Ankuran-5|Chapter-13
পাঠ-১৩|অংকুৰণঃ ওজা-পালি| ৫ম শ্ৰেণী
উত্তৰ দিয়া।
(ক) ওজা-পালি কি?
উত্তৰঃ ওজা-পালি হ’ল পৌৰাণিক আৰু লৌকিক আখ্যান-উপাখ্যানৰ কাহিনী আদি গীত-পদ, নৃত্য আৰু অভিনয়ৰ মাজেদি সহজ-সৰল ভাৱে লোক-সমাজত প্ৰচাৰ কৰা এটি লোক নাট্য অনুষ্ঠান।
(খ) ওজা-পালিৰ মুখ্য পালিজনক কি বোলা হয়?
উত্তৰঃ ওজা-পালিৰ মুখ্য পালিজনক ডাইনা-পালি বুলি কোৱা হয়।
(গ) ওজাৰ লগত কোন কোন থাকে?
উত্তৰঃ ওজাৰ লগত পাঁচ-ছয় জন মান পালি থাকে।
(গ) ওজা-পালিৰ প্ৰকাৰবোৰ কি কি ?
উত্তৰঃ ওজা-পালিৰ প্ৰকাৰবোৰ হ'ল সুকনান্নী বা সুকনাৰায়ণী গোৱা ওজা-পালি, বিয়াহৰ বা ব্যাস গোৱা ওজা-পালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা-পালি, বৈষ্ঞৱী ওজা, তুকুৰীয়া ওজা, আপী ওজা ইত্যাআদি।
(ঘ) ওজা-পালি ক’ত ক'ত পৰিৱেশন কৰা দেখা যায়?
উত্তৰঃ ওজা-পালি নানান উৎসৱ-পাৰ্বন, পূজা, সবাহ আৰু অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায়।
চমু উত্তৰ দিয়া –
(ক) ওজা-পালিয়ে পৰিধান কৰা সাজ-পাৰ কেনেকুৱা?
উত্তৰঃ ওজা-পালিয়ে পৰিধান কৰা সাজ-পাৰ অতি সাধাৰণ। সকলো সদস্যই চুৰিয়া-চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে সোঁ-হাতত এযোৰ খুঁটি তাল মেৰিয়াই লয়।
(খ) ওজা-পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক’ৰ ক'ৰ পৰা?
উত্তৰঃ ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিত থকা পৌৰাণিক আৰু লৌকিক আখ্যান-উপাখ্যান আদিৰ পৰা পৰা লোৱা হয়।
(গ) ডাইনা-পালিজন প্রধান কাম কি কি?
উত্তৰঃ ডাইনা-পালিজন প্ৰধানকৈ সুৰসিক হয়। পালিসকলৰ লগত গীত গোৱাৰ উপৰি তেওঁ ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত দাঙি ধৰে।
(ঘ) অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে?
উত্তৰঃ অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনীভাগ নৃত্য-গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। ওজাই 'দিহা'ৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই যায়। পালিসকলে খুঁটি-তাল বজাই সেই দিহা দোহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে। ডাইনা পালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱা দৰ্শকৰ সন্মুখত দাঙি ধৰে।
(ঙ) মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মাজে-সময়ে ওজা-পালিৰ সহায় লৈছিল।
খালী ঠাই পূৰ কৰা –
ওজা-পালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল ওজা। ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা খুটি-তাল বজাই দোহাৰে। ডাইনা-পালিয়ে ৰসাল কথাৰে লোক-সমাজক আকৃষ্ট কৰে।
উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা।
উদাহৰণ- ঢোল – ঢোলীয়া ভাও– ভাওৰীয়া
খোল – খুলীয়া
লোণ – লুণীয়া
গোঁফ – গোঁফীয়া
যোৰ – যুৰীয়া
লগ – লগৰীয়া
বন – বনৰীয়া
কাষ – কাষৰীয়া
নাও – নাৱৰীয়া
বাক্য ৰচনা কৰা।
খুঁটি-তাল (বেঁটু বা খুবলি নথকা কাঁহৰ সৰু তাল): ওজাপালি নৃত্যত ওজাই আখ্যানৰ দিহা লগাই দিয়ে আৰু পালিসকলে সেই দিহা খুটি-তাল বজাই দোহাৰে।
খুঁটি-খা (নিজৰ ঠোঁঠ বা হাতেৰে ধৰি আহাৰ খা): চৰাইৰ পোৱালিবোৰ খুঁটি খাব পৰা হ'লে বেলেগে বাঁহ সাজি থাকিবলৈ লয়।
খুঁটি-গছা (মাটিত খুঁটি পোতাৰ দৰে পুতি থ'ব পৰা সৰু গছা): গাঁও অঞ্চলত তুলসীৰ তলত চাকি দিবলৈ খুঁটি-গছা ব্যৱহাৰ কৰা হয়।
খুঁটি-নাটি (কোনো বিষয়ৰ সৰু ভাগ, সৰু-সুৰা কথা, আঁতিৰগুৰি): কোনো বিষয়ৰ ওপৰত মন্তব্য কৰাৰ আগতে বিষয়টো খুঁটি-নাটি মাৰি জানি ল'ব লাগে।
খুঁটি-পোত (থাকিবলৈ ঠাই ল): কুকুৰটোৱে আমাৰ ঘৰত খুঁটি পুতিব খুজিছে।
খুঁটি-ঢৰা (চটাই ঢৰা): আইতাই বহিবলৈ চোতালত খুঁটি-ঢৰাখন পাতি ললে।
খুঁটিয়া-খুঁটি (পৰস্পৰে পৰস্পৰক বা ইটোৱেই সিটোক আঘাত কৰা কাৰ্য): চৰাই পোৱালিবোৰে বাঁহত খুঁটিয়া-খুঁটি লাগি থাকে।
তুমি দেখা বা শুনা যি কোনো এটি লোক নাট্য অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰা।
(ক) বিহুঃ বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ শেষত। " অসমত পালন কৰা তিনি বিহু হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু।
বসন্তৰ আগমণত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। এই বিহু সাত দিন পালন কৰা হয় বাবে সাত বিহু বুলিও কোৱা হয়। ব'হাগ বিহুত সন্মানৰ প্ৰতীকস্বৰূপে সৰুৱে ডাঙৰক "বিহুৱান" দিয়ে।
(খ) পুতলা নাচঃ পুতলা নাচ হৈছে পুতলা-সমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা এক কলা। পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়। পাচালী সাহিত্য নামৰ পাচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মুলো হৈছে এই পুতলা। পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে। এই পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পদ বুলিও অভিহিত কৰা হয়।
(গ) ওজা-পালিঃ ওজা-পালি হ’ল পৌৰাণিক আৰু লৌকিক আখ্যান-উপাখ্যানৰ কাহিনী আদি গীত-পদ, নৃত্য আৰু অভিনয়ৰ মাজেদি সহজ-সৰল ভাৱে লোক-সমাজত প্ৰচাৰ কৰা এটি লোক নাট্য অনুষ্ঠান।
ওজা-পালি অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনীভাগ নৃত্য-গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। ওজাই 'দিহা'ৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই যায়। পালিসকলে খুঁটি-তাল বজাই সেই দিহা দোহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে। ডাইনা পালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱা দৰ্শকৰ সন্মুখত দাঙি ধৰে।
No comments