Ankuran-5|Chapter-14
পাঠ-১৪|অংকুৰণঃ সৰু ছোৱালী আৰু পখী|৫ম শ্ৰেণী
উত্তৰ লিখাঃ
(ক) সৰু ছোৱালীয়ে পখীক কি কি দিব বুলি কৈছে?
উত্তৰঃ সৰু ছোৱালীজনীয়ে পখীক কোঁচভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ আৰু উদৰ পূৰাই খাবলৈ পকা ফল দিব বুলি কৈছে।
(খ) সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে?
উত্তৰঃ সৰু ছোৱালীজনীয়ে পখীৰ সুললিত গীত শুনি আনন্দিত হ'বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে।
(গ) সৰু ছোৱালীয়ে কিয় পখীজনিক গীত গাবলৈ মাতিছে?
উত্তৰঃ সৰু ছোৱালীজনীয়ে পখীৰ সুললিত গীত শুনি হৰষিত হ’বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে।
প্ৰশ্নঃ পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা।
উত্তৰঃ কবিতাটোত সৰু ছোৱালী এজনীয়ে এটি পখীক মাতি আছে। পখীক সৰু ছোৱালীজনীয়ে কোঁচ ভৰাই ফুল দিম, উদৰ পূৰাই খাবলৈ দিম আৰু থাকিবলৈ সোণোৱালী বাহ সাঁজি দিম বুলি কৈছে। সৰু ছোৱালীজনীয়ে পখীক ফল দিম বুলি কৈছে আৰু ওমলিবলৈ মাতিছে। সৰু ছোৱালীজনীয়ে পখীক ভাল পাই সেয়ে বাৰে বাৰে পখীক মাতিছে। পখীক আকাশত অকলে অকলে উৰি ফুৰাত কৈ তাইৰ ওঅচৰলৈ আহিবলৈ মাতিছে। পাখি মেলি পখীয়ে গোৱা শুৱলা গীত শুনি হৰষিত হ’বৰ বাবে পখীক সৰু ছোৱালীজনীয়ে মাতিছে।
তলত দিয়াৰ শব্দৰ অৰ্থ শব্দ -সম্ভাৰ আৰু অভিধান চাই লিখা ।
উত্তৰঃ
উদৰ – তলপেট, পেট, আমাশয়, পাকস্থলী, পাকাশয়, ভুঁৰু
সাউৎ - বেগেতে, লগে লগে, তৎক্ষণাৎ, পোনছাটে, তিলিকতে, তুৰন্তে, ক্ষন্তেকতে, বেগেতে, তৎকালিক, পচাৰতে, বিদ্যুৎ-সঞ্চাৰে, দপাটকৈ, অনতিবিলম্বে, তৎমুহূৰ্ততে, ততালিকে, তিন্টলকতে, তৎকালীন, এতিক্ষণে, তিন-তিলিকতে, অবিলম্বে, মাত্ৰেই, তাৎক্ষণিক, শীঘ্ৰে, অনতিপলমে, সতৰাই, নিমিষতে, এতিয়াই, পোনদাহে, অচিৰতে, মাত্ৰকে, চমিকি, থিতাতে, অচিৰেই, থিতাদহে, আশু, অচিৰাৎ, অচিৰে, চকুৰ পচাৰতে, তত্কালে, সোনকালে, তেতিক্ষণে, পোনছাটেই, হাতে হাতে, অনন্তৰ, জটৰাই, তদ্দণ্ডে, মুহূৰ্ততে, তত্কালতে।
একেচিপে - একে বলে।
সুললিত – শুৱলা, মিঠা, শ্ৰুতিমধুৰ, কলস্বনা, সুশ্ৰাব্য, মৌ-বৰষা, সুৱদি, সুৰীয়া, মৌ-সৰা, সুললিত, সুমধুৰ, মৌ-সনা।
হৰষিত – আনন্দিত, প্ৰফুল্ল, হৰিষিত, প্ৰফুল্লিত, উৎফুল্ল, ফূৰ্ত্তিবাজ, হৃষ্ট, বিনন্দ, নন্দিত, সুখী, উৎফুল্লিত, হৰ্ষিত, কল্যাণীয়, ৰঙালী, হৰ্ষান্বিত, আমোদিত, প্ৰমোদিত, মোদিত, উৎফুল্ল, আহ্লাদিত, উৰুলিকৃত।
ততালিকে – লগে লগে, তৎক্ষণাৎ, পোনছাটে, তিলিকতে, তুৰন্তে, ক্ষন্তেকতে, তৎকালিক, পচাৰতে, বিদ্যুৎ-সঞ্চাৰে, দপাটকৈ, অনতিবিলম্বে, তৎমুহূৰ্ততে, ততালিকে, তিন্টলকতে, বেগতে, তৎকালীন, এতিক্ষণে, তিন-তিলিকতে, অবিলম্বে, মাত্ৰেই, তাৎক্ষণিক, শীঘ্ৰে, অনতিপলমে, সতৰাই, নিমিষতে, এতিয়াই, পোনদাহে, অচিৰতে, মাত্ৰকে, চমিকি থিতাতে, অচিৰেই, থিতাদহে, আশু, অচিৰাৎ, অচিৰে, চকুৰ, পচাৰতে, তত্কালে, সোনকালে, তেতিক্ষণে, পোনছাটেই, হাতে হাতে, অনন্তৰ, জটৰাই, তদ্দণ্ডে, মুহূৰ্ততে, তত্কালতে।
প্ৰশ্নঃ চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে ?
উত্তৰঃ চৰাইজনীয়ে যাতে কষ্ট নাপাই তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পূৰাই খুৱাব, ফল দিব আৰু থাকিবলৈ সোণোৱালী বাহ সাজি দিব বুলি গাত লৈছে।
প্ৰশ্নঃ 'সাউৎকৰে' শব্দটোৰ অৰ্থ হৈছে 'বেগতে', 'একেচিপতে', 'একেশোহাই',। 'সাউৎকৰে'ৰ দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে 'ততালিকে', 'একেচিপে'। এতিয়া সাউৎকৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা।
উত্তৰঃ
(ক) মদনে দোকানৰ পৰা সাউৎকৰে (বেগতে) চাউল লৈ আহিল।
(খ) পুলিচটোৱে চোৰটোক সাউৎকৰে(একো চোচাই) ধৰি আনিলে।
(গ) বৰণে সাউৎকৰে(একে চিপতে) মাছ এটা ধৰি আনিলে।
(গ) অৰূপে সাউৎকৰে (একে শোহাই) চাহ কাপ খাই শেষ কৰিলে।
তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা। (দলত আলোচনা কৰি কৰিবা।)
শুৱলাঃ সুললিত, সুশ্ৰাব্য, মিঠা, শ্ৰুতিমধু,ৰ কলস্বনা, মৌ-বৰষা, সুৱদি, সুৰীয়া, মৌ-সৰা, সুললিত, সুমধুৰ, মৌ-সনা।
বেগতেঃ বেগেতে, লগে লগে, তৎক্ষণাৎ, পোনছাটে, তিলিকতে, তুৰন্তে, ক্ষন্তেকতে, বেগেতে, তৎকালিক, পচাৰতে, বিদ্যুৎ-সঞ্চাৰে, দপাটকৈ, অনতিবিলম্বে, তৎমুহূৰ্ততে, ততালিকে, তিন্টলকতে, তৎকালীন, এতিক্ষণে, তিন-তিলিকতে, অবিলম্বে, মাত্ৰেই, তাৎক্ষণিক, শীঘ্ৰে, অনতিপলমে, সতৰাই, নিমিষতে, এতিয়াই, পোনদাহে, অচিৰতে, মাত্ৰকে, চমিকি, থিতাতে, অচিৰেই, থিতাদহে, আশু, অচিৰাৎ, অচিৰে, চকুৰ পচাৰতে, তত্কালে, সোনকালে, তেতিক্ষণে, পোনছাটেই, হাতে হাতে, অনন্তৰ, জটৰাই, তদ্দণ্ডে, মুহূৰ্ততে, তত্কালতে।
পেটঃ উদৰ, জঠৰ, উদ,ৰ তলপেট, পেট।
আনন্দিতঃ প্ৰফুল্ল, হৰিষিত, প্ৰফুল্লিত, উৎফুল্ল, ফূৰ্ত্তিবাজ, হৃষ্ট, বিনন্দ, নন্দিত, সুখী, উৎফুল্লিত, হৰ্ষিত, কল্যাণীয়, ৰঙালী, হৰ্ষান্বিত, আমোদিত, প্ৰমোদিত, মোদিত, উৎফুল্ল, আহ্লাদিত, উৰুলিকৃত।
গগনঃ আকাশ, শূণ্য, অম্বৰ, নিলীমা, অভ্ৰ, ৰোদঃ, নভস্থল, ক্ৰন্দসী, ব্যোম, বায়ুৱৰ্ত্ম, মেঘাস্পদ, নভঃ, বিয়ৎ, মহাবিল, ৰোদসী, দেৱপথ, মৰুদ্বৰ্ত্ম, ত্ৰিবিষ্টপ, উড়ুপথ, নভস, বায়ুপথ, পুষ্কৰ, নভ, পৱনমাৰ্গ, অক্ষৰ, ত্ৰিদিৱ, পৱনপথ, শূন্যতল, দ্যুলোক, সুৰবৰ্ত্ম, লোকালোক, অভ্ৰক, ঘনাশ্ৰয়, অনঙ্গ, ঘনবীথি, মেঘাবেশ্ম, তৰাপথ, পুৰৱৰ্ত্ম, ত্ৰিপিষ্টপ।
উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা।
যেনে –
ভৰি – ভৰিত দুখ পোৱা বাবে ৰাজুৰ খোজ কাঢ়িবলৈ অসুবিধা হৈছে।
ভৰি – বাগিছাখন ফুলেৰে ভৰি পৰিছে।
সজা(বাহ) – অপুৱে ভাটৌ চৰাইৰ পোৱালিটোৰ বাবে সজা এটি সাজিছে।
সজা(নিৰ্মাণ কৰা) – গোলক ককাই ঘৰটো নিজ হাতেৰে সাজিছিল।
ফল(কৰ্মৰ পৰিণতি) – ভাল কৰ্মৰ ফল সদায় ভাল হয়।
ফল(গছৰ গুটি) – সতেজ ফল-মূল খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী।
ৰং(আনন্দ) – বিহু বুলি সকলোৰে গাত ৰং লাগিছে।
ৰং(বৰণ) – গছ-গছনিৰ পাতৰ ৰং সেউজীয়া।
তুমি চিনি পোৱা এবিধ চৰাইৰ তথ্য সংগ্ৰহ কৰি এখন ৰচনা লিখা।
উত্তৰঃ ভাটৌ চৰাইঃ
ভাটৌ এবিধ সেউজবুলীয়া নিমজ পিঠিৰ চৰাই। ভাটৌৰ ঠোঁট চুটি, শকত আৰু আগটো বেঁকা। ঠোঁট বহুত টান। সি কাঠ বাদামৰ দৰে টান ফলো ভাঙি খাব পাৰে। ভাটোৱে পোৱালি অৱস্থাৰ পৰাই জলকীয়া খাব পাৰে। জলকীয়া খালে হেনো সিহঁতৰ মাত চোকা হয়। ভাটৌৱে মুখখন মেলোতে ঠোঁটৰ ওপৰ ভাগহে ওপৰলৈ মেলে। ভাটৌৱে গছৰ সৰু ডালত পৰি তলমূৰ কৰি বহি থাকে। গছৰ সৰু ডালত ভালকৈ খামুচি ধৰিব পৰাকৈ ভাটৌৰ ঠেঙৰ দুটা আঙুলি আগ ফাললৈ আৰু দুটা আঙুলি পাছফাললৈ থাকে। সেইবাবেই ভাটৌ চৰায়ে অনায়াসে গছৰ গাত ওলমি আহাৰ খাব পাৰে। ভাটৌ কেবা প্ৰকাৰৰো আছে। সমগ্ৰ পৃথিৱীতে প্ৰায় এশ ষাঠি বিধ ভাটৌ চৰাই আছে। কিছুমান ধোঁৱা বৰণীয়া, কিছুমান ৰঙা, কিছুমান নীল বৰণীয়া, কিছুমান বগা, কিছুমান সাতৰঙী, কিছুমান আছে আকৌ দেখিবলৈ আপচু কিচ্ কিচ্কৈ ক’লা বৰণৰ। ভাটৌ চৰায়ে বাহ সাজিব নাজানে। ইহঁতে গছৰ ধোন্দত, পুৰণি ঘৰৰ ফাঁটত কণী পাৰি পোৱালি জগায়। ভাটৌ চৰায়ে খুব বেগাই উৰিব পাৰে। ইহঁতে জাক পাতি থাকিবলৈ ভাল পায় আৰু কোঢ়াল কৰি আহাৰ খায়। মাত অনুকৰণ কৰিব পৰা কেইবিধমান চৰাইৰ ভিতৰত ভাটৌও এবিধ।
No comments