বিহুগীতত ফুলৰ নান্দনিক সৌন্দৰ্য
বিহুগীতত ফুলৰ নান্দনিক সৌন্দৰ্য
✍ অজয় বৰুৱা, দৰং
ব'হাগ মানে ঋতুৰাজ বসন্ত।বসন্ত মানেই ন-ন ফুলৰ সুবাস চৌপাশে। শীতৰ জঠৰতা তন্দাচন্দ কৰি ৰখা প্রকৃতিৰ বিভিন্ন ৰঙেৰে ৰাঙলী হয় এই বসন্ত। যাৰ ৰাগী আৰু সৌন্দৰ্যই মতলীয়া কৰে ডেকা গাভৰুৰ মন,শৰীৰ।বসন্তত পলাশ, শিমলু, মদাৰে ডাল ভৰি ৰঙীণ হৈ থাকে,থাকে মনো। শীত কালত গছ-গছনি লতিকাৰ পাত সৰি লঠঙা হৈ পৰে। ফাগুণ-চ'তৰ পচোৱাই প্রকৃতিৰ সমস্ত বস্ত্ৰ কাঢ়ি উলংগ কৰি পেলায়। প্রকৃতৰ এই বিবস্ত্ৰ অৱস্থা প্ৰত্যক্ষ কৰিয়েই ধৰাৰ বুকুলৈ নামি আহে বসন্ত। বসন্তই ৰূপ -ৰস,গোন্ধ আৰু ন ন সাজ পাৰ,আ-অলংকাৰেৰে প্ৰকৃতিক এনে ধৰণে আকর্ষণীয় কৰি তোলে যে প্রকৃতিৰ এনে আকৰ্ষণীয় ৰূপত আকৃষ্ট হৈ চৰাই-চিৰিকটিয়ে সুললিত কণ্ঠৰে গীত গাই এক যৌৱনাময় পৰিবেশৰ সৃষ্টি কৰে। প্রকৃতিৰ বুকুত নানা ফুলে ৰঙৰ মেলা পাতে।
শিৰৰ সেওঁতাত কি ফুলৰ ছবি আঁকো?
শিমলু, মদাৰ,পলাশ নে এজাৰ,,,?
মদাৰ ফুল হেনো অপৰিচিত,
শিমলুত জুই,
এজাৰত বেজাৰ,
পলাশ অশ্রু, বিষাদ।
কি ফুলৰ ছবি আঁকো,, ?
দুহাতৰ মুঠিত লুকুৱাই নেৰাখিবা
ৰঙৰ মুকুতা
ফাগুনৰ দুপৰীয়া সকলো ৰিঙা।
ঠিক আছে, ফাগুনৰ ৰঙেৰে ৰিঙা
নকৰো
তোমাৰ কপাল,
শুভ্ৰ দুগালৰ স'তে
সেওঁতাত দিওঁ
তেজৰঙী এক বিশ্বাস
এমুঠি সেন্দুৰ,,,,। (সেন্দুৰ)
এই ফাগুনৰ পিছে পিছে বসন্তৰ আগমন। নতুন মাদকতাৰে পৰিপূর্ণ হৈ থাকে প্ৰকৃতিত থকা নাহৰ, ভেবেলীলতা, মাধুৰি লতা, কেতেকী, কপৌফুল, চম্পা, বকুল, কৃষ্ণচূড়া, তগৰ আদি। যিবোৰে সোঁৱৰাই দিয়ে ভালপোৱাৰ গভীৰতা। চৰাই-চিৰিকতি,পশু-পক্ষী, বুঢ়া-মেঠা, ডেকা-গাভৰুৰ সকলোৰে মন-প্রাণ নতুনত্বৰে ভৰি পৰে। এনে নৈসৰ্গিক পৰিৱেশৰ বোকোচাত উঠিয়েই আহে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। এই ব'হাগৰ পৰিচয় দাঙি ধৰে নানা ৰঙী ফুলেবোৰে। বসন্তকালত পালন কৰা ৰঙালী বিহুত বসন্তৰ পৰশত গছ, বিৰিখ, বন-লতিকা, মঞ্জুৰি আদিৰ ফুল'-পাতে স্মৃতিক সাৱতি নতুন সজীৱতা আনে। কবিৰ কবিতাৰ মাজেৰে প্রকাশ পায় ব'হাগৰ ফুলৰ কলি। গীতত বিৰাজমান ব'হাগৰ গৰিমা আৰু ব'হাগত ফুলা ফুল ,,,,।
নাহৰঃ
"নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে নুশুৱায়
তগৰ ফুলে নুশুৱায়
কপৌফুল শুৱাব। "
সেইদৰে
"আজি নাহৰ ফুলিছে
এইহেন বতৰত তোমালৈ মনত
পৰে,
খিৰিকীখন জপাই থওঁ বুলিও থ'ব।
পৰা নাই,,,,,। (চন্দ্রকুমাৰ আগৰৱালা)
নাহৰৰ সম্পৰ্কে অসমীয়া সংস্কৃতিৰ সাধক ছৈয়দ আব্দুল মালিকদেৱে কৈছিল-- "ব'হাগত নাহৰৰ ডালত পৰি কুলিয়ে বনাই। নাহৰৰ শোভাই সহজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। পিৰামিড আকৃতিৰ গঠন কৰি শুভ্ৰ ৰঙৰ বাবে নাচনীয়ে নাহৰ ফুল বিহু নাচৰ সময়ত ব্যৱহাৰ কৰে। "
বিহু গীতৰ ৰচক সকলে প্ৰকৃতিৰ গছ-লতা, ফল-ফুলক একাষৰীয়া কৰি বিহুগীত ৰচনা কৰা কথা হয়টো ভাবিয়েই পোৱা নাছিল। তেওঁলোকে দেখিছিল চ'ত মাহত দ'ল যেন গছবোৰত নাহৰ ফুল ফুলা। নাহৰ ফুলৰ সুৰভিৰ তীব্ৰ মাদকতা বতাহৰ বোকোচাত বহুত দূৰলৈ উৰি যায় আৰু নাহৰৰ মাদকতাই বিহুবলীয়া ডেকা-গাভৰৰ মন উৰুৱাই নাচে। শোভাবৰ্ধন কৰা এই গছজোপা চিৰসেউজ। ফুলবোৰ সুগন্ধিযুক্ত ,পাপৰিবোৰ ৰঙা,বগা আৰু পুঁকেশৰবোৰ সোণালী যিবোৰে সৌন্দৰ্যত নতুন মাত্ৰা প্রদান কৰিছে। বসন্তকালত ফুল-ফল-গন্ধে অনন্য কৰা ফুলবিধ ঔষধি গুণ সম্পন্নও। এই সময়চোৱাত কুলী কেতেকীয়ে নাহৰৰ গছত পৰি বনাই, বিহু অহাৰ বতৰা দিয়ে।
কৃষ্ণচূড়াঃ
কৃষ্ণচূড়া হ'ল আজন্ম প্ৰতীক। ৰঙা হোৱা বাবে ফুলপাহ হৃদয়ৰ ভালপোৱা পৰিস্ফূত হয়। গীত, কবিতাত ভালপোৱাৰ পৰিভাষা বুজাবলৈ অতিকৈ ব্যবহৃত ফুলবিধেই হ'ল কৃষ্ণচূড়া। সেউজীয়া পাতে ইয়াক দৃষ্টিনন্দন কৰি তোলে। ব'হাগ যিহেতু এক প্রেমৰ উৎসৱ সেইবাবে ব'হাগতো এই ফুলপাহে বিশেষ মান্যতা পায়।
"কৃষ্ণচূড়া কৃষ্ণড়া, কৃষ্ণচূড়া,
কৃষ্ণচূড়া
তোমাৰ কাণত,,, ,," (জয়ন্ত হাজৰিকা)
ভাৰতৰ উপমহাদেশবোৰত সাধাৰনতে বসন্ত কালত ফুলা কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ চমৎকাৰ পত্র-পল্লৱ আৰু জুই দৰে ৰঙা ফুল যদিও কমলা, হালধীয়া ফুলো দেখা যায় যিবোৰ সৌন্দৰ্য্য বৰ্ধন আৰু উষ্ণ জলবায়ুত ছাঁ দিবৰ বাবে উপযোগী।
কপৌফুলঃ
ব'হাগ মানে বসন্ত ঋতু। এই ঋতুৱে বতাহত বিয়পাই নকৈ ফুলা ফুলৰ সুবাস। যাৰ ৰাগিয়ে মতলীয়া কৰে ডেকা-গাভৰুক। এবুকু মৰমেৰে চেনাইয়ে নাচনীজনীৰ খোপাত গুজি দিয়া কপৌফুল পাহে সোঁৱৰাই দিয়ে ভালপোৱাৰ গভীৰতা। বিহুগীতৰ মাজেৰে র্মূত প্রকাশ ঘটা এই ভালপোৱা আৰু কপৌফুলৰ সম্পৰ্কতো এনেদৰে সজীৱ হয়।"পাহাৰ বগাই বগাই
জান ঐ কপৌফুল মই আনিছো
জান ঐ কপৌফুল মই আনিছো
জান ঐ নকও বুলি নকবাদেই,,,। "
সেইদৰে
"ব'হাগতে চেনাই তই আনিবি
কপৌফুল এপাহি
খোপাতে দিবলৈ,,,,। "
আকৌ
"কুঞ্জলতা কপৌফুল ফুলি আছে
,, , , "। ইত্যাদি।
পৰাশ্রয়ী উদ্ভিদ কপৌফুল বিভিন্ন প্ৰকাৰৰ আছে। ফুলাৰ ঋতুকালীন সময় অনুসৰি ৰং আৰু সুৰভিত বৈচিত্ৰ্য অনুসৰি আৰু পত্র পুস্পৰ গাঁথনিগত ৰূপৰ বিশেষত্ব অনুসৰি ভিন্ন নাম। চ'ত মাহত 'চতুৱা কপৌফুল', ৰঙালী বিহুৰ সময়ত ফুলে 'বিহুৱা কপৌফুল", জেঠত 'জেঠুৱা কপৌফুল', ৰঙৰ বৈচিত্ৰ্য অনুসৰি বগাফুলৰ 'শ্বেত কপৌফুল, ৰঙিলী কপৌফুল,, বেঙুনীয়া বব পূৰৈ ৰঙৰ প্ৰাধান্য থকাবিধ 'পূৰৈয়া কপৌফুল', সুগন্ধি যুক্ত 'সুৰভী কপৌফুল', ফুলপাহৰ জোঙা অংশ নথকা 'খৰা কপৌফুল, গেজেং ফুল, কঁটীয়া কপৌফুল,খুদ কপৌফুল, গনেশ কপৌফুল, শিল কপৌফুল আদি।
বকুলফুলঃ
বগা সুগন্ধিযুক্ত ৰাতিফুলা সৰু সৰু ফুলবিধ হ'ল বকুল যি সকলোৰে প্ৰিয়।
"পদূলিৰ আগতে বকুল ফুল এজুপি
তাতে বাই জিলীয়ে বাঁহী
কেইমুতি বিহুৱান ব'লি ঐ নাচনী
বিহুচোন পালেহি আহি।,,, "
এই ফুলৰ মালা গাঁঠি ব'হাগ বিহুত নাচনীসকলে খোপাত লয় বাবে হাতত পিন্ধে। তেতিয়া ইয়াৰ সুগন্ধিয়ে মন-প্রাণ পৱিত্ৰ কৰি ৰাখে। কবিৰ কবিতা কিম্বা গীতত বুকুল ফুলক নানা ধৰণে মন-প্রাণ হৰি নিজাকৈ উপস্থাপন কৰিছে,,,,
"বহুদিন বকুলৰ গোন্ধপোৱা নাই
বহু দিন বকুলৰ মালা গঁঠা নাই,,, ।"
সেইদৰে
"বকুল ফুলৰ দৰে ,
জোনাকৰ পখী উৰে
বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
এন্ধাৰে, এন্ধাৰে
বকুল ফুলৰ দৰে,,,,,,। "
কেতেকীঃ
"এইবেলি বিহুটি ৰমকে-জমকে
কপৌফুল ফুল ফুলিবৰ বতৰ,
কেতেকীৰ গোন্ধে পাই ৰচকী ততে নাই
থেকেচা ভাঙি যায় যঁতৰ।"
ব'হাগত কেতেকী ফুল ফুলে আমোল- মোলাই আকাশ বতাহ। এই কেতেকী ফুল ব'হাগৰ সৈতে আছে এক বিশেষ সম্পৰ্ক।কেতেকী ফুলৰ বিহুৰ সময়ত সুগন্ধি বিয়পে। সেয়ে নাচনিয়ে হাতত বা খোপাত গাঁঠি লয় ইয়াক। বগা কেতেকী ফুল সাধাৰণতে নাচনীয়ে বিহুৰ সময়ত ব্যৱহাৰ কৰে।
চম্পাঃ
"চম্পাফুলে শুৱাবনে
তগৰ ফুলে শুৱাব
নাহৰৰে কলিটিয়ে
তোমাৰ মন জুৰাব,,,, "
চম্পা ফুলো এবিধ সুগন্ধি ফুল। কঁঠাল চম্পা, ভূমি চম্পা আদি বিভিন্ন চম্পা ফুল আছে আছে যদিও বগা বা পাতল হালধীয়া বা সোণবৰণীয়া চম্পা ফুলহে চকুত পৰে বা স'ততে ব্যৱহাৰ হয়।
তগৰঃ
"নাহৰো ফুলিল তগৰো ফুলিলে
ফুলিল মাখিয়তিৰ খোপা
নাচনীৰ মূৰতে কপৌফুল এপাহি
জিলিকে নেঘেৰী খোপা। "
সুগন্ধিযুক্ত তগৰফুল সকলোৰে পৰিচিত। বসন্ত কালত ফুলা এই ফলবিধ সৌন্দৰ্য্যত অতুলনীয়। বগা ফলবিধ ঔষধি গুণ সম্পন্নও। মেদবহুলতা, বদহজম, ডিচেন্টি আদি ৰোগ নিৰাময়ত এই ফুল ব্যৱহাৰ কৰা হয়। নাচনীয়ে খোপাত, ন-কইনা সজাওতে এই ফুলবোৰ ব্যৱহাৰ কৰা হয়।
"কপৌফুলে তগৰফুলে জানা
বহাগী সজাব
সেইফুল গুজিলে খোপাতে
তোমাক শুৱাব।"
সেইদৰে
"নাহৰ ফুলে যুতি ফুলে
ফুলে তগৰ ফুল,
কাৰ বাবে সানপাহী
মন বিয়াকুল।" ইত্যাদি
ৰঙালী বিহুৰ সৈতে এই ফুলবোৰৰ সম্বন্ধ অতি নিবিড়। যিবোৰে অসমীয়া জনজীৱনত এক বিশেষ স্থান লাভ কৰি আহিছে।
No comments