Breaking News

Ankuran-4|Chapter-13

পাঠ-১৩|অংকুৰণঃ জন্ম-দিনৰ আয়োজন|৪ৰ্থ শ্ৰেণী


 

নাটিকাখন ভালদৰে পঢ়া।
তলৰ প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল?
উত্তৰঃ
সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত পাচলি কাটি আছিল।

(খ) সীমান্তৰ জন্ম-দিনটো কি বাৰত হ'ব ?
উত্তৰঃ সোমবাৰে হ'ব।

(গ) মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে?
উত্তৰঃ
মাকে সীমান্তৰ জন্মদিনত নামঘৰত শৰাই এখন দিব বুলি ভাবিছিল।

(ঘ) সীমান্তই জন্মদিনত কাক কাক নিমন্ত্রণ কৰিম বুলি ভাবিছে?
উত্তৰঃ সীমান্তই জন্মদিনত ৰুনজুন, মিতা, ভুলী, চিৰঞ্জীৱ, মকবুলহঁতক মাতিম বুলি ভাবিছিল।

(ঙ) স্কুলৰ বাইদেৱে জন্ম-দিনত সীমান্তক কি কৰিবলৈ কৈছে ?
উত্তৰঃ
স্কুলৰ বাইদেৱে জন্ম-দিনত সীমান্তক গছ পুলি ৰুবলৈ কৈছিল।

তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুলিংগ বুজোৱা শব্দৰ কাষত লিখা।
উত্তৰঃ

উদাহৰণ
  মামা - মামী

দেউতা
মা
বন্ধু
বান্ধৱী
শিক্ষক
শিক্ষয়িত্ৰী
ভাইটি
ভণ্টি
ভিনিহি
বাই 

বাক্য ৰচনা কৰা।
উত্তৰঃ
জন্ম
দিনঃ সোমবাৰে সীমান্তৰ জন্মদিনৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ তেওঁৰ বন্ধুসকল গৈছিল।
উপহাৰঃ  সীমান্তক জন্ম
দিনৰ উপহাৰ হিচাপে দিবলৈ ৰুণজুণে এটা উপহাৰ কিনিছে।
নামঘৰঃ সন্ধিয়া নামঘৰত বন্তি জ্বলোৱা আৰু দবা কোবোৱা হয়।
জলপানঃ কোমল চাউলৰ পৰা জলপান বনোৱা হয়।
পৰিপাটিঃ সদায় নিজৰ পঢ়া টেবুলখন পৰিপাটি কৰি ৰাখিব লাগে।

এটা শব্দত প্ৰকাশ কৰা।
উত্তৰঃ

জন্ম হোৱা দিনটো
জন্মবাৰ
বন্ধু-বান্ধবৰ সৈতে
সবান্ধৱ
নাম গোৱা ঘৰ
নামঘৰ

ইংৰাজী ভাষাৰ অনেক শব্দ আমাৰ ভাষাত সোমাইছে। তেনেকুৱা কেইটিমান শব্দ এই পাঠটোত ব্যৱহাৰ হৈছে। সেইবোৰৰ অসমীয়া প্ৰতিশব্দ লিখা।

(ক)    ইংৰাজী শব্দ                  অসমীয়া শব্দ
           টেবুল              
           মেজ   
           স্কুল                 
        পাঠশালা, বিদ্যামন্দিৰ, বিদ্যাপীঠ, পঢ়াশালি, বিদ্যায়তন, বিদ্যালয়
           ৰুম                 
        কোঠালি, কোঠা

 

(খ) আজি-কালি আকৌ কিছুমান শব্দ অসমীয়াত ক’লে বহুতে নুবুজে, ইংৰাজীত ক’লেহে বুজি পায়। তেনেকুৱা অসমীয়া শব্দৰ থুপটোৰ কাষতে ইংৰাজী শব্দৰ থূপ এটা দিয়া হৈছে। তাৰ পৰা বিচাৰি উলিয়াই মিলাই লিখা।

অসমীয়া শব্দ                 ইংৰাজী শব্দ

জপনা                       গে'ট

অট্ৰালিকা                  বিল্ডিং

পিয়লা                      কাপ

চিৰিয়াখানা                জু

কৰমৰ্দন                    হেণ্ডচেক

দুৰদৰ্শন                    টি.ভি

বোলছবি                    চিনেমা

কাৰ্যবাহী অভিযন্তা                একজিকিউটিভ ইঞ্জিনিয়াৰ

উপপ্ৰতি সমাহৰ্তা                   এছ ডি চি

পৰিকলন যন্ত্ৰ                       কম্পিউটাৰ

'ক' অংশৰ সামগ্ৰীসমূহ 'খ'অংশৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখাঃ

জৱাহৰলাল নেহৰু আৰু শিশু দিৱসঃ


১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে জন্ম হয় আমাৰ সকলোৰে চিনাকি, শিশু সকলৰ অতিকৈ মৰমৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ। তেওঁ আছিল একেধাৰে ভাৰতৰ ৰাজনীতিবিদ, চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী।
জন্মঃ ১৮৮৯ চনৰ ১৪ নৱেম্বৰত উত্তৰ প্রদেশ, এলাহাবাদ

মৃত্যুঃ ১৯৬৪ চনৰ ২৭ মে’

পিতৃঃ মতিলাল নেহৰু

মাতৃঃ স্বৰুপাৰাণী নেহৰু

ঘৰুৱা শিক্ষাৰ দ্বাৰাই জৱাহৰলাল নেহৰুৰ সৰু কালৰ শিক্ষাৰ আৰম্ভণি হৈছিল। তেখেত আছিল মাক-দেউতাকৰ একমাত্র সন্তান। নেহৰুৱে টি ফার্ডিনাণ্ড ব্রুকছ নামৰ এজন আইৰিছ লোকৰ তত্বাৱধানত শিক্ষা লাভ কৰিছিল। তেৰ বছৰ বয়সত তেওঁ “থিয়ছফিকেল ছচাইটি”ত যোগ দি প্রাচীন ধৰ্ম পুথিবোৰ অধ্যায়ন কৰিছিল। মাত্র পোন্ধৰ বছৰ বয়সত ইংলেণ্ডলৈ গৈ হেৰ’ পাব্লিক স্কুলত ভৰ্তি হয়। ১৯১০ চনত কেমব্রিজৰ ট্রেনিটি কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ১৯১২ চনত তেওঁ ভাৰতলৈ ঘুৰি আহি ওকালতি আৰম্ভ কৰে।

১৯১৬ চনত লক্ষ্ণৌ কংগ্রেজত তেওঁ মহাত্মা গান্ধীক লগ পায়। সেই বছৰতে তেওঁ কমলা কৌলকৰ সতে বিবাহ পাশত আৱদ্ধ হয়।

তেওঁ কেইবাবাৰো কাৰাবাস খাটিব লগীয়া হৈছিল। জেলত থকা সময়ত তেওঁ কেইখন মান বিখ্যাত গ্রন্থ ৰচনা কৰিছিল। সেই কেইখন গ্রন্থ হ’ল ক্রমে গ্লিম্পছেছ অৱ্ ৱাৰ্ল্ড হিষ্টৰি আৰু “ডিছকভাৰি অৱ্ ইণ্ডি্যা”। ১৯৪৫ চনলৈকে তেওঁ ৩,২৬২ দিন জেলত আছিল।

১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্বোচ্চ সন্মান “ভাৰত ৰত্ন” প্রদান কৰে।

জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তেওঁলোকৰ মাজত তেওঁ নেহৰু চাচা বুলি পৰিচিত আছিল। সেয়ে তেওঁৰ জন্ম দিনটোক প্রতি বছৰে “শিশু দিৱস হিচাপে পালন কৰা হয়।

দহগৰাকী মহান ব্যক্তিৰ জন্ম-তাৰিখৰ তালিকাঃ

নাম

জন্ম তাৰিখ

স্বামী বিবেকানন্দ

১২ জানুৱাৰী, ১৮৬৩

মহাত্মা গান্ধী

২ অক্টোবৰ, ১৮৬৯

সুভাষ চন্দ্ৰ বসু

২৩ জানুৱাৰী ১৮৯৭

জৱাহৰলাল নেহেৰু

১৪ নৱেম্বৰ, ১৮৮৯

বাল গংগাধৰ তিলক

২৩ জুলাই, ১৮৫৬

সৰ্বপল্লী ৰাধাকৃষ্ণ

৫ ছেপ্টেম্বৰ, ১৮৮৮

ভীমৰাও ৰামজী আম্বেদকাৰ

১৪ এপ্ৰিল, ১৮৯১

সৰোজিনি নাইডু

১৩ ফেব্রুৱাৰী ১৮৭৯

লাল বাহাদুৰ শাস্ত্ৰী

২ অক্টোবৰ, ১৯০৪

সাবিত্ৰী বাই ফুলে

৩ জানুৱাৰী ১৮৩১

No comments