L1: Assamese Chapter:2 Part: 8
Assam TET-2021 Preparation
L1: Assamese Chapter:2 Part: 8
অসমীয়া প্ৰথিতযশা
সাহিত্যিকসকল (খণ্ডঃ ৮)
ভবেন্দ্ৰ নাথ শইকীয়াঃ
ড॰ ভবেন্দ্ৰ নাথ শইকীয়া (১৯৩২ – ২০০৩) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক,
নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক
সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ
নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।
ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
ইয়াৰ উপৰি তেওঁ ৰেডিঅ' নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰৰ পৰা তেওঁ 'ৰজত কমল বঁটা' লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে 'পদ্মশ্ৰী' সন্মানো লাভ কৰিছিল।
ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও
চহৰত। তেওঁৰ দেউতাকৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া।
১৯৪৮ চনত তেখেত ষ্টাৰ মাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত
ভৰ্তি হয়, আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে। তাৰ
পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত
এম.এচ.চি ডিগ্ৰী লয় আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰে। ১৯৬১ চনত তেখেতে লণ্ডন
বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি তেখেতে লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ
অৱ চাইন্স এণ্ড টেকন'লজী’ৰ পৰা ডিপ্লমাও লাভ কৰে।
তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ
হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ
হৈছে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক
সম্পাদক আছিল। তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য
বঁটালাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰে। অসমীয়া নাট্য জগতত ভবেন্দ্ৰ নাথ শইকীয়াই
বিশেষ অৱদান আগবঢ়াই গৈছে। কেইবাখনো ৰেডিঅ' নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ
মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা
কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি
লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।
ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই তেওঁৰ একাধিক
সাহিত্যিক ৰচনা লিখোঁতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁ হাস্য-ব্যংগমিশ্ৰিত ৰচনাসমূহ
ছদ্মনামেৰে লিখিছিল। সেই ৰচনাসমূহ ‘প্ৰান্তিক’ আৰু সাপ্তাহিক কাকত ‘বুধবাৰ’ৰ বিভিন্ন
সংখ্যাত প্ৰকাশিত হৈছিল। তেওঁৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয়
পাঠক।
ড॰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰীতি শইকীয়াৰ
লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুজনী পুত্ৰী আছিল ড॰ সংগীতা আৰু ৰশ্মি।
২০০৩ চনৰ ১৩ আগষ্টত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই ৰোগাক্ৰান্ত হৈ নশ্বৰ দেহ ত্যাগ কৰে।
সাহিত্যকৰ্মঃ
নাটকঃ ৰম্যভূমি, নীলকণ্ঠ, মহাঅৰণ্য, দীনবন্ধু, পাণ্ডুলিপি,
আম্ৰপালি, অৰণ্যত গধূলি, মণিকূট, গহ্বৰ, অমৃত, বৰ্ণমালা, বন্দীশাল, পৰমানন্দ, শুভ-সংবাদ, বিষকুম্ভ,
অন্ধকূপ, দিগম্বৰ, স্বৰ্ণজয়ন্তী, স্বৰ্গৰ দুৱাৰ, ৰামধেনু, শতাব্দী, সমুদ্ৰ-মন্থন, জোনাক ৰাতি (অসম্পূৰ্ণ), বৃন্দাবন,
জন্মভূমি, প্ৰতিবিম্ব, এজাক জোনাকীৰ জিলমিল (একাংক)।
চুটি গল্পঃ প্ৰহৰী (১৯৬৩), সেন্দূৰ (১৯৭১), গহ্বৰ (১৯৬৯), শৃংখল (১৯৭৫), উপকণ্ঠ (১৯৯১), এই বন্দৰৰ আবেলি (১৯৮৮), বৃন্দাবন (১৯৬৫), তৰংগ (১৯৭৯), সান্ধ্য ভ্ৰমণ (১৯৯৮), গল্প আৰু শিল্প, আকাশ।
উপন্যাসঃ অন্তৰীপ (১৯৮৬), ৰম্যভূমি (১৯৯১) আতংকৰ শেষত ( ১৯৫২,
দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা একমাত্ৰ ডিটেক্টিভ উপন্যাস)
আত্মজীৱনীঃ জীৱন বৃত্ত, জীৱন ৰেখা, মোৰ শৈশৱ, মোৰ কৈশোৰ।
প্ৰবন্ধ সংকলনঃ শেষ পৃষ্ঠা (চাৰিটা খণ্ড)।
শিশুসাহিত্যঃ মৰমৰ দেউতা (১৯৯১), তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওক) (১৯৯৮), শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭), মহাদুষ্টৰ দুষ্টবুদ্ধি, মৰম।
চলচ্চিত্ৰঃ
সন্ধ্যাৰাগ, কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ
কৰে। এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম আৰু ভাৰতবৰ্ষৰ চলচ্চিত্ৰপ্ৰেমীৰ
মন জোকাৰি যায়। ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল,
সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। 'কালসন্ধ্যা' হিন্দীভাষাত নিৰ্মিত। আটাইকেইখন
ছবিয়েই কলাসন্মত ছবি হিচাপে উচ্চ প্ৰসংশিত। 'অগ্নিস্নান'ৰ চিত্ৰনাট্যই সৰ্বভাৰতীয়
পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। 'কালসন্ধ্যা'ৰ বাহিৰে আন কেইখন ছবিযে়
শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা পায়।
১. ১৯৭৭ সন্ধ্যাৰাগ অসমীয়া ৰজত কমল বঁটা (১৯৭৭)
১৯৭৮ চনৰ Cannes Film Festivalত প্ৰদৰ্শিত।
২. ১৯৮১ অনিৰ্বাণ অসমীয়া ৰজত কমল বঁটা (১৯৮১)
৩. ১৯৮৫ অগ্নিস্নান অসমীয়া ৰজত কমল বঁটা (১৯৮৫)
৪. ১৯৮৮ কোলাহল অসমীয়া ৰজত কমল বঁটা (১৯৮৮)
৫. ১৯৯১ সাৰথি অসমীয়া ৰজত কমল বঁটা (১৯৯২)
৬. ১৯৯৩ আৱৰ্তন অসমীয়া ৰজত কমল বঁটা 1(১৯৯৪)
৭. ১৯৯৫ ইতিহাস অসমীয়া ৰজত কমল বঁটা (১৯৯৬)
৮. ১৯৯৭ কালসন্ধ্যা হিন্দী
International Film Festival of India আৰু International Film Festival of India ত
প্ৰদৰ্শিত।
ড° নিৰ্মলপ্ৰভা বৰদলৈঃ
ড° নিৰ্মলপ্ৰভা বৰদলৈ(জন্মঃ ২০ জুন, ১৯৩৩ শিৱসাগৰ, অসম, মৃত্যু ১ জুন, ২০০৪)অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ
ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ
অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা।
'সূদীৰ্ঘ দিন আৰু ঋতু' শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা
লাভ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থখন বঙালী, পঞ্জাবী, হিন্দী আৰু ওড়িয়া ভাষাকে ধৰি
বহুকেইটা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গীতত ঊষা মংগেশকাৰ,
ড॰ ভূপেন হাজৰিকা, উদিত নাৰায়ণ, দীপালী
বৰঠাকুৰ, জুবিন গাৰ্গ আদিকে ধৰি অনেক অসমীয়া-অনাঅসমীয়া বহু ন-পুৰণি শিল্পীয়ে কণ্ঠদান
কৰিছিল। 'সোণৰ খাৰু নেলাগে মোক', 'কি নাম দি মাতিম', 'জোনবাই এ বেজী এটি দে', 'আগলি
বতাহে কপালে কলৰে পাত' আদি তেওঁৰ কেইটামান চিৰসেউজীয়া জনপ্ৰিয় গীত। অসম আন্দোলনৰ
সময়তো তেওঁৰ ভূমিকা আছিল বলিষ্ঠ আৰু সক্ৰিয়।
মননশীল আৰু তাত্ত্বিক দিশত চহকী তেওঁ লিখা শিৱ, দেৱী আৰু সূৰ্য
নামৰ গ্ৰন্থকেইখনক ড॰ মুকুন্দমাধৱ শৰ্মাই 'গ্ৰন্থৰত্নত্ৰয়ী'
আখ্যা দিছে। 'নীলা বাইদেউ' ছদ্মনামেৰে বৌদ্ধিক সমাজত পৰিচিত। ১৯৯৮ চনত বেলতলা লেখিকা
সমাৰোহ সমিতিয়ে তেওঁৰ জন্মদিৱসটো অৰ্থাৎ ২০ জুন তাৰিখটো 'প্ৰেৰণা দিৱস' হিচাপে উদ্যাপন
কৰাৰ সিদ্ধান্ত লয়। তেওঁ ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতিৰ পদত অধিষ্ঠিত
হৈছিল।
নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুন তাৰিখে। জন্মস্থান
হৈছে শিৱসাগৰ টাউনৰ মাজমজিয়াত থকা পুৰণা আমোলাপট্টি বা গণকপটি। পিতৃৰ নাম আছিল ধৰ্মেশ্বৰ
শৰ্মা বৰদলৈ আৰু মাতৃৰ নাম আছিল মুক্তাবালা বৰদলৈ।
ৰচনা সমূহঃ
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ উপযোগীঃ অসমৰ লোক-সংস্কৃতি,
কবিতাৰ কথা, অসমৰ লোক কবিতা, সাহিত্য আৰু সংস্কৃতি, কবিতা দেশী-বিদেশী, আধুনিক কবিতা,
অসমীয়া চুটি গল্প, কবিতা আৰু প্ৰকৃতি, কাৰ্বি সমাজ সংস্কৃতিৰ এচেৰেঙা, ৰবীন্দ্ৰনাথৰ
গীত আৰু কবিতা, স্বাধীনতা সংগ্ৰমাৰ গীত-মাত আৰু কথা, বৰগীতৰ কথা, যাত্ৰা আৰু অংকীয়া
ভাওনা, দেৱী, শিৱ, সূৰ্য্য, গোপন বাসনা আৰু ৰাতিসেৱা।
সৃষ্টিমূলক তথা মৌলিকঃ বন ফৰিঙৰ ৰং, সমীপেষু, দিনৰ পাছত দিন, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু, অমিতাভ শব্দ। শব্দৰ ইপাৰে শব্দৰ সিপাৰে, নিৰ্মল প্ৰভা বৰদলৈৰ নিৰ্বাচিত কবিতা, বন্দুকোঁকী আৱাজ চে সুবহ হোতী হেই কিয়া, বসন্তৰ এদিন।
সম্পাদনা আৰু নিদেৰ্শনাঃ কবিতা মঞ্জৰি, এশ বছৰৰ অসমীয়া কবিতা(যন্ত্ৰস্থ),
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিত আৰ্য্যভিন্ন উপাদান (যন্ত্ৰস্থ), পাঞ্চালী, বিবাহ।
কণিকা (শিশু আলোচনী, সম্পাদিকা)
গানৰ সংকলনঃ সোনবৰণী আই, সূৰুজমখী, ফুলৰ এই মেলাতে।
উপন্যাসঃ জলপদ্ম
শিশুৰ সাহিত্যঃ চিল চিল চিলা বগী চিলমিলা, অসমীয়া ওমলা গীত, কথা চৰিত্সাগৰ, সুৱদী মাত, শিশু গীতি-নাট্য সংকলন, শালিকী ৰটৌ টৌ, মন উৰণীয়া, মানুহ (১০টা খণ্ডাৰ), সেউজী সেউজী (নাট সংকলন), হাঁয় নাৰিকল পিঠা, জিকিমিকিৰ কথা, এনেহেন মৰমৰ দেশ, ৰজা, বন্ধু, গছে গছে পাতি দিলে ফুলৰে শৰাই।
নাটক, কাব্য নাটক, সংগীতালেখ্যঃ মেঘদুত (কাব্যনাট), ওৰণী (নৃত্য-নাটিকা),
তৃতীয় অংক(নাটক), অগ্নিগৰ্ভা (নাটক), বেউলা (নৃত্য-নাটিকা), ফুলকোঁৱৰ (সংগীতালেখ্য),
মহাকাল (পূৰ্ণাংগ নাটক), সোণবৰণী আই (নাটক), পুতলা নাচ (নাট), মেগমল্লাৰ, বিহুৰে বিৰিণাৰ
পাত, ৰাগ বসন্ত, বুকুৰ আপোন আই (নৃত্য-নাটিকা), কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰ
কুমাৰ আগৰৱালা, অসমৰ জনজাতীয় গীত-মাত, মাজুলী, আই (নৃত্য-নাটিকা), ৰঙালী, ভোগালী,
জেং বিহু(নৃত্য-নাটিকা)
আত্মজীৱনীঃ জীৱন জীৱন বৰ অনুপম
অনুবাদ সাহিত্যঃ তুলসী দাস, মীৰাবাঈ, বিন্দু আৰু সিন্ধু, আমাৰ লাগতিয়াল গছ-গছনি, এছিয়াৰ সাধু, উৰিষ্যাৰ লোক-সংস্কৃতি, অমৰত্বৰ আভাস (ছোভিয়েট কবিতা), তাও তে চিং (চীনৰ কবিতা), নামঘোষা (অসমীয়াৰ পৰা বঙালীলৈ), ডাকঘৰ (বঙালী নাট), শব্দৰ আকাশ (উৰিয়া কবিতা), শুভ বাৰ্তা (বাইবেলৰ পৰা), প্ৰাৰ্থনা ( বাইবেলৰ পৰা), আলা মেলুৰ হুতাহ, সিংহ পোৱালিয়ে গুজৰিবলৈ শিকিলে, ময়ূৰৰ পাখিত থকা চকু, ৰাণী লক্ষ্মীবাঈ।
No comments