EVS-5|Chapter-11
পাঠ-১১|আমি আৰু আমাৰ পৰিৱেশঃ যাতায়ত|৫ম শ্ৰেণী
১। উত্তৰ লিখা –
(ক) যাতায়ত বুলিলে কি বুজা?
উত্তৰঃ বিভিন্ন মাধ্যমেৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা-যোৱা কৰা কাৰ্যই হৈছে যাতায়ত।
(খ) চকাৰ আৱিষ্কাৰ হোৱাৰ
আগত মানুহে বয়-বস্তু কেনেকৈ কঢ়িয়াইছিল?
উত্তৰঃ চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বয়-বস্তুবোৰ কঢ়িয়াবলৈ
উট, ঘোঁৰা, গাধ, হাতী ইত্যাদি ব্যৱহাৰ কৰিছিল।
(গ) উন্নত যাতায়ত ব্যৱস্থাৰ
কিয় প্ৰয়োজন?
উত্তৰঃ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ বিদ্যাৰ দ্ৰুত উন্নতিৰ
লগে লগে আমি দ্ৰুত আৰু উন্নত মানৰ যাতায়ত ব্যৱস্থাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছোঁ।
বিভিন্ন দেশৰ মাজত শান্তি-সম্প্ৰীতি অটুত ৰাখিবলৈ আৰু শিক্ষা, কৃষি, শিল্প-বানিজ্য,
চিকিৎসা ব্যৱস্থা, খেলা-ধূলা আদিৰ আদান-প্ৰদান কৰিবলৈ উন্নত যাতায়ত ব্যৱস্থাৰ প্ৰয়োজন।
(ঘ) পৰিবহণ ব্যৱস্থা বুলিলে
কি বুজা?
উত্তৰঃ ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ, জলপথ আৰু আকাশীপথ আদি ব্যৱহাৰ
কৰি যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু আদি কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা।
(ঙ) ভাৰতবৰ্ষত কি কি পৰিবহণ
ব্যৱস্থা আছে?
উত্তৰঃ ভাৰতবৰ্ষত ৰে'ল পৰিবহণ, পথ পৰিবহণ, জল পৰিবহণ আৰু
আকাশী পথ পৰিবহণ ব্যৱস্থা আছে।
২। 'ক' অংশৰলগত 'খ' অংশ মিলোৱা-
৩। খালী ঠাই পূৰ কৰা-
(ক) অসমৰ প্ৰথম ৰে'লপথটো আছিল ডিব্ৰু-শদিয়া ৰে'লপথ।
(খ) ভাৰতবৰ্ষত ১৮৫৩
চনত প্ৰথম ৰে'লপথ চৰকাৰীভাৱে মুকলি কৰা হয়।
(গ) অসমত বৰ্তমান প্ৰায় ৪২,৬৪১ কিঃমিঃ পথ নিৰ্মাণ কৰা হৈছে।
(ঘ) ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত দুটা জাহাজঘাট হ'ল ডিব্ৰুগড় আৰু নিমাতীঘাট।
(ঙ) গুৱাহাটী আৰু দিল্লীৰ মাজত ১৯৮১ চনৰ পৰা বিমান চলাচল আৰম্ভ হয়।
৪। চমু টোকা লিখা-
(ক) জল পৰিবহণ (খ) ৰে'ল
পৰিবহণ (গ) ৰচী পৰিবহণ (ঘ) আকাশী পথ পৰিবহণ
উত্তৰঃ
(ক) জল পৰিবহণঃ জল পৰিবহণ ব্যৱস্থা অতি কম খৰচী পৰিবহণ ব্যৱস্থা।
জলপৰিবহণত ব্যৱহাৰ কৰা বাহনসমূহ হ'ল- নাওঁ, জাহাজ, ফেৰী, ছাবমেৰিন ইত্যাদি।
উত্তৰ ভাৰতৰ নদীসমূহত প্ৰায় বাৰমাহেই পানী উপচি থাকে বাবে গোটেই বছৰ জুৰি জল পৰিবহণ ব্যৱস্থা সুচল হৈ থাকে। অসমত শদিয়াৰ পৰা ধুবুৰীলৈ ৮৯১ কিলোমিটাৰ দীঘল জলপথক ৰাষ্ট্ৰীয় জলপথ ঘোষণা কৰা হৈছে। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা জাহাজঘাটসমূহ হ’ল – ডিব্ৰুগড়, দিচাংমুখ, নিমাটিঘাট, বিশ্বনাথ-চাৰিআলি, শিলঘাট, গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰী। বৰ্তমান দেশী-বিদেশী পৰ্যটকৰ বাবে খোৱা-লোৱাৰ সুবিধা থকা কিছুমান বিলাসী জাহাজ ব্ৰহ্মপুত্ৰত চলিবলৈ আৰম্ভ কৰিছে।
ভাৰতত ১২টা প্ৰধান জাহাজ বন্দৰ আছে। ইয়াৰে ভিতৰত চাৰিটা প্ৰধান বন্দৰ হ’ল – মুম্বাই, চেন্নাই, বিশাখাপট্টনম আৰু ক’লকাতা।
(খ) ৰে'ল পৰিবহণঃ ৰে'ল পৰিবহণ ব্যৱস্থা ভাৰতবৰ্ষৰ সকলোতকৈ গুৰুত্বপূৰ্ণ পৰিবহণ ব্যৱস্থা। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত মুম্বাই আৰু থানেৰ মাজত প্ৰায় ২১ মাইল দীঘল ভাৰতৰ প্ৰথম ৰে'ল পথ চৰকাৰীভাৱে মুকলি কৰা হয়। ভাৰতবৰ্ষত তিনি প্ৰকাৰৰ ৰে'ল পথৰ ব্যৱস্থা আছে। এই কেইটা হৈছে ব্ৰডগজ, মিটাৰ গজ, আৰু পাহাৰীয়া অঞ্চলৰ বাবে ঠেক গজ। অসমৰ প্ৰথম ৰেলপথটো হৈছে ডিব্ৰু-শদিয়া ৰেলপথ, এই ৰে’লপথটো ১৮৮২-৮৪ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
ৰে’লপথৰ সম্প্ৰসাৰণ কৰি বৰ্তমান অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকখন জিলাৰ মাজেৰে ৰে’লপথৰ ব্যৱস্থা কৰা হৈছে। অসমৰ পৰা ভাৰতৰ আন আন ৰাজ্যলৈ যাবলৈ ৰে’ল পৰিবহণৰ সুব্যৱস্থা আছে।
ৰে’লপথ সমূহেৰে দৈনিক বয়-বস্তু এঠাইৰ পৰা আনঠাইলৈ কঢ়িওৱা সহজ হৈ পৰিছে। মানুহে কম সময়ৰ ভিতৰতে আৰু কম খৰছতে বহু দূৰ-দূৰণিলৈ অহা-যোৱা কৰাত সুবিধা হৈছে।
(গ) ৰচী পৰিবহণঃ ভাৰতৰ আন চাৰি প্ৰকাৰৰ পৰিবহণ ব্যৱস্থাৰ উপৰি আন এক প্ৰকাৰৰ পৰিবহণ ব্যৱস্থা আছে, এইবিধ পৰিবহণ হ'ল ৰচী পৰিবহণ ব্যৱস্থা। ই কম খৰচী পৰিবহণ ব্যৱস্থা। পাহাৰীয়া দুৰ্গম অঞ্চলত যাতায়ত ব্যৱস্থাৰ উপৰিও খনিৰ পৰা চূণশিল কয়লা আদি কঢ়িয়াবলৈ ৰচী পৰিবহণ ব্যৱস্থাৰ সহায় লোৱা হয়। অসমৰ কাৰ্বি আংলঙৰ ডিলাই পাহাৰ আৰু বোকাজানৰ বিলাতী মাটি উদ্যোগৰ মাজত চূণশিল কঢ়িয়াবলৈ প্ৰায় ৩৫ কিঃমিঃ দূৰত্বৰ ৰচী পৰিবহণ ব্যৱস্থা আছে।
(ঘ) আকাশী পথ পৰিবহণঃ আকাশী পৰিবহণ ব্যৱস্থা আটাইতকৈ বেগী পৰিবহণ ব্যৱস্থা। এই ব্যৱস্থা বেগী, আৰামদায়ক কিন্তু ব্যয়বহুল। এই ব্যৱস্থাৰ জৰিয়তে ভাৰতবৰ্ষই বিভিন্ন ঠাইলৈ যোগাযোগ ৰাখিছে। ভাৰতবৰ্ষৰ বিমানসেৱা চৰকাৰী আৰু বেচৰকাৰী দুটা খণ্ডত বিভক্ত।
১৯৮১ চনৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটী আৰু দিল্লীৰ মাজত প্ৰথম বিমান চলা-চল আৰম্ভ হোৱাৰ ফলত অসমৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ হৈছে।
৫। তলৰ অশুদ্ধ বাক্যকেইটা শুদ্ধ কৰি লিখা –
(ক) বৰ্তমানলৈকে মেঘালয় আৰু ছিকিমত ৰেলপথৰ ব্যৱস্থা হোৱা
নাই।
উত্তৰঃ শুদ্ধ।
(খ) অসমৰ পথসমূহক ৰাষ্ট্ৰীয় ঘাইপথ, জিলা গড়কাপ্তানি পথ,
জিলা আৰু পঞ্চায়ত পথত ভাগ কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।
(গ) জল পৰিবহণ ব্যৱস্থা বৰ ব্যয়বহুল।
উত্তৰঃ জল পৰিবহণ ব্যৱস্থা কম খৰচী।
(ঘ) অসমৰ বিমান বন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱাৰ ব্যৱস্থা
আছে।
উত্তৰঃ শুদ্ধ।
(ঙ) ভাৰতত ৰচী পৰিবহণ ব্যৱস্থা আছে।
উত্তৰঃ শুদ্ধ।
No comments