পাঠ-১৫|আমি আৰু আমাৰ পৰিৱেশঃআমাৰ সংবিধান|৫ম শ্ৰেণী
পাঠ-১৫|আমি আৰু আমাৰ পৰিৱেশঃআমাৰ সংবিধান|৫ম শ্ৰেণী
১। উত্তৰ লিখা –
(ক) কেতিয়াৰ পৰা ভাৰত এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ভাৰত এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি
লাভ কৰে।
(খ) সংবিধান সভাৰ দুগৰাকী সদস্যৰ নাম উল্লেখ কৰা।
উত্তৰঃ সংবিধান সভাৰ দুগৰাকী সদস্যৰ নাম হ'ল –মৌলানা
আবুল কালাম আজাদ আৰু বল্লভভাই পেটেল।
(গ) কোন তাৰিখে ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে
ঘোষণা কৰা হয়?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক
গণৰাজ্য দেশ হিচাপে ঘোষণা কৰা হয়।
(ঘ) সংবিধান সভাৰ সভাপতি কোন আছিল?
উত্তৰঃ সংবিধান সভাৰ সভাপতি আছিল –
ড° ৰাজেন্দ্ৰ প্ৰসাদ।
(ঙ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে?
উত্তৰঃ ভাৰতীয় নাগৰিকৰ ১১ টা মৌলিক কৰ্তব্য আছে।
৩। খালী ঠাই পূৰ কৰা –
(ক) আমি ১৯৫০ চনৰ পৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ।
(খ) ভাৰতবৰ্ষৰ সংবিধানখন অতি দীঘলীয়া সংবিধান।
(গ) ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য।
(ঘ) প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে।
(ঙ) ১৯৪৭
চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা
লাভ কৰে।
৪। সংবিধানৰ প্ৰস্তাৱনাত কি উল্লেখ আছে?
উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা কিছুকথা তলত চমুকৈ
উল্লেখ কৰা হ'ল –
- ভাৰতবৰ্ষ এখন সাৰ্বভৌম, গণতান্ত্ৰিক গণৰাজ্য।
- আইনৰ চকুত সকলো নাগৰিক সমান। জাতি, বৰ্ণ, ধৰ্ম, লিংগ, ভাষাক আদিক লৈ কোনো বৈষম্য নাথাকিব।
- প্ৰত্যেক নাগৰিকে যিকোনো বিষয়তে মুক্তভাৱে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব।
- দেশত বাস কৰা সকলো শ্ৰেণীৰ লোকে যাতে জীৱনধাৰণৰ ন্যূনতম সা-সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হ’ব।
- ভাৰতীয় নাগৰিকসকলক সমান সুযোগ দি তেওঁলোকৰ মাজত ভাতৃত্বভাৱ জগাই তুলিব।
৫। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।
উত্তৰঃ ভাৰতীয় সংবিধানত নাগৰিকৰ বাবে কিছুমান বিশেষ সুবিধা
উল্লেখ কৰা আছে। এইবোৰ আমাৰ প্ৰাপ্য আৰু আমি লাভ কৰাটো বাধ্যতামূলক। এই সুযোগ-সুবিধাবোৰ
হৈছে আমাৰ অধিকাৰ। কোনোৱে এইবোৰ পোৱাত বাধা দিলে আইনমতে দণ্ডণীয় হ’ব পাৰে। ভাৰতীয় সংবিধানৰ
দ্বাৰা নিৰ্দ্ধাৰিত এই বিশেষ অধিকাৰ সমূহকে মৌলিক অধিকাৰ বোলে। এই মৌলিক অধিকাৰবোৰ
হৈছে –
(ক) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
(খ) স্বাধীনতাৰ অধিকাৰ
(গ) সমতাৰ অধিকাৰ
(ঘ) শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ
(ঙ) ধৰ্মীয় অধিকাৰ
(চ) শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ
৬। শিক্ষাৰ অধিকাৰ আইন বুলিলে কি বুজা?
উত্তৰঃ প্ৰাথমিক শিক্ষা প্ৰতিগৰাকী শিশুৰ মৌলিক অধিকাৰ। এই
অধিকাৰ ২০০৯ চনত "শিক্ষাৰ অধিকাৰ আইন" ৰূপে প্ৰচলিত হয়। এই আইন অনুযায়ী ৬ৰ
পৰা ১৪ বছৰ বয়সলৈকে সকলো শিশুৱে প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়াকৈ গ্ৰহণ
কৰিব পাৰিব।
৭। নিৰ্দেশনাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য কি?
উত্তৰঃ নিৰ্দেশনাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য হৈছে – সামাজিক
আৰু আৰ্থিক দিশত সমতা স্থাপন কৰি জনসাধাৰণৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ সাধন কৰা।
৮। নিৰ্দেশনাত্মক নীতিসমূহ কেইটা ভাগত ভগোৱা হৈছে আৰু কি
কি লিখা।
উত্তৰঃ নিৰ্দেশনাত্মক নীতিসমূহ চাৰিটা ভাগত ভগোৱা হৈছে আৰু
সেইবোৰ হ'ল –
(ক) অৰ্থনৈতিক নীতিঃ পুৰুষ-মহিলা উভয়কে সমান কামৰ কাৰণে সমান
মজুৰি দিয়া, মাতৃ আৰু শিশুৰ মংগলৰ কাৰণে ব্যৱস্থা কৰা ইত্যাদি।
(খ) গান্ধীবাদী নীতিঃ পঞ্চায়তীৰাজ ব্যৱস্থা কৰা, কুটীৰ শিল্পৰ
সম্প্ৰসাৰণ, বনজ সম্পদ সংৰক্ষণ, গো-পালন ইত্যাদি।
(গ) আন্তঃৰাষ্ট্ৰীয় নীতিঃ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা
বৃদ্ধি কৰা ইত্যাদি।
(ঘ)অন্যান্যঃ ঐতিহাসিক তাৎপৰ্যপূৰ্ণ ঠাইবোৰ সংৰক্ষণৰ ব্যৱস্থা
কৰা ইত্যাদি।
No comments