Ankuran-4|Chapter-12
পাঠ-১২|অংকুৰণঃ আজৰি পৰৰ কাম|৪ৰ্থ শ্ৰেণী
খ –
ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
তলৰ বাক্যবোৰত শব্দবোৰ
খেলি-মেলিকৈ আছে। সজাই পৰাই লিখা ।
(ক) ভাল খেলি কেৰম পাওঁ
মই
উত্তৰঃ মই কেৰম খেলি ভাল
পাওঁ।
(খ) ভিতৰত কৰি কাম আছে
মায়ে।
উত্তৰঃ মায়ে ভিতৰত কাম
কৰি আছে।
(গ) ধুইছে ৰীমাই কাপোৰ
পাৰত কুঁৱাৰ।
উত্তৰঃ ৰীমাই কুৱাঁৰ পাৰত
কাপোৰ ধুইছে।
তলৰ যুক্তাক্ষৰবোৰ ভাঙি
দেখুওৱা।
উত্তৰঃ
প্ৰ = প
+ ৰ
ন্দ = ন + দ
ন্ধ = ন + ধ
ক্ৰ = ক + ৰ
স্তু = স + ত + উ
তলৰ শব্দবোৰ ব্যৱহাৰ কৰি
বাক্য সাজা।
প্ৰশংসা, চোতাল, কাঁহী, চিকুনাই, তিৰ্বিৰ্
উত্তৰঃ
প্ৰশংসা –
ভাল কাম কৰিলে সদায় প্ৰশংসা পোৱা যায়।
চোতাল – ছোৱালী কেইজনীয়ে চোতালত বহি নাচ-গুটি খেলি আছে।
কাঁহী – মদনে কাঁহৰ কাঁহীত ভাত খাই আছে।
চিকুনাই – ৰাজুৱে সিহঁতৰ ঘৰৰ বাৰীখন চিকুণাই আছে।
তিৰ্বিৰ্ – ৰাতিৰ আকাশত তৰাবোৰে তিৰ্বিৰ্ কৰি থাকে।
(গ –
জ্ঞান সম্প্ৰসাৰণ)
উত্তৰ দিয়া।
(ক)
১। চন্দন আৰু প্ৰীতম কেতিয়া
গাঁৱৰ ঘৰলৈ গৈছিল?
উত্তৰঃ গৰমৰ বন্ধত।
২। গাৱঁত তেওঁলোকৰ কোন
আছিল?
উত্তৰঃ ককাক আছিল।
৩। তেওঁলোকে গাঁৱৰ ঘৰলৈ
কিহেৰে গৈছিল?
উত্তৰঃ গাড়ীৰে গৈছিল।
৪। ককাকে ৰাতিপুৱা কি
কৰে?
উত্তৰঃ ককাকে ৰাতিপুৱা
বৰ সোনকালে উঠি মুকলি বতাহ ল’বলৈ যায়।
খ)
১। চন্দন আৰু প্ৰীতমে
ককাৰ পৰা কিকি শিকিলে?
উত্তৰঃ চন্দন আৰু প্ৰীতমে
ককাৰ পৰা দোকমোকালিতে বিছনা এৰা, খোজ কঢ়া,
পুৱাৰ মুকলি বতাহ লোৱা, আজৰি পৰত শাকনি বাৰী, ফুলনি বাৰীত পানী দিয়া আৰু কাম কৰা আৰু
নিজৰ কাম নিজে কৰা, মাক-দেউতাকক সহায় কৰা আৰু সন্ধিয়া হাত-ভৰি ধুই প্ৰাৰ্থনা কৰা ইত্যাদি
শিকিলে।
২। তেওঁলোক ঘৰলৈ আহি কি
কৰাৰ কথা ভাবিলে?
উত্তৰঃ তেওঁলোক ঘৰলৈ আহি
সময়ৰ সৎ ব্যৱহাৰ কৰা, নিজৰ কাম আনক কৰিবলৈ নিদিয়া আৰু আজৰি সময়ত মাক-দেউতাকক সহায় কৰা
ইত্যাদিৰ কথা ভাবিলে।
৩। সন্ধিয়া তেওঁলোকে ঘৰত
কি কৰে?
উত্তৰঃ সন্ধিয়া তেওঁলোকে
ককাকে শুকোৱা মতে হাত-ভৰি ধুই প্ৰাৰ্থনা কৰে।
৪। নিজৰ কাম নিজে কৰাটো
তেওঁলোকে কাৰ পৰা শিকিলে?
উত্তৰঃ নিজৰ কাম নিজে কৰাটো তেওঁলোকে ককাকৰ পৰা শিকিলে।
No comments