Ankuran-5|Chapter-12
পাঠ-১২|অংকুৰণঃ আগতে নিজে নিকা হ’| ৫ম শ্ৰেণী
আগতে নিজে নিকা হ'
আনক ধোৱাৰ আগতে ভাই
নিজে নিকা হ’
নিজৰ হিয়া-মনৰ মলি
ধুই পখালি ল’আনক কোৱাৰ আগখিনিতে
নিজে সঁচা ক`
নিজে সত্যত নিজৰ ৰূপত
দূঢ়তাৰে ৰ’
তেহে হ’ব হোৱা, লোৱা, কোৱা, ৰোৱা ঠিক,
জীৱন ভৰাই জমা হ’ব ধন-সোণ আত্মিক।
কবি – অম্বিকাগিৰী ৰায়চৌধুৰী
ক্ৰিয়া-কলাপঃ
উত্তৰ লিখাঃ
(ক) পদ্যটিৰ ৰচক কোন?
উত্তৰঃ পদ্যটিৰ ৰচক হ'ল অম্বিকাগিৰী ৰায়চৌধুৰী।
(খ) কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হবলৈ কৈছে?
উত্তৰঃ কবিয়ে আনক ধোৱাৰ আগতে নিজক নিকা হ'বলৈ কৈছে।
(গ) কবিৰ মতে নিজক নিকা কৰিবলৈ হলে কি কি কৰিব লাগে?
উত্তৰঃ কবিৰ মতে নিজে নিকা হ'বলৈ হ'লে নিজৰ হিয়াৰ-মনৰ মলি ধুই পখালি ল'ব লাগে।
(ঘ) কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে?
উত্তৰঃ কবিৰ মতে আনক সচা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সচা ক'ব লাগে।
তলৰ শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ চাই শিকোঁ আহাঃ
নিকা – চাফ চিকুণ, নিৰ্ম্মল, পৰিষ্কাৰ-পৰিচ্ছন্ন, চিকুণ, পৰিচ্ছন্ন চফা, বিমল, অঁত নিকা, চাফা, অক্লেদ্য, পৰিষ্কাৰ, চিকণ, খোলোচা ইত্যাদি।
পখালি – পানী দ্বাৰা নিকা কৰা, ধুই দিয়া।
দৃঢ়তা – কঠিনতা,অলৰ-অচৰ, গুণ, সংকল্পৱদ্ধতা, সংকল্প, মনঃস্থ, মনস্থ, অভিপ্ৰায় ইত্যাদি।
আত্মিক – মানুহৰ মনক অথবা মনে প্ৰভাৱিত কৰিব পৰা, ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা।
প্ৰশ্নঃ কবিৰ মতে জীৱনত কেনেকৈ ধন-সোণ জমা কৰিব পাৰি লিখা?
উত্তৰঃ কবিৰ মতে, আনক কোৱাৰ আগখিনিতে নিজে সঁচা কৈ, সত্যতা থাকি দূঢ়তাৰে ৰ’লে, ধন-সোণ আত্মিক ভাৱে জমা কৰিব পাৰি।
পদ্যকেইফাঁকি বুজাই লিখা।
(ক)
নিজৰ হিয়া-মনৰ মলি
ধুই পখালি ল’
উত্তৰঃ এই পদ্যফাঁকিত মানুহৰ মনৰ মাজত থকা বেয়া ভাৱ আৰু বেয়া চিন্তা আদিক মনৰ পৰা আঁতৰাই মনটো ধুই পখালি শুদ্ধ কৰি ল'বলৈ কোৱা হৈছে।
(খ)
আনক কোৱাৰ আগখিনিতে
নিজে সঁচা ক’
উত্তৰঃ এই পদ্যফাঁকিত আনকত সচাঁ ক'বলৈ কোৱাৰ আগতে যে নিজে সঁচা ক'ব লাগে সেই কথাকে কোৱা হৈছে। অৰ্থাৎ আনক উপদেশ দিয়াৰ আগতে নিজে সেই কাৰ্য আৰ্হি হিচাপে কৰিব লাগে।
প্ৰশ্নঃ তলৰ শব্দবোৰৰ বিপৰীত অথ বুজোৱা শব্দ লিখা ।
উত্তৰঃ
সত্যঃ অসত্য, ফাকটি, মিথ্যা, অনৃত, মিছা, অপ্ৰকৃত, ভুৱা, আসৈ, ফাঁকি, বাদি ইত্যাদি।
নিজৰঃ পৰকীয়া, পৰৰ, লোকৰ, আনৰ, ইত্যাদি।
জমাঃ খৰচ, ব্যয়, খৰচ-পত্ৰ, খা-খৰচ, খৰচ-পাতি, খৰচ-বৰচ, খৰ্চা, খৰচা, ভগন ইত্যাদি।
আত্মীয়ঃ অনাত্মীয়, অসম্বন্ধীয়, অসম্পৰ্কীয় ইত্যাদি।
নিকাঃ লেতেৰা, অপৰিষ্কাৰ, লেতেৰ-পেতেৰ, মোলান, জহুদ, অপৰিষ্কৃত, নাগলি, লেতেৰা-পেতেৰা, মলিন, মলিযুক্ত, চেৰেঠ, লেথেৰ-গোবৰ, মলিয়ন, খেহনেজীয়া, ফেদুৱা, খেৰেচ, গেন্ধেলা, কলুষতাপূৰ্ণ, অপৰিচ্ছন্ন, ঘেঁটেলা ফেদেলা, ঘেটেলা খেহেটা, ক্লেদাক্ত, ঘেকেটা ফপহুতা, কলুষিত, খেদেলা, আবিল ইত্যাদি।
No comments