অপৰাজিতা ফুলৰ চাহ আৰু চৰ্বত
অপৰাজিতা ফুলৰ চাহ আৰু চৰ্বতঃ
বিভিন্ন বনৌষধিৰ দৰে অপৰাজিতা আমাৰ অসমত বিশেষকৈ মাংগলিক কাৰ্য অৰ্থাৎ পূজা পৰ্বত যথেষ্ট ব্যৱহাৰ হয় বুলিহে জ্ঞাত। কিন্তু অপৰাজিতাৰ যে বিশেষ গুণ আছে আৰু ঔষধি গুণেৰে সম্পন্ন, সেই বিষয়ে হয়তো বহুতে জ্ঞাত নহয়। অপৰাজিতা বহুত ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ, যেনে- অপৰাজিতা চাহ, অপৰাজিতা চৰ্বত, অপৰাজিতা জুইচ ইত্যাদি।
অপৰাজিতা চাহ আৰু ইয়াৰ উপকাৰিতাঃ
অপৰাজিতা চাহ সেৱন কৰি মানুহে বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰে যেনেঃ
*অপৰাজিতা চাহ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি, বল ক্ষয় আৰু ব্ৰেইন ট’নিক হিচাপে বহুত উপকাৰী।
*অপৰাজিতা চাহ সেৱন কৰিলে মানসিক চাপ, আনন্দহীনতাৰ পৰা উপশম পায়।
*অপৰাজিতা চাহ খালে এণ্টিঅক্সিজেণ্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
*অপৰাজিতা চাহ সেৱন কৰিলে দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপৰ পৰা উপশম পায়।
*অপৰাজিতা চাহ সেৱন কৰিলে অনিদ্ৰা, গাৰ বিষৰ পৰা উপশম পায়।
*অপৰাজিতা চাহ সেৱন কৰিলে চৰ্দি, কাহ, এজমা, মাত ভঙাৰ পৰা উপশম পায়।
*শীতকালত অপৰাজিতা চাহ সেৱন কৰিলে চৰ্দি, জ্বৰ, কাহৰ পৰা উপশম পায়।
*যিসকলৰ সুন্দৰ কণ্ঠ, তেওঁলোকে অপৰাজিতা চাহ নিতৌ দুবাৰকৈ সেৱন কৰিব লাগে।
*অপৰাজিতা চাহ সেৱন কৰিলে চুলিৰ বৃদ্ধি হয়, চুলিৰ উজ্জ্বলতা আৰু চুলি পকা আদি সমস্যাৰ পৰা উপশম পায়।
*অপৰাজিতা চাহ সেৱন কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু ক’লা দাগৰ পৰা উপশম পায়।
*অপৰাজিতা চাহ সেৱন কৰিলে উচ্চ ৰক্তচাপ, হৃদৰোগ, মধুমেহৰ পৰা উপশম পায়।
*অপৰাজিতা চাহ সেৱন কৰিলে শ্বেতপ্ৰদাৰ, ৰক্তপ্ৰদাৰৰ পৰা উপশম পায়।
আজিকালি প্ৰায় মানুহ আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ থকা বিশেষ ফল, ফুল আৰু বনৌষধি, যি বিশেষ ঔষধি গুণেৰে সম্পন্নৰ বিষয়ে যথেষ্ট জ্ঞাত। কেৱল যে আমাৰ অসমৰ মানুহে এই বনৌষধিৰ, ফল-ফুলৰ বিষয়ে জ্ঞাত তেনে নহয়, আজিকালি সমগ্ৰ দেশতে বনৌষধিৰ বিশেষ চৰ্চা লাভ কৰিছে আৰু আয়ুৰ্বেদক আকোঁৱালি লোৱাৰ প্ৰমাণ পোৱা গৈছে। বিশেষকৈ- হালধি, তুলসী, আমলখি, ব্ৰাহ্মী, অপৰাজিতা আৰু বহুতো ঔষধি গুণসম্পন্ন ফল-ফুল আৰু বনৌষধি আমাৰ অসমৰ লগতে সমগ্ৰ দেশতে ইয়াৰ প্ৰচলন আৰু চৰ্চা অব্যাহত হৈ আছে।
অপৰাজিতা চাহ প্ৰস্তুত কৰা প্ৰণালীঃ
খুব সহজে আমি অপৰাজিতা চাহ তৈয়াৰ কৰিব পাৰোঁ। আজিকালি বজাৰত অপৰাজিতাৰ শুকান চাহ(শুকান ফুল) পেকেটত উপলব্ধ। যেতিয়া অপৰাজিতা উপলব্ধ থাকে, তেতিয়া আমি সহজে অপৰাজিতা চাহ তৈয়াৰ কৰি ল’ব পাৰোঁ।
প্ৰণালীঃ
কেৱল এজন ব্যক্তিৰ বাবে যদি অপৰাজিতা চাহ তৈয়াৰ কৰে তেনেহ’লেঃ
(ক)অপৰাজিতা ফুল(নীলা ৰঙৰ)- ৫ পাহ
(খ)গৰম পানী: ১-২ গিলাচ
ভালকৈ অপৰাজিতা ফুল ৫ পাহ ধুই গৰম পানীখিনিত দি দিব। ১৫ মিনিট তিয়াই থোৱাৰ পিছত সেইখিনি ভালদৰে চেকি ল’ব। তাৰ পিছত পুনৰ সেইখিনি গৰম কৰি সেৱন কৰিব পাৰিব। যদি ভাৱে ৩-৪ টোপালমান নেমু চেকি দিব পাৰে।
শুকান অপৰাজিতা ফুল চাহৰ বাবে কেনেকৈ সংৰক্ষণ কৰিবঃ
যদি আপুনি এমাহৰ বাবে সংৰক্ষণ কৰিব বিচাৰে, তেনেহ’লে ১৫০ পাহ অপৰাজিতা ফুল ভালদৰে ধুই দুদিনৰ পৰা তিনি দিন ভাল ৰ’দত শুকুৱাব। সম্পূৰ্ণ শুকান হ’লে কাঁচৰ বৈয়ামত ভৰাই থ’ব। যেতিয়া অপৰাজিতা চাহ বনাব ৪-৫ টা মান শুকান অপৰাজিতা ফুল গৰম পানীত দি উতলাব আৰু চেকি চাহৰ দৰে সেৱন কৰিব।
অপৰাজিতা চৰ্বত প্ৰস্তুত কৰা প্ৰণালীঃ
অপৰাজিতা চৰ্বত সতেজ অপৰাজিতা ফুলৰ পৰা তৈয়াৰ কৰিব পাৰিব। অপৰাজিতা শুকান ফুল যদিও পেকেট ৰূপত বজাৰত উপলব্ধ। তথাপি সতেজ অপৰাজিতা ফুলৰ চৰ্বত খুব ফলদায়ক হয়।
প্ৰণালীঃ
কেৱল এজন ব্যক্তিৰ বাবে যদি অপৰাজিতা চৰ্বত প্ৰস্তুত কৰে তেনেহ’লেঃ
(ক)অপৰাজিতা ফুল- ১০ পাহ
(খ)নেমু- ১/৪ এটুকুৰা
এগিলাচ ঠাণ্ডা পানীত অপৰাজিতা ফুলকেইটা তিয়াই থ’ব প্ৰায় ১৫ মিনিট। তাৰ পিছত সেইখিনি চেকি তাত ৫-৬ টোপাল নেমুৰ ৰস চেপি দিব আৰু অলপ ঘূলি ল’ব। তাৰ পিছত তাত এটুকুৰা বৰফ মিলাবব, যদি নিবিচাৰে তেনেকৈ সেৱন কৰিব পাৰে। যদি পেটৰ কিবা সমস্যা আছে, তেনেহ’লে ২-৩ চিকুট ক’লা নিমখ দি ল’ব পাৰিব।
বজাৰত উপলব্ধ চাহ আৰু চৰ্বতবোৰৰ দৰে অপৰাজিতা চাহ আৰু চৰ্বত বহুত ঔষধি গুণেৰে সম্পন্ন।
বিনা খৰচত তৈয়াৰ কৰি বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পৰা চাহ বা চৰ্বতবিধেই গৰম দিনত হৈছে অপৰাজিতা চাহ আৰু চৰ্বত।
২ বছৰৰ পৰা বৃদ্ধ বয়সৰ ব্যক্তিয়ে এই চাহ আৰু চৰ্বত সেৱন কৰিব পাৰিব। কোনো বিশেষ ৰোগত আক্ৰান্ত ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি অপৰাজিতা চাহ আৰু চৰ্বত সেৱন কৰাটো বাধ্যতামূলক।
অপৰাজিতা চৰ্বত আৰু উপকাৰিতাঃঅপৰাজিতা চৰ্বত গৰম দিনত সেৱন কৰিব পৰা এবিধ উপকাৰী চৰ্বত। যিহেতু আমি গৰম দিনত পেপছি, ক’ক আদি সেৱন কৰোঁ, যাৰ ফলত আমাৰ দেহৰ একো লাভ নহয়, বৰঞ্চ ক্ষতিহে হয়। গতিকে ইয়াৰ পৰিৱৰ্তে যদি আমি অপৰাজিতা চৰ্বত সেৱন কৰোঁ, তেনেহ’লে আমি বহুগুণে উপকৃত হ’ম আৰু আমাৰ দেহ শীতল হয় আৰু বিভিন্ন সমস্যাৰ পৰা বিৰত ৰাখিব পাৰে।
*অপৰাজিতা চৰ্বত গৰম দিনত ঠাণ্ডা পানী আৰু বৰফ মিহলাই সেৱন কৰিলে মন সতেজ হৈ থাকে। আনন্দহীনতাৰ পৰা আঁতৰাই ৰাখে আৰু মনটো প্ৰফুল্ল হৈ থাকে।
*অপৰাজিতা চৰ্বত কেৱল যে গৰম দিনত সেৱন কৰিব লাগে তেনে নহয়, শীতকালত অপৰাজিতাৰ চৰ্বত নিয়মীয়া পানীত বনাই সেৱন কৰিলে চৰ্দি, কাহ, জ্বৰৰ পৰা উপশম পায়।
*অপৰাজিতা চৰ্বত সেৱন কৰিলে প্ৰস্ৰাৱ জ্বলা-পোৰাৰ পৰা উপশম পায়।
*অপৰাজিতাৰ চৰ্বত সেৱন কৰিলে চুলি বৃদ্ধি হয়, চুলিত হোৱা সমস্যাৰ পৰা উপশম পায়।
*অপৰাজিতা চৰ্বত সেৱন কৰিলে উচ্চ ৰক্তচাপ, হৃদৰোগ, উচ্চ কলেষ্টেৰলৰ পৰা উপশম পায়।
*অপৰাজিতা চৰ্বত সেৱন কৰিলে অনিদ্ৰা, মানসিক চাপৰ পৰা উপশম পায়।
*অপৰাজিতা চৰ্বত ক’লা নিমখেৰে সেৱন কৰিলে অম্লপিত্ত, অতিচাৰ, বায়ু ৰোগৰ পৰা উপশম পায়।
*অপৰাজিতা চৰ্বত সেৱন কৰিলে শ্বেত প্ৰদাৰ, ৰক্ত প্ৰদাৰৰ পৰা উপশম পায়।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)
No comments