Breaking News

চিৰতা তিতা/ কালমেঘ

চিৰতা তিতা/ কালমেঘঃ
(শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা(Immunity) বৃদ্ধিৰ বাবে।)


চিৰতা আয়ুৰ্বেদ শাস্ত্ৰত কালমেঘ হিচাবেও জনা যায়। এই গুল্ম জাতীয় উদ্ভিদবিধ উত্তৰ-পূৱ ভাৰতত 'মহা-তিতা' অৰ্থাৎ তিতাৰ ৰজা বুলিও পৰিচিত। বিশেষকৈ পাত আৰু শিপা ঔষধ হিচাবে ব্যৱহাৰ কৰা হয়। চিৰতা ভাৰত, নেপালৰ ওপৰিও শ্রীলঙ্কাতো পোৱা যায়।

চিৰতা মূলৰূপত নেপাল, কাশ্মীৰ আৰু হিমালয়ত পোৱা যায়। ইয়াৰ ফুলবোৰ বাৰিষাকালত প্ৰস্ফুটিত হয় আৰু ফলবোৰ শীতকালত লাগে। চিৰতাৰ সোৱাদ সাধাৰণতে তিতা।

চিৰতা এবিধ এণ্টিবায়টিক ঔষধি হয়, যি শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ সেৱনৰ ফলত বীজাণুসমূহ নষ্ট হয় আৰু ৰোগসমূহ দূৰ হয়

আয়ুৰ্ৱেদ অনুসৰি চিৰতাৰ প্ৰয়োগেৰে জ্বৰ, জ্বলা-পোৰা, কৃমি, ত্ৰিদোষ(কফ, বাত আৰু পিত্ত), অজীৰ্ণ, অম্লপিত্ত, কোষ্ঠকাঠিণ্য, অতিসাৰ, জণ্ডিছ, পিয়াহ, হৃদয়ৰ দূৰ্বলতা, ৰক্তপিত্ত, ৰক্তবিকাৰ, ছালৰ ৰোগ, মধুমেহ, গাঠিৰ বিষ তথা অন্যান্য ৰোগসমূহৰ পৰা হাত হাৰিব পাৰি।

চিৰতাৰ কেইটামান প্ৰয়োগঃ
() চিৰতা পানীত ঘহি চকুত লগালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় আৰু চকুৰ অনেক ৰোগত আৰাম পোৱা যায়।

() জ্বৰ হলে এগিলাচ পানীত চিৰতাৰ চাৰি চামুচ চূৰ্ণ(মিহি গুড়ি) এৰাতি তিয়াই ৰাখক। পিছদিনা সেই পানীগিলাচ চাকি আধা আধাকৈ দিনে তিনি চাৰিবাৰলৈ খালে জ্বৰ নোহোৱা হয়।

() চিৰতাৰ তেলেৰে শৰীৰত মালিচ কৰিলে জ্বৰ, জণ্ডিছ আৰু শাৰীৰিক দূৰ্বলতা দূৰ হয়।

() চিৰতাৰ ৰস আৰু কমলাৰ ৰস একেলগে মিহলাই দিনে তিনিবাৰকৈ খালে মেলেৰিয়া ৰোগত আৰাম পোৱা যায়।

() শোৱাৰ সময়ত চিৰতাৰ পাতবোৰ পানীত তিয়াই ৰাখক আৰু ৰাতিপুৱা খালিপেটত সেই পানী সেৱন কৰক। ইয়াৰ ফলত তেজ পৰিষ্কাৰ হয় আৰু ছালৰ ৰোগসমূহ নাশ হয়

() শিশুৰ পেটত কৃমি হোৱাৰ সমস্যা প্ৰায়েই থাকে। এইক্ষেত্ৰত চিৰতা, তুলসীৰ ৰস আৰু নিমৰ ছাল একেলগে পিহি পোৱা ডাঠ পানীয় নিম তেলৰ লগত মিহলাই খুৱালে পেটৰ কৃমিসমূহ নাশ হয়।

বিদ্ৰঃ চিৰতা যদিও আয়ুৰ্ৱেদিক ঔষধি হিচাপে প্ৰয়োগ কৰা হয়, ইয়াৰ অত্যাধিক প্ৰয়োগ শৰীৰৰ মাৰাত্মক হব পাৰে। সেয়ে এইবিধ বনৌষধি ব্যৱহাৰ কৰাৰ আগেয়ে কোনো দক্ষ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে
(
তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

No comments