Teacher’s Qualities
শিক্ষকৰ প্ৰয়োজনীয় গুণাৱলীসমূহ আৰু শিক্ষা পৰিচালনাত শিক্ষকৰ ভূমিকাঃ
শিক্ষকৰ প্ৰয়োজনীয় গুণাৱলীসমূহ(Teacher’s Qualities):
ছাত্ৰ-ছাত্ৰীসকলৰ মনত পৰোক্ষ আৰু মনোবৈজ্ঞানিক প্ৰভাৱ পেলাবৰ বাবে শিক্ষকৰ বিশেষ কিছুমান গুণৰ প্ৰয়োজন। এই সমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি-
ক)দৈহিক উপযুক্ততা(Physical fitness): শিক্ষকৰ দৈহিক আকৰ্ষণীয়তাই ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে প্ৰভাৱাম্বিত কৰে। দৈহিক উপযুক্ততাৰ ফালৰ পৰা শিক্ষকৰ দৃষ্টিশক্তি, শ্ৰৱণ শক্তি, স্ব-ধ্বনি আদি অত্যন্ত স্বাভাৱিক আৰু দোষমুক্ত হোৱাটো বাঞ্চনীয়।
খ)বৌদ্ধিক সক্ৰিয়তা(Intellectual activity): শিক্ষকসকল বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হ’ব লাগে। তেওঁলোকৰ এক অধ্যয়নপুষ্ট মন, নতুন জ্ঞানৰ প্ৰতি স্পৃহা আৰু অনুসন্ধিৎসাৰ স্বভাৱেহে ছাত্ৰ্ সকলৰ মনত নিজকে নিত্য নতুন কৰি ৰাখিব পাৰে।
গ)মনোবৈজ্ঞানিক সচেতনতা(Psychological consciousness): শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মন পৰিচালিত কৰিবৰ বাবে মনোবৈজ্ঞানিকভাৱে সচেতন হোৱা উচিত। শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ নিৰীক্ষণ আৰু সেইবোৰৰ সমাধানৰ বাবে মনোবিজ্ঞানৰ বিভিন্ন নীতি আৰু পদ্ধতি সমূহৰ লগত শিক্ষক সকল পৰিচিত। হ’ব লাগে। ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু অভিৰুচিৰ ওপৰত গুৰুত্ব দি শিক্ষা দিবলৈ হ’লে শিক্ষক সকলৰ মনোবিজ্ঞানৰ জ্ঞান থকাটো দৰকাৰ।
ঘ)আৱেগিক নিয়ন্দ্ৰণ(Emotional Control): ছাত্ৰৰ নিয়ন্ত্ৰণ আৰু অনুশাসনকাৰী শিক্ষক নিজেই আত্ম-নিয়ন্ত্ৰিত হোৱা উচিত। তেওঁ নিজে আৱেগ অনুভূতিবোৰ নিয়ন্ত্ৰিত কৰিব পাৰিলেহে শিক্ষাৰ বিভিন্ন সমস্যাসমূহ সুস্থিৰভাৱে সমাধান কৰিব পাৰে।
ঙ)বিনম্ৰতা(Politeness): শিক্ষকৰ আন এটা প্ৰধান গুণ হৈছে বিনম্ৰতা। উচ্চ চিন্তা আৰু সৰল জীৱন-যাপনে তেওঁক স্বাভাৱিকতেই বিনয়ী আৰু মৰমিয়াল কৰি তুলিব লাগে। এনে ব্যক্তিত্বৰ দ্বাৰা তেওঁ সমাজৰ সকলো ব্যক্তিকেই সহজে আকৰ্ষণ কৰিব পাৰে।
চ)নিয়মানুগত্যতা(Sense of discipline): শিক্ষক সদায় নিয়মানুবৰ্তী হোৱা উচিত। শিক্ষকসকলে সমাজৰ আৰু স্কুলৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি আস্থা, নিষ্ঠা আৰু আনুগত্যৰ ভাৱ দেখুৱাব লাগে। ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁ নিজেই এক উদাহৰণ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ উঠিব লাগে।
ছ)সহানুভূতিশীলতা(Sense of Sympathy): শিক্ষকৰ অন্তৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সদায় কোমল, সংবেদনশীল আৰু সহানুভূতিশীল হ’ব লাগে। শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ সুখত সুখী আৰু দুখত দুখী হ’ব পৰা অনুভূতিশীলতাৰেহে তেওঁ সকলোৰে সহযোগিতা লাভ কৰিব পাৰে।
শিক্ষা পৰিচালনাত শিক্ষকৰ ভূমিকা(Rule of teacher in educational management):
সুস্থ শিক্ষা পৰিচালনাৰ বাবে উপযুক্ত শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰি তোলাটো শিক্ষকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। ছাত্ৰক শিক্ষাদান কৰাৰ পূৰ্বে শিক্ষকে তেওঁৰ শৈক্ষিক বছৰটোৰ বাবে কৰিব লগা কাৰ্য্যসূচীৰ পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰি তুলিব লাগে।
শিক্ষা পৰিচালনাৰ ক্ষেত্ৰত ছাত্ৰৰ বাবে অনুমোদিত পাঠ্যক্ৰম আৰু কাৰ্য্যক্ৰম আৰু কাৰ্য্যসূচীসমূহ স্কুলৰ ক্ৰিয়া সম্পাদন কৰিব লগা দিন কেইটাৰ সময়সূচী অনুসৰি সাপ্তাহিক, মাহেকীয়া আৰু ছমহী্যা ক্ৰিয়াসূচী স্বৰূপে বিভক্ত কৰি ল’ব লাগে। শিক্ষাৰ এই ক্ৰিয়া-আঁচনি প্ৰস্তুত কৰা হ’লেহে তেওঁৰ বছৰেকীয়া শৈক্ষিক কৰ্তব্য সূচাৰুৰূপে সম্পাদন কৰাটো সম্ভৱ হৈ উঠিব পাৰে।
ইয়াৰোপৰি শিক্ষাক সুস্থভাৱে পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় আইন-কানুন প্ৰণয়ন কৰা আৰু সেইবোৰ যাতে ছাত্ৰৰ দ্বাৰা যথাযথভাৱে প্ৰতিপালিত হয় তাৰ ব্যৱস্থা কৰা শিক্ষকৰ কৰ্তব্যৰ ভিতৰুৱা। ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনীয় ক্ষেত্ৰত শাস্তি আৰু পুৰস্কাৰ প্ৰ্দানৰ ব্যৱস্থা কৰাও শিক্ষা পৰিচালনাৰ অন্তৰ্গত। সেয়েহে শিক্ষকে শাস্তি আৰু পুৰস্কাৰ দিয়াৰ নীতি মানি চলা দৰকাৰ।
বিদ্যালয়ৰ সমাজখন সুস্থভাৱে পৰিচালিত কৰিবলৈ শিক্ষকে পাঠ্যক্ৰমৰ লগতে সহ-পাঠ্যক্ৰমৰো ব্যৱস্থা কৰিব লাগে। ইয়াৰ দ্বাৰা ছাত্ৰীৰ সৰ্বাত্মক বিকাশ সাধন হয়। ছাত্ৰৰ খেলা-ধূলা, নৃত্য-গীত, তৰ্ক আৰু আলোচনা চক্ৰ আদিত শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তেওঁলোকক উৎসাহিত কৰি তোলাটো তেওঁৰ কৰ্তব্য।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)
No comments