Liquorice
মহৌষধি
যষ্টিমধুঃ
যষ্টিমধু(Liquorice):
যষ্টিমধু নাম শুনি অনেকেই ইয়াক মৌ বা মধু ভাৱি ভুল কৰে। কিন্তু ই মূলত এবিধ গছৰ শিপাহে। মৌ বা মধু নহলেও ই কোনো গুণে মৌতকৈ কম নহয় এই প্রাকৃতিক যষ্টিমধু। হাজাৰ হাজাৰ বছৰ ধৰি সকলো ধৰণৰ আয়ুর্বেদিক ঔষধ প্ৰস্তুতিত ব্যবহাৰ হৈ আহিছে যষ্টিমধু। কাৰণ যষ্টি মধুৰ আছে অনেক ধৰণৰ উপকাৰিতা।
যষ্টিমধুৰ গুণঃ
ইণ্টাৰনেট মাধ্যমত পোৱা তথ্যানুসাৰে যষ্টিমধুৰ গুণাগুণ তলত উল্লেখ কৰা হ'ল -
আলচাৰ নিৰাময়ঃ ক্লিনিক্যাল ও এক্সপেৰিমেন্টাল পৰীক্ষাত প্রমাণিত হৈছে যে যষ্টিমধুৰ গ্লাইচিৰাইজিন ও গ্লাইচিৰাটিক এচিডে আলচাৰ সৃষ্টিকাৰী ১৫ হাইড্রোক্সিপ্রোস্টাগ্লান্ডিন ডিহাইড্রোজিনেস ও প্রোস্টাগ্লান্ডিন ৰিডাকটেজ এনড্রাইমৰ কার্যকাৰিতা প্রতিৰোধ কৰে আৰু পাকস্থলীত আলচাৰ বা ক্ষত নিৰাময়ত সহায়ক এনজাইম প্রোস্টাগ্লান্ডিলৰ নিঃসৰণ বৃদ্ধিৰ মাধ্যমেৰে পাকস্থলীৰ মিউকাচ মেমব্রেনকে সুৰক্ষা কৰে। যষ্টিমধুয়ে পাকস্থলীৰ মিউকাচ মেমব্রেন সৈতে মিউচিন নিঃসৰণ উদ্দীপ্ত কৰে, পাকস্থলীৰ এপিথেলিয়াল কোষসমূহ শক্তিশালী কৰি গ্যাস্ট্রিক আলচাৰ, পেপটিক আলচাৰ নিৰাময় কৰে।
উতলা পানীত যষ্টিমধু ভিজাই, তাৰ ৰস ঠাণ্ডা কৰি মৌৰ লগত মিহলাই পান কৰিব পৰা যায়।
যকৃত লিভাৰ সুৰক্ষাঃ যষ্টিমধুৰ গ্লাইচিৰাইজিনে বিষাক্ত পদাৰ্থৰ কবলৰ পৰা লিভাৰকোষসমূহক সুৰক্ষা কৰে।
টিউমাৰ প্রতিৰোধকঃ গ্লাইচিৰাইটিনিক এচিডে টিউমাৰ সৃষ্টিকাৰী ‘এপস্টাইন ৱাৰ ভাইৰাচ’ৰ কার্যকাৰীতাক প্রতিহত কৰে।
কফ নিঃসাৰকঃ যষ্টিমধুয়ে তৰল আকাৰৰ কফ শৰীৰৰ পৰা বাহিৰ হোৱাত সহায় কৰে আৰু কাঁহ ভাল কৰিব পাৰে। ইয়াৰোপৰি ই ব্রঙ্কাইটিচ, টনসিলাইটিচ ও কণ্ঠনালীৰ প্রদাহ দূৰ কৰাতো সহায়।
এলাৰ্জি প্রতিৰোধকঃ যষ্টিমধুৰ গ্লাইচিৰাইজিক এচিডে মাস্টকোষৰ পৰা হিস্টামিন নিঃসৰণ কমাই এলাৰ্জি প্রতিৰোধ কৰে।
এণ্টিবায়োটিক হিচাবে যষ্টিমধুঃ গ্লাইচিৰাইজিন বিভিন্ন কঠিন ৰোগ সৃষ্টিকাৰী ভাইৰাচ বৃদ্ধি ও বংশবিস্তাৰ ৰোধ কৰে। ইয়াৰোপৰি যষ্টিমধুৱে ৰোগ সৃষ্টিকাৰী বিভিন্ন ব্যাক্টেৰিয়া ও বিভিন্ন ভেকুৰ প্রতিৰোধ কৰিব পাৰে।
যষ্টি মধুৰ উপকাৰিতাঃ যষ্টিমধু মূলত এবিধ গাছৰ শিপা যদিও আয়ুর্বেদিক শাস্ত্রত, পৃথিবীত যিমানবোৰ ঔষধি দৰৱ প্ৰস্তুত হৈছে, তাৰ প্রায় প্রতিটোতে যষ্টিমধু দিয়া হয়।
বহু ঔষধি গুনে গুনাম্বিত এই যষ্টিমধু। যষ্টি মধু খালে হোৱা সকলোতকৈ বেছি উপকাৰ হ'ল আমাৰ দৈনন্দিন ফুৰা-চকাৰ ফলত শ্বাস প্রশ্বাসৰ লগত কণ্ঠ নালীত যি ধুলাবালি জমা হয় তাক পৰিস্কাৰ কৰাত সহায় কৰে।
আৰু কণ্ঠনালীত অতিৰিক্ত ধুলাবালি জমা হোৱাৰ কাৰণে যি খুচখুচি কাঁহ হয় সেয়া নিবাৰণ কৰাত এই যষ্টিমধুৱে সহায় কৰে। বুকৰ ভিতৰত জমা হৈ থকা পুৰণা চৰ্দি, কফ, কাঁহ পৰিস্কাৰ কৰাত সহায় কৰে নিয়মিত যষ্টিমধু খালে আপোনাৰ কণ্ঠনলী পৰিস্কাৰ ও সুন্দৰ হৈ থাকিব।
যষ্টিমধু মুখৰ দুৰ্গন্ধ, খুচখুচি কাঁহ ও কফ নিবাৰক, খাদ্য ৰুচি বৃদ্ধি কাৰক, কণ্ঠ পৰিষ্কাৰক ইয়াৰো পৰি ই কণ্ঠৰ শ্রুতি মধুৰ কৰে।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)
No comments