মহৌষধী অমৰ লতা
মহৌষধী অমৰ লতাঃ
(এই লতা কেৱল ভাৰতত হে পোৱা যায়)
অমৰ লতা, শগুণী লতা,
অমৃতা বা গিলোয়ঃ
অমৰ লতা বিভিন্ন শাৰীৰিক সমস্যাত ব্যৱহাৰ হয়? যেনে – ধাতুদূৰ্বল, যৌন দূৰ্বলতা, প্ৰেস্বাৱ
জ্বলা পোৰা কৰা, গেষ্ট্ৰিক, কোষ্ঠকাঠিন্য, উচ্চ ৰক্তচ্চাপ, শৰীৰৰ মেদবহুলতা বা অতিৰিক্ত
ছৰ্বী নিয়ন্ত্ৰণ, মেলেৰীয়া, টায়েফয়েদ জ্বৰ, বাত বিষ, বদহজম, এচিডিটি, ডায়েবেটিছ বা
ব্লাড চুগাৰ নিয়ন্ত্ৰন, মগজু, হৃদযন্ত্ৰ, যকৃত, হাঁওফাঁওৰ দূৰ্বলতা ইত্যাদি।
অমৰ লতা বা শগুণী লতাৰ পৰা প্ৰস্তুত কৰা হয় হোমিঅপেথিক ঔষধ। আপোনালোকে হয়তো জানে যে হোমিঅপেথিক মেডিচিন বিভিন্নধৰণৰ খনিজ পদাৰ্থ, জীৱ-জন্তু, গছ-লতাৰ পৰাই প্ৰস্তুত কৰা হয়।
১০০ টাতকৈও অধিক শাৰীৰিক সমস্যাত ব্যৱহাৰ হোৱা যিটো ঔষধিৰ বিষয়ে আজি আপোনালোকক কবলৈ উলাইছো সেই ঔষধিটো অমৰলতা, সিদ্ধিলতা বা শগুণীলতা বুলিও জনাজাত এজোপা লতাজাতীয় উদ্ভিদৰ পৰাই প্ৰস্তুত কৰা হয়। আমাৰ পৰিবেশৰ চৌপাশে থকা হাবি-জংঘল বোৰত এই লতাজাতীয় গছ প্ৰায়ে দেখিবলৈ পোৱা যায়।
এই উদ্ভিদক – হিন্দীতঃ গিলোয় বুলি কোৱা হয়, সংস্কৃততঃ অমৃতা, মধুপৰ্নী, গুৰুচী বা অম্ৰুতাবলী বুলি কোৱা হয় আৰু ইংৰাজীতঃ মোন লিফ বুলি জনাযায়। ইয়াৰ বৈজ্ঞানিক নাম Tinospora Cordifalia.
Tinospora Cordifalia নামেৰেই হোমিঅপেথিক মেডিচিনো প্ৰস্তুত কৰা হয়। বেদ-উপনিষদৰ যুগৰে পৰাই এই উদ্ভিদক মহৌষধ ৰূপে ব্যৱহাৰ কৰি অহা হৈছে।
শগুণী বা অমৰলতাৰ পাত দেখাত পাণ সদৃশ, ডাল খহতা, সৰু সৰু কাইট যুক্ত, আৰু গছআলু বা কাঠআলুৰ নিচিনা গছত বগাই যায়। যিকোনো ডাল পুতিলে সহজে গজে। সেয়ে এই লতাবিধক অমৰলতা বোলা হয়।
অন্যহাতে সংস্কৃতত ইয়াক অমৃতা বোলাৰ মূলতে ইয়াৰ সঠিক সেৱনত মানুহে অমৃতসম ফল লাভ কৰিব পাৰে। অৰ্থাত এই লতাবিধ নিজেও অমৰ আৰু আন জীৱকো অমৰ বা সহজে মৰিব নিদিয়ে। ইয়াক কেৱল ভাৰততহে পোৱা যায়। আন দেশত পোৱা নাযায়।
অমৰ লতাৰ গুণাগুণঃ
অমৰলতাক অমৃতা বা শগুণী লতা বোলাৰ মূলতে আমাৰ শৰীৰত হব পৰা
১০০ বিধৰো অধিক ৰোগক প্ৰতিৰোধ নাইবা অৰোগ্য কৰিব পৰা গুণ আছে।
অমৰলতা প্ৰচুৰ পৰিমানে কেলচিয়াম, ফচফৰাচ, প্ৰটিন আদি দেহৰ পৰিপুষ্টি যোগাব পৰা নানা উপাদানেৰে সমৃদ্ধ। ইয়াৰ বিভিন্ন ৰোগ নিবাৰক গুণ থকাৰ উপৰি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰে।
পাচন শক্তি বৃদ্ধি কৰাৰ লগতে বদ হজম, এচিডিতি, গেষ্ট্ৰিক, পেট জলাপোৰা, আমাশয়, গ্ৰহণী, কোষ্ঠকাঠিন্য, অৰুচি, অভোক, উগাৰ, বমিভাৱ আদি যিকোনো পেটৰ ৰোগৰ বাবে অত্যন্ত উপকাৰী।
অমৰলতা সেৱন কৰিলে পেটৰ বা শৰীৰত জমাহোমা বিষাক্ত অলাগতিয়াল আৱৰজনা বাহিৰ হয়।
অমৰলতাই দুষিত ৰক্ত শোধন কৰাৰ লগতে শৰীৰত ৰক্ত বৃদ্ধি কৰি ৰক্ত হীনতা দূৰ কৰে। ই লগতে কোলেষ্ট্ৰ’ল আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰন কৰে। দেহৰ হিমোগ্লবিনৰ অভাৱ দুৰ কৰে।
উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰনত সহায় কৰে।
মগজু, হৃদযন্ত্ৰ, যকৃত, হাঁওফাঁওৰ দুৰ্বলতাৰ বাবে অমৰলতা অত্যন্ত উপকাৰী।
অমৰ লতাই শৰীৰৰ অতিৰিক্ত চৰ্বি, মেদবহুলতা বা অতিৰিক্ত ওজন হ্ৰাস কৰে।
সৰ্দি, জ্বৰ, কাহ, এজমা, মেলেৰীয়া, টায়েফয়েদ আদি ৰোগৰ বাবে অতি উপকাৰী।
অমৰলতাৰ এণ্টি-ভাইৰেল, এণ্টি-বেক্টেৰিয়েল গুণ থকাৰ বাবে যিকোনো ভাইৰেল বা বেক্টেৰীয়াজনীত ৰোগৰ সংক্ৰমনক বাধা দিব পাৰে।
ডেংগী, স্বাৱাইনফ্লু, জাপানিজ এনকেফেলাইটিচ ৰোগৰ বাবে হিতকাৰী।
মহিলাৰ বন্ধাত্ব ৰোগতো আমৰ লতা অত্যন্ত উপযোগী।
ই পুৰুষ মহিলা উভয়ৰে যৌনক্ষমতা বৃদ্ধি কাৰক।
গাঠিঁ বিষ, বাতবিষ, অৰ্থ’ৰাইটিচ, হাড়ৰ বিষ, হাড় ভঙা আদিত নিয়মিত খোৱাৰ লগতে পাত বা ঠাৰি থেতেলি প্ৰলেপ লগালে সোনকালে উপসম হয়।
অমৰলতাই গাৰ চালৰ উজ্জলতাও বৃদ্ধি কৰে।
খজুৱতি, এলাৰ্জী ৰোগতো উপকাৰী।
স্মৃতি শক্তিৰ লগতে ই দৃষ্টি শক্তিও বৃদ্ধিকৰে।
জন্ডিচ আৰু কৰ্কত ৰোগত অমৰলতা ব্যৱহাৰ কৰিলে ৰোগ সোনকালে আৰুগ্য হয়।
অমৰলতাত এণ্টিএজিং, এণ্টি-ভাইৰেল, এণ্টি-আক্সিডেণ্ট গুণ থকাৰ বাবে নিয়মিত সেৱনত শৰীৰ নিৰোগী, বয়সৰ চাপহীনহৈ সুস্বাস্থ্য লাভ হয়।
বিদ্ৰঃ আপোনালোকে যিহেতু ইয়াক বিচাৰি আনি মেডিচিন প্ৰস্তুত
কৰি লোৱাটো সম্ভৱ নহব গতিকে হোমিঅপেথিক দৰবৰ দোকান এই মেডিচিন সহজতলভ্য। আপোনালোকে
সংগ্ৰহ কৰি লব পাৰে।
(তথ্যসংগ্ৰহঃ ইণ্টাৰনেট)
No comments