদক।
এইবোৰৰ উপৰিও তেখেতে অসমত মিশ্যেনেৰী সকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদই সংবাদ পত্ৰৰ লগতো জড়িত হৈ আছিল।
১৮৯৬ চন(১৮১৮ শক)ৰ ১৭ ব'হাগ তাৰিখে তেখেতৰ মৃত্যু হয়।
প্ৰকাশিত পুথিঃ অসমীয়া ব্যাকৰণ, ১৮৫৯ চনত প্ৰকাশ পায়, অসমীয়া ল’ৰাৰ ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, অসমীয়া ল'ৰাৰ আদিপাঠ, পাঠ-মালা, এই পাঠ্যপুথিখন ১৮৮২ চনত ৰচনা কৰিছিল, স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়, কানীয়াৰ কীৰ্ত্তন, বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী, আছামিজ মেৰেজ ছিষ্টেম, অসমীয়া হেমকোষ, এই অভিধানখন ১৯০০ চনত প্ৰকাশ পায়।
No comments