Breaking News

Ankuram-2|Chapter-6

  অংকুৰণঃ পাঠ-০৬ সাহসী ল’ৰাজন| ২য় শ্ৰেণী

  

সাহসী ল’ৰাজনে কি কি সাহসিকতাৰ কাম কৰিছিল?
উত্তৰঃ সাহসী ল’ৰাজনে ভৰা লুইত সাঁতুৰি পাৰ হৈছিল, দুৰ্দান্ত ষাঁড় এটা শিঙত ধৰি বগৰাই দিছিল।

কোনে তেওঁক ডাঙৰ-দীঘল কৰিছিল?
উত্তৰঃ বুঢ়ীমাক খেৰসূতীয়ে তেওঁক ডাঙৰ-দীঘল কৰিছিল।

টোল মানে কি?
উত্তৰঃ গুৰুৱে ছাত্ৰসকলক ঘৰতে ৰাখি পঢ়োৱা পঢ়াশালিক টোল বুলি কোৱা হৈছিল।

ক-খ শিকিয়েই ল’ৰাজনে কি ৰচনা কৰিছিল?
উত্তৰঃ ক-খ শিকিয়েই ল’ৰাজনে পদ্য এটা ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা পদ্যটোত আ-কাৰ, ই-কাৰ নাছিল।

তেওঁ পিছত কি ৰূপে পৰিগণিত হ’ল?
উত্তৰঃ তেওঁ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰূপে পৰিগণিত হ’ল।

শব্দৰ মাজৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই লিখা।

শান্ত  ন্ত = ন+ত
বালিসত্ৰ  –  ত্ৰ = ত+ৰ
অনুষ্ঠান  ষ্ঠ = ষ+ঠ
উন্মনা  ন্ম = ন+ম
অমূল্য  ল্য = ল+য
ভূমিকম্প  ম্প = ম+প
অঙ্ক  ঙ্ক = ঙ+ক
কেন্দ্ৰ  ন্দ্ৰ = ন+দ+ৰ


দফাটো পঢ়ি আঁচ দিয়া শব্দসমূহৰ অৰ্থ শিক্ষকৰ সহায়ত জানি লিখা।
টোল  সংস্কৃত পঢ়াশালি
প্ৰখৰ  বৰচোকা
কঠোৰ  টান
গুৰু  শিক্ষক
শিষ্য  ছাত্ৰ
দুৰ্দান্ত  দমাব নোৱাৰা
বশ  অধীন

যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা।
ষ্য  ষ+য  শিষ্য, মনুষ্য
দ্ধ  দ+ধ  শুদ্ধ, উপলব্ধ
ষ্ঠ  ষ+ঠ  ষষ্ঠ, অনুষ্ঠান
ত্ৰ  ত+ৰ  পুত্ৰ, ব্ৰহ্মপুত্ৰ
ন্ম  ন+ম  সন্মত, সন্মান
ঙ্ক  ঙ+ক  অঙ্ক, অঙ্কুৰ
ম্ব  ম+ব  উলম্ব, প্ৰতিবিম্ব
ন্দ্ৰ  ন+দ+ৰ  চন্দ্ৰ, ইন্দ্ৰ
ক্ম  ক+ম  ৰুক্মিণী, ৰুক্ম
ম্প  ম+প  ভূমিকম্প, কম্পন
ন্ত  ন+ত  অন্ত, সীমান্ত

No comments