Breaking News

Ankuran-4|Chapter-7

 অংকুৰণঃ পাঠ-০৭|ৰাতিপুৱা|৪ৰ্থ শ্ৰেণীঃ

  

উত্তৰ দিয়া ।
(ক) পদ্যটোত সোণফেৰিক কি কৰিবলৈ কোৱা হৈছে ?

উত্তৰঃ পদ্যটোত সোণফেৰিক ঢাৰি পাতি এৰি গিৰিসাই টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে।

(খ) ৰীণা, মীনা, বীণা সকলোৱে শুই উঠি কি কৰিছে?
উত্তৰঃ ৰীণা , মীনা , বীণা সকলোৱে শুই উঠি  পুথি মেলি লৈছে।

(গ) পুৱাৰ বেলি ওলোৱা দিশটো কি ?
উত্তৰঃ পুৱাৰ বেলি ওলোৱা দিশটো  হ’ল 
 পূৱ।

(ঘ) পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায় ?
উত্তৰঃ পুৱাৰ লগে লগে ডালে ডালে  চৰাইবিলাকে গীত গায়।

(ঙ) ফুলে ফুলে উৰি মৌমাখিয়ে কি কৰে?
উত্তৰঃ ফুলে ফুলে উৰি মৌমাখিয়ে মৌ-পান কৰে।

(চ) কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে ?
উঃ  কবিয়ে মন থিৰ কৰি পুথি মেলি লৈ নিজৰ শিকা পঢ়িবলৈ কৈছে।

পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয় ?
উত্তৰঃ (ক) পূব আকাশত ৰঙা বেলি উলায়, (খ)গছে গছে  চৰায়ে  গান গায়, (গ) মৌ-মাখিবোৰে ফুলে ফুলে মৌ পান কৰে (ঘ) পুথি মেলি লই সকলোৱে নিজৰ নিজৰ কিতাপ পঢ়ে (ঙ) গছে গছে ফুল ফুলে।

ছবিখন চাই কি কি দেখিছা কোৱা আৰু লিখা
উত্তৰঃ পুৱ আকাশত ৰাঙলী ৰহণ সানি বেলি ওলাইছে। ডেউকা মেলি চৰাই উৰিছে। কৃষকে হাল বাইছে। কৃষকৰ বাবে কৃষকৰ গৃহিণীয়ে জলপান লৈ ওলাইছে। খেতি পথাৰৰ ওচৰতে থকা পুখুৰীত ভেট-ফুল ফুলিছে। কৃষকৰ ল’ৰাটোৱে গাখীৰ খীৰাই আছে। গৰুৰ পোৱালিটো মাকে চেলেকি-চেলিকি মৰম কৰি আছে। ওচৰতে মতা-কুকুৰা এটাই ডাক দি আছে।

বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোফাঁলৰ শব্দৰ লগত মিলাই লিখা।
উত্তৰঃ

পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা।
উত্তৰঃ
একবচন 
    বেলি, আকাশ, সোণফেৰি।   
বহুবচন 
    মৌমাখিবিলাক, কতনো ফুল, সকলোৱে।

উদাহৰণ পঢ়া আৰু বুজি লৈ একোটা খণ্ড বাক্য লিখা।
উত্তৰঃ
(ক) প্ৰতিটো ডালতে - ডালে ডালে  -  ডালে ডালে চৰাইবোৰে গান গাইছে।

(খ) প্ৰতিটো দিনতে - দিনে দিনে  - দিনে - দিনে পৰিস্থিতি বেয়াৰ ফালে গৈ আছে।

(গ) প্ৰতিটো ঘৰতে  ঘৰে ঘৰে   - ৰাতিপুৱা সকলোৱে নিজৰ নিজৰ ঘৰে ঘৰে পঢ়ে।

(ঘ) প্ৰতিটো পাততে - পাতে পাতে - পোকটো পাতে পাতে বগাই আছে।

(ঙ) প্ৰতিটো মাহতে - মাহে মাহে -  আমাৰ বিদ্যালয়ত মাহে মাহে মাহেকীয়া পৰীক্ষা হয়।

(চ) প্ৰতিটো বছৰতে  বছৰে বছৰে - বছৰে বছৰে আমাৰ গাৱঁখনৰ উন্নতি হৈ আছে ।

 ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা।

উত্তৰঃ
(ক) কিতাপ-পত্ৰ

(খ) কাম-বন

(গ) হিচাপ-নিকাচ      

(ঘ) বজাৰ-সমাৰ

(ঙ) ঘৰ-দুৱাৰ

 

তলৰ  শব্দবোৰ তেনেদৰে লিখোঁ আহা  -

মউ  মৌ

উত্তৰঃ

গই   গৈ

মুখলই  মুখলৈ

সউ – সৌ

ঢউ  ঢৌ

কেনেকই – কেনেকৈ।

বাক্য ৰচনা কৰা।
উত্তৰঃ

পুথিঃ- ককাই আমাৰ নাম ঘৰত সন্ধিয়া সদায় পুথি পঢ়ে ।
মন থিৰঃ- আমি সদায় মন থিৰ কৰি পঢ়িৱ লাগে।

ৰঙা বেলিঃ- ৰাতিপুৱা সদায় পূৱ দিশত ৰঙা বেলি দেখা পোৱা যায় যায়।

পাঠটোত থকা বিশেষণ পদবোৰ বাছি উলিওৱাই লিখা
উত্তৰঃ এলাহ, ৰঙা, গোন্ধ, বলিয়া।

নোহোৱা অৰ্থ প্ৰকাশ কৰা বাক্যবোৰ হোৱা অৰ্থত সজাই লিখা।
(ক) চৰাই বোৰে বিধে বিধে গান নাগায় ।
উত্তৰঃ চৰাই বোৰে বিধে বিধে গান গায় ।

(খ) ল'ৰা -ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নিশিকে।

উত্তৰঃ  ল'ৰা- ছোৱালিয়ে মন থিৰকৈ নিজৰ পাঠ শিকে।

(গ) ফুলে ফুলে মৌ-মখিয়ে মৌ পান নকৰে ।
উত্তৰঃ ফুলে ফুলে মৌ-মখিয়ে মৌ পান  কৰে ।

তলৰ তালিকাখন শিক্ষকৰ সহায়ত পূৰ কৰা।

দিনত ওলোৱা চৰাই আৰু দিনত ফুলা ফুল

ৰাতি ওলোৱা চৰাই আৰু ৰাতি ফুলা ফুল

চৰাই

ফুল

চৰাই

ফুল

কাউৰী

কৰবী

ফেঁচা

তগৰ  

বুলবুলি

কনকচম্পা

হুদু

ধতুৰা

কপৌ

সূৰুযকান্তি

বাদুলি

হাচনাহানা

শালিকা

গেন্ধাই

যমডাকিনী

ৰজনী গন্ধা

মৌ-পিয়া

মদাৰ

 

কামিনীকাঞ্চন

No comments