Breaking News

EVS-4|Chapter-16

 পাঠ-১৬|আমি আৰু আমাৰ পৰিৱেশঃ কম্পিউটাৰ আৰু যোগাযোগ|৪ৰ্থ শ্ৰেণী

 

টোকাঃ
কম্পিউটাৰ চিষ্টেম কাক বোলে?

কম্পিউটাৰ চিষ্টেম হৈছে এবিধ দ্ৰুতবেগী, নিখুত ইলেকট্ৰনিক যন্ত্ৰ। ই ব্যৱহাৰকাৰীৰ পৰা ইনপুট ডিভাইচ(কি-ব’ৰ্ড, মাউচ, স্কেনাৰ ইত্যাদি)ৰ জৰিয়তে তথ্য গ্ৰহণ কৰে, প্ৰগ্ৰাম (Software-নিৰ্দেশনাৰ সমষ্টি) অনুসৰি তথ্যৰ ওপৰত কাৰ্য (Process) কৰে আৰু ব্যৱহাৰকাৰীয়ে বিচৰা ধৰণে আউটপুট ডিভাইচ(মনিটৰ, স্পিকাৰ, প্ৰিণ্টাৰ ইত্যদি)ৰ জৰিয়তে তথ্যৰ যোগান ধৰে।


১৬১৪ খৃষ্টাব্দত স্কটলেণ্ডৰ জন নেপিয়াৰ নামৰ গণিতজ্ঞজনে লগতালিকা প্ৰস্তুত কৰি উলিওৱা,১৬৪২ খৃষ্টাব্দত ফৰাচী গণিতজ্ঞ ব্লেইজ পাচকেলে প্ৰথম হিচাপযন্ত্ৰ প্ৰস্তুত কৰা আৰু ১৬৭১  খৃষ্টাব্দত জাৰ্মান গণিতজ্ঞ গটফ্ৰাইড লেইবানিজে পাচকেলৰ হিচাপযন্ত্ৰৰ অধিক উন্নতি সাধন কৰা আদি উদ্ভাৱনবোৰেই কম্পিউটাৰ আৱিষ্কাৰ চিন্তাটোৰ মুল উপজীৱ্য।

কম্পিউটাৰৰ পিতৃপুৰুষ হিচাপে আজিও স্বীকৃতি লাভ কৰা লোকজন হ’ল চালৰ্চ বাব্বেজ(Charles Babbage)। জন্মসুত্ৰে তেওঁ ইংৰাজ আৰু বৃত্তিত আছিল গণিত শাস্ত্ৰৰ পণ্ডিত, কেম্ব্ৰিজত। তেওঁ ১৮২২ খৃষ্টাব্দত প্ৰস্তুত কৰা ডিফাৰেঞ্চ ইঞ্জিন (Difference Engine) নামৰ প্ৰথম মেকানিকেল কম্পিউটাৰটোৰ মুল কাৰ্য্যকৰী অংশবোৰৰ সতে আজিৰ উন্নত কম্পিউটাৰ এটাৰ ভালেখিনি মিল আছে। দুৰ্ভাগ্যবশত: চাৰ্লচে বিচৰা আটাইবোৰ সৰঞ্জাম যোগাৰ কৰাটো সেই সময়ত সম্ভৱ নহ’ল, যাৰ বাবে তেওঁৰ হাতত কম্পিউটাৰ যন্ত্ৰই বহুখিনি সম্ভাৱনীয় উন্নতিৰ পৰা বঞ্চিত হ’ল।

১। উত্তৰ লিখা
(ক) যোগাযোগ ব্যৱস্থা কি? দুটা যোগাযোগৰ মাধ্যমৰ নাম।

উত্তৰঃ এজনে আন এজনৰ লগত কথা পাতি মনৰ ভাৱ প্ৰকাশ কৰাটোৱে হৈছে যোগাযোগ। যোগাযোগৰ দুটা মাধ্যমৰ নাম - (১) চিঠি, (২)ম’বাইল।

(খ) কম্পিউটাৰৰ অংশকেইটাৰ নাম লিখা।
উত্তৰঃ কম্পিউটাৰৰ অংশকেইটাৰ নাম হ'ল চি পি ইউ, কি-বোৰ্ড, মাউচ আৰু মনিটৰ ।

(গ) কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সহায়ত কৰিব পৰা দুটাকৈ কাম উল্লেখ কৰা।
উত্তৰঃ কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সহায়ত আমি কৰিব পৰা দুটা কাম হ'ল- (১)দূৰ-দূৰণিত থকা লোকসকলৰ লগত ঘৰত বহিয়েই যোগাযোগ কৰিব পাৰোঁ, (২) ৰে’ল আৰু বিমানৰ সময়সূচী জানিব পাৰোঁ আৰু আগতীয়াকৈ টিকট বুকিং কৰিব পাৰোঁ।

(ঘ) প্ৰিণ্টাৰৰ কাম কি?
উত্তৰঃ প্ৰিণ্টাৰৰ কাম হৈছে কম্পিউটাৰত কৰা কামখিনি কাগজত লিখিত আকাৰে প্ৰকাশ কৰা।

৩। খালী ঠাই পূৰ কৰা
উত্তৰঃ
(ক) টেলিফোন আৰু ম'বাইলৰ দ্বাৰা পৃথিৱীৰ যিকোনো লোকৰ লগত কথা পাতিব পাৰি।
(খ) কৃত্ৰিম উপগ্ৰহৰ বাবে যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে।

(গ) আমি তথ্য সংৰক্ষণ কম্পিউটাৰৰ সহায়ত কৰিব পাৰো।
(ঘ) টেলিফোনত ফেক্স সংযোগ কৰি আমি দৰকাৰী নথি-পত্ৰৰ প্ৰতিলিপি তৎক্ষণাত আন ঠাইলৈ পঠিয়াব পাৰোঁ।

৪। শুদ্ধ উত্তৰটোত চিন দিয়া
(ক) ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰি।
উত্তৰঃ অশুদ্ধ।

(খ) প্ৰিণ্টাৰৰ সহায়ত কম্পিউটাৰত কৰা কামবোৰ লিখিত আকাৰে পাব পাৰি।
উত্তৰঃ শুদ্ধ।

(গ) টেলিভিছন হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত ব্যৱস্থা।
উত্তৰঃ অশুদ্ধ।

(ঘ) ফেক্স টেলিভিছনত সংযোগ কৰা হয়।
উত্তৰঃ অশুদ্ধ।

(ঙ) ম'বাইলে ফোনেৰে লিখিতভাবে ভাব  বিনিময় কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।

No comments