Breaking News

অপ্ৰাপ্তিৰ শেষত

অপ্ৰাপ্তিৰ শেষত


দীপাঞ্জলী দাস, ৮৫৫নং কঠোৰবৰী প্ৰাথমিক বিদ্যালয়

জেতুকাবুলীয়া সুবাস এটাই তাক অস্থিৰ কৰি তুলিলে।

ম’লখনৰ ইফালে সিফালে ঘূৰি ফুৰিছে সি; কিজানি সেই চিনাকি গোন্ধটোৰ গৰাকিনী, সেই চিনাকি মুখখন দেখা পায়।

নাই, নেদেখিলে। ম’লখনত ঘূৰাঘূৰি কৰি একো নিকিনাকৈ সি ওলাই আহি গাড়ীত বহিল। চিটটোত হেলান দি তন্দ্ৰাসক্ত চকু দুটা জপাই দিলে সি।

: আসঃ, কিমান বছৰৰ মূৰত এই সুবাস...  ক'ত হেৰাল সুগন্ধি বিলোৱা এই চিনাকি মুখখন-- আজি তিনি বছৰেও সেইখন মুখৰ স’তে মুখামুখি হোৱাৰ সুযোগ মিলা নাই । মনটো তাৰ বিষণ্ণতাৰে ভৰি পৰিল। গাড়ীখন ষ্টাৰ্ট দি মিউজিক চিষ্টেমটো লগাই সি ম’লৰ পাৰ্কিঙৰ পৰা ওলাই আহিল। বাজি থাকিল গানটো.....

মেঘৰ বিষাদ বিজুলী যত খেলা

পুৱা গধূলি ৰং...

দিয়া মোক দিয়া সুবিশাল এটি মন

আঁকোৱালি লম অৰণ্যৰ ভৰ...

 

তিনিবছৰ হৈ গ’ল নীলাক নেদেখা। তাৰ এটা ভুল সিদ্ধান্তৰ বাবেই হেৰুৱাই পেলাবলগীয়া হ’ল তাৰ মৰমৰ নীলাজনীক। আৰু তাই ... কিমান ছাগে কষ্ট পাইছিল !

উফ... সকলো দেখিও সি নেদেখাৰ ভাও জুৰিছিল, একমাত্ৰ তাইৰ সুখৰ কথা ভাবি।

বৰষুণৰ আবেলি এটাত এজাক ক'লা ডাৱৰৰ তলত এৰি থৈ আহিছিল তাইক। এবাৰো উভতি চোৱা নাছিল;  চালেই কিজানি সি দুৰ্বল হৈ পৰে । প্ৰায় ছমাহৰ পিছত সি আকৌ তাইক বিচাৰি গৈছিল, কিন্তু নাপালে।  আনকি তাই ফোন নম্বৰো সলনি কৰি পেলাইছিল। ছ’চিয়েল মিডিয়াত তাইক প্ৰতিদিনেই বিচাৰি সি হতাশ হ’ল। তাইৰ ঠিকনা নাই । হেৰাই গ’ল তাই। কিন্তু সেই চিনাকি সুৱাসটো আজিও অচিনাকি নহ’ল তাৰ ওচৰত ।

আজি তিনি বছৰৰ পিছত আকৌ সেই চিনাকি সুবাস ... আস্‌ ...

: নীলা!

এটা চিঞৰ মাৰি সি গাড়ীখন ৰখাই দিলে। হয়, সেইজনী নীলা, এতিয়াও তাই তাৰ প্রিয় ৰঙেৰে নিজক সজাই থৈছে। গাড়ীখন পাৰ্ক কৰি সি একপ্ৰকাৰ দৌৰি যোৱা দৰেই গ'ল। এক চেকেণ্ড দেৰি হ’লেই কিজানি হেৰুৱাই পেলায় তাইক।

ঘন ঘন উশাহত সি যেন মাত মাতিব পৰা নাই । তথাপিও যিমান পাৰে সহজে মাতিলে --

: নীলা !

তাই ঘূৰি চাই কোনো উচ্ছাস নোহোৱাকৈ ক’লে --

: নীলা নহয়, মোৰ নাম নিলাক্ষী, নিলাক্ষী দত্ত।

: মোক চিনি পোৱা নাই তুমি ? মই অবিনাশ, তোমাৰ অবি।

: মই অবিনাশ ফুকনক চিনি পাওঁ কিন্তু অবিক আজি তিনিবছৰ আগতেই এৰি আহিছোঁ পুৰণি ষ্টেচনত।

: আসঃ প্লিজ নীলা, মোৰ ভুলৰ শাস্তি আৰু নিদিবা। ক্ষমাৰ যোগ্য মই নহওঁ; কিন্তু মোক সঁচাবোৰ ক'বলৈ এবাৰ সুযোগ দিয়া-- কিয় তোমাক মই এৰি আহিছিলোঁ। কিয় বুকুত শিল বান্ধি তোমাক মোৰ পৰা আঁতৰাই ৰাখিছিলোঁ। প্লিজ এবাৰ সুযোগ দিয়া। 

অবিনাশৰ মাতত যেন বিষাদ বাগৰিছে।

নিলাক্ষীয়ে নিজক যিমান পাৰে চম্ভালি ল’লে । মনৰ মাজত যুদ্ধ আৰম্ভ হ’ল - আকৌ বিশ্বাস কৰিবনে! পুৰুষ নামৰ প্ৰবঞ্চকবোৰক আকৌ সুযোগ দিবনে তাই হিয়া ভাঙিবলৈ! থৰ হৈ থকা নীলালৈ চাই অবিনাশে আকৌ উচপিচাই উঠিল-- প্লিজ নীলা, প্লিজ ...

নিলাক্ষীয়ে একো কথা নুশুনি কিতাপৰ দোকানখনৰ পৰা কিতাপখন নোলোৱাকৈয়ে গুচি আহিল । আহি থকা ৰিক্সাখন ৰখাই ৰুমলৈ গুচি গ'ল । পিছফালৰ পৰা অবিনাশৰ আকুল মাত--  নীলা...নীলা..

ৰুমৰ দৰ্জাখন খুলি বিছনাখনত আউজি মজিয়াতে বহি পৰিল নীলা। সামৰি থোৱা বুকুৰ বিষটো যেন আকৌ বেছি হৈ পৰিল। ক’ব নোৱাৰাকৈয়ে দুচকুৰে দুটোপাল চকুলো বাগৰি আহিল। তাইৰ ভিতৰখনে উচুপি উঠিল।

মনটো পাঁচবছৰৰ আগৰ সেই দিনবোৰলৈ উৰা মাৰিল।

প্রতিটো দিনেই সুখেৰে পৰিপূৰ্ণ আছিল সিহঁতৰ । হাঁহি-কান্দোন মান-অভিমানেৰে সম্পূৰ্ণ যেন এটি এটি প্ৰেমৰ কবিতা আছিল সেই মুহূৰ্তবোৰ। সেই চহৰৰ প্ৰতিটো গলি, প্ৰতিজোপা গছ, প্ৰতিখন ৰেষ্টুৰেণ্ট, সেই আকাশখন, সেই বতাহবোৰ যেন সিহঁতৰ প্ৰেমৰ সাক্ষী আছিল।

শীতৰ সেই বৰ্ষণমুখৰ আবেলিটোৰ পৰাই সকলোবোৰ যেন সলনি হৈছিল।

নীলাক্ষীৰ বাবে গধূলিৰ ক্ষণবোৰত যেন প্ৰতিটো চিনাকি বস্তুৱে বিষাদৰ মালিতা গাইছিল। নাই, নোৱাৰিলে সহিব। ইমান বিষাদ বুকুত কঢ়িয়াই কেনেকৈ জীয়াই থাকিব!  অবিনাশৰ প্ৰতাৰণাই তাইক বিচলিত কৰি তুলিছিল। প্রিয় চহৰখন তাইৰ বাবে বিষাক্ত হৈ পৰিছিল। সেয়ে তিনি মাহৰ পিছত গুচি গৈছিল চহৰখন এৰি। অবিনাশৰ চিনাকি কাৰো লগতেই তাই যোগাযোগ ৰখা নাছিল। অকলেই এই চহৰখনত নিজকে খাপখুৱাই লৈছিল।  ছুটিৰ দিনকেইটাত ঘৰলৈ যোৱাৰ বাহিৰে একো কথাই নতুনকৈ ভবা নাছিল তাই। নিজকে এটা খোলাৰ ভিতৰত সুমুৱাই জীয়াই থাকিবলৈ শিকিছিল। আৰু এতিয়া আকৌ সেই দুখৰ আবেলি এটা হৈ অবিনাশৰ উপস্থিতি।  নাই, নোৱাৰে কোনোপধ্যে । বিশ্বাস নকৰে পুৰুষক । আঁঠু দুটা খামুচি পুনৰ উচুপি উঠিল তাই । কিমান সময় পাৰ হ’ল গমেই নাপালে ।

কলিং বেলৰ শব্দত নীলাক্ষী ভাৱনাৰ পৃথিৱীৰ পৰা ঘূৰি আহিল। নিজকে ঠিক কৰি ল’লে --এই সন্ধ্যা বৰুৱানী খুড়ীৰ বাহিৰে কোনো নহয় বুলি ভাবি তাই দৰ্জাখন খুলি দিলে ।

:অবি ! মানে অবিনাশ, তুমি ইয়াত ?

:প্লিজ নীলা, এবাৰ মোক সঁচাবোৰ ক'বলৈ দিয়া, প্লিজ।  আধা ঘণ্টা সময় দিয়া।  তাৰ পিছত মই তোমাক কোনোদিন আমনি নকৰো ।

এই গধূলিৰ ক্ষণটোত তাৰ লগত তৰ্ক কৰি নিজৰ ইমেজ বেয়া কৰাতকৈ নীলাক্ষীয়ে তাক ভিতৰলৈ মাতিলে ।

: বহা ।

 চকীখন দেখুৱাই তাই থিয় হৈ থাকিল ।

: নীলা, তোমাক মই যি দুখ দিলোঁ তাৰ বাবে তোমাৰ ওচৰত শতবাৰ ক্ষমা বিচাৰিছোঁ ।

: প্লিজ অবিনাশ, কি ক’বলৈ আছে কোৱা আৰু সোনকালেই ইয়াৰ পৰা গুচি যোৱা ।

: নীলা, এইবোৰ তোমাক এৰি যোৱা এমাহৰ আগৰ কথা, মোৰ মাৰ অসুখ হোৱাৰ কথা মনত আছেনে তোমাৰ ? ইমাৰজেঞ্চি অপাৰেচন কৰিব লগা হৈছিল ।

: উম ।

: তেতিয়া মাৰ অপাৰেচনৰ বাবে একলাখ টকা দৰকাৰ হৈছিল আৰু মোক সেই টকা দিছিল আমাৰ কম্পেনীৰ মিছেছ চলিহাই। সেই টকাৰে মাৰ অপাৰেচন সুকলমে হৈ গৈছিল।  কিন্তু তাৰ বিনিময়ত মই মিছেছ চলিহাৰ ওচৰত মোৰ পুৰুষত্ব বিক্ৰী কৰিব লগা হৈছিল।

: কি !

: হয় নীলা, মই  মাক জীয়াই ৰখাৰ বাবে ইচ্ছাৰ বিৰুদ্ধে গৈ নিজৰ সৰ্বোচ্চ ত্যাগ কৰিব লগা হৈছিল । ভাবিছিলোঁ টকাখিনি ঘূৰাই দিয়াৰ পিছত সকলো ঠিক হৈ যাব, কিন্তু মিছেছ চলিহাই মোক ব্লেকমেইল কৰিবলৈ ল’লে। এই ব্লেকমেইলৈকে মোৰ ঠিকেই আছিল। কিন্তু টকাখিনি ঘূৰাই দিয়াৰ পিছতো মিছেছ চলিহাই তেওঁৰ আৰু মোৰ কিছুমান অশ্লীল ফটো দেখুৱাই বাৰে বাৰে মোক ব্যৱহাৰ কৰিব বিচাৰিছিল। মই তেওঁৰ কথাত প্ৰতিবাদ কৰাত তেওঁ তোমাক টানি আনিছিল আমাৰ মাজলৈ। মোক অনিষ্ট কৰাৰ উপৰিও তোমাৰ জীৱন বৰবাদ কৰি দিম বুলি মোক ভয় দেখুৱাইছিল। মই নিজৰ বাবে সকলো দুখ মূৰপাতি লবলৈ সাজু আছিলোঁ; কিন্তু তোমাক ... তোমাৰ দুখ হোৱা আৰু তুমি কষ্ট পোৱা মোৰ সহ্যৰ বাহিৰত আছিল, নীলা। আৰু তেওঁৰ নিচিনা ধনীশ্ৰেণীৰ এক নিকৃষ্ট চৰিত্ৰৰ মানুহে কিবা যে অঘটন ঘটাব পাৰে সেয়া বুজি উঠিছিলোঁ। সেইদিনা মই সিদ্ধান্ত লৈছিলোঁ তোমাক মোৰ জীৱনৰ পৰা আঁতৰাই ৰাখিম। তোমাৰ ভৱিষ্যতটো মোৰ বাবে বিষময় হোৱাটো মই কেতিয়াও নিবিচাৰোঁ, সেয়ে মই তোমাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ললোঁ।

 ইয়াৰ উপৰিও মই অন্তৰ্দ্বন্দ্বত ভুগিছিলোঁ। মোৰ শৰীৰটো যে ধৰ্ষিত, নীলা .....

: কি !

: অকল নাৰীয়েই ধৰ্ষিতা নহয় নীলা, পুৰুষো ধৰ্ষিত হয়। নিজৰ অসহায় সময়ত নিজৰ বিবেক আৰু মনক নেওচি যেতিয়া নিজৰ ইচ্ছাৰ বিৰুদ্ধে কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিব লগা হয়, তেতিয়া পুৰুষৰ লগত সেয়া এক প্ৰকাৰৰ ধৰ্ষণ। নাৰী ধৰ্ষিতা হ’লে প্ৰতিবাদ হয়, কাৰণ সমাজে দুৰ্বল শ্ৰেণীৰ ওপৰত কৰা অত্যাচাৰৰ ন্যায় বিচাৰে । কিন্তু পুৰুষে কেনেকৈ ন্যায় বিচাৰিব; কাৰণ যুগে যুগে সেই পুৰুষেই নাৰীক অত্যাচাৰ কৰি আহিছে শাৰীৰিক আৰু মানসিক ভাৱে।

: অবি !

শিলামূৰ্তিৰ দৰে ইমান পৰে থিয় দি থকা নীলাক্ষীয়ে নিজকে চম্ভালি চকীখন খামুচি ধৰি উচুপি উঠিল।

: তোমাক বৰ্ষণমুখৰ আবেলিটোত যে এৰি গৈছিলোঁ সেই দিনাই কম্পেনীৰ কামটো ৰিজাইন দি ঘৰলৈ গুচি আহিছিলোঁ। তেনেকৈয়ে তিনিমাহ পাৰ হৈছিল, তাৰ পিছত বেলেগ এটা কম্পেনীত জইন কৰিছিলোঁ। তাৰ অলপ দিনৰ পিছতেই জানিব পাৰিলো মিছেছ চলিহাৰ হাৰ্ট এটেক হৈ মৃত্যু ঘটিল, কিন্তু কম্পেনীৰ মানুহে তেওঁক কোনোবাই হত্যা কৰা বুলি সন্দেহ কৰিছিল। ডিভোৰ্চী মহিলাৰ ঘৰ। পৰিয়াল বুলি কোনো নাছিল । সেয়ে তেওঁৰ মৃত্যুত মূৰ ঘমাবলৈ কাৰো সময় নাছিল।

: অ’, তুমি মানে তেওঁৰ মৃত্যু হোৱা বাবে মোক বিচাৰি আহিলা । আমাৰ প্ৰেম ইমান ঠুনুকা আছিলনে অবি ? এগৰাকী মহিলাই আমাৰ জীৱন তচ-নচ কৰি পেলালে । তুমি অকল তোমাৰ কথা চিন্তা কৰিলা অবি। তুমি স্বাৰ্থপৰ। যদি মোৰ কথাও ভাবিলাহেতেন তেতিয়া তোমাৰ অবিহনে মোৰ জীৱন কিমান বিষময় হৈ উঠিব পাৰে সেইকথাও তোমাৰ মনলৈ আহিলহেতেন । তুমি লগত থকা হ’লে মোৰ জীৱন ইমান দুৰ্বিসহ নহ’লহেতেন । এতিয়া কি বিচাৰি আহিছা ইয়াত ?

: নীলা ,তুমি মোৰ পৰিস্থিতিৰ কথা ভালদৰে ভাবি চালে বুজি পাবা ছাগে । তোমাক ভাল পাওঁ বাবেই আজিও অকলেই আছোঁ, তোমাৰ ভালপোৱাবোৰ সামৰিয়েই জীয়াই আছোঁ । তোমাৰ পৰা মই একো নিবিচাৰোঁ, মাথোঁ সঁচাবোৰ কৈ যাবলৈহে আহিছিলোঁ ।

: দুখৰ পৰিধি ভাঙি আজি মই মোক সহজ কৰি তুলিছোঁ । আৰু জটিল নকৰিবা মোৰ জীৱন । প্লিজ, তুমি যোৱাগৈ এতিয়া ।

: যাম নীলা,কিন্তু তোমালৈ সদায়ে অপেক্ষা কৰিম ।  যদি মোৰ ভুলবোৰ, দোষবোৰ ক্ষমা কৰিব পাৰা তেন্তে অহা সোমবাৰে দহ বজাত শিৱমন্দিৰটোত তোমাক লগ পাম ।

সি ওলাই যোৱাৰ পিছত নীলাক্ষীৰ মনৰ মাজত বলি থকা ধুমুহাজাক দেখোন শান্ত হৈ পৰিল । চকুৰ পৰা দুটা মুকুতা সৰি পৰিল ।

অস্থায়ী ভাবে পাতি লোৱা থাপনাখনত বন্তি আৰু ধূপ জ্বলাই তাই অফিচলৈ যাবলৈ ওলাল। যাৱতীয় বস্তু কেইবিধ বেগত ভৰাই স্কুটীখন ষ্টাৰ্ট দিলে ।

আজি সোমবাৰ, কি কৰিব তাই ? অফিচলৈ যাবনে মন্দিৰলৈ যাব !  মনৰ মাজত আকৌ ধুমুহা এজাক বলিল, কি কৰিব তাই ! 

পুৱাৰ পৰা আকাশখন আৱৰি ৰখা কলীয়া ডাৱৰবোৰ বৰষুণজাকৰ পিছত আঁতৰি গ’ল । ধুলিয়ে ঢকা সেউজীয়াবোৰ আকৌ উজ্বলি উঠিছে। নীলাক্ষীয়ে সেউজীয়াবোৰৰ মাজেৰে শিৱমন্দিৰটোৰ দিশত স্কুটীখন লৈ আগবাঢ়িল।

No comments