Ankuran-2|Chapter-2
পাঠ(২) অংকুৰণঃ কেৰ্কেটুৱালৈ মৰম| ২য় শ্ৰেণী
কেৰ্কেটুৱা কেৰ্কেটুৱা
নাকান্দিবা তুমি
পোৱালিটো আনিছিলোঁ
দুখ পাইছে বুলি।
খুৱাই বুৱাই ৰাখিছিলোঁ
মৰম-চেনেহ কৰি,
ঘুৰাই দিছোঁ পোৱালিটো
ৰাখা যতন কৰি।
মিত্ৰাক্ষৰ পদ্যটি দুই তিনিবাৰ পঢ়ি শুনাব। তাৰ পিছত দলীয় আৰু একক ভাৱে আবৃত্তি কৰিবলৈ শিকাব।
মিত্ৰাক্ষৰ কবিতাটোৰ সাৰাংশঃ দুখপোৱা কেৰ্কেটুৱাৰ পোৱালী এটি পাই ছোৱালী এজনীয়ে লৈ আহিছিল। পোৱালিটোক ছোৱালীজনীয়ে মৰম চেনেহ কৰি খুৱাই-বুৱাই ৰাখিছিল। ছোৱালীজনীয়ে কেৰ্কেটুৱাৰ মাকক কন্দিবলৈ মানা কৰি পোৱালীটো ঘুৰাই দিছিল আৰু যত্ন কৰি ৰাখিবলৈ কৈছিল।
কেৰ্কেটুৱা
পোৱালিটো তাৰ মাকৰ বৰ মৰমৰ।
তুমি কাৰ
কাৰ মৰমৰ?
মই পেহীৰ
মৰমৰ।
মই আইতাৰ
মৰমৰ।
মই দেউতাৰ
মৰমৰ।
মই মাৰ মৰমৰ।
যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
কেৰ্কেটুৱা ৰ্ক ৰ+ক
ৰই কই ৰ্ক – তৰ্ক, সতৰ্ক
ৰ্ব ৰ+ব ৰই বই ৰ্ব – গৰ্ব, পৰ্বত
ৰ্ম ৰ+ম ৰই মই
ৰ্ম – ধৰ্ম, নৰ্মদা
ৰ্ত ৰ+ত ৰই তই ৰ্ত – ধূৰ্ত, কৰ্তব্য
ৰ্য ৰ+য ৰই যই
ৰ্য – কাৰ্য, অনাৰ্য
ৰ্জ ৰ+জ ৰই জই ৰ্জ – কাৰ্য, অনাৰ্য
ৰ্ণ ৰ+ণ ৰই
ণই ৰ্ণ – বৰ্ণ, সুৱৰ্ণ
ৰ্শ ৰ+শ ৰই
শই ৰ্শ – অৰ্শ, আদৰ্শ
ৰেফ – যোগ কৰি যুক্তাক্ষৰ গঠন কৰোঁ আহা
ৰ+ক ৰই কই
ৰ্ক
ৰ+ব ৰই বই ৰ্ব
ৰ+ম ৰই মই ৰ্ম
ৰ+ত ৰই তই
ৰ্ত
ৰ+য ৰই যই ৰ্য
ৰ+জ ৰই জই
ৰ্জ
ৰ+ণ ৰই ণই
ৰ্ণ
ৰ+শ ৰই শই
ৰ্শ
পাঢ়োঁ আহাঃ
ৰ্ক |
তৰ্ক |
সতৰ্ক |
কৰ্কৰা |
কেৰ্কেটুৱা |
ৰ্ব |
গৰ্ব |
খৰ্ব |
পৰ্ব |
পৰ্বত |
ৰ্ম |
ধৰ্ম |
কৰ্ম |
বৰ্ম |
নৰ্মদা |
ৰ্ত |
আৰ্ত |
ধূৰ্ত |
কৰ্তৱ্য |
কীৰ্তন |
ৰ্য |
কাৰ্য |
ধৈৰ্য |
সূৰ্য |
আৰ্য |
ৰ্জ |
দৰ্জা |
নিৰ্জু |
অৰ্জুন |
নিৰ্জন |
ৰ্ণ |
বৰ্ণ |
কৰ্ণ |
সুৱৰ্ণ |
বণ্বৰ্ণ |
ৰ্শ |
অৰ্শ |
দৰ্শন |
আদৰ্শ |
নিদৰ্শন |
যুক্তাক্ষৰ
ভাঙাঃ
আৰ্ত ৰ্ত
= ৰ + ত, ধূৰ্ত ৰ্ত = ৰ + ত, কাৰ্য ৰ্য=ৰ+য, ধৰ্ম ৰ্ম=ৰ+ম, দৰ্জা ৰ্জ=ৰ +জ, সূৰ্য ৰ্য=ৰ+য,
পৰ্বত ৰ্ব=ৰ + ব, কৰ্ণ ৰ্ণ =ৰ + ণ, অৰ্শ ৰ্শ =ৰ + শ
শব্দ সাজাঃ
ৰ্ক = কেৰ্কেটুৱা,
তৰ্ক, বিতৰ্ক, কৰ্কৰা, শৰ্কৰা
ৰ্ব = উৰ্বৰ,
পৰ্বত, বৰ্বৰ, গৰ্ব, খৰ্ব
ৰ্ম = ধৰ্ম,
কৰ্ম, বৰ্ম, নৰ্মদা
ৰ্ত = আৰ্ত,
ধূৰ্ত, কৰ্তব্য, কীৰ্তন
ৰ্শ = দৰ্শন,
অৰ্শ, আদৰ্শ, নিদৰ্শন
ৰ্জ = নিৰ্জু,
দৰ্জা, অৰ্জন, নিৰ্জন
মন কৰিবলগীয়া
কথাঃ
কিছুমানে
চৰাই, কেৰ্কেটুৱা, শহা আদি ধৰি সজাত ভৰাই মৰম কৰি ৰাখে। ইহঁতক অবাবত সজাত ভৰাই ৰখা
উচিত নহয়। তোমালোকে কেতিয়াবা চৰাই আদি ধৰি
সজাত ৰাখা নেকি? তেনে কৰিলে চৰায়ে মনত বেজাৰ পায়।
মাদাৰ টেৰেছা সম্পৰ্কে কিছু কথাঃ
মাদাৰ টেৰেছাই জীৱন কালত বহুতো বঁটা আৰু সন্মানেৰে বিভূষিত হোৱাৰ উপৰিও ভাৰত চৰকাৰে ১৯৮০ চনত তেখেতক ভাৰতৰত্ন প্ৰদান কৰে। ১৯৭৯ চনত মাদাৰ টেৰেজাক 'শান্তিৰ নোবেল বঁটা' প্ৰদান কৰা হয়। এখেতৰ সমাজসেৱা কৰ্মৰ কিছুমান দোষৰ বাবে তেখেতৰ কিছু সংখ্যক সমালোচকো আছে।
মাদাৰ টেৰেছা যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত ১৯১০ চনৰ ২৬ আগষ্ট তাৰিখে জন্ম হয়। সেই ঠাইৰ মানুহে তেওঁক মাতিছিল এগনেচ গনদজা বোৱাদজিয়ু বুলি। তেওঁলোকৰ পৰিয়াল আছিল আলবেনিয়ান। তেওঁৰ পিতৃ হিছে নিকোলা আৰু মাতৃ হৈছে দ্ৰনদা। নিকোলাই ডাক্তৰৰ সহকাৰী হিচাপে কাম কৰিছিল যদিও পাছলৈ এখন মুছিৰ দোকানো দিব লগা হৈছিল।
১৯২৯ চনত মদাৰ টেৰেছা ভাৰতলৈ আহে আৰু কলিকতাত থাকিবলৈ লয়। কলিকতাৰ চেণ্টমেৰী হাইস্কুলত তেওঁ শিক্ষকতা জীৱন আৰম্ভ কৰে। ১৯২৯ চনৰ পৰা ১৯৪৮ চনলৈ তেওঁ শিক্ষকতা কৰে। তেওঁ শ্ৰেণীত ভূগোল আৰু বুৰঞ্জীৰ পাঠদান কৰিছিল। শেষলৈ সেই বিদ্যালয়ৰ অধ্যক্ষাৰ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সেইসময়ত কলিকতাৰ মানুহৰ মাজত এক ভীষণ হাহাকাৰ। চাৰিওফালে অভাৱ, দৰিদ্ৰ্য, মানুহক আগুৰি ধৰিছিল বেমাৰ-আজাৰে। কিন্তু তাৰ প্ৰতিকাৰৰ কোনো প্ৰচেষ্টা নাই। মাদাৰ টেৰেছাৰ এই শোকাৱহ দৃশ্যবোৰে অন্তৰত খলকনি তুলিলে। এদিনৰ এটা বিশেষ ঘটনাই তেওঁৰ অন্তৰত বাৰুকৈ দুখ দিলে। এখন হাস্পাতালৰ সন্মুখত এগৰাকী মৰো মৰো হোৱা তিৰোতা বাগৰি আছিল আৰু চেষ্টা কৰিও মাদাৰ টেৰেছাই চিকিৎসালয়ৰ চিকিৎসা দিবলৈ অসমৰ্থ হৈছিল। শেষত ৰোগীগৰাকীৰ তেনেকৈ মৃত্যু হল। সেইদিনাই তেওঁ উপলদ্ধি কৰিলে এটি মানৱ সেৱা সংস্থাৰ। তেওঁ তেওঁৰ ইচ্ছাৰ কথা পোপক জনালে।
১৯৫০ চনত মাদাৰ টেৰেছাই দ্য ছোচাইটি অফ দ্য মিছনেৰীজ অৱ চেৰিটি নামৰ এটা সংস্থা গঠন কৰিলে। তেওঁলোকে ঘৰ এটা ভাড়া লৈ কলিকতাৰ বাটে-ঘাটে পৰি থকা, হাস্পাতাল আদিয়ে স্থান নিদিয়া ৰোগীবোৰক মাদাৰ টেৰেছাই বিচাৰি আনিলে আৰু তাত ৰাখি চিকিৎসা সেৱা দিবলৈ ধৰিলে। ১৯৫২ চনত কালিঘাট মন্দিৰৰ কাষত থকা ধৰ্মশালা এটাও তেওঁ দখল কৰিলে আৰু তাৰ নাম দিলে নিৰ্মল হৃদয়। সেইটোও ৰোগীৰে উপচি পৰিল। মাদাৰ টেৰেছাৰ এই কামত অনেকে বিৰোধিতা কৰিলে। কালিঘাটৰ প্ৰধান পূজাৰীৰ পুত্ৰ এজনৰ কলেৰা হল। তাক কোনেও হাতেৰে চোৱা নাছিল। কিন্তু মাদাৰ টেৰেছাই তেওঁক হাতেৰে তুলি নি চিকিৎসা কৰা দেখি টেৰেছাৰ প্ৰতি সকলোৱে সহানুভূতিৰে চাবলৈ ললে। মাদাৰ টেৰেছাই কলিকতাৰ ৰাজপথৰ পৰা বুটলি আনি হাজাৰ হাজাৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়ালে। প্ৰায় ২৯,০০০ ৰোগীয়ে আৰোগ্য লাভ কৰিলে। যিবিলাক শিশু অভাৱ আৰু অনাশ্ৰয়ত ৰাজপথে ৰাজপথে ঘূৰি ফুৰিছিল, সেই শিশুসকলৰ মংগলৰ কাৰণেও তেওঁ চিন্তাত নিমগ্ন হৈছিল। তেওঁলোকৰ চিকিৎসা আৰু সংস্থাপনৰ কাৰণে কলিকতাত তেওঁ আৰম্ভ কৰিছিল--নিৰ্মল শিশু ভৱন। এই আশ্ৰয় গৃহত থাকি হাজাৰ হাজাৰ শিশোৱে মানুহ হোৱাৰ পথ বিচাৰি পাইছিল। কেৱল শিশুৰ সেৱাৰ বাবেই তেওঁ দেশ-বিদেশত এনে কুৰিটা আশ্ৰয় গৃহ নিৰ্মাণ কৰিছিল। সেই আশ্ৰয় গৃহ বিলাকৰ যোগে তেওঁ শিশুৰ মংগল সাধন কৰিবলৈ সমৰ্থ হৈছিল।
কুষ্ঠা, যক্ষ্মা, কলেৰা আৰু টাইফয়েড আদি ৰোগীৰ কাৰণে এবিধ চলন্ত ডিচপেনছাৰীৰ প্ৰচলন কৰিছিল। যাৰ ফলত অনেক ৰোগীয়ে সহজতে চিকিৎসা সেৱা লাভ কৰি আৰোগ্য হোৱাৰ পথ দেখিছিল। তেওঁ কুষ্ঠৰোগীসকলৰ কাৰণে বিশেষভাবে চিন্তা কৰিছিল। এই ৰোগীসকলক তেওঁ নিজে চিকিৎসা কৰাৰ উপৰিও ডাক্তৰ আৰু নাৰ্ছসকলে তেওঁক সহায় কৰিছিল। আৰোগ্য নোহোৱা কুষ্ঠ ৰোগীসকলক শান্তি নগৰ নামে ঠাই সংস্থাপনৰ ব্যৱস্থা কৰিছিল। শান্তি নগৰত ৩৪ একৰ মাটি আছিল, তেওঁ তাতে অনেক বাংলাদেশী ভগনীয়াকো স্বাস্থ্য-সেৱা আগবঢ়ায়।
মাদাৰ টেৰেছাই বিশ্বত জনসাধাৰণৰ সেৱাৰ নামত প্ৰতিষ্ঠা কৰিছে ৬০খন স্কুল, ২০০ৰো অধিক চিকিৎসালয়, ৫৪খন কুষ্ঠাশ্ৰম, ২০ খনতকৈ বেছি অনাথ গৃহ, ৩৩৫খন চলন্ত ডিচপেনচাৰী, ২৮টা পৰিয়াল সেৱা কেন্দ্ৰ, এটা যক্ষ্মা ক্লিনিক, ৬খন দাঁন্তব্য চিকিৎসালয় আৰু অনেক কমাৰ্চিয়েল স্কুল। ২০০৮ চনলৈকে মুঠ ৪৩,০০০ কুষ্ঠৰোগী তেওঁৰ চিকিৎসালয়ত সেৱা লৈ আছে, ২০০০ শিশোৱে তেওঁৰ শিশুভৱনত আশ্ৰয় পাই আছে আৰু ১৬,০০,০০০ ৰোগীক তেওঁৰ ডিচপেনছাৰীয়ে চিকিৎসা কৰি আছে। মাদাৰ টেৰেছা মানৱ সেৱাৰ এনে শাখা-প্ৰশাখা পৃথিৱীৰ প্ৰায়বোৰ দেশতে আছে। তেওঁৰ সংস্থাত ২০০৮ চনলৈকে মুঠ ১৮০০ গৰাকী নাৰ্চ, ১৮৫জন ব্ৰাদাৰ আৰু ৪০০জন প্ৰশিক্ষাৰ্থী আছে। মিছনেৰী ব্ৰাদাৰ্ছ অৱ চেৰিটি আৰু ইণ্টাৰনেচনেল এছোচিয়েচন অৱ কোৱাৰ্কাছ অৱ মাদাৰ টেৰেছা তেওঁৰ সেৱা বাহিনী।
১৯৬৪ চনত পোপ পলে তেওঁক মানৱ সেৱা কৰিবলৈ আৰু অধিক সুবিধা কৰি দিলে। পোপ পলৰ গাড়ীখন মাদাৰ টেৰেছাই উপহাৰ হিচাপে লাভ কৰাত-সেই গাড়ীখনকে দেখুৱাই তেওঁ এখন লটাৰী খেল আৰম্ভ কৰিছিল। এই খেলৰ দ্বাৰা তেওঁৰ ৪৬,০০,০০০ টকা সংগ্ৰহ হোৱাত, সেই টকাৰে এটা কুষ্ঠকেন্দ্ৰ নিৰ্মাণ কৰিলে। মাদাৰ টেৰেছাৰ কাৰ্যালয় হৈছে কলিকতাৰ লোৱাৰ চাৰ্কুলাৰ বোৰ্ডত। তেওঁ জীৱনত অনেক খ্যাতি লাভ কৰিছে। মানৱ সেৱাৰ শ্ৰেষ্ঠ সন্মান মেগছেছে বঁটা লাভ কৰাৰ উপৰিও তেওঁ পোপ জন শান্তি বঁটা, গুড চামাৰিটান বঁটা আৰু জন কেনেডি আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। তদুপৰি তেওঁ জৱাহৰলাল নেহেৰু পুৰস্কাৰ, টেম্পলটন পুৰস্কাৰ, মেটাৰেট মেগৰষ্ট্ৰা পুৰস্কাৰ আৰু চিৰিচ মেডেল আদি সন্মানো লাভ কৰে। বিশ্বভাৰতীয়ে তেওঁক প্ৰদান কৰিছে দেশীকোত্তম উপাধি। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু ১৯৮০ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছে। মাদাৰ টেৰেছাৰ ১৯৯৭ চনৰ ৫ ছেপ্তেম্বৰত কলিকতাত দেহবসান ঘটে।
No comments