ৰংমন আৰু দস্যু ভাস্কৰ চিৰিজ
ৰংমন
আৰু দস্যু ভাস্কৰ চিৰিজ
✍ ধীৰেন
শইকীয়া, গুৱাহাটী
আশীৰ দশকত আমি বিদ্যালয়ত অধ্যয়নৰত থাকোতে 'শ্ৰীভূমি পাৱলিচিং কোম্পানী'য়ে প্ৰকাশ কৰা ৰংমন ৰচিত 'দস্যু ভাস্কৰ' চিৰিজ নিয়মীয়াকৈ পঢ়িছিলো ৷ সত্তৰ - আশীৰ দশকত অসমীয়া সাহিত্যৰ ইতিহাসত খলকনিৰ সৃষ্টি কৰি সাংঘাটিক ধৰণে জনপ্ৰিয়তা লভিছিল এই চিৰিজটোৱে ৷
সুন্দৰ ভাষা,আকৰ্ষনীয় উপস্থাপন আদিয়েই এই থ্ৰিলাৰ চিৰিজটোৰ জনপ্ৰিয়তাৰ মূল কথা ৷ জনামতে,দস্যু ভাস্কৰ চিৰিজৰ অধীনত ৬১ খন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু প্ৰতিখন গ্ৰন্থই পাঠকৰ অভূতপূৰ্ব সহাঁৰি পাবলৈ সক্ষম হৈছিল৷ দস্যু ভাস্কৰৰ এই চিৰিজসমূহত বিভিন্ন অভিযানৰ মনোগ্ৰাহী বৰ্ণনা আছিল,যিবোৰে আমাৰ কিশোৰ মনটোক তেতিয়া আকৰ্ষন কৰিছিল৷অৱশ্যে সেই কালত অসমীয়াত পাফু চিৰিজ, গোলাই চিৰিজ, জেচন চিৰিজ, বিজুলী চিৰিজ আদিও পঢ়া মনত পৰে৷ ভাস্কৰ চিৰিজৰ কিতাপসমূহত দস্যু ভাস্কৰৰ বিভিন্ন অভিযানৰ বৰ্ণনা আছে ৷ভাস্কৰ চিৰিজৰ কেন্দ্ৰীয় চৰিত্ৰ ভাস্কৰৰ প্ৰকৃত নাম হ'ল কমল বড়া৷ গুৱাহাটীত ছাত্ৰাবাসত থাকি পঢ়িবলৈ অহা কমল বড়াই দুখীয়া নিচলা মানুহক সহায় কৰিবলৈ খুলিছিল এটি সংগঠন, নাম দিছিল ‘মানৱ সংঘ’৷ কেইগৰাকীমান সংস্কাৰকামী মনৰ সংগীৰ সহযোগত দূৰ্ণীতিগ্ৰস্ত কলাবেপাৰীৰ পৰা ডকাইতিৰে ধন সংগ্ৰহ কৰি দুখীয়া নিচলাৰ উপকাৰৰ বাবে সেয়া খৰচ কৰি আহিছিল৷ কিন্তু এটা সময়ত পুলিচৰ চকুত পৰা বাবে কমল বড়াই আত্মগোপন কৰি দস্যু ভাস্কৰ ছদ্মনাম লয় আৰু সকলোৰে অজ্ঞাতে নিজৰ কাম সাহস আৰু পৰিকল্পিভাৱে চলাই থাকে৷ আনকি ভাস্কৰে জয়ন্তীয়া পাহাৰৰ গুহা এটাত নিজৰ গোপন আস্তানা গঢ়ি তুলি তাৰ পৰাই কামকাজ চলাই থাকে।
প্ৰচুৰ মেধাৱী কমল বড়াই সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাত কটন কলেজত স্নাতক পঢ়িবলৈ আহে। প্ৰথমে অত্যন্ত চতুৰভাৱে ডকাইতি কৰি আহৰণ কৰা ধন, 'মানৱ সংঘ'ৰ জৰিয়তে দুখীয়াক দিয়াৰ পৰিকল্পনা হাতত লয়। এই অনুষ্ঠান ঠন ধৰিও উঠে। কিন্তু ঘটনাচক্ৰত পৰি কমল বড়াই দস্যু ভাস্কৰ নামেৰে ডকাইতিসমূহৰ দায়িত্ব মূৰ পাতি লবলগাত পৰে। দস্যু ভাস্কৰক ধৰিবলৈ পুলিচৰ ডিটেকটিভ পিনাকী শৰ্মা, প্ৰদীপ কাকতি, কিৰীটি শইকীয়া,ইন্দ্ৰজিৎ দত্ত, বিকাশ বৰুৱা আদিৰ নিৰন্তৰ অভিযানৰ কথাবোৰে পাঠকক আজিও গা-মূৰ শিহৰিত কৰে ৷ ভাস্কৰৰ সহযোগী আছিল সোমন, ধীৰেন ,ফেহু, বোন্দা, ফিঙা, তীৰ্থংকৰ , পাৰ্থ, ৰিয়াজ আদি অনেকজন ৷ এই ভাস্কৰ চিৰিজৰ লেখক হ'ল ৰবীন দে, যিয়ে ছদ্মনাম ৰংমন ব্যৱহাৰ কৰি লিখিছিল চিৰিজটো৷ ৰবীন দে আছিল উজনি অসমৰ নাজিৰাৰ সন্তান৷ ১৯২২ চনৰ ২২ মাৰ্চত নাজিৰাত জন্মগ্ৰহন কৰা ৰবীন দে পিছলৈ কলিকতাৰ পৰা প্ৰকাশিত 'ছোভিয়েট দেশ' নামৰ আলোচনীখনৰ অসমীয়া বিভাগত প্ৰুফ ৰিডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বুলি জনা যায় ৷ পৰৱৰ্তী সময়ত ১৯৮০ চনৰ কলিকতাতে ইহলীলা সম্বৰণ কৰে বুলি জনা যায়৷ নাজিৰাৰ পৰা ১৯৪৩ চনত মেট্ৰিক পৰীক্ষা পাছ কৰি কলিকতালৈ পঢ়িবলৈ গৈ অসমলৈ আৰু উভতি অহা নাছিল হেনো ৰবিন দে৷ কলিকতাত থাকিয়েই অসমৰ ভৌগলিক পৰিসীমা আৰু থলুৱা আচাৰ নীতি সমূহৰ ওপৰত নিৰ্ভৰ কৰি পৰিশীলিতভাৱে দস্যু ভাস্কৰৰ কাহিনীভাগ সাৱলীলভাবে আগবঢ়াই নিয়াটো সহজ কথাও নাছিল৷ নিজে বঙালী হৈও নিভাঁজ অসমীয়া ভাষাৰ প্ৰয়োগ কৰি এই চিৰিজটো অসমীয়াত লিখা কথাটো আজিও আলোচনাৰ বিষয়বস্তু৷
প্ৰচুৰ উৎকণ্ঠাৰ মাজতো ধেমেলীয়া কথাবাৰ্তাৰ অৱতাৰণা তেওঁৰ ৰচনাৰ অন্যতম বৈশিষ্ট৷ এই চিৰিজৰ আমি পঢ়া কিতাপসমূহৰ ভিতৰত দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ, গুহা মানৱ ভাস্কৰ, চক্ৰভেদী ভাস্কৰ,বিমান যুদ্ধত ভাস্কৰ, দস্যু ভাস্কৰৰ অন্তৰ্ধান, দস্যু ভাস্কৰ আৰু অদৃশ্য দানৱ, অস্থিৰ সীমান্ত আৰু দস্যু ভাস্কৰ, ভাস্কৰৰ প্ৰতিজ্ঞা পূৰণ,ক্ষমাহীন ভাস্কৰ, বন্ধু ভাস্কৰ, জুলিবা পাৰত ভাস্কৰ ক্ৰোধবহ্নি, নৰঘাতক ভাস্কৰ আদি অন্যতম৷ অৰ্থবহ বেটুপাত প্ৰতিখন চিৰিজৰ জনপ্ৰিয়তাৰো অন্যতম কাৰক৷
No comments