Breaking News

Ankuran-2|Chapter-9

 

 পাঠ(৯) অংকুৰণ|চাফ-চিকুণতা| ২য় শ্ৰেণী


ছবি দুখন শিকাৰুক দলগতভাৱে পৰ্যবেক্ষণ কৰিবলৈ দিব।ছবি দুখনত থকা পৰিৱেশৰ পাৰ্থক্য শিকাৰুৱে বুজি পাইছেনে নাই সেই বিষয়ে বিভিন্ন প্ৰশ্নৰ জৰিয়তে মূল্যায়ন কৰিব।

কওঁ আহাঃ
(শিক্ষকে প্ৰশ্ন কৰিব আৰু ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ দি যাব)
(ক) তুমি নিজকে চাফ-চিকুণকৈ ৰাখিবলৈ কি কি কাম কৰা?
(খ) বিদ্যালয়খন চাফ-চিকুণকৈ ৰাখিবলৈ তুমি কি কি কাম কৰা?

(গ) বন্ধৰ দিনত ঘৰত তুমি কি কি চাফাই কাম কৰা?
(ঘ) ওচৰ-চুবুৰিয়াক তুমি কি কি কামত সহায় কৰা

ছবিকেইখন চোৱা আৰু কাষত দিয়া পদ্যটো পঢ়া


 

নিলগতে ৰাখিবা
হাঁহ পাৰ গৰু
ৰোগে চুব নোৱাৰে
স্বাস্থ্য হ’ব বাৰু।

নখ দীঘল নকৰিবা
মলি জমা হয়,
খাদ্যৰ লগত মিলি গৈ
পেটৰ বেমাৰ হয়।


 

 


মুকলি কৈ ৰখা খাদ্য
খোৱা অনুচিত,
মাখিয়ে বিয়পায় ৰোগ
জানিবা নিশ্চিত।

 কওঁ আহাঃ
(এই ক্ষেত্ৰত শিক্ষকে ছাত্ৰ-ছাত্ৰীক উত্তৰ দিয়াত সহায় কৰিব।)

(ক) নখ কিয় দীঘল কৈ ৰাখিব নালাগে?

উত্তৰঃ নখ দীঘলকৈ ৰাখিলে তাত মলি জমা হয় আৰু সেই মলি খাদ্যৰ লগত মিলি পেটলৈ গ’লে পেটৰ বেমাৰ হয়।

(খ) আমাৰ থকা ঘৰৰ পৰা গোহালি, গঁৰাল আদি কিয় আঁতৰত থাকিব লাগে?

উত্তৰঃ পোহনীয়া জীৱ-জন্তুৰ মল-মুত্ৰৰ পৰা বেমাৰৰ বিজানু বিয়পে, সেয়েহে গোহালি, গঁৰাল আদি ঘৰৰ পৰা আঁতৰত থকিব লাগে।

(গ) মুকলিকৈ ৰখা মিঠাই আদি খালে কি হয়?

উত্তৰঃ মুকলিকৈ ৰখা মিঠাইত মাখি পৰে, মাখিয়ে ৰোগ বিয়পায়।

(ঘ)খোৱা-খাদ্য আমি কেনেদৰে ৰাখিব লাগে?

উত্তৰঃ খোৱা-খাদ্য আমি পৰিষ্কাৰ ঠাইত, পৰিষ্কাৰ বৰ্তনেৰে ঢাকি ৰাখিব লাগে।

প্ৰশ্নঃ যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজাঃ
স্ব = স + ৱ = স্ব
স্বৰ, স্বৰ্গ, স্ব-ইচ্ছাৰে, স্ব-জ্ঞানে
জ্ব = জ + ৱ = জ্ব
জ্বল, জ্বলন,জ্বলন্ত, উজ্বল
দ্ব = দ + ৱ = দ্ব
দ্বীপ, দ্বেষ, দ্বীপপুঞ্জ
ষ্ক = ষ + ক =ষ্ক পুষ্কৰ, দুষ্কৰ, আৱিষ্কাৰ
চ্ছ = চ + ছ =চ্ছা
ইচ্ছা, শুভেচ্ছা
শ্চ = শ + চ =শ্চ
নিশ্চয়, নিশ্চিত, পশ্চিম

প্ৰশ্নঃ ওলট-পালটকৈ লিখা আছে আখৰবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা?
উত্তৰঃ চ্ছাই
ইচ্ছা, ষ্কাৰপৰি পৰিষ্কাৰ, য়দ্বিতী দ্বিতীয়, স্থ্যস্বা স্বাস্থ্য, মপশ্চি পশ্চিম, নদ্বাবি - বিদ্বান

প্ৰশ্নঃ খালী ঠাই পুৰ কৰাঃ
মই সদায় বিদ্যালয়লৈ যাও। (সদায়/ কেতিয়াবা)
মই প্ৰতি দিনে সময় মতে উপস্থিত হওঁ। (অনুপস্থিত/ উপস্থিত)

আমি পৰিষ্কাৰ হৈ থকা উচিত। (লেতেৰা/ পৰিষ্কাৰ)
 
মই খোৱাৰ আগত হাত ধোওঁ। (ধোওঁ/ নোধোওঁ)

উচিত /অনুচিত আঁচটনি মিলোৱাঃ

 

No comments