Breaking News

তোমাৰ প্ৰেম….

কবিতাঃ
তোমাৰ প্ৰেম
.
তাপস দাস
                                


 তোমাৰ প্রেমে,
মোৰ নিজান - নিথৰ
জীৱনলৈ কঢ়িয়াই আনিলে
এক বুজাব নোৱাৰা সুখ ,
এই পৃথিৱী খন
মোৰ বাবে আছিল
কেবল মাত্র কর্তব্য
কৰি যোৱাৰ থল।

মই  কাহানিও
ভবা নাছিলো,

মোক ও কোনোবাই
ভাল পাব??

সঁচাই,  তুমি হয়তো
বিশ্বাস কৰিব পাৰা নাই l

আজি তোমাৰ প্রেমে মোক  এক নতুন পৃথিৱীলৈ নি জীৱনক উপভোগ
কৰিব শিকাইছে ,

তোমাৰ প্রতি মই কৃতজ্ঞ ..

No comments