জবা ফুলৰ চাহ(Hibiscus Tea)
জবা ফুলৰ চাহ(Hibiscus Tea):
বৰ্তমান সময়ত এইবিধ চাহ অতি জনপ্ৰিয় হোৱা দেখা গৈছে। নানা গৱেষণাৰ অন্তত এইবিধ চাহ অতি উপকাৰী বুলি জনা গৈছে। স্বাস্থ্যসচেতন লোকৰ বাবে জবাফুলৰ পৰা তৈয়াৰী এই চাহ বৰদান স্বৰূপ।
জবা ফুলৰ চাহ বনোৱাৰ
বিধিঃ
একাপ পানী উতলাই জুইৰ পৰা নমাই তাত দুপাহ বা তিনিপাহ জবাফুল
দিয়ক। কিছুসময় পিছত চামুচ এখনেৰে ভালকৈ ফুলকেইপাহ মোহাৰি দিয়ক আৰু চেকণিৰে চেকি লৈ
সেৱন কৰক। সোৱাদ অনুসৰি মৌ বা নেমুৰ ৰস দিব পাৰি।
জবা চাহৰ উপকাৰীতাঃ
*উচ্চ ৰক্তচাপ আৰু কলেষ্টৰল নিয়ন্ত্ৰণ কৰে।
*ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ কৰে।
*মেদবহুলতা দূৰ কৰে।
*লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।
*স্ত্ৰী হ'ৰম'ন সমূহ নিয়ন্ত্ৰণ কৰে আৰু মাহেকীয়া জনীত বিভিন্ন
সমস্যাত উপকাৰী।
*এণ্টিঅক্সিডেণ্ট থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
কৰে আৰু জ্বৰ, কাহ, চৰ্দি আদিৰ পৰা বচাই ৰাখে।
*কৌষ্ঠকাঠিন্য সমস্যা নিৰাময় কৰে।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)
No comments