Ankuran-2|Chapter-1
পাঠ(১) অংকুৰণঃ আমাৰ পঢ়াশালি| ২য় শ্ৰেণী
আমি ফুলনিৰ নানাৰঙী ফুল
মিলিজুলি থাকোঁখেলি,
হাঁহি-ধেমালিৰে ভৰি ভৰি আছে
আমাৰ এই পঢ়াশালি।
সাধু আৰু গান শুনি
নাচি নাচি লওঁ মজা
হাতে-কামে কৰি শিকোঁ
নাই কিতাপৰ বোজা।
পদ্যটি দুই তিনিবাৰ পঢ়ি শুনাব। তাৰ পিছত দলীয় আৰু একক ভাৱে আবৃত্তি কৰিবলৈ শিকাব
কবিতাটোৰ
সাৰাংশঃ
আমাৰ পঢ়াশালি কবিতাটোত কবিয়ে পঢ়াশালিক ফুলনিৰ লগত তুলনা
কৰিছে। শিক্ষাৰ্থী শিশুসকলক ফুলনিৰ নানাৰঙী ফুলৰ সতে ৰিজনি কৰিছে। এই পঢ়াশালিত সকলোৱে
মিলিজুলি খেলি, হাঁহি ধেমালি কৰি থাকে। সকলোৱে সাধু, গান শুনি, নাচি-বাগি আনন্দ লয়।
সকলোৱে হাতে কামে কৰি শিকে। এই পঢ়াশালিত কোনো কিতাপৰ বোজা নাই।
শিক্ষাৰ্থীসকলৰ
কাৰ্যঃ
- ছবিত দেখুওৱা পঢ়াশালিখন চোৱা আৰু তোমাৰ পঢ়াশালিখনৰ লগত কি কি মিল আৰু কি কি অমিল আছে কোৱা।
- তোমাৰ পঢ়াশালিৰ চৌহদত থকা গছবিলাকৰ নাম কোৱা।
- ছবিত দেখা পঢ়াশালিখনৰ চৌহদত এখন ফুলনি আঁকা আৰু ৰং-কৰা
তোমাৰ নামৰ
প্ৰথম আখৰটো? সেই আখৰেৰে চাৰিটা শব্দ লিখা?
উদাহৰণ –
নমিত – প্ৰথম আখৰটো হ’ল ন
ন আখৰেৰে
লিখা চাৰিটা নাম – নয়ন, নাহৰ,
নিহাৰিকা, নিজৰা
………………, ………………, ………………, ………………
নিজৰ নিজৰ পৰিচয় লিখো আহাঃ
নাম
………………………………………………
বয়স
………………………………………………
জন্মৰ তাৰিখ
………………………………………………
পিতৃ/ অভিভাৱকৰ নাম
………………………………………………
মাতৃ/ অভিভাৱকৰ নাম
………………………………………………
বিদ্যালয়ৰ নাম নাম
………………………………………………
গাওঁ/ চহৰ
………………………………………………
ডাক-ঘৰ
………………………………………………
জিলা
………………………………………………
ৰাজ্য
………………………………………………
পিন নং
………………………………………………
মনত পেলাই পঢ়ো আৰু লিখোঁ আহা – আখৰ
|
আখৰটোৰ নাম |
ক -অৰ সৈতে স্বৰবৰ্ণ চিহ্ন |
চিহ্নটোৰ নাম |
অ |
অ |
ক |
|
‘ |
উৰ্ধ কমা |
(ক’) |
|
আ |
আ |
কা |
আ-কাৰ |
ই |
হ্ৰস্ব ই |
কি |
হ্ৰস্ব ই-কাৰ |
ঈ |
দীৰ্ঘ ই |
কী |
দীৰ্ঘ-কাৰ |
উ |
হ্ৰস্ব উ |
কু |
হ্ৰস্ব-কাৰ |
ঊ |
দীৰ্ঘ উ |
কূ |
দীৰ্ঘ উ-কাৰ |
ঋ |
ৰি |
কৃ |
ঋ-কাৰ |
এ |
এ |
কে |
এ-কাৰ |
ঐ |
অ’ই |
কৈ |
ঐ-কাৰ |
ও |
ও |
কো |
ও-কাৰ |
ঔ |
অ’উ |
কৌ |
ঔ-কাৰ |
ৰূপ সলনি
গ, ৰ, শ আৰু হৰ লগত উ যোগ হ’লে ৰূপ সলনি হয়। যেনে -
গ + উ = গু গুৰ, চাগু ৰ + উ = ৰু গৰু,
ৰুমাল
শ + উ = শু পশু, শুভ
হ +
উ = হু বিহু, হুঁচৰি
শেষৰ আখৰৰ মিল ৰাখি খালি বাকচত শব্দ ভৰোৱাঃ
লাৰু |
আৰু |
সৰু |
বাৰু |
ধাননি |
বনানি |
বান্ধনি |
? |
শিশু |
পশু |
? |
? |
ধুনীয়া |
ঘুনিয়া |
? |
বনিয়া |
পূৰ্ণ মাত্ৰা থকা, অৰ্ধমাত্ৰা আৰু মাত্ৰা নথকা আখৰঃ
পূৰ্ণ মাত্ৰা থকা আখৰঃ যিবোৰ আখৰৰ ওপৰত সম্পূৰ্ণ কৈ মাত্ৰা
থাকে সেইবোৰ আখৰক পূৰ্ণ মাত্ৰা থকা আখৰ বুলি কোৱা হয়। যেনেঃ অ, আ, ই, ঈ, ক, ঘ ইত্যাদি।
অৰ্ধমাত্ৰা থকা আখৰঃ যিবোৰ আখৰৰ ওপৰত অৰ্ধ বা ছুটি মাত্ৰা থাকে সেইবোৰ আখৰক অৰ্ধ মাত্ৰা থকা আখৰ বুলি কোৱা হয়। যেনেঃ খ, গ,ধ, ঝ ইত্যাদি।
মাত্ৰা নথকা আখৰঃ যিবোৰ আখৰৰ ওপৰত কোনো মাত্ৰা নাথাকে সেইবোৰ আখৰক মাত্ৰা নথকা আখৰ বুলি কোৱা হয়। যেনেঃ এ, ঐ, ও, ও ং, ঃ ইত্যাদি
No comments