Breaking News

Ankuran-4|Chapter-6

অংকুৰণঃ পাঠ-০৬|দীঘল-ঠেঙীয়া|৪ৰ্থ শ্ৰেণীঃ

  

উত্তৰ লিখা ।
(ক) ‘যিটো গৰুৱে গাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব।’ এই কথাষাৰ কোনে ভাবিছিল ?

উত্তৰঃ  এই কথাষাৰ গৰু চোৰে ভাবিছিল ।

(খ) ‘এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিল’ - এইদৰে কোনে ভাবিছিল?
উত্তৰঃ এইবুলি গৰু চোৰে ভাবিছিল ।

(গ) ‘এ প্রভু , দীঘল - ঠেঙীয়াই নেপায় যেন।’ এই কথাষাৰ কোনে কৈছিল?
উত্তৰঃ এই কথাষাৰ বুঢ়ীয়ে শুবলৈ চাঙত উঠাৰ আগত  কৈছিল ।

(ঘ) ‘আমাকো পেঁপা - কঢ়াই পালে।’ কোনে, কেতিয়া কৈছিল ?
উত্তৰঃ ‘আমাকো পেঁপা - কঢ়াই পালে।’ এই কথাষাৰ বাঘবোৰে ভাবিছিল। যেতিয়া সিঁহত আটাইবোৰ মাটিত ঠলঠলকৈ বাগৰি পৰিছিল।

ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম ।’ প্রকৃততে কাৰ পিঠিত কোন উঠিব খুজিছিল লিখা ।
উত্তৰঃ প্ৰকৃততে গৰু চোৰে বাঘৰ পিঠিত উঠিবলৈ বিচাৰিছিল।

বাঘটোৱে  চোৰটোকে দীঘল-ঠেঙীয়া বুলি ভাবিছিল । দীঘল-ঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি কি বুলি ভাবিছিল?
উত্তৰঃ বাঘটোৱে  চোৰটোকে দীঘল-ঠেঙীয়া বুলি ভবাৰ উপৰিও ঘাৰ-মোকোটোৱা আৰু পেপাঁ-কঢ়া ভাবিছিল।

উত্তৰ দিয়া।
(ক) বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি কাক বুজাইছিল ?

উত্তৰঃ  বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি বৰষুণক বুজাইছিল ।

(খ) বাঘবোৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল?
উঃ বাঘবোৰে  ইটোৰ পিঠিত আনটো উঠি ওখ হৈ চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল।

(গ) চোৰটোৱে অৱশেষত কেনেকৈ বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পালে?
উত্তৰঃ চোৰটোৱে অৱশেষত এটা বুদ্ধি পাঙিলে। চোৰে একেবাৰে তলত থকা নেগুৰখঁৰা বাঘটোক গলগলীয়া মাতেৰে মাত লগালে, খঁৰা, চাবি, চাবি, চাবি। খঁৰা বাঘে ভাবিলে, আকৌ পেঁপা-কঢ়াই আনবোৰক এৰি মোকহে ধৰে নেকি?  ইয়াকে ভাবি সি সুৰ্তি-বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰাৰ বাবে তাৰ পিঠিত উঠি থকা আটাইবোৰ বাঘ ঠল ঠলকৈ মাটিত পৰিলে। সিহঁতেও আমাকো পেঁপা-কঢ়াই পালে বুলি ভাবি বৰকৈ ভয় খাই তৰা-নৰা ছিঙি ল'ৰি হাবিলৈ পলাই গ'ল।  এইদৰে চোৰটোৱে বাঘবোৰৰ পৰা ৰক্ষা পালে।

(ঘ) চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত ল'লে?
উত্তৰঃ চোৰটোৱে ঘৰলৈ আহি আৰু চোৰ নকৰো বুলি শপত ললে ।


যুক্তাক্ষৰ ভাঙি লিখোঁ আহা।
উত্তৰঃ
জ্ৰ
 + ৰ = জ্ৰ
ন্ধ  
   + ধ = ন্ধ
শ্চ
   + চ = শ্চ
ণ্ড
    + ড = ণ্ড  

বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ
দীঘল
চুটি
আন্ধাৰ
পোহৰ
পুৰণি
নতুন
অসহায়
সহায়
বলী
দুৰ্বল
ৰাতি
দিন
গভীৰ
অগভীৰ

বাক্য ৰচনা কৰা।
(ক) চেঙা (গাত হাত দিবলৈ নিদিয়া অস্থিৰ তজবজীয়া জন্তু)- ৰাহুলহঁতৰ ৰঙা  গৰুটো বৰ চেঙা গৰু।

(খ) চেঙা (তপত, যেনে-চেঙা তেল)- কেঁচুৱাৰ চৰ্দি লাগিলে, তাক অলপ চেঙা তেল দি মালিচ কৰি দিব লাগে।
(গ) চেঙা (এবিধ মাছ) আজি মই চেঙা মাছ পোৰাৰে ভাত খালোঁ।

(ঘ) চেঙালুটি (চেঙা মাছৰ দৰে কৰা লুটিয়া-লুটি, বেদনাত কৰা ধৰফৰ)- ৰমেনে কোৰেৰে ভৰিখন কটা যোৱাত সি চেঙালুটি মাৰিছে।
(ঙ) চেঙা-হিলৈ (আহোম ৰজাৰ দিনৰ এবিধ বন্দুক)- আহোমৰ সৈন্যসকল চেঙা-হিলৈ মৰাত পাকৈত আছিল।

বুঢ়ীয়ে গৰু পুহি জীৱিকা নিৰ্বাহ কৰিছিল। এনেদৰে আন কি কি পোহনীয়া জীৱ-জন্তুৱে আমাৰ জীৱিকা নিৰ্বাহত সহায় কৰে।
উত্তৰঃ হাঁহ, পাৰ, মুৰ্গী, ছাগলী, ভেড়া, ম’হ ইত্যাদি পোহনীয়া জীৱ-জন্তুৱে আমাৰ জীৱিকা নিৰ্বাহত সহায় কৰে।

No comments