Breaking News

সেউজীয়া চাহ(হাৰ্বেল টি)

সেউজীয়া চাহ(হাৰ্বেল টি):
(শৰীৰৰ প্ৰতিৰোধ ক্ষমতা(Immunity) বৃদ্ধিৰ বাবে)

(গ্ৰীন টি পান নীতি-নিয়মৰ মাজেৰেহে কৰিব; জধেমধে ইয়াক পান কৰিলে হিতে বিপৰীত হব পাৰে।)

সেউজীয়া চাহঃ
গ্ৰীণ টি আৰু ভিন ভিন 'হাৰ্বেল টি'ৰ প্ৰতি বিশেষকৈ সকলো মানুহৰে দুৰ্বলতা আছে। কাৰণ এইবোৰ ঔষধি গুণসম্পন্ন আৰু বহু ৰোগত উপকাৰী। হাৰ্বেল টি অৰ্থাৎ এই ঔষধি চাহ বিভিন্ন এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ফ্ৰী ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে।

ই আমাক, ডায়েবেটিচ, মেদবহুলতা, কলেষ্টৰল সমস্যা, হাৰ্টৰ অসুখ, কেঞ্চাৰ আদি বহুতো ৰোগৰ পৰাও আমাক বচাই ৰাখে।

অনিদ্ৰা, ষ্ট্ৰেছ আদিও দূৰ কৰাত সহায় কৰে। হাৰ্বেল টি বুলি কোৱা হয় যদিও আমাৰ প্রিয় চাহকাপৰ দৰে এইবোৰত চাহপাত দি বনোৱা নহয়। ই আচলতে এবিধ বা ততোধিক বনৌষধিৰ পৰা বনোৱা এবিধ বিশেষ চাহ য'ত চাহৰ কেফেইন (Caffein) একেবাৰে নাথাকে বা একেবাৰে নগণ্য পৰিমানে কেফেইন থাকিব পাৰে।

গ্ৰীন টি পান কৰাৰ বিধিঃ
সেউজীয়া চাহ বা গ্ৰীন টিত কেতিয়াও শুই উঠিয়েই, খালি পেটত বা গাখীৰ, চেনিৰ সৈতে নাখাব; বিৰূপ প্ৰতিক্ৰিয়া হব পাৰে। দৈনিক ২-৩ কাপত কৈ অধিক গ্ৰীন টি নাখাব।

কেতিয়া কেনেকৈ পান কৰিব গ্ৰীন টি?
* ৰাতিপুৱাৰ লঘু আহাৰৰ পিছত।

* খালি পেটত গ্ৰীন টি খালে গ্যাস্ট্রিকৰ সমস্যা হব পাৰে। সেয়েহে ৰাতিপুৱাৰ স্বাস্থ্যকৰ লঘু আহাৰ গ্ৰহণ কৰাৰ পিছত একাপ গ্ৰীন টি পান কৰিব পাৰে।

ৰাতি শোৱাৰ প্ৰায় ২ঘণ্টা আগতঃ
ৰাতি বিচনালৈ যোৱাৰ আগতে গ্ৰীন টি পান কৰিলে শৰীৰৰ ওজন কমোৱাত সাহায্য কৰে। গ্ৰীন টি পানে অনেক সময়ত টোপনি নষ্ট কৰিব পাৰে, সেয়ে শুবলৈ যোৱাৰ প্ৰায় ২ঘণ্টা মান আগতেই এই চাহ পান কৰিব লাগে। তথাপিও যদি টোপনিৰ সমস্যা হয়েই থাকে তেন্তে ৰাতিৰ গ্ৰীন টি পান এৰিব লাগিব আৰু দিনৰ অন্য সময়ত পান কৰিব পাৰে।

ব্যায়াম কৰাৰ আগতঃ
ব্যায়াম কৰাৰ আধা ঘণ্টা আগত গ্ৰীন টি পান কৰিলে শৰীৰ মেটাবলিজম বঢ়াৰ লগতে কর্মদক্ষতাও বাঢ়িব। ফলত ই ওজন আৰু মেদ কমোৱাত সহায় কৰিব।

অনেকেই আহাৰ খোৱাৰ আগত বা পিছত বা আহাৰ খাই উঠাৰ লগে লগেই গ্ৰীন টি পান কৰে। আহাৰ খাই উঠাৰ লগেলগে গ্ৰীন টি পান কৰা উচিত নহয়। আহাৰ গ্ৰহণ কৰাৰ পিছত কমপক্ষেও ৪৫ মিনিটৰ পৰা ১ ঘণ্টা মান পিছতহে গ্ৰীনটি পান কৰিব লাগে।

কেতিয়া কেতিয়া গ্ৰীন টি পান নকৰিবঃ
* ৰাতিপুৱা খালি পেটত গ্ৰীন টি পান নকৰিব।
* আহাৰ গ্ৰহণ কৰি উঠিয়েই গ্ৰীন টি পান নকৰিব।
* টোপনিৰ পৰা উঠি, গভীৰ ৰাতি গ্ৰীন টি পান নকৰিব।

(তথ্যৰ উৎসঃ ইণ্টাৰনেট)

No comments