পিঁয়াজ
পিঁয়াজঃ
(শৰীৰৰ প্ৰতিৰোধ ক্ষমতা(Immunity)
বৃদ্ধিৰ বাবে পিঁয়াজ)
পিঁয়াজ নোহোৱাকৈ আমাৰ এসাঁজো ভাত নচলে৷বহুতৰ প্ৰিয় খাদ্য হ'ল কেঁচা পিঁয়াজ নাইবা চালাডত মিহলি পিঁয়াজ৷ পিঁয়াজৰ ব্যৱহাৰ ৫হেজাৰৰো অধিক বছৰ পুৰণি৷ বুৰঞ্জীয়ে কোৱা মতে ইজিপ্তত পিৰামিডৰ নিৰ্মাণৰ লগত জড়িত বনুৱাসকলক কামৰ বিনিময়ত পিঁয়াজ দিয়া হৈছিল৷ এচিয়াৰ বিভিন্ন দেশ আৰু মধ্যপ্ৰাচ্যত বহু হাজাৰ বছৰৰ পৰা পিঁয়াজৰ খেতি চলি আহিছে৷ কলম্বচে পিঁয়াজৰ সঁচ বেষ্ট ইণ্ডিজ আৰু আমেৰিকালৈ লৈ যায়৷আজি বিশ্বৰ অধিক পিঁয়াজ উৎপাদনকাৰী দেশৰ তালিকাত আমেৰিকাও আছে৷আন আন দেশ হ'ল-ভাৰত, পাকিস্তান, চীন, ৰাচিয়া, স্পেইন, ইজিপ্ত৷পিঁয়াজ ডাঙৰ, মজলীয়া আৰু সৰু তিনিটা আকাৰৰ হয়, সৰহ সংখ্যক খেতি মজলীয়া বিধৰ হয়৷আকৌ সচৰাচৰ আমি দেখা ৰঙা বিধৰ বাহিৰে এবিধ বগা পিঁয়াজো আছে৷ পিঁয়াজৰ ব'টানিকেল নাম হ'ল- এলিয়াম চিপা(Allium cepa)।
পিঁয়াজৰ গুণাগুণঃ
ইয়াক এবিধ উত্তম খাদ্যৰ
তালিকাত ৰাখিব পাৰি; কাৰণসমূহ চমুকৈঃ
*পিঁয়াজত এলিচিন ( Allicin )নামৰ ৰাসায়নিক তত্ব থাকে-যাৰ ফলত ই হৈ পৰে বেক্টেৰিয়া, ফাংগাচ আৰু ভাইৰাচ প্ৰতিৰোধকাৰী৷ ই কলেষ্টৰল কমায়৷
*তেজৰ নলীৰ কঠোৰতা (stiffness ) কমায়, যাৰ ফলত ৰক্তচাপ কমে৷
*প্লেটলেটক গোট মৰাত বাধা দিয়ে ফলত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কমে৷
*ট্ৰেচ মিনাৰেল ক্ৰমিয়াম থকাৰ ফলত ইনচুলিনে ভালদৰে ক্ৰিয়া কৰে আৰু ডায়েবেটিজৰ নিয়ন্ত্ৰণত সহায়ক হয়৷
*কোৱেৰচেটিন (Quertin) নামৰ এন্টিঅস্কিডেন্ট আছে যি হ'ল কেঞ্চাৰ প্ৰতিৰোধকাৰী, *এন্টি-ইনফ্লেমটৰী আৰু ডায়েবেটিজ প্ৰতিৰোধকাৰী৷
ভিটামিন-বি কমপ্লেস্ক থকাৰ বাবে মগজুৰ ক্ৰিয়াত সহায়ক হয়৷
*ভিটামিন-চি, মেংগানিজ,
পটাচিয়াম আাদি থকাৰ ফলত শীতকালীন ৰোগ প্ৰতিৰোধত সহায়ক হয়৷
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)
No comments