Ankuran-5|Chapter-11
পাঠ-১১|অংকুৰণঃ অমলপ্ৰভা দাস| ৫ম শ্ৰেণী
টোকাঃ
অমলপ্ৰভা দাস
অমলপ্ৰভা দাস এগৰাকী ভাৰতীয় গান্ধীবাদী সমাজ কৰ্মী আছিল। তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰত অৱস্থিত কস্তুৰবা গান্ধী আশ্ৰমৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ লগতে তেওঁ মহিলা সকলৰ বাবে এক আত্ম সহায়ক গোট আৰু হৰিজন সকলৰ সামাজিক উন্নতিৰ হকে কাম কৰা গুৱাহাটী যুৱক সেৱাদল নামৰ এটি বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা কৰিছিল। তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে, ১৯৫৪ চনৰ পৰায়ে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰথম পদ্মশ্ৰী বঁটা লাভ কৰা অসমীয়া মহিলা। ১৯৮১ চনত তেওঁ যমুনালাল বাজাজ বঁটা লাভ কৰে। ভাৰত চৰকাৰে তেওঁক আকৌ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আগবঢ়াইছিল, পিছে তেওঁ এই বঁটা স্বীকাৰ নকৰিলে।
১৯১১ চনৰ ১২ নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ এক সম্ভ্ৰান্ত পৰিয়ালত অমলপ্ৰভা দাসৰ জন্ম হয়। তেওঁৰ পিতৃ হৰেকৃষ্ণ দাস আৰু মাতৃ হেমপ্ৰভা দাস মহাত্মা গান্ধীৰ অনুগামী আছিল। তেওঁ প্ৰাৰম্ভিক শিক্ষা স্থানীয় শিক্ষা প্ৰতিষ্ঠান সমূহতে গ্ৰহণ কৰে। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি নকৰি কলকাতাৰ বেথুন কলেজত নাম লগায়। ইয়াৰ পৰা তেওঁ ১৯২৯ চনত এণ্ট্ৰেছ পৰীক্ষা পাছ কৰে। তাৰ পিছত তেওঁ কলকাতাৰে স্কটিছ চাৰ্ছ কলেজত নামভৰ্তি কৰে আৰু তাৰ পৰায়ে ৰসায়ন বিজ্ঞানৰ স্নাতক আৰু প্ৰায়োগিক ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেইদৰে এই বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা হিচাপে পৰিগণিত হয়। তাৰ পিছত তেওঁ ক্লিনিকেল পেথ'লজীত ডিপ্লোমা লাভ কৰে। উচ্চশিক্ষিত অমলপ্ৰভায়ে ব্ৰিটিছ চৰকাৰৰ অধীনৰ কটন কলেজত শিক্ষকতা কৰাৰ প্ৰস্তাৱ পাইছিল কিন্তু দেশপ্ৰেমমূলক কাৰণৰ বাবে তেওঁ এই চাকৰি প্ৰত্যাখ্যান কৰে।
১৯৩৪ চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে গুৱাহাটীস্থিত তেওঁলোকৰ ঘৰত আশ্ৰয় লৈছিল। মহাত্মা গান্ধীৰ লগত অমলপ্ৰভাৰ এই সাক্ষাৎকাৰে তেওঁৰ জীৱনত বিস্তৰ প্ৰভাৱ পেলাইছিল। তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰত মাতৃ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। পিছলৈ এই আশ্ৰম কৌস্তুৰবা আশ্ৰম নামেৰে জনাজাত হয় আৰু কৌস্তুৰবা গান্ধী স্মৃতি ন্যাসক দান দিয়া হয়। এই আশ্ৰমত তেওঁ আৰ্থিকভাৱে পিছপৰা মহিলা সকলক কুটিৰ শিল্পৰ প্ৰশিক্ষণ দিছিল। তেওঁ গাঁৱৰ দুখীয়া মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে তেওঁ বিভিন্ন কৰ্ম পন্থা হাতত লৈছিল। তেওঁ কেইবাটাও প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল, তাৰে ভিতৰত গ্ৰাম সেৱিকা বিদ্যালয়, কৌস্তুৰবা কল্যাণ কেন্দ্ৰ, গৌহাটী কটাই মণ্ডল, গুৱাহাটী যুৱক সেৱাদল আৰু গো-সেৱা সমিতি অন্যতম।
১৯৫৪ চনত যেতিয়া ভাৰত চৰকাৰে পদ্ম সন্মানৰ আৰম্ভণি কৰিছিল, অমলপ্ৰভায়ে প্ৰথম পদ্মশ্ৰী লাভ কৰা ভাৰতীয় সকলৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হয়। "সামাজিক গঠনমূলক কামলৈ আগবঢ়োৱা সৰ্বকৃষ্ট অৱদানৰ বাবে" তেওঁক ১৯৮১ চনত যমুনালাল বাজাজ বঁটা প্ৰদান কৰা হয়। পিছলৈ ভাৰত চৰকাৰে তেওঁক দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটা আগবঢ়াইছিল। কিন্তু ৰাজহুৱা সন্মানৰ প্ৰতি অনীহাৰ বাবে তেওঁ এই বঁটা গ্ৰহণ নকৰিলে। তেওঁৰ জীৱন আৰু কৰ্মৰাজি উল্লিখিত এখনি জীৱনী গ্ৰন্থ ১৯৮৯ চনত, অৰ্থাৎ তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশিত হয়।
অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে তেওঁৰ নামত "অমলপ্ৰভা দাস বঁটা" ২০১৩ চনৰ পৰা প্ৰৱৰ্তন কৰে। সমাজৰ বাবে নিস্বাৰ্থ আৰু উৎকৃষ্ট বৰঙনি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়।
পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
(ক) অমলপ্রভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল?
উত্তৰঃ অমলপ্ৰভা দাসৰ পিতৃৰ নাম ডা° হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা।
(খ) অমলপ্রভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল?
উত্তৰঃ অমলপ্ৰভা দাসে ১০ বছৰ বয়স পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল।
(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল ?
উত্তৰঃ তেখেতে শৰণীয়া পাহাৰত তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদিৰ উদ্যোগ পাতিছিল।
(গ) এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল?
উত্তৰঃ এই উদ্যোগবোৰে সেই সময়ৰ ডেকা-ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি ভাবিছিল।
(ঙ) চৰকাৰে অমলপ্রভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল?
উত্তৰঃ চৰকাৰে অমলপ্ৰভা দাসক 'পদ্মবিভূষণ' সন্মান দিবলৈ বিচাৰিছিল।
তলৰ কথাখিনি কোনে , কাক , কিয় , কৈছিল কোৱা আৰু লিখা।
'‘মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ, তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সন্মান ল'ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাব আনি দিব। তাৰ বাবে মোক অনুগ্রহ কৰি মাৰ্জনা কৰে যেন।’
উত্তৰঃ ১৯৫৫ চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজহিতকৰ কামৰ স্বীকৃতিস্বৰূপে 'পদ্মবিভূষণ' সন্মান প্ৰদান কৰিছিল। কিন্তু সেই সন্মান গ্ৰহণ নকৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ উক্ত কথাষাৰ চিঠিযোগে অমলপ্ৰভা দাসে কৈছিল।
প্ৰশ্নঃ স্কুলীয়া জীৱনত অমল প্রভা দাসে পঢ়াৰ উপৰি মাক, দেউতাকক কি কি কামত সহায় কৰিছিল?
উত্তৰঃ স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে মাক দেউতাকক ঘৰুৱা কামত সহায় কৰাৰ লগতে ফুলনিত ফুল ৰোৱা, গছ পুলিত পানী দিয়া আদি কামত সহায় কৰিছিল।
প্ৰশ্নঃ কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল?
উত্তৰঃ সেই সময়ত কটন কলেজত কেৱল ল'ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল। সেয়েহে অমলপ্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিল।
প্ৰশ্নঃ শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল?
উত্তৰঃ শৰণীয়া পাহাৰত উদ্যোগ স্থাপন কৰাৰ মূল উদ্দেশ্য আছিল অসমৰ ডেকা-ডেকেৰীসকলক স্বাবলম্বী ও আত্মনিৰ্ভৰশীল কৰা।
তলৰ যুক্তাক্ষৰকেইটাৰে একোটাকৈ শব্দ লিখা।
ব্ৰু → বব্ৰুবাহন
ষ্ট্ৰ → ৰাষ্ট্ৰ
স্ব → স্বাৱলম্বী
ণ্ঠ → নীলকণ্ঠ
ষ্ণ → কষ্টসহিষ্ণু
ম্ৰ → নম্ৰ
ন্থ → গ্ৰন্থ
শ্ৰ → নিৰাশ্ৰয়
ন্ম → সন্মান
প্ল → প্লাৱক
এটা শব্দত প্ৰকাশ কৰোঁ আহা
(ক) সমাজত সেৱা কৰা লোক – সমাজসেৱক।
(খ) দেশক ভালপোৱাৰ মানুহ – দেশপ্ৰেমিক।
(গ) বিপ্লৱ কৰোঁতাজন – বিপ্লৱী।
(ঘ) দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক – শ্বহীদ।
(ঙ) নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক – আত্মনিৰ্ভৰশীল।
উদাহৰণৰ দৰে শব্দ গঠন কৰা।
উদাহৰণ – নম্ৰ - নম্ৰতা
(ক) সাধু – সাধুতা
(খ) ভদ্ৰ – ভদ্ৰতা
(গ) দৃঢ় – দৃঢ়তা।
(ঘ) শিক্ষক – শিক্ষকতা।
(ঙ) সাৰ্থক – সাৰ্থকতা।
(চ) মূৰ্খ – মূৰ্খতা
(ছ) সৰল – সৰলতা
(জ) উজ্জ্বল – উজ্জ্বলতা
প্ৰশ্নঃ অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।
উদাহৰণ- কথা – অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে।
কঠা – পাঁচ কঠাই এবিঘা মাটি হয়।
পাত – গছৰ পাতত পত্ৰহৰিৎ থাকে।
পাট – অসমৰ শুৱালকুছি পাট-মুগাৰ কাপোৰৰ বাবে বিখ্যাত ।
হাত – আমি হাতেৰে ভাত খাওঁ।
হাট – আমাৰ ঘৰৰ কাষতে দেওবৰীয়া হাট বহে।
ল'ৰা – ল'ৰাবোৰে পথাৰত ফুটবল খেলিছে।
লৰা – স্কুললৈ যাবলৈ দেৰি হোৱাত সূস্মিতাই লৰালৰিকৈ ভাত খাই ওলালে।
ছুটী – এইবছৰ বহাগৰ বিহুত ছুটী নোপোৱাৰ বাবে খুড়া ঘৰলৈ আহিব নোৱাৰিলে।
চুটি – সম্প্ৰীতিয়ে চুলি চুটিকৈ ৰাখে।
গাঁও – আমাৰ গাঁওখনত ‘জোনাক’ নামেৰে নতুনকৈ এটা পুথিভঁৰাল স্থাপন কৰা হৈছে।
গাওঁ – মই গীত গাওঁ।
গড় – আমাৰ দেশৰ মানুহৰ গড় আয়ুস কম।
গঁড় – অসমৰ এটা খৰ্গ থকা গঁড়ৰ বাবে পৃথিৱী বিখ্যাত ।
ভাব বহলাই লিখোঁ আহাঁ ।
‘যত্ন কৰিলে ৰত্ন পায়’
উত্তৰ:- অসমীয়া সমাজত প্ৰচলিত এইটো এটা প্ৰবচন। প্ৰবচনটোৰ দ্বাৰা, মানুহে নিজ চেষ্টাৰ বলত অসাধ্য সাধন কৰাতো সম্ভৱ হৈ উঠে তাকে বুজোৱা হয়। যত্ন কৰিলে মূল্যৱান ৰত্ন লাভ কৰিব পাৰি। ইয়াত ৰত্ন শব্দই সফলতাৰ কথা বুজাইছে। অৰ্থাৎ মানুহে যত্ন বা চেষ্টা কৰিলে সকলো কামতে সফলতা অৰ্জন কৰিব পাৰে।
তলৰ দফাটো পঢ়া আৰু উদাহৰণত দিয়াৰ দৰে বাকচত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদ লিখা।
সৰুৰে পৰাই অমলপ্ৰভা দাস পঢ়া-শুনাত বৰ চোকা আছিল। সেইবুলি তেখেত অনবৰতে কিতাপ পঢ়ি থকা বিধৰো নাছিল। স্কুল ছুটিৰ পিছত ঘৰলৈ গৈ মাক-দেউতাকক কামত সহায় কৰি দিছিল। ফুলনিত গছপুলি ৰোৱা, শাক-পাচলিত পানী দিয়া আদি কাম কৰি তেখেতে বৰ ভাল পাইছিল। পঢ়া-শুনাৰ লগতে খেলা-ধূলা, গান-নাচতো তেখেত পাৰ্গত আছিল।
উদাহৰণ-
বিশেষ্য | বিশেষণ | সৰ্বনাম |
অমলপ্ৰভা | চোকা | তেখেত |
স্কুল | ভাল |
|
ফুলনি | পাৰ্গত |
|
গছপুলি |
|
|
শাক-পাচলি |
|
|
খেলাধূলা |
|
|
গান-নাচ |
|
|
উত্তৰ দিয়া।
চন্দ্রপ্রভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?
উত্তৰ:- চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ১৯০১ চনৰ ১৬ মাৰ্চত বজালীৰ দৈশিঙৰি গাঁৱত হৈছিল।
তেখেতে প্রাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল?
উত্তৰঃ তেখেতে প্ৰাথমিক শিক্ষা মাহীয়েকৰ ঘৰত থাকি লাভ কৰিছিল।
চন্দ্রপ্রভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল।
তেখেতক পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল?
উত্তৰ:- বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকে তেখেতক পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে জলপানি পোৱাৰ সুবিধা কৰি দিছিল।
তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল?
উত্তৰঃ তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল।
অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কি কি দিশত মিল আৰু কি কি দিশত অমিল দেখিছা লিখা।
উত্তৰ:- অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মাজত বহুতো মিল আছে।
(ক) দুয়ো গৰাকী নাৰীয়েই ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।
(খ) দুয়ো গৰাকীৰে পঢ়া-শুনাৰ প্ৰতি অদম্য হেঁপাহ আছিল আৰু উচ্চ শিক্ষা লাভ কৰিছিল ।
(গ) দুয়ো গৰাকীয়ে মানৱ সেৱাৰ বাবে নিজকে উচৰ্গা কৰিছিল।
অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মাজত থকা অমিলবোৰ হৈছে -
(ক) অমলপ্ৰভা দাসে বিভিন্ন উদ্যোগ স্থাপন কৰি নিজৰ লগতে আন বহুতকে স্বাৱলম্বী হোৱাত সহায় কৰিছিল। আনহাতে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে শিক্ষকতাৰে সমাজত সেৱা আগবঢ়াইছিল।
(খ) অমলপ্ৰভা দাসে ১০বছৰ বয়সৰ পৰাই যঁতৰত সূতা কাটিছিল। আনহাতে চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী সু-লেখিকা আছিল।
গান্ধীজীয়ে যতঁৰত সূতা কাটিছিল। যতঁৰৰ উপৰি আৰু কিহেৰে সূতা কাটিব পাৰি।
উত্তৰ:- যতঁৰৰ উপৰি টাকুৰিৰেও সূতা কাটিব পাৰি। আজিকালি বিভিন্ন যন্ত্ৰৰ সহায়ত সূতা কটা হয়।
No comments