Ankuran-5|Chapter-2
পাঠ-০২|অংকুৰণঃ পখী আৰু মানুহ|৫ম শ্ৰেণী
উত্তৰ দিয়া।
(ক) সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল?
উত্তৰঃ সৰ্বধনু চিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল।
(খ) সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল?
উত্তৰঃ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ।
(গ) সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে?
উত্তৰঃ সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই-চিৰকটিক কোৱা হৈছে।
(ঘ) মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী।
(ঙ) মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল?
উত্তৰঃ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ কাৰ্য এৰি পেলাবলৈ উপদেশ দিছিল।
প্ৰশ্নঃ কোনে, কাক, কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা।
(ক) ‘আচলতে চৰাইবোৰ খতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক।’
উত্তৰঃ ‘আচলতে চৰাইবোৰ খতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক।’ – উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল। কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰিছিল। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল কাৰণ চৰাইবোৰে শস্য নষ্ট কৰিব পৰা কীট-পটংগবোৰ খেতি-বাতি ৰক্ষা কৰে। সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল।
(খ) ‘এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব।’
উত্তৰঃ ‘এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব।’ উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল। যেতিয়া দুৰ্ভিক্ষত বাবে খাদ্যৰ অভাৱত পৰি সবৰ্ধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল।
প্ৰশ্নঃ কাৰণ দৰ্শাই লিখা।
(ক) সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ’ল?
উত্তৰঃ সৰ্বধনু ৰজাৰ ৰাজ্যত চৰাই চিৰিকটিবোৰ নহোৱা হ’লত কীট-পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে। গছ-গছনি, পাত, লতা আদি সকলোবোৰ শুকাই গ’লে ফলত বৰষুণ নোহোৱা হ’ল।
(খ) কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে?
উত্তৰঃ সৰ্বধনু ৰাজ্যত কীট-পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে। গছ-গছনি, পাত, লতা আদি সকলোবোৰ শুকাই গ’লে ফলত বৰষুণ নোহোৱা হ’ল। দেশত দুৰ্ভিক্ষই দেখা দিলে। ৰজা, প্ৰজা সকলোৱেই খাদ্যৰ অভাৱত পৰি ভিক্ষা কৰিবলৈ বাধ্য হ’ল।
(গ) মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ মধুকৰে নিজৰ ৰাজ্যৰ পৰা সজাত ভৰাই এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল।
প্ৰশ্নঃ ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল? বুজাই লিখা।
উত্তৰঃ ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধনু ৰজাক চিনি পালে আৰু আদৰ-সাদৰ কৰি নি ৰাজকাৰেঙত অতিথি ৰূপে আদৰিলে। আৰু তাৰ পাছত মধুকৰে সৰ্বধনু ৰজা আগত নিজৰ পৰিচয় ব্যক্ত কৰি কলে – ‘মহাৰাজ মই মধুকৰ। ময়েই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ।’
মধুকৰে নিজৰ ৰাজ্যৰ পৰা সজাত ভৰাই এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল।
প্ৰশ্নঃ তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা।
(ক) সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল।
উত্তৰঃ সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল।
(খ)ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল।
উত্তৰঃ ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল।
(গ) কীট -পতংগবোৰে খেতি-বাতি ৰক্ষা কৰে।
উত্তৰঃ কীট-পতংগবোৰে খেতি-বাতি নষ্ট কৰে।
(ঘ) ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে।
উত্তৰঃ ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে।
প্ৰশ্নঃ বিপৰীত লিংগ বুজোৱা শব্দ লিখা।
উদাহৰণ – ৰজা → ৰাণী
যুৱক → যুৱতী
ল'ৰা → ছোৱালী
দৰা → কইনা
বন্ধু → বান্ধৱী
প্ৰশ্নঃ শব্দবোৰ ভাঙি দেখুওৱা।
উত্তৰঃ
পদ | শব্দ | বিভক্তি |
মধুকৰে | মধুকৰ | + এ |
যুৱকে | যুৱক | + এ |
মানুহে | মানুহ | + এ |
চৰাইজাকক | চৰাইজাক | + ক |
ৰজাক | ৰজা | + ক |
কাঁড়েৰে | কাঁড় | + এ, ৰে |
দেশলৈ | দেশ | + লৈ |
প্ৰশ্নঃ পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা।
উত্তৰঃ
বিশেষ্য | বিশেষণ | সৰ্বনাম |
পখী | সজ | তেওঁ |
মাধৱী | একমাত্ৰ | তাই |
সৰ্বধনু ৰজা | চিকাৰপ্ৰিয় | আপুনি |
শালিকা | উপকাৰী | সৈতে |
বগলী | সন্তুষ্ট | সকলোৱে |
মধুকৰ | ভাল | মই |
প্ৰশ্নঃ বিপৰীত অৰ্থবোধক শব্দ লিখা –
উত্তৰঃ
প্ৰিয় → অপ্ৰিয়
ভয় → অভয়, নিৰ্ভয়
বন্ধু → শত্ৰু
সুফল → কুফল
অনুচিত - উচিত
পুৰস্কাৰ → তিৰস্কাৰ
অপকাৰী → উপকাৰী
অমংগল → মংগল
অনুপস্থিত → উপস্থিত
প্ৰশ্নঃ বাক্য ৰচনা কৰা –
উত্তৰঃ
আদৰ-সাদৰঃ মধুকৰে সৰ্বধনু ৰজাক আদৰ-সাদৰ কৰিছিল।
লালন-পালনঃ মাধৱীয়ে ভাটৌ পোৱালিটো লালন-পালন কৰি ডাঙৰ-দীঘল কৰিছিল।
খেতি-বাতিঃ কীট-পতংগবোৰে শস্য আৰু পাত খাই খেতি-বাতিৰ অনিষ্ট কৰে।
চৰাই-চিৰিকটিঃ চৰাই-চিৰিকটিয়ে কীট-পতংগবোৰ খাই কৃষকৰ উপকাৰ কৰে।
গছ-গছনিঃ গছ-গছনিৰ পৰা আমি নানান ফল-মূল পাওঁ।
কীট-পতংগঃ কীট-পতংগবোৰক চৰাই-চিৰিকটিয়ে খায়।
No comments