বিহুগীতত নাৰীৰ সৌন্দৰ্য
হাতৰে আঙুলি পবালি পবালি
ভৰিৰে আঙুলি ঘন
কোনজন ঈশ্বৰে তোমাক সৰজিলে
চাইনো চাই থাকিব মন।
কেতিয়াবা আকৌ বিহুৱা ডেকাই নিজৰ প্ৰেয়সীৰ মুখখন আকাশৰ জোনবাইৰ সৈতে তুলনা কৰি এইদৰে গোৱা দেখা যায় -
বাঁহৰে আগলৈ চাই পঠিয়ালো
বাঁহৰ কোনডালি পোণ
চেনেহীৰ মুখলৈ চাই পঠিয়ালো
যেন পূৰ্ণিমাৰে জোন।
আকৌ কোনোবা সময়ত বিহুৱা ডেকাই গাভৰুৰ মন পাবলৈ যত্ন কৰি গোৱা দেখা যায় -
তোমাৰ চকুযুৰি সৰগৰ তৰাযেন
মুখখনি পূৰ্ণিমাৰ জোন
ঈশ্বৰৰ শপত কোৱাছোন সছাকৈ
তোমাৰ মৰমৰ কোন
এইদৰে শাৰীৰিক সৌন্দৰ্যৰ প্ৰশংসাৰ মাধ্যমেৰে ডেকা সকলে গাভৰুৰ মন জুখি ছোৱা দেখা যায়। সাধাৰণতে প্ৰেমিকা অথবা জীৱন সংগীনীজনী ৰূপয়তী হোৱাটো সকলো পুৰুষৰে কাম্য। সেয়েহে ৰূপহী এজনীৰ খামুচীয়া ককাল,হৰিণীৰ দৰে চকু,পকা থেকেৰাৰ দৰে গাল অথবা ডালিম গুটিৰ দৰে দাঁত দুপাৰিও প্ৰশংসাৰ পৰা সাৰি নাযায়। সেয়েহে গাভৰুক উদ্দেশ্যি বিহুৱাই গায়-
কিমান যে শুৱলা তোমাৰ মাত লাহৰী
কিমান যে শুৱলা মাত
পকা থেকেৰা যেন তোমাৰ গাল দুখনি
ডালিমৰ গুটি যেন দাঁত
কেতিয়াবা আকৌ প্ৰেয়সীৰ অপৰূপ সৌন্দৰ্য্যত মোহিত হৈ প্ৰাকৃতিক উপাদানৰ সৈতে সাঙুৰিও বৰ্ণনা কৰা দেখি-
হাতৰে আঙুলি কিনো চায়ে যাবা
জিলিকে জেতুকাৰ বোল
জেতুকাৰ ৰঙেৰে
হাতকে
বোলালা
ওঠত বৰহমথুৰিৰ বোল
মন কৰিবলগীয়া এইটোৱেই যে প্ৰতিটো বিহুগীতত প্ৰকৃতিৰ ফল মূল, গছ -গছনিৰ লগতে মাছ-কাছ জীৱ-জন্তু অথবা ছৰাই -চিৰিকতি ইত্যাদিৰ লগত সংগতি ৰাখি নাৰী সৌন্দৰ্যক সুন্দৰ ভাবে বৰ্ণনা কৰা হয়। কেতিয়াবা গাভৰুৰ ঘন দীঘল চুলিটাৰিৰ সৌন্দৰ্য্য বৰ্ণাই গাইছে-
ওখকৈ বান্ধিলি দীঘল চুলিটাৰি
ৰিহাটো পদুমৰ পাহি
তোৰেঐ মুখনি চন্দ্ৰমাৰ নিচিনা
বামি মাছৰ দৰে চুলি
কেতিয়াবা আকৌ গায়-
তোমাৰ চকুযুৰি হৰিণাৰ চকুযেন
বুকুত পদুমৰ চকা
লাহী হাত দুখনি পদুমৰ ঠাৰি যেন
ৰেচম কাপোৰেৰে ঢকা
মুঠতে বিহুগীতত নাৰীৰ অপৰূপ বৰ্ণনা স্বত:স্ফূৰ্ত আৰু স্বাধীন ভাবে প্ৰকাশ পাই আহিছে। নাৰী দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই থকা অজস্ৰ সৌন্দৰ্য ভাণ্ডাৰ বিহুগীতত অতি সাৱলীলভাবে প্ৰকাশিত হৈ আহিছে। প্ৰিয়তমাৰ শুৱলা মাত, জিলিকি থকা গালদুখন, লাহীককাঁলৰ সৈতে বৈ পৰা চেলাউৰী, উঠন বুকু, হাতী দাঁতৰ দৰে কলাফুল ইত্যাদি একোৱেই যেন সাৰি নাযায় বিহুগীতৰ মাজত।
এই সমস্ত সৌন্দৰ্য্যৰ অধিকাৰী গুনৱতী প্ৰেয়সীক জীৱনৰ লগৰী কৰি পোৱাৰ পিছত প্ৰেয়সীক যেন তিলমান সময়ো নেদেখি থাকিব নোৱৰা হৈ পৰে বিহুৱা।তেতিয়াই বিহুৱাই মন প্ৰাণ ঢালি বিহুগীত জোৰে এইদৰে
তোকে চাই আমনি নালাগে মইনাজান
পেটতো নালাগে ভোক
মিচিকিয়া হাঁহিটি লাহৰী ওঠতে
কোন স'তে এৰিমে তোক
এইদৰেই বিহুগীতৰ মাজত নাৰীৰ ৰূপ লাৱন্য বিৰাজমান হৈ আছে।লোকসাহিত্যৰ অন্যতম অংশ বিহুগীতৰ এই কলিসমূহ শুনিলে এগৰাকী ৰূপহী নাৰীক সহজতে কল্পনা কৰি লব পাৰি।
No comments